ডিম্পল কাকতিৰ কবিতা

ভালপোৱা
 
আফালি সাফালি আঘোণৰ কুঁৱলি
নিৰাব খোজে মোৰ সেমেকা দোকমোকালি
 
উফৰি পৰি ৰ'দৰ চিঠি
চিকুণাই তোলে মোৰ চেঁচুক চোতাল
 
ছিটিকি ছিটিকি জোনাকী পৰুৱা
ছিৰাছিৰ কৰে মোৰ শিলুৱা আন্ধাৰ
 
কেনি যাওঁ মই ক'তে মৰোঁ!
ইয়াৰ নামেই যদি ভালপোৱা
জাউৰিয়ে জাউৰিয়ে বোৱাই দিয়া
ৰ'দঘন তোমাৰ মৰম লহপহীয়া
 
নীলা চৰাই . জুলাই ২০১২
আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz