দৰঙৰ লোক উৎসৱ: দেউল

লোক-সংস্কৃতিৰ ক্ষেত্ৰত বিশেষভাৱে চহকী দৰং জিলাত ঋতু অনুযায়ী বিভিন্ন লোক উৎসৱ পালন কৰা হয়। ইয়াৰ ভিতৰত বসন্ত ঋতুত সমগ্ৰ ব’হাগ মাহজুৰি পালন কৰা দেউল উৎসৱ বিশেষভাৱে উল্লেখযোগ্য। দৰঙৰ এই দেউল উৎসৱ মূলতঃ বিষ্ণুপূজাৰ এক অনুষ্ঠান। দেউল উৎসৱৰ পৰম্পৰা আৰু ইতিহাস সম্পৰ্কে থকা তথ্য মতে, খৃষ্টীয় একাদশ শতিকাৰ পৰাই এই দেউল উৎসৱ নিৰৱচ্ছিন্নভাৱে বৰ্তমানলৈকে চলি আছে। এই উৎসৱৰ সূচনা কৰিছিল ধৰ্ম্মদেৱ বিপ্ৰ ভূঞা নামৰ বৈষ্ণৱ এগৰাকীয়ে। প্ৰবাদ মতে, ধৰ্ম্মদেৱ বিপ্ৰ ভূঞাই দৰং জিলাৰ বৰাবাৰীত (বৰ্তমানৰ বৰদৌলগুৰিত) সত্ৰ পাতি বসবাস কৰিছিল। ধৰ্মপ্ৰচাৰৰ কামত সততে জড়িত থকা বিপ্ৰ ভূঞাই সেই সময়ত মানুহৰ মনত আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ বিষ্ণুৰ প্ৰিয় মাহ ব’হাগৰ পহিলা দিনটোত এই উৎসৱ আৰম্ভ কৰিছিল। ‘শিয়ালা বৈষ্ণৱ চৰিত’ত উল্লেখ থকা উদ্ধৃতি মতে—

“কামৰূপ অন্তৰ্গত দৰং ৰাজ্যত।
আছিলেক বৰভূঞা বিপ্ৰৰ মাজত।।
প্ৰথমে আছিলা ঘৰ ভাটী দৰঙত।
বৰাবাৰী নামে গ্ৰাম প্ৰসিদ্ধ লোকত।।
তাতে এক দেৱগ্ৰহ বান্ধিলা ডাঙৰ।
পাতিলেক সত্ৰ তাত অতি মনোহৰ।।
তাহাৰ ঈশানে এক দৌলক বান্ধিলা।
বৰদৌল নাম হৈ অদ্যপিও ৰৈলা।।
দৰং মধ্যত হয় মহোৎসৱ অতি।
অদ্যপিও আছে যাৰ অক্ষয় কিৰীটি।।”

ধৰ্ম্মদেৱ বিপ্ৰ ভূঞা নামৰ বৈষ্ণৱ পণ্ডিতজনাই একাদশ শতিকাতে পোন প্ৰথমবাৰৰ বাবে বৰদৌলগুৰিত বিষ্ণুপূজাৰ জৰিয়তে দেউল উৎসৱৰ পাতনি মেলে। প্ৰথম অৱস্থাত এই বৰদেউলেই দৰং জিলাৰ একমাত্ৰ দেউল উৎসৱ আছিল যদিও পৰৱৰ্তী সময়ত দৰং জিলাৰ বিভিন্ন স্থানত দেউল উৎসৱ পালনৰ পৰম্পৰা সৃষ্টি হয়। লক্ষণীয় কথাটো হ’ল, এই বৰদেউলৰ লগত বিশেষ যোগসূত্ৰ হেতু ছিপাঝাৰৰ ঘোঁৰাবান্ধাত প্ৰতিবছৰৰ ব’হাগ মাহৰ ১২ আৰু ১৩ তাৰিখত পালন কৰি অহা দেউলেই পৰৱৰ্তী পৰ্যায়ত বিস্তৃত কাৰ্যসূচী সামৰি লোৱাৰ বাবে দৰঙৰ শ্ৰেষ্ঠ দেউল হিচাপে বিবেচিত হৈছে। ব’হাগ মাহৰ ৰঙালী বিহুৰ আনন্দমুখৰ পৰিৱেশৰ বাবেও দৰঙৰ দেউল উৎসৱে জনমানসত ব্যাপকভাবে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ঘোঁৰাবান্ধা দেউলৰ লগত সংগতি ৰাখি দেউলখলাত অনুষ্ঠিত হোৱা বিৰাট মেলাখনৰ বাবেও সম্প্ৰতি এই দেউল জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। এই মেলাত স্থানীয় বিভিন্ন উৎপাদিত সামগ্ৰীৰ উপৰিও হাজো-সৰ্থেবাৰীৰ কাঁহ-পিতলৰ বস্তু, বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী, শীতল পাটী, বয়ন সামগ্ৰী, কপাহ আদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় হয়। দেউল উৎসৱৰ লগত সংগতি ৰাখি পতা এই মেলাখনৰ বাবে ঘোঁৰাবান্ধা দেউল জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে এক মহামিলনৰ ক্ষেত্ৰস্বৰূপ হৈ পৰিছে।

দেউলৰ দিনা পুৱাৰ ভাগত দেউলখলাত মাটিৰে নিৰ্মাণ কৰা ওখ দৌলৰ সৰ্বোচ্চ শিখৰত বিষ্ণুৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ওপৰত শুদ্ধ বগা কাপোৰৰ চন্দ্ৰতাপ তৰি দিয়া হয়। বিগ্ৰহৰ দুয়োকাষে কলা-কৌশলযুক্ত মগৰ খোদিত কৰা দুচলা ফুলাম কাঠৰ দাণ্ডি স্থাপন কৰা হয়। স্থাপনৰ আগতে তেল-সেন্দুৰেৰে ৰঞ্জিত কৰা হয়। বিষ্ণুবিগ্ৰহ স্থাপন কৰা ওখ দৌলটো তলৰ পৰা ওপৰলৈ সৰু সৰু সাতোটা ভাগ কৰি ধুনীয়াকৈ সজোৱা হয় আৰু সৰ্বোচ্চ শিখৰত বিগ্ৰহ স্থাপন কৰা হয়। ভাগ সাতোটাই সপ্তদ্বীপ বা সপ্তমহীক বুজায়। কাঠত খোদিত মগৰৰ ভাস্কৰ্যই সপ্তসাগৰক বুজায়। বিষ্ণু অনন্তশয্যাত উত্তৰমুখে শুই আছিল বুলি প্ৰবাদ আছে বাবে দেউলৰ বিষ্ণুপূজা সদায় উত্তৰমুখীয়াকৈ কৰা হয়। দেউলৰ আগদিনা অধিবাস কৰি সন্ধিয়াৰ ভাগত পানীতোলা আৰু ঠাইবিশেষে হোমযজ্ঞৰ আয়োজন কৰা হয়। ঘোঁৰাবান্ধা দেউলৰ অধিবাসৰ দিনা ওজাপালি পৰিবেশন কৰাটো এক বিশেষ পৰম্পৰা। দেউলৰ এই বিষ্ণুপূজাৰ জৰিয়তে মানুহৰ অপায়-অমঙ্গল, অশান্তি, সমস্যা আদি দূৰ হয় বুলি জনবিশ্বাস প্ৰচলিত হৈ আহিছে।

দৰঙৰ দেউল উৎসৱ মূলতঃ এক বসন্তকালীন লোক-উৎসৱ হ’লেও এই দেউল উৎসৱে বহন কৰি আহিছে দৰঙীয়া ৰাইজৰ স্বকীয় ঐতিহ্য আৰু সংস্কৃতি। ধৰ্মীয় পৰম্পৰাৰ পৰা আৰম্ভণি হৈ পৰ্যায়ক্ৰমে গৈ সামাজিক অনুষ্ঠানত পৰিণত হোৱা দৰঙৰ দেউল উৎসৱে নিঃসন্দেহে বহন কৰি আহিছে ৯০০ বছৰীয়া এক দীৰ্ঘকালীন ঐতিহ্য।«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz