দূৰদৰ্শন এটি যন্ত্ৰ: লোকেল কুকুৰা বুলি কিনি অনা কয়লাৰৰ পোৱালি

প্ৰকাশ: ৯ অক্টোবৰ, ২০১৬ | অন্তিম সম্পাদনা: ৯ ডিচেম্বৰ, ২০১৬

টিভি নামৰ সৰু বাকচটো কুৰি শতিকাৰ নৱম দশকৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা অসমৰ প্ৰায়বোৰ গাঁও অথবা সৰু চহৰৰ লোকৰ বাবেও চিনাকি আৰু আপোন হৈ পৰিছিল৷ হৈ পৰিছিল কাৰোবাৰ বাবে গৌৰৱৰ প্ৰতীক, আন কাৰোবাৰ বাবে আকাশ-কুসুম আৰু তাৰ সমান্তৰালকৈ টিভিটোৰ বাহিৰে-ভিতৰে ঘটিছিল অলেখ কাহিনী-উপকাহিনী৷ এইবোৰৰে আলম লৈ ৰচনা কৰা হিমাংশুপ্ৰসাদ দাসৰ ‘এখন গাঁৱত এটা টিভি আছিল’ নামৰ নাটখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷

সেই জনপ্ৰিয় নাটখনৰে চিত্ৰৰূপ, ৰাজেশ ভূঞা পৰিচালিত ‘দূৰদৰ্শন এটি যন্ত্ৰʼ চালো৷ আশা কৰাৰ সমান ভাল নাপালো৷ প্ৰথম কথা, চিনেমাখনৰ নামটো ভাল লগা নহ’ল৷ চিনেমাখনৰ নামটোতকৈ নাটকখনৰ নামটোৱেই বেছি চিত্তাকৰ্ষক আছিল৷

চিনেমাখনৰ আৰম্ভণিতে যতীন বৰা-প্ৰস্তুতি পৰাশৰে মেদবহুল দেহা দুটাৰে কেঁকো-জেকোকৈ নাচি থকা এটা আমনিদায়ক গান৷ কৰিঅ’গ্ৰাফাৰে অলপ হিউমাৰ আনিবলৈ ৰাজেশ খান্না ষ্টাইলৰ ষ্টেপ দুটামান দিছিল; কিন্তু যতীন বৰাই সেইখিনি ফুটাই তুলিব নোৱাৰিলে৷ তেওঁৰ নিজৰ অতি পৰিচিত হাত দুখন মেলি আকাশলে চাই দিয়া চিগনেচাৰ ষ্টেপটো দি দিয়া হ’লেই অলপ কম বেয়া দেখালেহেঁতেন৷ তাতোকৈ বেছি ভাল আছিল গানটোৱেই যদি নাথাকিলহেঁতেন!

টিভিটো ৰঙীণ, গাঁৱৰ ঘৰে-ঘৰে পকী দেৱাল (মন কৰিব, কাহিনী মতে পটভূমি এতিয়াৰ পৰা বিছ-পঁচিশ বছৰৰ আগৰ দুৰ্গম এখন গাওঁ), ঘৰবোৰ পকী, নামঘৰ পকী, ৰাস্তাত টাটা মেজিক, পালচাৰ ইত্যাদি ইত্যাদিবোৰ আওকাণ কৰাৰ পাছত চিনেমাখনত আছে সঁচাকৈ হাঁহি উঠা দুটামান দৃশ্য আৰু জোৰ-জবৰদস্তি হঁহুৱাবলৈ চেষ্টা কৰা দুটামান দৃশ্য৷ শেষৰ দৃশ্যটোত নায়কে আঁচলতে কি ক’ব বিচাৰিছিলে, পৰিচালকে নিজেই বুজি নাপালে যেন লাগিল৷ তাৰ মাজে মাজে চলি থাকিল এটা প্ৰেম-কাহিনী (নাটকৰ দুই মিনিটৰ প্ৰেম-কাহিনীটো গোটেই চিনেমাখন জুৰি টানি থাকিবলৈ চিত্ৰনাট্যকাৰে যে যথেষ্ট কষ্ট কৰিব লগীয়া হৈছিল, সেইটো সহজে গম পোৱা যায়)৷ মাজে মাজে কমেডিৰ খাতিৰত নাটকখনৰ দুটামান দৃশ্য চিনেমাখনলৈ হুবহু আমদানি কৰা হ’ল ঠিকেই, কিন্তু সেই দৃশ্যকেইটাৰ চিত্ৰায়ন চিনেমাখনৰ লগত খাপ নোখোৱা যেন লাগিল৷

আৰু পঢ়ক:  অনুৰ: চুটিগল্পৰ চিনেমেটিক ৰূপাঙ্কন

চিনেমাখনৰ একমাত্ৰ ভাল লগা দিশটো হ’ল নাটকখনৰ শক্তিশালী কাহিনীটো (অৱশ্যে নাটকখনৰো অন্তিম দৃশ্যটো গোটেই নাটকখনৰ তুলনাত দুৰ্বল আছিল)। হিমাংশুপ্ৰসাদ দাসৰ নাটকখন চাই ভাল পোৱা দৰ্শকসকলে ৰাজেশ ভূঞাৰ চিনেমাখন সমান ভাল নাপাব৷ কিন্তু বিগত সময়ছোৱাত মুক্তি পোৱা অসমীয়া চিনেমাবোৰৰ ভিতৰত ‘দূৰদৰ্শন এটি যন্ত্ৰ’ সামগ্ৰিকভাৱে উন্নত৷ কিন্তু আৰু অলপ সময় লৈ, উন্নততৰ পৰিকল্পনাৰে আগবঢ়া হ’লে এখন অতীব সুন্দৰ অসমীয়া চিনেমা হোৱাৰ থল আছিল৷

মাপকাঠিডাল যদি ছয়াবিনৰ পৰা গাহৰি মাংসলৈ লোৱা হয়, তেনেহ’লে ‘দূৰদৰ্শন এটি যন্ত্ৰ’ হ’ব লোকেল কুকুৰা বুলি কিনি অনা কয়লাৰৰ পোৱালি!

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts