দীপা ঠাকুৰীয়াৰ কবিতা

পৰিণতি

 
পৰিণতিত ফুল সৰে
সৰে চকুপানী
হয় বুৰজ্ঞী
স্মৃতি হয় ফচিল
বিন্দুৰ পৰা হয় ৰেখা
কোন কাল বিন্দুত আৱহমান
মোৰ জীৱনৰ বোধ?
গতি আৰু জড়তাৰ আপেক্ষিকতাবাদত
দুলি আছো আমি।
আত্মাৰ অন্তৰভাগ টুকুৰা-টুকুৰ কৰি
কৰে ক্ষতৰ আন্ধাৰ
যি বিন্দু আন্ধাৰৰ বিস্ফোৰণত
সৃষ্টি হৈছে মহানাদৰ তত্ব।
মৌলিক কণিকাৰ আলিংগনতে
তুমি আৰু মই।
পৰিণতিৰ পূর্ণতাত
মন ওপচে
শূন্যতাত লাগে বেথা।
 
নক্ষত্রৰ মৃত্যু, তৰাৰ টোপনিতো
কি সেই অবিনাশী সুৰৰ আকুলতা!
«
 
ফুল
 
নৈৰ দাঁতিৰ মোহনীয়া ফুল
তোৰ বুকুত লাগিল
কাৰ ৰঙৰ বোল?
নিৰৱে ভাবিছ কাৰ কথা
সাজি-কাচি হৈছ অপসৰা!
 
নীলা চৰাই . জুলাই ২০১২

 

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz