এখন নদীৰ মৃত্যু

ধনেশ্বৰে জালখন চোতালত মেলি দি মাছৰ পাচিটো পিৰালি কাঁথিতে থৈ চোতালত তালৈ থৈ দিয়া পানীকলহ হুৰমূৰাই মূৰত ঢালিলে। গাটো হাত দুখনেৰে খলপ খলপ শব্দ কৰি দুবাৰমান পখালিলে। ভোলৰ জিম এটাৰে আঁঠুৰ পৰা ভৰি দুখন যিমান পাৰে জোৰেৰে ঘঁহিলে। কলহৰ অৱশিষ্ট পানীখিনি কঁকালৰ পৰা ভৰি দুখনত ঢালি ওচৰৰ তাঁৰত থকা গামোচাখনেৰে গাটো মাজে মাজে টুকি লৰালৰিকৈ শুকান চুৰিয়াখন পিন্ধি তিয়নি সলালে।

তথাপি ভৰিৰ খজুৱতি আৰম্ভ হ’লেই। বিৰক্তিত তাৰ উজলা দাঁতকেইটা আৰু উজ্জ্বল হৈ ওলাই আহিল।

লৰালৰিকৈ দুখোজমান ভিতৰৰ ফালে গৈ চিঞৰিলে ঘৈণীয়েকক, ‘হেৰ, চাওঁ চাকি এটা লৈ আহচোন, কেৰাচিন তেল অলপকে ঘঁহি দিওঁ, খজুৱতি আহিলেই।‘

ঘৈণীয়েকে লৰালৰিকৈ চাকি এটা লৈ আহি আগবঢ়াই দি ক’লে, ‘এতিয়া হাতত কেৰাচিন লগালে ভাত খাবানো কেনেকৈ?’

ধনেশ্বৰৰ মুখখনে বিৰক্তিত যিটো ভাঁজ ধৰি আছিল, সেইপিনেই পানীয়ে খোৱা খজুৱতিৰ যন্ত্রণাটো হেঁচা মাৰি ধৰি আছিল। এতিয়া ঘৈণীয়েকৰ কথাৰ উত্তৰ দিবলৈ গ’লে মুখৰ ভাঁজটো সলাই লৈ নতুন এটা ভাঁজ দিব লাগিব। সিও কম যন্ত্রণাৰ কাম নহয়। লগতে তেনে কৰিবলৈ গ’লেই ভৰিৰ যন্ত্রণাখিনি গৈ মূৰত উঠিব। লাভৰ ভিতৰত সামান্য কথাতে ঘৈণীয়েকে লপা-থপাটো খাব লাগিব। গতিকে মুখৰ সেই ভাঁজটো ৰাখিয়ে যিমান পাৰে জোৰেৰে ভেকাহি এটা মাৰি চাকিৰ পৰা তেলখিনি বাকি লৈ দুয়োখন হাতেৰে ভৰি দুখনত ঘঁহিবলৈ লাগিল। যন্ত্রণাৰ সামান্য উপশম হোৱাত মাটি অলপৰে দুয়োখন হাত ঘহিবলৈ ধৰিলে। ঘৈণীয়েকে আকৌ ভেকাহি খোৱাৰ ভয়ত লৰালৰিকৈ পানী এঘটি আনি তাৰ হাতত বাকি দিলেহি।
তাৰ পাছত আৰম্ভ হ’ল তাৰ গালি: এনেকুৱা মূৰ্খমতি দেশ থাকেনে? জীয়া নদী এখন কোনোবা দেশত মাৰি পেলায়নে? কটাৰ-পো কটা-খোৱাহঁতে ইয়ালৈকে দেশখন স্বাধীন কৰি লৈছিলনে? আধা ঘণ্টা পানীত থিয় হ’লেই গোটেইখন বখলা-বখল হয়।

ঘৈণীয়েকে মাছৰ পাচিটো বাহিৰৰ পৰা ভিতৰৰ চোতালেদি আনি তাঁতশালৰ চালিখনৰ তলতে থ’লে। ওচৰৰ দুই-এজনী তিৰোতাও গোট খালেহি, উদ্দেশ্য মাছ কিমান পালে চোৱা। সিহঁতৰ ঘৰৰ মুনিহবিলাকো গৈছিল, কোনোৱে হয়তো কেইটামান নাৰমাছ, কোনোৱে অলপ পুঠিমাছ, কোনোৱে চেলেকণা মাছকেইটামান পাই আনিছে।

ধনেশ্বৰৰ এই কথাত বৰ আপত্তি। বিশেষকৈ ভদ্রে বোলা ওচৰৰ ঘৰৰ নালীয়াৰ ঘৈণীয়েকজনীক সি দুচকু পাৰি দেখিব নোৱাৰে। সেই মানুহজনীৰ নজৰ বেয়া, মাছ মাৰিবলৈ যাওঁতে তাইক দেখিলে তাৰ সেই দিনটো অথলে যায়। কেইবাবাৰো প্রমাণ পাই থৈছে। আকৌ যিদিনা সি দুটামান মাছ পায়ো, নালীয়াৰ ঘৈণীয়েকে দেখি যেনেকুৱা উস্-আস্ আৰম্ভ কৰিব, ৰতন বুঢ়াৰ ওচৰত তামোল-পাণ দুখন দি জালখন জৰাই নল’লে মাছ পোৱা হ’ল আৰু! গিৰীয়েকে যিমান পাওক, ধনেশ্বৰৰ মাছ সদায় সৰহ, তাৰ মাছ বেছি চিকুণ আৰু মোৱা মাছবিলাকে তাইৰ মানত পুঠিমাছ একোজনীৰ সমান। তথাপি সি খংটো হেঁচি উমৈহতীয়াকৈ কোৱাদি ক’লে, ‘পোহাৰলৈ নিওঁতে দেখিবিয়ে নহয় কি ৰৌ-বাহু মাৰি আনিছোঁ। ঘৰে ঘৰে তহঁতৰ যি মাছ পাইছে, সেই ডঁৰিকণা-মোৱা-পুঠিহে। এতিয়া এইখন কলংনদী হৈ আছে নে, এইখন গেলা পুখুৰী। মাছ আহিব ক’ৰ পৰা, পানীয়েই নাই। এনেখন স্বাধীন দেশ হ’ল ঐ, জীয়া কলংখন মাৰি পেলালে। এই কলংপাৰৰ মাছুৱৈ ৰাইজখনকো যে লগত মাৰি পেলালে এই চকু থকা ধেন্দেলাহঁতে দেখা নাই নেকি?’

ধনেশ্বৰে পাকঘৰলৈ খাবলৈ বুলি সোমাই গৈয়ো আকৌ ওলাই আহি হাত-মূৰ জোকাৰি কথাকেইটা ক’লে। মাছ চাবলৈ বুলি গোট খোৱা মানুহকেইজনীয়ে প্রথম ধমকত অলপ অসন্তুষ্ট হৈ ৰৈ গৈছিল যদিও এতিয়া সকলোকে চুই যোৱা সমস্যাৰ বিষয়ে ধনেশ্বৰৰ বক্তৃতা শুনি মনৰ অসন্তোষ তৎক্ষণাৎ জাৰি পেলাই তাৰ ফালে একেথৰে চাই শুনি গ’ল।
ধনেশ্বৰে এনে শ্রোতাৰ দল এটা পাই পেটৰ ভোক আৰু গোটেই পুৱাবেলাটো জাল মৰাৰ ভাগৰ খন্তেকলৈ পাহৰি গ’ল। সি পাকঘৰৰ দুৱাৰদলিত থিয় হৈ সিহঁতৰ ফালে সম্পূর্ণভাৱে মুখ ঘূৰাই আক্রোশ মিহলি সুৰত কৈ গ’ল—

‘আন নালাগে, বোপাইৰ দিনৰ কথাও নালাগে, আজি তিনি বছৰৰ আগলৈকে এই কলঙতে লাঙিজাল-ঘাটজাল দূৰৰ কথা, তিনিবাৰ খেৱালি মাৰিয়ে তিনিদিনৰ চাউল-পাত, লোণ-তেলৰ খৰচ মই নিজে, এই অমুকায়ে উলিয়াইছিলো। তেতিয়া নাৰমাছ নোসোধেই, পাচিয়ে পাচিয়ে টেঙা গছৰ গুৰিতহে মানুহে পুতিছিল। কাৰণ তেতিয়া সেইখন আছিল এখন জীয়া নৈ। গতিকে লুইতৰ পৰা জাকে জাকে মাছ বানত আহি কলঙত ৰৈ গৈছিল। আজি পুৱাৰ পৰা থিয় দুপৰলৈ জাল মাৰি সৌৱা, সৌকেইটা পাচিৰ তলতে মাছ। তাকো বাকৰ ঘূলিত অলপ পানী আছিল গুণেহে। অহাবাৰৰ পৰা মটৰ, চাইকেল চলাব পৰা হ’ব। বিহমেটেকাৰে গোটেইখন অটব্য হ’ল। ঝাওবনে কলঙৰ বুকু পুতি পেলালে। এনেকৈ এখন নৈ মাৰি পেলাই নেকি? লগে লগে এটা জাতিকে মাৰি পেলোৱা নাইনে চৰকাৰে ? এই কলঙৰ পাৰৰ নদীয়াল ৰাইজে আজি কিহেৰে জীৱিকা উলিয়ায়? যাৰ দুকঠা মাটি আছে বাৰু খেতি কৰিলে, যাৰ মাছৰ ব্যৱসায়েই জীৱিকাৰ উপায়, সেইবিলাকে কি কৰিব ?’

হঠাৎ ধনেশ্বৰ ৰৈ গ’ল। কি হ’ব, ঘৰৰ ভিতৰত এই তিৰোতা মানুহৰ সভাত বক্তৃতা দি কি হ’ব? নামঘৰত কতবাৰ সি নিজেই কথাষাৰ উলিয়ালে, পঞ্চায়তৰ মেম্বাৰৰ হতুৱাই আঞ্চলিক পঞ্চায়তত প্রস্তাৱ দিয়ালে, কিন্তু কথা চৰকাৰৰ কাণত পৰাৰ আগতে ইয়াতে ঢৌ মাৰ গ’ল। কলঙৰ বানপানীয়ে সিপাৰৰ ৰাইজৰ অপকাৰ কৰে, নগাঁৱৰ টাউনৰ বৰ বৰ মানুহৰ ঘৰৰ ভেটি খহায়, গতিকে সেইবিলাক বৰ বৰ লোকে এনেবোৰ সাধাৰণ মানুহৰ দুখৰ কথালৈ কাণসাৰ কিয় কৰিব? গতিকে সি কিবা এষাৰ ক’বলৈ গৈয়ো মুখখন জোৰকৈ জপাই ‘ওঃ’ ধৰণৰ ক্ষোভজনিত শব্দ এটা উচ্চাৰণ কৰি কান্ধৰ গামোচাখন এবাৰ লৰাই লৈ ভিতৰ সোমাল। ভাত অৱশ্যে ৰাতিৰে পঁইতা ভাত। এসাঁজ সিহঁতে নাখায়েই। সিহঁতে কিয়, বহুতেই, বহুতেই কিয়, এই গাঁওখনৰ সকলোৱেই এসাঁজ নাখায়, কিছুমানে দুসাঁজৰ মূৰত এসাঁজ খায়। তাৰ নিজৰ কাৰণে দুখ নালাগে, স্কুললৈ যোৱা ল’ৰা-ছোৱালীকেইটাই পঁইতা ভাতকে খাই যাব লাগে; স্কুলৰ পৰা আহিও খাবলৈ নাপায় একো। সিহঁতে টান টান পঢ়াবোৰ কেনেকৈ পঢ়িব? তাতোকৈ দুখ লাগে তাৰ বুঢ়া বাপেকলৈ। বুঢ়াই মাটিয়ে-বাৰীয়ে, ভাতে-ভঁৰালে খাই সমাজত সন্মানৰ স্থান, গোসাঁই-ঘৰৰ সাতোলাৰ বাব লৈ, ভাওনাৰ সূত্ৰধাৰ হৈ গাৱত, সমাজত মানভাগ খাই শেষ বয়সত দৰিদ্রতাৰ কবলত পৰিল। মাক ঢুকোৱাৰ পাছৰ পৰাই বুঢ়াও হটি গ’ল। বুঢ়াৰ দিনত মাছ, গাখীৰ, দৈ, মাখন উভেনদী। এতিয়া চাহৰ লগতো গাখীৰ অকণ নাই।
সি কণামুনাকৈ ভাত খাবলৈ বহিল।

তিৰোতাৰ দলটোৱে তাৰ কথাখিনি যেন মর্মে মর্মে অনুভৱ কৰিলে। সকলোৱে ডুখৰি পীৰা পাৰি লৈ বহিল। ধনেশ্বৰৰ ঘৈণীয়েকৰ সমবয়সীয়া বা লগৰীয়া আৰু ওচৰ-চুবুৰীয়া তেওঁলোক। পথাৰত ভুই ৰুবৰ কাৰণে বা ধান দাবৰ কাৰণে, চৰ-চাপৰিৰ মাহ-সৰিয়হ তুলিবৰ কাৰণে সিহঁতে একেলগে হাজিৰা কৰিবলৈ যায়। মাছ বেচিবৰ কাৰণেও গাঁৱলৈ গ’লে সিহঁতে দুই-তিনিজনী একেলগ হৈ যায়। গতিকে ঘৰলৈ আহিলে সিহঁতক বহ বুলি পীৰা পাৰি দিব নালাগে, তামোলৰ বটাটোও যোগাৰ কৰি দিব নালাগে, সকলোখিনি সিহঁতে ঘৰৰ দৰেই কৰি লয়।

ধনেশ্বৰ ভিতৰ সোমাই যোৱাৰ লগে লগে নালীয়াৰ ঘৈণীয়েক ভদ্রে বোলাজনীয়ে নিজকে কোৱাদি ক’লে, ‘মাটি-বাৰী থকা বোলোতে আমাকে বুজাইছে যদিও আমাৰ মাটিৰ মুদা মাৰি থৈ আহিছে। নিমখ-তেল,ৰজাৰ খাজনাত লাগি মহাজনকেই মাটিখিনি বেচি দিয়াৰ ঠিক কৰিছে। বাম মাটি, আগেয়ে কলংখন বৈ থকাত এই অঞ্চলৰ পথাৰবিলাকত জীপ আছিল, খেতিও হৈছিল। কলং শুকাই যোৱাৰ লগে লগে খেতি একেবাৰেই নোহোৱা হ’ল। নামত মাটি থাকি যদি খাজানাটোৱেই নোলায়, তেনেহ’লে মাটিগিৰী হৈ লাভ কি? তাকে আমাৰ ল’ৰাহঁতৰ দেউতাকে কৈছে— মাটি-বাৰী বেচি এই গাঁও এৰি উত্তৰপাৰৰ ফালেহে উঠি যাব লাগিব।’

প্রথমে অনুচ্চ সুৰত কথাখিনি আৰম্ভ কৰিছিল যদিও ক্রমে সেই সুৰ স্বাভাৱিক উচ্চতালৈ গৈ মূধচ পালেগৈ আৰু শেষৰ ফালৰ প্রশ্নসূচক কথাষাৰ পাভৈৰ ফালে চাই শেষ কৰিলে।

পাভৈয়ে তামোল এখন মুখত সুমুৱাই আমঠুৰ খোলাটোৰ পৰা মুখত খোৱা ধপাত অলপ চিকুটি এৰুৱাই অলপ সময় পাগুলি থাকি মুখ ভৰি পৰা পিকখিনি বাহিৰত পেলাবৰ কাৰণে উঠি যাবলৈ ধৰোঁতেই ভদ্রেই তাইলৈকে প্রশ্নটো কৰাত আৰু পাভৈৰো এই সম্পৰ্কত ক’বলগীয়া উত্তৰ থকাত লৰালৰিকৈ মুখখন টিপি ধৰি ভদ্রেৰ ফালে চাই মূৰ জোকাৰি সোঁহাতখনেৰে ‘ৰবি, ৰবি’ ধৰণৰ ইংগিত এটা কৰি পিছফাললৈ গৈ পিকখিনি পেলাই তাৰ পৰাই নিজৰ উত্তৰটো আৰম্ভ কৰাৰ চেষ্টা কৰিলে।
‘ৰবিচোন ৰবি, সিদিনা যে মই ঢেঁকীয়া-কচুকেইডাল লৈ গাঁৱলৈ গৈছিলো মোৱামাছ কেইটামানেৰে সৈতে, কোনেও ধান দিব নোখোজে, পইচাহে যাঁচে। কাৰো খাবলৈ ধান নাই। বামুণ গাঁও, গোসাঁই গাঁও, কলিতা গাও, কোঁচ গাও, দয়াল, বৰিগাঁও, ৰামতামুলীয়া— কাৰো ঘৰত ধান নাই। কাচিৎ দুই-এঘৰতহে আছে। সকলোৱে কয় যে কলংখন বন্ধ কৰি দিয়াৰ পৰাই পথাৰবিলাকত ৰস নাইকিয়া হ’ল, ধানখেতি নোহোৱা হ’ল।”

