এখন দেশত এজন ৰজা আছিল

।। ২০ মাৰ্চৰ ‘বিশ্ব সাধুকথা কোৱা দিৱস’ বিশেষ।।

‘‘এখন দেশত এজন ৰজা আছিল। ৰজাৰ দুগৰাকী ৰাণী— এগৰাকী লাগী, আনগৰাকী এলাগী…’’— এইখিনিলৈ কৈ আইতাকে খুন্দনাত তামোল খুন্দিবলৈ আৰম্ভ কৰিলে। সাধুবলিয়া নাতি-নাতিনীহঁতেও পিছৰখিনি শুনাৰ আশাত অকণো আমনি নকৰাকৈ আগ্ৰহেৰে বাট চাই আছে কেতিয়া আইতাকৰ তামোল খুন্দা শেষ হৈ পুনৰ সাধু কোৱা আৰম্ভ হ’ব। জাৰকালি জুহালৰ কাষত নাইবা জহকালি চোতালত বিচনিৰ বা লৈ ককাক-আইতাকে সাধু কোৱাৰ এনে দৃশ্য আগতে হয়তো প্ৰায় প্ৰত্যেকখন ঘৰতে দেখা পোৱা গৈছিল। সময়ৰ লগে লগে এতিয়া পিছে সেই কথাবোৰো সাধুকথা হৈ পৰিল!

সাধুকথা লোক-সংস্কৃতিৰ এক অনন্য উপাদান। প্ৰাচীন কালৰ পৰাই প্ৰত্যেক সমাজতে সাধুকথাই এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। সাধুকথাবোৰৰ মাজেৰে প্ৰত্যেক সমাজৰে ইতিহাস, পৰম্পৰা, ভাষা-সংস্কৃতি, লোকাচাৰ আদি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হৈ আহিছে। সাধুকথাৰ মাজেৰে নতুন চামক তেওঁলোকৰ সমাজৰ ৰীতি-নীতি, ঐতিহ্য আদিৰ লগত চিনাকি কৰাই দিয়া হয়। বহু ক্ষেত্ৰত নিজৰ অভিজ্ঞতাসমূহো সাধুকথাৰ চলেৰে অন্যক জনোৱা হয়। সভ্যতাৰ আৰম্ভণিৰ সময়ছোৱাত জ্যেষ্ঠ সকলে পৰিয়ালৰ বাকীবোৰক চিকাৰ কাহিনী, জীৱন সংগ্ৰামৰ কাহিনী আদি কৈ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱাৰ শিক্ষা দিয়াৰ উদাহৰণ পোৱা যায়। জাতিটোৰ বীৰসকলৰ সাহসিকতাৰ কাহিনীবোৰৰ মাজেৰে নতুন চামক জাতীয় চেতনাবোধৰে উদ্বুদ্ধ কৰি তোলা হয়।

সাধুকথা, কাহিনী, উপাখ্যান আদিৰ শিশুৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত ভূমিকা অপৰিসীম। সাধুকথাত গছ-গছনি, চৰাই-জন্তু সকলোৱে কথা কয়। নদী-সাগৰ, পাহাৰ-শিল আদিয়েও প্ৰাণ পাই উঠে। প্ৰকৃতিৰ উপাদানবোৰৰ লগত শিশুৱে একাত্ম হোৱাৰ সুযোগ লাভ কৰে। শিশুমনে কল্পনাৰ আশ্ৰয়ত নেদেখা, নজনাবোৰৰ সম্ভেদ ল’বলৈ ধৰে। সাধুকথাই মানুহক কল্পনা কৰা, চিন্তা শক্তিৰ বিকাশ ঘটোৱাৰ লগতে পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত ল’ব পৰা মানসিকতাৰ গঢ় দিয়ে।

সাধুকথাসমূহ নীতিশিক্ষাৰ ভঁৰাল স্বৰূপ। আমাৰ অতি মৰমৰ ‘বুঢ়ী আইৰ সাধু’ৰ দৰে আন আন ভাষাতো প্ৰচলিত সাধুকথাসমূহৰ মাজেৰে সদায় ভালৰ ফল ভাল আৰু বেয়াৰ পৰিণতি বেয়া হোৱাৰ এক নীতিশিক্ষা থাকে। শিশুমনে সেইবাবে এই সাধুকথাবোৰৰ মাজেৰে বেয়াখিনি বাদ দি ভাল হ’বলৈ যত্ন কৰাৰ এক উপদেশ লাভ কৰে। ভাল চৰিত্ৰবোৰৰ আদৰ্শেৰে নিজৰ জীৱনটো গঢ় দিয়াৰ চেষ্টা আৰম্ভ কৰে। জাতীয় বীৰসকলৰ প্ৰতি শ্ৰদ্ধাশীল হৈ পৰাৰ লগতে নিজৰ ইতিহাস, ৰীতি-নীতি, পৰম্পৰা আদিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ শিকে। সাধুকথাবোৰৰ যোগেদি নিজৰ অজানিতে নিজক আদৰ্শ ব্যক্তিৰূপে সমাজত প্ৰতিষ্ঠা কৰাৰ মানসিকতাৰ আৰম্ভণি হয়।

সাধুকথাৰ নায়কে জীৱনৰ ঘাত-প্ৰতিঘাতবোৰ বহু কষ্টেৰে অতিক্ৰমি শেষত জয়লাভ কৰা দেখি নিজকে আনতকৈ দুৰ্বল বুলি ভবা শিশুবোৰেও এক নতুন প্ৰেৰণা লাভ কৰে, মনত সাহস আৰু আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পায়। শুনা সাধুকথাবোৰ আকৌ সমনীয়াৰ আগত মনোগ্ৰাহীকৈ ক’বলৈ চেষ্টা কৰাৰ ফলস্বৰূপে শিশুবোৰৰ মাজত বাক্‌পটুতা তথা কথনশৈলীৰ বিকাশ ঘটে। কল্পনাশক্তিৰ লগে লগে স্মৃতিশক্তিৰো বিকাশ ঘটে আৰু যিকোনো কামত মনোযোগ বৃদ্ধি হৈ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হৈ পৰে।

কিন্তু দুখৰ বিষয়, ইমানবোৰ ইতিবাচক দিশ থকা সত্বেও লাহে লাহে আমাৰ মাজৰ পৰা সাধুকথাবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে। আগৰ যৌথ পৰিয়ালৰ পৰিৱৰ্তে এতিয়াৰ সমাজত একক পৰিয়াল বাঢ়িছে। আগতে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে সৰুবোৰক সাধুকথা কোৱাৰ যি এক পৰম্পৰা গঢ়ি তুলিছিল, তাৰ ফলত দুই ধৰণৰ লাভ হৈছিল;— বয়োজ্যেষ্ঠসকলে জীৱনৰ ভাটী বয়সৰ একাকী যন্ত্ৰণাৰ পৰা হাত সাৰিছিল আৰু শিশুসকলে পাইছিল মানসিক নিৰাপত্তা— যিকোনো পৰিস্থিতিত তেওঁলোক অকলশৰীয়া নহয় বুলি। বৰ্তমান যুগৰ তীব্ৰ প্ৰতিযোগিতামূলক জীৱনশৈলীৰ লগত খাপ খুৱাবলৈ গৈ আজিৰ শিশুৱে নিজৰ শৈশৱ-কৈশোৰৰ স্বাভাৱিক মাদকতা অনুভৱ কৰিব নোৱৰা হৈ পৰিছে। প্ৰতিযোগিতাত প্ৰথম হোৱাৰ প্ৰৱণতা শিশুমনত ইমান দকৈ সোমাই পৰিছে যে তেওঁলোকে সকলো বিষয়তে পাৰদৰ্শী হোৱাটোৱেই জীৱনৰ লক্ষ্য কৰি পেলাইছে। আজৰি সময়কণ ব্যৱহাৰ কৰিছে টিভি চোৱাত, ভিডিঅ’ গেম খেলাত। পিতৃ-মাতৃৰো সময়ৰ অভাৱ, গতিকে সময়ৰ বাহিৰে বাকী সকলো সন্তানৰ হাতত তুলি দি নিজৰ দায়িত্ব সামৰিছে। অকলশৰে ডাঙৰ হোৱা এই শিশুবোৰৰ বৌদ্ধিক বিকাশত এনেবোৰ কথাই নেতিবাচক প্ৰভাৱ পেলোৱা আৰম্ভ কৰিছে। ফলস্বৰূপে শিশুমনে উচিত-অনুচিত বিচাৰ কৰিব নজনা হৈ পৰিছে, অসহিষ্ণু হৈ পৰিছে আৰু বহু ক্ষেত্ৰত অপৰাধপ্ৰৱণতাও গা কৰি উঠিছে।

শৈশৱৰ পৰা চাৰিত্ৰিক উত্তৰণ ঘটিয়েই ভৱিষ্যতৰ সু-নাগৰিকৰ সৃষ্টি হয়, সু-নাগৰিকৰ সমষ্টিয়ে জাতি এটাক আগবঢ়াই লৈ যায়। গতিকে ভেটি সুদৃঢ় কৰিব লাগিব শৈশৱৰ পৰা। উন্নত দেশৰ মনোবিজ্ঞানী, শিক্ষাবিদসকলে শিশু মনস্তত্বৰ এনে পৰিৱৰ্তনৰ কাৰণসমূহ বিশ্লেষণ কৰি পাইছে যে সাধুকথাই এই ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব পাৰে।  সেয়েহে এনেবোৰ দেশে সাধুকথা কথন আৰু পঠনক শিক্ষাৰ এক শক্তিশালী তথা আকৰ্ষণীয় মাধ্যমৰূপে ব্যৱহাৰ কৰি শিশুৰ সৰ্বাংগীন উৎকৰ্ষ সাধনৰ প্ৰচেষ্টা হাতত লৈছে। সাধুকথা কোৱাটো উন্নত দেশবোৰত এতিয়া এক পেছা ৰূপে পৰিগণিত হৈ পৰিছে।

সাধুকথাৰ মানৱ জীৱনত থকা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই সম্প্ৰতি ২০ মাৰ্চৰ দিনটো ‘বিশ্ব সাধুকথা কোৱা দিৱস’ (World Storytelling Day) হিচাপে উদ্‌যাপন কৰা আৰম্ভ হৈছে। পক্ষী, চন্দ্ৰ, স্বপ্ন, পানী ইত্যাদিক মূল হিচাপে লৈ প্ৰত্যেক বছৰৰ বাবে একো একোটা প্ৰসঙ্গ (Theme) নিৰ্বাচন কৰা হয়। ২০১২ বৰ্ষৰ বাবে এই প্ৰসঙ্গ হৈছে ‘গছ-গছনি’ (Trees)। চুইডেনত আৰম্ভ হোৱা এই দিৱস বৰ্তমান পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত সমানে জনপ্ৰিয় হৈ উঠিছে। আজিকালি আমাৰ ৰাজ্যতো বিভিন্ন সময়ত, বিভিন্ন অনুষ্ঠানৰ উদ্যোগত সাধুকথা কোৱা প্ৰতিযোগিতাৰ প্ৰচলন হৈছে। ই এক উৎসাহজনক পদক্ষেপ।

কিন্তু কেৱল দিৱস পালন কৰি বা প্ৰতিযোগিতা অনুষ্ঠিত কৰিয়েই আমি আমাৰ দায়িত্ব শেষ বুলি ভবাটো ভুল হ’ব। আমি প্ৰত্যেকেই নিজৰ ঘৰৰ পৰাই এই প্ৰচেষ্টা আগুৱাই নিব লাগিব। পিতৃ-মাতৃয়ে ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই সন্তানক তেওঁলোকৰ অভিজ্ঞতা, জাতীয় ঐতিহ্য, পৰম্পৰা আদিৰ বিষয়ে সাধুকথাৰ চলেৰে জীৱনৰ আদিপাঠ শিকাব পাৰিব লাগিব। তেতিয়া হয়তো প্ৰজন্মৰ মাজৰ ব্যৱধানো বহু পৰিমাণে কমি আহিব। পিতৃ-মাতৃয়ে সন্তানৰ আগত যেনেদৰে নিজৰ প্ৰত্যাশা ব্যক্ত কৰিব পাৰিব, সন্তানেও মুকলি মনেৰে নিজৰ সমস্যাৰ বিষয়ে জনাবলৈ সাহস পাব। গতিকে আহক, আমি সকলোৱে অকণমান সময় উলিয়াই সাধুকথা কওঁ, সাধুকথা শুনো আৰু সোণালী শৈশৱ ঘূৰাই আনো জীৱনলৈ, আকৌ এবাৰ…!


বিশ্ব সাধুকথা কোৱা দিৱসৰ লগ':
ডিজাইনাৰ: Mats Rehnman for World Storytelling Day, উৎস: ইং ৱিকিপেডিয়া

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

2 Comments on "এখন দেশত এজন ৰজা আছিল"

avatar
Sort by:   newest | oldest | most voted
লিখন নীল
Guest
লিখন নীল

সুন্দৰ লিখিছা, মালিনী… সদ্যপ্ৰচলিত ভিডিঅ’গেম আৰু কাৰ্টুন কাহিনীয়ে শিশুৰ মানসিক বিকাশত বৰ বেছি অৱদান দিব নোৱাৰে.. চিনাকি আৰু ঘৰুৱা পট্বভূমিৰ সাধুকথাই আমাক
অন্যক অনুকৰণ কৰাতকৈ নিজৰ শিপা ধৰি ৰাখিবলৈ শিকাব..

Anamika Baruah
Guest

সুন্দৰ লিখনি| সঁচা, অকণমানি দুটাক যেতিয়া মোৰ অভিজ্ঞতাবোৰ অলপ ৰহন সানি কওঁ সিহঁত দুটাই মনোযোগেৰে শুনি থাকে| কেতিয়াবা দুয়োটাকে বহুৱাই সাধুও কওঁ| আনন্দ বিষ্ময়ত ডাঙৰ হৈ পৰা সিহঁতৰ চকুবোৰ দেখি মোৰো ল’ৰালিলৈ মনত পৰি যায়| ভাল লাগিল পঢ়ি|

wpDiscuz