ই-বুক ডাউনলোড: বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টিৰ চমু আভাস’
প্ৰকাশ: ২৮ আগষ্ট, ২০১৬ | অন্তিম সম্পাদনা: ১৯ জুন, ২০২১
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পাছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। পুস্তিকাখনিত ৰাভাদেৱে অসমীয়া কৃষ্টিৰ ভিন্ন স্বৰূপ উন্মোচন আৰু বিশ্লেষণৰ প্ৰয়াস কৰিছে।
ৰাভাদেৱৰ পুস্তিকাখনি ‘নীলা চৰাই’ত ধাৰাবাহিক ৰূপত প্ৰকাশ কৰি অহা হৈছিল। এই প্ৰসংগতে প্ৰণিধানযোগ্য যে বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই; তথাপি জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ‘নীলা চৰাই’ত প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে আমাক জনাবলৈয়ো আহ্বান জনাই থোৱা হৈছিল। অপেছাদাৰী এই প্ৰকল্পত আমি পাঠক ৰাইজৰ পৰা উৎসাহেই লাভ কৰিবলৈ সক্ষম হৈছিলো। সেই সাহসেৰেই পুস্তিকাখনি সকলোৰে হাতৰ ওচৰতে থাকক বুলি ইয়াৰ ই-বুক সংস্কৰণ এটি তৈয়াৰ কৰি আগবঢ়োৱা হ’ল।
‘অসমীয়া কৃষ্টিৰ চমু আভাস’ ই-বুক হিচাপে আমি তিনিটা ফৰ্মেটত উপলব্ধ কৰাইছোঁ— মোবাইল ডিভাইচত পঢ়াৰ উপযোগী কৰি ‘ই-পাব’ (Epub), ‘মবি’ (Mobi) আৰু ডেস্কটপত পঢ়াৰ সুবিধা কৰি ‘পিডিএফ’ (PDF)।
এই ই-বুকখনি ৰাজহুৱা ডাউনলোডৰ পৰিৱৰ্তে বিশেষভাৱে ‘নীলা চৰাই’ৰ চাবস্ক্ৰাইবাৰ (ই-মেইল তালিকাত যোগদানকাৰী)ৰ বাবে আগবঢ়োৱা হৈছে। আপুনি যদি ই-বুকখনি পাব বিচাৰে তেনেহ’লে তলৰ প্ৰপত্ৰখনিত আপোনাৰ ই-মেইল ঠিকনা ভৰ্তি কৰি যোগদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলেই আমি আপোনালৈ ই-বুকখনি প্ৰেৰণ কৰিম।
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ
Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
.
আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।
UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:
Secure payment | Powered by UPI
আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।
Leave a Reply