কেইবাজনীয়েও একেলগে কিবা এটা ক’বলৈ গৈছিল, এনেতে আগফালৰ দুৱাৰমুখত কাহ এটাৰ শব্দ শুনি সকলোৱে কথা বন্ধ কৰি ওৰণিবিলাক টানি টানি ল’লে। বুঢ়াই অর্থাৎ ধনেশ্বৰৰ দেউতাকে চিলিমটো বোৱাৰীয়েকৰ ফালে আগবঢ়াই দি ক’লে, ৎআঙঠা দিলেই হ’ব। ধঁপাত আছেই। জয়ধন আহিছে।‘ বুঢ়াই অৱশ্যে সকলোবোৰ আলোচনা শুনি আছিল।

বোৱাৰীয়েকে চিলিমটো লৈ আনবিলাক তিৰোতা মানুহলৈ চাই ক’লে, ‘যিহে খৰি, আঙঠাবিলাক তৎক্ষণাত মৰি মৰি যায়। আগৰ দৰে ভাল খৰি এডালো পাবলৈ নাই। ভাত ৰন্ধাৰ যিহে কষ্ট।’

এইটোও সকলো তিৰোতাৰে সমান তিতা লগা অভিজ্ঞতা, গতিকে সকলোৱে একেলগে সমর্থন কৰি চিঞৰি উঠিল, ‘কৈছহে’, ‘ক’ব নালাগে দে’, ‘চুলি পুৰিহে ভাত ৰান্ধিব লাগিব কেতিয়াবা’।

বুঢ়াই দুখোজমান আগবাঢ়ি আহি সিহঁতৰ সন্মুখীন হৈ গহীনভাৱে থিয় হৈ ৰ’ল। চুলিবিলাক চুটিকৈ কটা, চুলি নুবুলি আই সবাহত দিয়া পিঠাগুড়িৰ পাত এখনহে বুলিব পাৰি। চকুৰ চেলাউৰি, ভোম, কাণৰ কাষত থকা দীঘলীয়া নোমখিনি, হাতৰ নোম সকলোবিলাকেই পিঠাগুড়িৰ দৰে বগা।
বুঢ়াই ওৰণি লোৱা মুখকেইখনলৈ এপাক ঘূৰি চাই ল’লে। তাৰ পাছত হাতৰ অংগী-ভংগীৰে সকলোকে কোৱাদি কৈ গ’ল—
শস্য হৰিব, মৎস্য হৰিব, হৰিব বিৰিখৰ গুটি।
বৰ বৰ মানুহৰ বাক্য লৰিব, লৰিব ধৰমৰ খুঁটি।।

খৰি ক’ত পাবি? গছ আছে জানো এডালো? শস্য আছেনে, মৎস্য আছেনে, ধৰম আছেনে? কলিত আৰু কি হ’ব আৰু কি হৈছে? মহাপুৰুষে কি লিখি গৈছে দোৱাদশত?

পৰিব দুর্ভিক্ষে তাতে মৰিবেক প্রজা।
কৰৰ নিমিত্তে তাতে পীড়িবেক ৰজা।।…
ৰাজ ভৃত্য সকলে কৰিব হুলস্থল।
নুগুচিব মনুষ্যৰ মনত আকুল।।
শুখাইবে শৰীৰ একো নাপাইবে আহাৰ।
হইবেক লোক পিশাচ আকাৰ।।…
মিছা মাতি সাউদে কৰিবে কিনা-বিকা।
জীৱেক সম্পদ কৰি নিন্দিত জীৱিকা।।
কৰিবে দুজন লোকে ধনতেসে গয়।
খতিধন দিলে হৈবে অন্যায়তো জয়।।
আতি অনুপ্রমাণ হৈবেক যত ধান।
ছোট ছোট হৈব বৃক্ষ সমধি প্রমাণ।।

আৰু মাধৱদেৱ পুৰুষে কি লিখিছে?—
পিতৃৰ বচন       পুত্রে নুশুনিব
      কনিষ্ঠে জ্যেষ্ঠজনৰ।
স্বামীৰ বচন       ভাৰ্যা নুশুনিব
      ভৃত্যজনে ঈশ্বৰৰ।।
কলি যুগে       কন্যাগণে কৰিবেক
      সঘনে পুত্র প্রসৱ।
ষোড়শ বছৰ       ভৈলে যুৱতীৰ
      পৰিবে তৰ যৌৱন।।’

বুঢ়াই সুৰ ধৰি গোৱা নাছিল। আঙুলি জোকাৰি কথা কোৱাদি প্রত্যেকটো শব্দকে গভীৰকৈ উচ্চাৰণ কৰি কৈ গৈছিল— ‘তেনেহ’লে কি হোৱা নাই, আৰু কি হ’বলৈ বাকী আছে? চকুৰ আগতে নৈখন বন্ধ কৰাও ৰাজপীড়ন নহয়নে? তেনেহ’লে ?’

ধনেশ্বৰে ইতিমধ্যে খোৱা শেষ কৰি বাহিৰত মুখ ধুই গামোচাৰে হাত আৰু মুখ মচি মচি সোমাই আহিছিল। ঘৈণীয়েকে চিলিমটো ফুৱাই ফুৱাই শহুৰেকৰ ফালে আগবঢ়াই দিছিল। এনে অৱস্থাত সকলো অবাক হৈ ৰৈ গ’ল। বুঢ়াৰ মুখৰ পৰা সৰ সৰ কৰে ওলোৱা শাস্ত্ৰৰ বাণীবিলাক শুনিবলৈ ধৰিলে। তেনেকুৱা শাস্ত্ৰৰ বচন কতবাৰ কত ঠাইত শুনিবলৈ পোৱা যায়। কিন্তু সেইবিলাক ইমান গাজত লগা সঁচা হৈ কেতিয়াও তেওঁলোকৰ কাণৰ ভিতৰত নোসোমাইছিল। শাস্ত্রত কোৱা ভৱিষ্যৎবাণীবিলাক আজি কলিৰ শেষত, কলঙৰ পাৰৰ সৰু গাঁও এখনৰ জীৱনলৈ, সৰু গাঁও এখন কিয়, দুখন, তিনিখন, এশখন, হাজাৰখনৰ হাজাৰ-বিজাৰ মানুহৰ জীৱনলৈ সঁচা হৈ আহিল। চাওঁতে চাওঁতে এই গাঁওখন শুকাই গ’ল, তেওঁলোকৰ দুৱাৰমুখৰ এই কলংখন শুকাই যোৱাৰ দৰে। নৈত পানী নাই, পানীত মাছ নাই, পথাৰত ধান নাই, বাৰীত শাক নাই, গৰুত গাখীৰ নাই, সকলো হৰি গ’ল। কলিয়ে হৰি নিলে, কালে হৰি নিলে। মনৰ বেদনা ওৰণি তলৰ কৃত্রিম গাম্ভীৰ্যই ঢাকি ৰাখিব নোৱাৰিলে। ইজনীয়ে সিজনীৰ মুখলৈ চাই নিজৰ অজ্ঞাতসাৰেই ডাঙৰ মাতেৰে বুঢ়াৰ কথাখিনি সমর্থন কৰি গ’ল আৰু সম্ভৱ ক্ষেত্ৰত দোহাৰি গ’ল।

ধনেশ্বৰে বটাৰ পৰা তামোল এখন মুখত ভৰাই পিছ-চোতালেদিয়ে আগফাল ওলাল। বুঢ়াই ধপাতৰ চিলিমটো ফু দি বাহিৰলৈ লৈ গ’ল। তিৰোতাৰ দলটো ঘৰাঘৰি উঠিল। ধনেশ্বৰৰ ঘৈণীয়েকে লৰালৰিকৈ মাছকেইটা পাচিত ভৰাই বন বাছি সৰু সৰু শামুকবোৰ আঁতৰাই কলপাত এখনেৰে ঢাকি, তাৰ ওপৰত আন এটা পাচিৰে ঢাকি দিলে। দুপৰীয়া হ’লেও এতিয়াই মাছখিনি বেচিবলৈ নিনিলে পিছলৈ লৰি যাব আৰু মানুহে ল’বলৈ এনগেনাব। ভদ্রেও লগত যাব, কাৰণ ভদ্রেৰ গিৰীয়েকেও মাছ বেছি পোৱা নাই, গতিকে বজাৰত বিক্ৰী কৰিবলৈ নিনিয়ে।

ধনেশ্বৰে আকৌ এবাৰ উভতি আহি কৈ গ’ল, ধানৰ বাহিৰে পইচা লৈ মাছ যাতে ঘৈণীয়েকে নসলায়। তাৰ পাছত শোৱা কোঠালিত সোমাই গেঞ্জীটো গাত সুমুৱাই হাতত তাচযোৰ লৈ ওলাই গ’ল।

ঘৈণীয়েকে পিছফালৰ পৰা চিঞৰ ধৰিলে, ‘তাচ খেলিয়ে কলঙৰ পাৰত বেলিটো শেষ নকৰিবা। ঘৰত কিন্তু মাটিতেল, খাইতেল আৰু নিমখ এজেবাও নাই।’

ধনেশ্বৰৰ খংটোৱে টিঙিচ কৰে কোব মাৰি দিছিল— খালি নাই নাই, সি ক’ৰ পৰা আনি দিব লাগে। নাই নাখাব, চাউলকিটা পালেই হ’ল। তথাপি খংটো হেঁচি উজলা দাঁত দুটা আৰু দীঘল কৰি উলিয়াই ক’লে, ‘মাছ কিন্তু পইচা লৈ নেবেচিবি, এভাগত কুৰিটামান মোৱাপুঠি দিবি আৰু ভাগত এমূৰীয়াকৈ ধান লবি।’

‘বাৰু, বাৰু’, ঘৈণীয়েকে এইবাৰ শান্তভাৱে উত্তৰ দিব নোৱাৰিলে। গেজেৰা মাৰি কৈ উঠিল, ‘এমূৰীয়া কিয়, এদোনকৈ দিব নহয়! মানুহে ধান পেলাই থৈ দিছে, কুৰিটা মোৱা মাছত এমূৰীয়াকৈ দিব। তুমি নিজে যাবাচোন। এভাগ মাছৰ কাৰণে মানুহৰ লগত পেৰাপেৰি কৰিব লাগে। গ’লেহে বুজিবা।’

‘মোৱা মাছৰ কিলো যদি চাৰি টকা হয়, তেন্তে এভাগত এমূৰীয়া ধান কিয় নহ’ব? বজাৰলৈ গ’লে এনে কায়দাত দগা-পাল্লা ধৰিম যে গ্রাহক বেটাহঁতে তৰ্কিবই নোৱাৰিব, কুৰিটা মোৱা মাছত আঢ়ৈশ গ্রাম তাবৎ এটকা দাম হৈ যাব।’

‘হ’ব হ’ব, কিয় নহ’ব, তেতিয়া হ’লে মোৱা মাছৰ পেটত শিলগুটি ভৰাই নিলেহে হ’ব।’

‘সেইটোনো কি ডাঙৰ কথা। টাউন-চহৰত ডাঙৰ ডাঙৰ বৰালি মাছ গোটে বেচিবৰ হ’লে পেটত সেইদৰে ৰাস্তাৰ শিলগুটি-পাথৰ সুমুৱাই বেচে। চাউলৰ বেপাৰীয়ে এমোন চাউলত পাঁচ সেৰ ধান আৰু পাঁচ সেৰ মিহি শিলগুৰি মিহলায়। সেইখিনি নকৰিলে ‘বেবচাই’ নচলে নহয়। মোৱা মাছত শিলগুটি ভৰাব নালাগে, কিন্তু শামুকবোৰ বাছি পেলালি কিয়? সেইবিলাক সৰু সৰু শামুক মাছৰ লগত থাকেই, জালৰ লগত অহা বস্তু, আমি আনি দিয়া নাই নহয়।’

‘সেইবিলাক অইনায়ে দেশখন খালে। সেয়েহে আজি মানুহৰ বিলৈ নোহোৱা হৈছে।‘ শহুৰেকৰ কথাখিনিলৈ মনত পেলাই ক’লে ঘৈণীয়েকে।

‘ওলালহি এইজনী ধর্ম যুধিষ্ঠিৰণীজনী। শাস্ত্ৰৰ বচনৰে দেশ নচলে নহয়’ বুলি সি আৰু কিবা ক’বলৈ গৈ মুখখন জপাই ফোঁ ফোঁ কৰে কোব ল’লে। কথাত কথা বাঢ়ে, গতিকে তর্ক কৰি লাভ কি? শাস্ত্রৰ কথা কয় সকলোৱে, কিন্তু ৰাখে কেইটাই ?

ঘৈণীয়েকে গাত চাফা ৰিহা এখন মেৰিয়াই কঁকালত খোচোনাটো আঁটি বান্ধি, মূৰত এধাৰিটো লৈ মাছৰ পাচিটো বাহিৰলৈ দাঙি আনিলে আৰু দুৱাৰখন জপাই পাচিটো মূৰত তুলি ওচৰৰ ভদ্রেক মাত দিলে, ‘হয়ে ভদ্ৰে ওলালি নে, ব’।’

ওচৰৰ আন আন ঘৰৰ পৰা দুই-এজনী ওলাল আৰু সামান্য মাছখিনিকে পাচিত লৈ তেওঁলোক গাঁৱৰ পৰা ওলাই গ’ল দুমাইল আঁতৰৰ গাঁৱলৈ। ধান থকা গাঁও ওচৰত নাই, যি দুই-এঘৰৰ ধান আছেও তেওঁলোকে মাছলৈ সলাব নোখোজে।
অলপ পাছত জয়ধন বুঢ়াৰ ওচৰৰ পৰা ওলাই আহিল। ধনেশ্বৰক আগে আগে যোৱা দেখি ৰিং এটা মাৰিলে। ধনেশ্বৰ ৰ’ল। জয়ধন আদহীয়া মানুহ, ধনেশ্বৰে ‘দেদাই’ বুলি মাতে। কেইদিনমানৰ পৰা দুপৰীয়া ধনেশ্বৰ নালীয়াহঁতৰ লগ লাগিছে। ধনেশ্বৰ, নালীয়াহঁতে কলঙৰ পাৰৰ কেন্দুগছ এজোপাৰ ছাত বহি দুপৰীয়াৰ সময়খিনি টুৱেণ্টি নাইন খেলে। জয়ধনে খেলিব নাজানে যদিও ওচৰতে বহি চাই থাকেগৈ।

সকলো গৈ কেন্দুগছৰ তল পালেগৈ।

‘বুঢ়াৰ সতেনো দুপৰীয়া কি কথা পাতিলি?’ ধনেশ্বৰে গাৰ গামোচাখন বনৰ ওপৰত পাৰি তাচযোৰ তাৰ ওপৰত থৈ জয়ধনক সুধিলে। নালীয়া, পদো, ধনী আদি লগৰীয়াকিজন মুখামুখিকৈ চাৰিওকাষে বহিল।

‘সেইবিলাক কথা আৰু কি শুনিবি? মাটি যি কিডৰা আছিল মহাজনক বেচিলো। এতিয়া ভেটিটো আৰু বাৰীখন বাকী। তাকো বিক্ৰী কৰিলে মহাজনেই লওঁ বুলিছে। তাকে দেউতাৰ কাণ চোৱাই থ’লো, গাঁৱৰো মানী মানুহ, খেলৰো বুঢ়া।”

‘ঘৰ-বাৰী বেচি কত উটি ফুৰিবি?’ তাচযোৰ কাটি দি বিলাবলৈ পদোৰ ফালে আগবঢ়াই দি ধনেশ্বৰে সুধিলে। বাকীকিজনেও তাচপাত হাতত লৈ জয়ধনৰ মুখলৈ চাই ৰ’ল। সেই জয়ধন, যাৰ আটিল গা আৰু দীঘল চুলিকোচা এসময়ত সকলো ডেকাৰ ঈৰ্ষাৰ বস্তু আছিল আৰু যি সেই দুটাৰ যহতে ভাওনাত ভীম আৰু অসুৰৰ ভাও লৈ আহিছিল যোৱা কুৰি বছৰ ধৰি— গাঁওখনৰ গৌৰৱ সেই জয়ধন দেদাই আজি গাঁও এৰি যাবলৈ ওলাইছে এপাল ল’ৰা-ছোৱালী আৰু এজনী বিয়া দিবলগীয়া গাভৰু ছোৱালীক লৈ। জয়ন্তী গাভৰু ছোৱালী, আনবিলাক ছোৱালীৰ মাজত জাকত জিলিকা। তাইৰ বিয়াৰ কথাও মাজতে কুৰুং-কাৰাং হৈছিল।

‘কিয়, জয়ন্তীৰ বিয়া কি কৰিলি? মাজতে কোনোবো দুযোৰামান আহিছিল নহয়?’ ধনীয়ে সুধিলে।

‘সাতে পাঁচে’, জয়ধনে কাণতে খোচ মাৰি থোৱা আধা খোৱা বিড়িটো জ্বলাই লৈ দুহোপমান ঘনাই হুপি ক’লে, ‘বিয়াখন পাৰিলে বোপাইৰ ভেটিতে পতাৰ ইচ্ছা। ঘৰ-বাৰী বেচি যি ধন পাওঁ তাৰে বিয়াখনত খৰচ কৰি বাকীখিনি লৈ উত্তৰপাৰলৈ (ব্রহ্মপুত্ৰৰ উত্তৰপাৰ) উঠি যোৱাৰ ব্যৱস্থা কৰিছোঁ। লুইতৰ পাৰত থাকিলে পৈত্রিক জাতিগত ব্যৱসায়টো চলাই থাকিব পাৰিম। ইয়াত তাৰ মুদা মৰিল নহয়। জালবিলাক জহি-পচি গ’ল।”

জয়ধনে অলপ আঁতৰত কলঙৰ নিচেই কাষত উবুৰি খাই জৰাজীৰ্ণ ৰূপত পৰি থকা নাও এখনলৈ সতৃষ্ণ দৃষ্টিৰে চাই ৰ’ল। তাচ খেলুৱৈকিজনেও হাতত তাচপাত লৈ ডাক দিবলৈ পাহৰি গ’ল। সকলোৱে জয়ধনৰ দৃষ্টিয়েদি নাওখনলৈ একেথৰে চাই ৰ’ল। সেই পৰি থকা নাওখনেই আজি দহ বছৰৰ আগতে শেষ হৈ যোৱা জয়ধনৰ ব্যস্ততা ভৰা অতীতটোৰ অচলাৱস্থা ঘোষণা কৰিছে। এই কেন্দুতলতে আছিল কলঙৰ পাৰঘাট। তেতিয়া ইয়াত চৰকাৰী নাও চলিছিল— গুটীয়া নাও, মাৰ নাও। জয়ধন আছিল সুদক্ষ গুৰিয়াল। মটৰ গাড়ী, গৰু গাড়ী, কত মুনিহ-তিৰোতা, ল’ৰা-ছোৱালী, মেলাৰ যাত্রী, স্কুলীয়া ল’ৰা, মাষ্টৰ কত ধৰণৰ কিমান মানুহ এইপিনে পাৰ হ’ল। জয়ধন গুৰিয়ালৰ দক্ষতাত কোনো দিনেই একো দুর্ঘটনা নহৈছিল। এই ঘাটটোৱেই স্থানীয় কেবাজনো ডেকাৰো পেটৰ ভাতৰ যোগান ধৰিছিল। যিদিনা ইয়াত প্রথম খুঁটিটো পুতি ভয়ানক গধুৰ যন্ত্ৰটোৰ প্রথম কোবটো মাৰিছিল, সেইদিনা জয়ধনৰ কলিজাত সেই কোবটো পৰিছিল। এই কেন্দুজোপাতে তেতিয়া মাৰনাও বান্ধিছিল।

দেশ স্বাধীন হোৱাৰ কাৰণেহে কলঙত দলং হ’বলৈ পালে। দলং হ’ল বাৰু, ইয়াৰ যাত্রীবোৰৰ পৰা এপইচাকৈও টেক্স লগোৱা হ’লে, চাইকেলবিলাকৰ পৰা দুপইচাকৈও টেক্স লোৱা হ’লে, মটৰবিলাকৰ পৰা আঠ অনাকৈ টেক্স লোৱা হ’লে চৰকাৰৰ দলং সজাৰ খৰচো ওলালহেতেন আৰু (টেক্স লোৱা কামটো অৱশ্যে তাকে দিব) তাৰো চাকৰিটো ৰ’লহেঁতেন।

জয়ধনে বিড়ি হুপি হুপি যি ভাবি গ’ল, লগৰ কেইজনে যেন চিনেমাৰ দৰে চকুৰ আগত সেইখিনিকে দেখি গ’ল। সকলোৱে তাচপাত পেলাই বিড়ি একোটা জ্বলাই ল’লে। খেল আজি জমাৰ আশা নাই। সিহঁতৰ সন্মুখতে কলং নামৰ এখন নদী আছিল। এতিয়া তাৰ বুকু ঢাকি ধৰিছে বিহমেটেকাই। মাজে মাজে ঝাওবন, নল-খাগৰিৰ দল জোপোহা হৈ উঠিছে। অ’ত ত’ত দুটা-এটা ঘূলি আছে, তাকো বিহমেটেকাই ছাটি পেলাইছে। আজিকালি চৰকাৰী নলী-নাদ, কুঁৱা গাঁৱে গাঁৱে। কলঙৰ পাৰৰ জীয়াৰী-বোৱাৰীয়ে পানী নিবলৈ পুৱা-সন্ধিয়া হাতত-কাষত গাগৰি-কলহ লৈ নাহে আৰু। দুপৰীয়া চৰণীয়া গৰুৰ জাকে জাকে পানী বিচাৰি কলঙৰ বুকু টুকি ফুৰে, সেই পানী খাই গৰুৰ নানা ধৰণৰ বেমাৰ। ব’হাগৰ বিহুত ভালেমান দূৰৰ পৰা গাঁৱৰ ৰাইজে জাকে জাকে গৰু গা ধুৱাবলৈ এই কলঙলৈ অনাৰ অপূর্ব দৃশ্য এই কলঙৰ পাৰৰ ভৱিষ্যতৰ ল’ৰা-ছোৱালীহঁতে আৰু দেখিবলৈ নাপায়। কলঙৰ বানপানীয়ে গাঁৱৰ পথাৰত পলস নেপেলায় আৰু ব্ৰহ্মপুত্ৰৰ নানা ধৰণৰ মাছে এই কলংপাৰৰ এখন জিলাৰ ৰাইজক পুষ্টিকৰ খাদ্যৰ যোগান আৰু নিদিয়ে। আৰু তাতোকৈ ডাঙৰ কথা হ’ল এই কলঙৰ পাৰত সাতামপুৰুষ ধৰি বসতি কৰি পৈত্রিক ব্যৱসায় চলোৱা এটা সম্প্রদায়ৰ অন্ন-বস্তুৰ মূলসুঁতিটোকে এই জীয়া নৈখনৰ লগতে ডিঙিত টিপি মাৰি পেলালে।

‘আমাৰ এই সম্প্রদায়টোৰ উন্নতি হ’বনে বাৰু? ধ্বংস হৈ নাযাবনে আমাৰ এই সম্প্রদায়টো?’ ধনেশ্বৰে নৈখনত দৃষ্টি নিবদ্ধ ৰাখিয়ে উমৈহতীয়াকৈ প্রশ্নটো সুধিলে।

জয়ধনে বিড়িৰ টুকুৰাটো দলিয়াই দি আন এটা বিড়ি জ্বলাই ল’লে। প্রত্যেকৰ মনৰ মাজত একেবিলাক ভাবেই পানীমেটেকাৰ দৰে ছাটি মাৰি ধৰিছে, প্রত্যেকৰ মনত একে প্রশ্নৰে উদয় হৈছে।

‘কলং যেতিয়া জীয়াই আছিল তেতিয়া এনেকুৱা হাজাৰ বিজাৰ পানীমেটেকা জাঁজী হৈ কোবাল সোঁতত উটি গৈছিল। পাৰত খামুচি ধৰি কোনোটো জাঁজী কেতিয়াবা ৰ’বলৈ চেষ্টা কৰে, কিন্তু পাৰে জানো? একোবত সোঁতে এৰুৱাই লৈ যাবই। কিন্তু সোঁতেই যেতিয়া নাথাকিল, এতিয়া অৱস্থা কি হ’ল? আজি আমাৰ গাঁৱৰ ল’ৰাহঁতলৈ নাচাৱ কিয়? কোনটো ল’ৰা পঢ়া-শুনাতে ভাল বা কাম-কাজত ভাল? পটলুং পিন্ধি ঘূৰি ফুৰে— নহ’ল হালৰ, নহ’ল ফালৰ। আমাৰ গাঁও কিয়, আন আন গাঁৱৰ ল’ৰাবোৰনো কি? মেল মাৰি, আড্ডা দি, চাহৰ দোকানত তাচ-পাশা খেলি, পুৱা-গধূলি ঘূৰি ফুৰিছে। নাই হালত, নাই বেহা-বেপাৰত, নাই বিদ্যাত, নাই হাকিম-হুকুমৰ এপাচি দৰ্মহা খোৱা চাকৰিত। চৰকাৰী আলিত ক’ৰ বিদেশৰ পৰা অহা মুনিহ-তিৰোতাই শিলগুটিকেইটামান ছটিয়ায়ে দিনটোত ছয় টকাকৈ হাজিৰা ঘটিছে। আমাৰ কোনোবাটো গৈছে যদিও আনবিলাকে উৎসাহ দিয়ক ছাৰি টিটকাৰিহে দিছে। কাম এৰি যেতিয়া সকলোৱে কথাত ধৰিলো, হেৰাই গ’ল আমাৰ একে ৰাতিতে গড় বন্ধা শক্তি। সোঁত নোহোৱা নদীক জাঁজীয়ে, বিহমেটেকাই, অগৰা গছে ছাটি ধৰিবই।’

তাচৰ পাতবিলাক কেতিয়াবাই সিহঁতৰ হাতৰ পৰা সৰি পৰিছিল। খেলত আজি কাৰো স্পৃহা নাই। উদাস আৰু হতাশভাৱে নৈখনৰ বুকুলৈ চাই ৰ’ল প্রত্যেকটোৱেই। অকাল বৈধৱ্য আৰু অকাল বাৰ্ধক্যৰ স্থবিৰতা লৈ স্থিৰ, নিশ্চল হৈ পৰি আছে কলং নৈখন, সিহঁতৰ ঠিক চকুৰ আগত।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

মহিম বৰা

মহিম বৰা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। পদ্মশ্ৰী, সাহিত্যাচাৰ্য সন্মানেৰে বিভূষিত মহিম বৰাদেৱৰ জন্ম হৈছিল ১৯২৪ চনৰ ৬ জুলাই তাৰিখে আৰু মৃত্যু হয় ৫ আগষ্ট ২০১৬ তাৰিখে।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz