ধৰ্মীয় মেৰুকৰণৰ কৰাল গ্ৰাসত অসমৰ সমাজ জীৱন: ৰূপান্তৰৰ বাট কেনি?

‘এই দেশত মুছলমানৰ সংখ্যা কম নহয় আৰু মুছলমান শাসিত যি কোনো এক দেশৰ অধিবাসীতকৈ যে অনেক বেছি তাক আমি খুব কম সময়ত হে ভাবি চাওঁ। মুছলমানসকল ইয়ালৈ অহা শতেক বছৰ হৈ গ’ল, তথাপি ভাৰতৰ অধিবাসীসকলে এই বিপুল জনসমষ্টিক এতিয়াও এক বহিৰাগত উৎপাত বুলিয়েই ভাবে।এই দৃষ্টিভংগী কেৱল অদ্ভূতেই নহয়, দুঃখজনকো।‘ —মানবেন্দ্ৰ নাথ ৰায় (ইছলামেৰ ঐতিহাসিক অবদান, পৃ ১)।

তাহানিতে মানবেন্দ্ৰ নাথ ৰায়ে কোৱা কথাখিনি আজিও বহু পৰিমাণে প্ৰাসংগিক হৈ আছে। কথাটো আমাৰ বাবেও অত্যন্ত লজ্জাজনক। কিয়নো বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ উচ্চ শিখৰত আৰোহণ কৰিও দৈনন্দিন জীৱনত গণতন্ত্ৰ, মানৱতাবাদ আদি শব্দ শত-সহস্ৰ বাৰ উচ্চাৰণ কৰিও কোনো কোনো ক্ষেত্ৰত আমি আজিও বহু পৰিমাণে প্ৰাচীন সমাজত বসবাস কৰি থকা যেন লাগে। ধৰ্মৰ ভিত্তিত আজিও মানুহে মানুহক ভাগ কৰা, উচ্চ-নীচ ভাব পোষণ কৰা আদি কথাবোৰ দেখিলে সমাজ জীৱনৰ পৰস্পৰবিৰোধী ৰূপ এটাহে চকুত পৰে। বেছি দূৰলৈ নগৈও আজি অসমৰ বাস্তৱ পৰিস্থিতিৰ মাজৰ পৰাই এই কথাৰ দীঘ আৰু বাণি গমি-পিতি চাব পাৰি।

অসমৰ সমাজ জীৱনত আমি সততে শঙ্কৰ-আজানৰ দেশ বুলি গৌৰৱ অনুভৱ কৰোঁ। পিছে সেই গৌৰৱক ভেঙুচালি কৰি সাম্প্ৰদায়িকতাৰ বাৰুণী সুৰাই আমাৰ মন-আকাশ ছানি ধৰিছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বাটে-ঘাটে হত দৰিদ্ৰ মানুহক, তেওঁলোকৰ ধৰ্মীয় সাজসজ্জা দেখি শিয়ৰি উঠে সেই মানুহৰ আৰ্জিত শ্ৰমৰ ফচল দৈনিক ব্যৱহাৰ কৰা অন্য মানুহ। কেতিয়াবা ভাষাৰ প্ৰশ্নত, কেতিয়াবা ৰাজনীতিৰ বিষয়ত প্ৰায়েই এক শংকাবোধ প্ৰকাশ কৰা হয়। অস্তিত্বৰ প্ৰশ্নত বিতত হয় মানুহ। শিহৰিত হৈ উঠে মানুহ।

পিছে প্ৰশ্ন হয়, কিয় এনে হয়? কিহৰ বাবে সমাজ এখনৰ একাংশ মানুহৰ প্ৰতি আন একাংশ মানুহে প্ৰতিনিয়ত শংকা প্ৰকাশ কৰে? কিহৰ বাবে এই সন্দেহ! সংশয়!

অসমৰ প্ৰেক্ষাপটত কথাটো অলপ গভীৰভাৱে বিশ্লেষণ কৰি চাব লগা আছে। চলিত লোকপিয়লৰ তথ্য অনু্যায়ী, অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩ কোটি ১১ লাখ। ইয়াৰে ৩৪ শতাংশ ধৰ্মীয় সংখ্যালঘূ লোক। অৰ্থাৎ প্ৰায় ১ কোটি ৫ লাখ ৪০ হাজাৰ লোকে ইছলামৰ উপাসনা কৰে। কাজেই জনসংখ্যাৰ এক বৃহৎ সংখ্যক লোকক আমি কেনেদৰে গ্ৰহণ কৰিমহক, তাৰ ওপৰতে সমাজ জীবনৰ সুস্থিৰতা নিৰ্ভৰ কৰিব।

সমাজ ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে অসম ভূখণ্ডত ইছলাম ধৰ্মীলোকৰ আগমন এক চিত্তাকৰ্ষক ঘটনা। ইতিহাসৰ বৰ্ণিল পাতে পাতে এই ঘটনাৱলী বিবৃত হৈ আছে। কানাই বৰশি শিলালিপিত উল্লেখ থকা বখতিয়াৰ উদ্দিন খিলিজিৰ কামৰূপ অভিযানৰ সময়ত আলী মেছ নামৰ এজন লোকে খিলিজিক অভিযানত সহায় কৰিছিল। সম্ভৱতঃ, আলী মেছেই ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন কামৰূপী লোক! সেই সময়ৰ ৰত্নপীঠ হিচাপে খ্যাত অঞ্চলৰ পৰাই কামৰূপত ইছলামৰ প্ৰৱেশ ঘটে বুলি আলী মেছৰ পৰা ক’ব পাৰি। কেনেদৰে একালৰ কোছ-ৰাজবংশী লোক ইছলামলৈ ধৰ্মান্তৰিত হ’ল, সি গৱেষণাৰ বিষয়। সেইদৰে মৈমনচিঙ অঞ্চলৰ ইছলামধৰ্মী লোকসকলৰ লগত কোছ-ৰাজবংশীসকলৰ নৃতাত্বিক সম্পৰ্ক আন এক অধ্যয়নৰ বিষয় হ’ব পাৰে। আহোম স্বৰ্গদেউসকলৰ সময়ত অসমলৈ অহা গৰিয়া-মৰিয়াসকলৰ সন্দৰ্ভত বুৰঞ্জী সৰৱ। স্বৰ্গদেউ চুহুংমুঙৰ দিনৰে পৰা এই সকল অসমৰ মাটিৰ মানুহ হৈ পৰিল। সেইদৰে একালৰ কোছ-দেহানসকলৰ অধীনত থকা কাছাৰ সময়ৰ সোঁতত ডিমাছাসকলৰ হাতলৈ আহে। তাতেই বহু ডিমাছা লোক ইছলামলৈ ধৰ্মান্তৰিত হোৱাৰ বতৰাৰ উমান বিখ্যাত পীৰ বিদ্ৰোহৰ পৰা গম পাব পাৰি। কাছাৰী মুছলমান হিছাপে পৰিচিত এই সকল লোকৰ নৃতাত্বিক বুৰঞ্জী এতিয়াও অনালোচিত হৈ আছে। সেইদৰে জয়ন্তীয়া, ছিলেটি আদি ইছলামধৰ্মী লোকৰ ইতিকথাৰ উমান লোৱাৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে। গত শতিকাৰ দুৱাৰডলিতে সাম্ৰাজ্যবাদী বৃটিছৰ ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ আহিলা হিচাপে ব্যৱহাৰ হোৱা মুছলমানসকল আৰু চাহ বাগিচাৰ লোকসকলৰ কথা কোনে নাজানে? এনে দৰে প্ৰবজন কৰি অহা ভূমিহীন লোকসকলক ব্যাপক পতিত মাটিত খেতি কৰিবলৈ দিয়া হৈছিল। আনকি বৰপেটা আদিৰ বহু লোকে এনে লোকক ধন ধাৰে দিয়াৰ তথ্যও পোৱা যায়।

ইতিহাসৰ একা-বেঁকা আলিয়েদি এনেদৰে প্ৰবজন কৰা, স্থানীয় পৰিস্থিতিত ধৰ্মান্তৰিত হোৱা লোকেৰে অসমৰ ইছলামধৰ্মী সমাজখন গঠিত হৈছে। একালৰ ছুফী সাধক আজান ফকিৰৰ নীতিৰে এনে বহু লোক পৰিচালিত হৈ আহল-বহল অসমীয়া সমাজৰ বৰ চোতালত বৰ পীৰা পাৰি লৈছে। আন একাংশই আকৌ কুৰি শতিকাৰ অসমীয়া জাতীয়তাবাদৰ ঘাই নীতি অনুসৰি অসমীয়া ভাষাক মাতৃভাষা বুলি আঁকোৱালি লৈছে। অসমীয়া ভাষা-সাহিত্যৰ জগতখনলৈ এই সকলৰ অৱদান অতুলনীয়।

পতিত মাটিক সেউজীয়া কৰা এই সকলৰ সৰহ সংখ্যকেই কৃষক। কেতিয়াবা নদীৰ ভাঙন, কেতিয়াবা বান, প্ৰায়েই খৰাং— প্ৰাকৃতিক প্ৰতিকূলতাই কোঙা কৰা এই সকল প্ৰকৃতিৰ সন্তান যেন অপ্ৰতিৰোধ্য। অনিৰুদ্ধ গতি। সকলো নেওচি শস্য শ্যামলা কৰিব পাৰে ধৰণী। কাজেই  সেউজীয়া পথাৰৰ দৰেই লগপহকৈ বাঢ়ি যায় সমাজ। সৃষ্টি হ’ল এখন আহল বহল কৃষক সমাজ। জীৱন-জীৱিকাৰ সংগ্ৰামৰ মাজেৰে প্ৰচুৰ বৰঙণি আগবঢ়ালে জাতীয় অৰ্থনীতি, সমাজলৈ। পুঁজিৰ বহিৰ্গমনৰ পৰিৱৰ্তে স্থানীয়ভাৱে পুঁজিৰ সঞ্চালন কৰিবলৈ সক্ষম হ’ল এই সকল কৃষক। অৱশ্যে এই প্ৰক্ৰিয়া ইমান সহজ নাছিল। অদ্যাপি ব্যাপক ভূমি সংস্কাৰ নোহোৱাৰ হেতু প্ৰকৃত কৃষক আজিও ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ পৰশেৰে উজ্জীৱীত কৃষিৰ পৰা এই সকল শত-সহস্ৰ যোজন দূৰত। উৎপাদিত সামগ্ৰীৰ বজাৰ দৰৰ নিয়ন্ত্ৰণ বজাৰৰ উথনা খোৱা মধ্যভোগীৰ হাতত। তাৰ মাজতে অশিক্ষা, অস্বাস্থ্যৰ জগতত কালাতিপাত কৰিছে এই সকল হত দৰিদ্ৰ কৃষকে।

ইতিহাসৰ ৰথৰ চকৰি ঘূৰি থকাৰ মাজেৰে সমাজ বিজ্ঞানৰ স্বাভাৱিক গতিত লাহে লাহে বিকাশ ঘটিল এক বৌদ্ধিক শ্ৰেণীৰ। প্ৰতিকূলতাৰ মাজত লোৱা আধুনিক শিক্ষা, ইছলামীয় ধৰ্মীয় শিক্ষা লাভ কৰা লোকসকলে লাহে লাহে গঢ়ি তুলিলে এই বৌদ্ধিক শ্ৰেণী। গাঁৱৰ চুবুৰিৰ সৰু মছজিদ-মোক্তাবখনৰ মেচাবজনৰ পৰা মৌলবীসকললৈ, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনৰ পৰা বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৈকে, পথ মেৰামতিৰ ঠিকা লোৱা জনৰ পৰা নিৰ্মাণ কোম্পানী গঠন কৰা জনলৈকে, চিকিৎসক-অভিযন্তা- আমোলা-মহৰী-গাঁও পঞ্চায়তৰ সভাপতিৰ পৰা সাংসদজনলৈকে— এই বৌদ্ধিক শ্ৰেণীৰ পৰিধি বিস্তৃত্ব হৈ আছে। মফচলৰ সৰু-সুৰা গৰু-ছাগলী বেপাৰৰ পৰা কোটি টকাৰ ব্যৱয়ায় কৰা সকলে এই শ্ৰেণীৰ আৰ্থিক চালচলনত সহায় কৰি আহিছে। কাজেই এই বৌদ্ধিক শ্ৰেণীৰ পৰিসৰ বৃদ্ধি পাইছে। মাজে মাজে তাৰ প্ৰকাশ ঘটিছে নানা ৰাজনৈতিক কুচকাৱাজৰ মাজেৰে। কেতিয়াবা কোনো শাসনাধিষ্ঠ ৰাজনৈতিক দলক সমৰ্থন দিয়াৰ মাজেৰে, কেতিয়াবা স্বতন্ত্ৰ ৰাজনৈতিক দল গঠন কৰাৰ মাজেৰে এই শ্ৰেণীটোৱে নিজৰ শ্ৰণীচেতনাৰ উন্মেষ ঘটোৱা দেখা যায়। এতিয়ালৈকে ইছলামধৰ্মী সমাজখনৰ  আৰ্থ-সামাজিক পৰিৱৰ্তনৰ বাবে ব্যাপক গণসংগ্ৰামী কাৰ্যসূচী গ্ৰহণ কৰা দেখা নগ’লেও এই বৌদ্ধিক শ্ৰেণীটোৱে কিছু ৰাজনৈতিক সচেতনতা সৃষ্টি কৰা দেখা গৈছে।

তাৎপৰ্যপূৰ্ণভাৱে ইছলামধৰ্মী বৌদ্ধিক শ্ৰেণীৰ ৰাজনৈতিক সঞ্চালনে ইতিপূৰ্বে ক্ষমতাৰ মছনদ দখল কৰি থকা শাসক শ্ৰেণীক শংকিত কৰি তুলিছে। শাসক শ্ৰেণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এনে কেতবোৰ বিষয় সমাজ জীৱনলৈ উলিয়াই আনিছে, যি অহৰহ সমাজ জীৱনক আলোড়িত কৰি ৰাখিছে। বহু সময়ত আকৌ সময়ত মাৰ যোৱা কেতবোৰ ‘মিথ’ পুনৰালোচনালৈ টানি অনা হৈছে। তেনে এক ‘মিথ’ হ’ল অসমক ইছলামীয় ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ষড়যন্ত্ৰৰ নানা কাহিনী। এনে কাহিনীবোৰ যথেষ্ট মনোগ্ৰাহী আৰু মানুহৰ হিয়া স্পৰ্শ কৰিব পৰা ধৰণৰ। এনে কাহিনীবোৰৰো কিছু ইতিহাস আছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত সেই সময়ৰ মহম্মহ আলী জিন্নাৰ দ্বিজাতি তত্ব অসমৰ বাবে ভাবুকি হৈ পৰিছিল। বিশেষকৈ গ্ৰুপিঙৰ সময়ত অসমক পূৰ্ব বংগৰ লগত চামিল কৰাৰ বৃটিছ ষড়যন্ত্ৰই অসমক শংকিত কৰি তুলিছিল। গোপীনাথ বৰদলৈৰ যোগ্য নেতৃত্বত অসম ৰক্ষা পৰিল। পিছে জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰাৰ দৰে মুছলীম লীগৰ ভূতৰ ছাঁৰ পৰা অসমৰ সমাজ মনস্তত্ব মুক্ত হ’ব নোৱাৰিলে। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে হোৱা অসম আন্দোলনে এই মানসিকতাৰ ভেটি সবল কৰিলে। নহলেনো বহিৰাগত খেদাৰ বাবে আৰম্ভ হোৱা আন্দোলন নেলীত অধঃপতিত হৈ ‘মিঞা খেদা আন্দোলন’ হয়নে? সমাজ মনস্বত্বৰ এনে সূক্ষ্ম ক্ষেত্ৰত মাজে মাজে শাসক শ্ৰেণীয়ে অলপ সুৰসুৰাই দিয়ে। ফল বাজিমাৎ হৈ যায়।

সেইদৰে ইছলামধৰ্মী লোকৰ বৰ্দ্ধিত জনস্ফীতি আন এক সামাজিক পীড়াৰ কাৰক হৈ পৰিছে। এই কথা দিনৰ পোহৰৰ দৰে ফটফটিয়া যে কুৰি শতিকাৰ অসমৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায় হ’ল প্ৰবজন। অসমে চুবুৰীয়া ৰাষ্ট্ৰ-ৰাজ্যৰ লোকক চুম্বকৰ দৰে আকৰ্ষণ কৰিছে। কৰ্ম-জীৱনৰ নিৰাপত্তা, জীৱিকাৰ নিশ্চিতি আদি কাৰকে বহু লোকক অসমলৈ আনিছে। ইয়াতে বহু লোক স্থায়ী হৈ পৰিছে। বহু লোক পাম সাজি বহিছে। তাৰ ভিতৰত ইছলামীয় লোক আছে। চুবুৰীয়া বাংলাদেশৰ দুৰ্বল অৰ্থনীতি, সামাজিক অস্থিৰতাই এই সকলক অসমলৈ অহাত এক চাপৰ সৃষ্টি কৰিছে। পিছে এই সকল কেৱল অসমলৈকে অহা নাই; এনে লোক মধ্যপ্ৰাচ্যৰ বহু দেশ, ইউৰোপ, দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈকো গৈছে। কাজেই এনে লোকক চিনাক্তকৰণ কৰি আন্তঃৰাষ্টীয় বিধি অনুযায়ী কৰ্ম-অনুমতি পত্ৰ প্ৰদান কিম্বা  বহিষ্কৰণ কৰাটো বাঞ্ছনীয়। পিছে তাকে নকৰি শাসক শ্ৰেণীয়ে এই সকলক তুৰুপৰ তাছ পাতৰ দৰে ব্যবহাৰ কৰাহে দেখা যায়। তাতোকৈ ডাঙৰ কথা এয়ে যে প্ৰবজিত লোকৰ গৰিষ্ঠ সংখ্যকৰ ধৰ্মীয় পৰিচয় ইছলাম হোৱাৰ বাবে সমগ্ৰ বিষয়টোকে ধৰ্মীয়কৰণ কৰা হয়। ফলত ঘাই প্ৰবজনৰ বিষয় তল পৰিছে। আনুষংগিক বিষয়বোৰ চাংগা হৈ উঠিছে।

এনে পৰিঘটনাৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হিচাপে অসমৰ ইছলামধৰ্মী সমাজতো এক বিশেষ ধৰণৰ মনস্তাত্বিক গঠন গা কৰি উঠা দেখা গৈছে। নিজকে সংকুচিত কৰাৰ, চাল-চলন, আচাৰ-ব্যৱহাৰ পৰিৱৰ্তন কৰাৰ এক অঘোষিত প্ৰতিযোগিতা যেন ঠন ধৰি উঠিছে। বহু সময়ত সামাজিক অৱদমন, অৱহেলা, লাঞ্চনাৰ বাবে সংশ্লিষ্ট সমাজখনত অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে। ক্ৰমাত বাঢ়িছে হত্যা, ধৰ্ষণৰ দৰে অপৰাধসমূহ। শ্বৰিয়তৰ কঠোৰ বাধা-নিষেধ উলাই কৰি মদ্যপান, জুৱা আদিৰ প্ৰকোপ বাঢ়িছে। খবৰ কাগজত ফলাও কৰি প্ৰচাৰিত এনে বাতৰি, কোৰ্ট-কাছাৰীৰ কেছবোৰে যেন ইছলামী সমাজখনৰ প্ৰতিয়েই ভ্ৰুকুটি প্ৰদৰ্শন কৰিছে। পৰিতাপৰ কথা এয়ে যে সমাজখনক ভিতৰৰ পৰা নজনা লোকৰ বাবে এনে ঘটনাৰ বাতৰিয়ে বেঠিক সংবাদ প্ৰেৰণ কৰাৰ সম্ভাৱনা থাকে। সেইদৰে অহৰহ বাংলাদেশী তকমা মূৰৰ ওপৰত কঢ়িয়াই লৈ ফুৰাৰ যন্ত্ৰণা, নিজৰ গৃহভূমিত ৰাজহুৱাভাৱে অপমানিত হোৱাৰ বেদনাই সৃষ্টি কৰা অপ্ৰকাশিত ক্ষোভে লোকসকলক বহু পৰিমাণে অসমৰ শিপাৰ পৰা বিচ্ছিন্ন কৰিব ধৰিছে। যাৰ বাবে প্ৰাচীন কামৰূপ, আহোম শাসিত অসম, আনকি কুৰি শতিকাৰ দীৰ্ঘকালিন সময় ধৰি অসমৰ জাতি গঠন প্ৰক্ৰিয়াত ইছলামধৰ্মী লোকসকলে যিদৰে সাৱলীল অংশগ্ৰহণ কৰিছিল, অসমীয়া জাতীয় জীৱন চহকী কৰিছিল; সেই প্ৰক্ৰিয়াৰ প্ৰতিমুখে যেন এতিয়া ক্ৰমাত গতি কৰিছে আজিৰ প্ৰজন্ম। কাজেই সৃষ্টি হৈছে এক তফাৎ। নিজকে অসমীয়া বুলি পৰিচয় দিয়া জনেও এতিয়া সাচ্ছা মুছলমান বুলিহে পৰিচয় দি ভাল পোৱা হৈছে। নক’লেও চলে যে ইয়াৰ ফলত অসমৰ সমাজ জীৱনত ধৰ্মীয় মেৰুকৰণ প্ৰক্ৰিয়াৰ গুৰুত্ব বৃদ্ধি পাইছে।

পৰিতাপৰ কথা এয়ে যে এনে ধ্যান-ধাৰণাবোৰ অসমৰ সমাজ ইতিহাসৰ বাবে ৰঘুমলা সদৃশ। কিয়নো শঙ্কৰ-আজানৰ একেশ্বৰবাদী ঐতিহ্য, হাজো-পোৱামক্কাৰ পৰম্পৰা আদি অসমৰ  শক্তিশালী সমাজ-সাংস্কৃতিক ধাৰাবোৰে কাহানিও এনে ধৰ্মীয় মেৰুকৰণ প্ৰক্ৰিয়াক স্বীকাৰ কৰা নাই। এনে ক্ষেত্ৰত অসমৰ সমাজ জীৱনত ধৰ্ম ঊৰ্ধ্ব জাতীয় সংহতিৰ নীতিৰে আগবঢ়াৰ বিকল্প নাই। অসমৰ জাতীয় জীৱনৰ শুভ চিন্তকসকলে এই চিন্তাৰ আৰিয়া জ্বলাব লাগিব। হিন্দু-ইছলাম নিৰ্বিশেষে সকলো লোকে ধৰ্ম উপাসনা ব্যক্তি পৰ্যায়তে সীমিত ৰাখি, সমাজ জীৱনৰ বৃহত্তৰ প্ৰশ্নসমূহ মানৱতাবোধ, গণতন্ত্ৰিক প্ৰমূল্যৰ আধাৰত মীমাংসা কৰাৰ সময় সমাগত। অসমৰ আপামৰ সমাজখন, ইয়াৰ উমৈহতীয়া অংশীদাৰ— সকলো মানুহৰ সন্মিলিত সদিচ্ছাৰ প্ৰকাশ হোৱাত বাধা ক’ত? সেইদৰে প্ৰবজনৰ প্ৰশ্নক আজিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰাসংগিক হৈ উঠা মানৱ অধিকাৰ চনদ তথা সংখ্যালঘু অধিকাৰৰ পৰা পৃথক নকৰি পৰ্যালোচনা কৰাৰো থল আছে। প্ৰয়োজন সাপেক্ষে এনে এক মঞ্চৰো পোষকতা কৰিব লাগিব, য’ৰ পৰা অসমৰ খিলঞ্জীয়া লোকৰ অধিকাৰৰ প্ৰশ্ন আৰু প্ৰবজিত সকলৰ মৌলিক মানৱ অধিকাৰৰ বিষয় সুৰক্ষিত কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব পৰা যায়। এনে প্ৰশ্ন-প্ৰতিপ্ৰশ্নৰ সু-মীমাংসাৰ যোগেদি অসমৰ সমাজ জীৱনক শাসক শ্ৰেণীৰ নাগপাশ আৰু ক্ৰমবৰ্ধমান মানসিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পৰা যাব পাৰে। অন্যথা গোলকীয়কৰণৰ বলিয়া বতাহে উতলা কৰা সমাজ-অৰ্থনীতিত নিজৰ ভিতৰতে কাউলা-কাউলি কৰি থাকিলে অসমৰ এমুঠি মানুহ বহুজাতিক কোম্পানীৰ নিকিনা গোলাম হ’বলৈ কেতবেলি?«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

ডঃ ইন্দ্ৰজিৎ বেজবৰুৱা

সহকাৰী অধ্যাপক, বুৰঞ্জী বিভাগ, লামডিং মহাবিদ্যালয়, লামডিং | E-mail: ibezbaruah@yahoo.in | Ph: +91 98641 10922

Leave a Reply

1 Comment on "ধৰ্মীয় মেৰুকৰণৰ কৰাল গ্ৰাসত অসমৰ সমাজ জীৱন: ৰূপান্তৰৰ বাট কেনি?"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Pranab Sarma
Guest
Thanks Indrada for this thought-provoking essay. I can't help but agree with most of your arguments, and strongly feel that inclusive education and policies are what required to create politico-religious and socio-economic harmony among various communities in Assam. However, when we tend to analyse the reasons and the factors behind religious polarization or any other polarization for that matter, we are automatically taken to discussing the period from 1970s onwards, a time of political instability and beginning of degenerative nationalism in Assam. With the political movements came social insecurity and consequent exclusion from the mainstream. It's such a complex interplay… Read more »
wpDiscuz