দেও

kabita-bihu[ ৰিপুঞ্জয় চেতিয়া ]

দেওলগা ৰাতিবোৰত
দূৰৈৰ এখন প্রাচীন চহৰত
এটা মৃত নক্ষত্র সৰি পৰে
মোৰ চিলমিল টোপনিত আউল লাগে

মৰহা ডালত পৰি ফেঁচাই চিঞৰে
আগলি কলাপাত কঁপাই ধপধপাই
উৰি যায় এজাক বাদুলি
যমডাকিনীয়ে বিনায়
বতাহে বতাহে বিয়পাই
কেঁচা তেজৰ গোন্ধ।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz