দাপোণ

মালিনী গোস্বামী

‘অকণমানতো সহায় কৰি দিব পাৰা, দেখিছাই চেনেহী কালিৰ পৰাই অহা নাই। মই এজনী মানুহে অকলে কিমান কৰিম আৰু? ঘৰেই চম্ভালো নে ক্লাছেই কৰোঁ! এনেকৈ হ’লে মই আৰু নোৱাৰোঁ দেই।’— দিগন্তক অলপ খঙেৰেই ক’লো। এনেই কালিৰ পৰা কাম কৰা মানুহজনী নহা বাবে ঘৰৰ কাম কৰি কৰি মোৰ অৱস্থা নাই, তাতে এওঁৰ আকৌ ইটোৰ পিছত সিটো ফৰমাইচ,— আপত্তি শেষেই নহয়। খং নুঠিবনে বাৰু?

‘‘উঃ ৰাম, এতিয়া আকৌ সেই নাটকখন আৰম্ভ নকৰিবাচোন। কৈছোঁ নহয় মোৰ সাংঘাতিক মূৰৰ বিষ হৈ আছে।’’— দিগন্তই ভেকাহি মাৰি উত্তৰ দিলে।
‘‘কিবা অসুবিধাৰ কথা ক’লে তোমাৰ সদায় মূৰৰ বিষ উঠে। আন একো নকৰিলেও অন্ততঃ চেনেহী কিয় অহা নাই তাৰেই খবৰ এটা কৰি আহিবতো পাৰা। নিজে কেতিয়াবা ঘৰুৱা কামবোৰ কৰিবলগীয়া হ’লে বুজি পালাহেঁতেন!’’— মোৰো লাহে লাহে বিৰক্তি বাঢ়ি আহিবলৈ ধৰিলে।

চাকৰিয়াল মহিলাবোৰৰ ৰাতিপুৱাৰ সময়খিনিৰ মূল্য আৰু গুৰুত্ব একমাত্ৰ ভুক্তভোগীয়েহে বুজিব পাৰে। ঘড়ীৰ কাঁটাৰ লগে লগে বুলি ক’লে ভুলহে হ’ব, আচলতে ঘড়ীৰ কাঁটাতকৈও বেছি বেগেৰে এটাৰ পাছত এটাকৈ ঘৰুৱা জঞ্জাল মাৰি কৰ্মক্ষেত্ৰলৈ যোৱাৰ সময়লৈকে নিজৰ বুলিবলৈ অকণো সময় নাথাকে আমাৰ নিচিনা চাকৰিজীৱি মহিলাবোৰৰ। ঘৰুৱা কামবোৰতো থাকেই, তাৰ ওপৰত আকৌ ল’ৰা-ছোৱালীৰ নানা আব্দাৰ, মানুহজনৰ ভিন্ ভিন্ ফৰমাইচ! ইফালে যদি ভাতৰ কুকাৰে হুইছেল মাৰিছে, সিফালে আকৌ ল’ৰাটোৱে জোতাৰ ফিটা বান্ধিব নোৱাৰি চিঞৰ-বাখৰ লগাইছে। এবাৰ যদি ছোৱালীজনীয়ে বেণী গাঁথিব নোৱাৰি থেন্থেনাইছে, আনবাৰ আকৌ সিহঁতৰ বাপেকে মোজা বিচাৰি নাপাই ঘৰ ওলট-পালট কৰি পেলাইছে— কিন্তু বুজে কোনে, সহায় কৰে কোনে?

এই দিগন্ত, মানে মোৰ মানুহজনতো আৰু এখোপ চৰা। কামত সহায় কৰাটো বাদেই তেওঁৰ বাবে মোৰ সদায় কাম বাঢ়িহে যায়।

এইবোৰৰ পৰা অলপ সকাহ পাম বুলিয়ে চেনেহীৰ লগত ঘৰুৱা কাম-বনৰ মাহেকীয়া বন্দোৱস্তি কৰি লৈছিলো যদিও মাহিলি বাজেটত অলপ হাত টানি ধৰিব লগা হৈছিল। তাকো আকৌ কিমান যে খাতিৰ কৰি থাকিব লাগে তাইক। বিহুৱে-পূজাই নিজে কাপোৰ নল’লেও তাইক কাপোৰ দিবই লাগিব, কামত কিবা খুঁত পালেও মনে মনে চাই থাকিব লাগিব, বছৰৰ শেষত (কেতিয়াবা বছৰ সম্পূৰ্ণ নহ’লেও) চাকৰিয়ালৰ দৰে দৰমহাত ‘ইনক্ৰিমেন্ট’ লগাই দৰমহাৰ পৰিমাণটো বঢ়াই গৈ থাকিব লাগিব— মন থাকিলেও, নাথাকিলেও (মাজে-মাজে তামোল-চাধাৰ বাবে নিয়া ৫-১০ টকাবোৰতো হিচাপত নাহেই কোনোদিন…)! নহ’লে যে উপায় নাই— ঘৰত অচলাৱস্থা চলিব!

‘‘মোৰ আজি আহোঁতে অলপ পলম হ’ব চাগে’, অলপ কাম আছে।’’— জনাব লাগে বাবেহে যেন কৈছে তেনে এটা ভাবত কথাষাৰ কৈ দিগন্ত খৰধৰকৈ ওলাই গ’ল।

***
চেনেহীৰ যোৱা তিনিদিন ধৰি একো খা-খবৰ নাই। আহিব নোৱাৰে কথা নাই, অন্ততঃ খবৰ এটাতো দিয়ক— মই যাতে কামবোৰ মিলাই ল’ব পাৰোঁ। তাই আহি পাব বুলি ৰৈ তাইলৈ কামবোৰ থৈ দিওঁ, পিছত দেখোঁ তাইৰ দেখা-দেখিয়ে নাই। দিগন্তকো কৈ কৈ পঠিয়াব পৰা নাই তাইৰ খবৰ এটা ল’বলৈ। ভাগ্যে আজি মোৰ স্কুল বন্ধ, গতিকে বৰ বিশেষ অসুবিধাত পৰা নাই। হ’লেও চিন্তা এটা লাগি আছে, তাইৰ বা কি হ’ল? আগে-পিছে ইমানদিন খবৰ নিদিয়াকে খতি কৰা দেখা নাই। কিবা ডাঙৰ অসুবিধাই হ’ল নেকি?

তাই নহাৰ সম্ভাৱ্য কাৰণবোৰ মনত পাগুলি থাকোঁতেই মনত পৰিল অহা সপ্তাহত উদ্যাপন কৰিবলগীয়া ‘আন্তৰ্জাতিক নাৰী দিৱস’ উপলক্ষে শ্ৰীমতী বৰুৱাই ১৫ দিন মান আগতেই লেখা এটা লিখিবলৈ তাগিদা দি থৈছিল, কাইলৈ জমা দিম বুলি কথাও দিছিলো— পিছে লেখাৰ নামত এতিয়ালৈ এডাল আঁকো পৰা নাই কাগজত। মনতে ঠিৰাং কৰিলো চুটি গল্প এটাকে লিখিবলৈ চেষ্টা কৰা যাওক। ভাবিলো হয়, পিছে বিষয়বস্তুহে বিচাৰি নাপাওঁ দেখোন এতিয়া! হঠাৎ ফোনটো বাজি উঠিল।

‘‘হেল্ল’ নীতা, শুনাচোন মই কৈছোঁ।’’— ফোনৰ সিমূৰত দিগন্তৰ মাত।
‘‘কোৱা।’’
‘‘হেৰি নহয়, তুমি দাদাৰ লগত কথাটো আলোচনা কৰিলা নেকি? মানে খাতাং খবৰ এটা পালে মোৰ সুবিধা হ’লহেঁতেন!’’— দিগন্তই কওঁ নকওঁকৈ ক’লে।
‘‘মোৰ সোধা হোৱাই নাই। আচলতে দাদাক কেনেকৈ কওঁ তাকে ভাবি পোৱা নাই। হ’লেও তুমি চিন্তা নকৰিবা মই বাৰু কি কৰিব পাৰোঁ চাওঁ।’’— দিগন্তক আশ্বাস দিবলৈ তেনেদৰে কৈ মই ফোনটো কাটি দিলো।

ফোনটো থৈ দাদাৰ লগত কথাটো কেনেদৰে আলোচনা কৰিলে ভাল হ’ব, ভাবিবলৈ ধৰিলো। মোৰ স্বামী দিগন্তই চাকৰি নকৰে, বিভিন্ন বিভাগত ঠিকাৰ কাম কৰে। এই লৈ বিয়াৰ সময়ত অলপ আপত্তিও কৰিছিল মোৰ দাদাই। দাদাই আচলতে ভনীয়েকক এজন চাকৰিয়ালৰ হাতত গতাব বিচাৰিছিল সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি— লাগিলে চাকৰি সৰুৱেই হওক। কিন্তু মই তেতিয়ালৈ দিগন্তৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লৈ পেলাইছিলো। চাকৰিৰ বাহিৰে দিগন্তক লৈ আপত্তি কৰিবলগীয়া আন কোনো কাৰণ নেদেখি দাদাও সন্মত হৈছিল বিয়াখনৰ ক্ষেত্ৰত। ছোৱালী এজনীয়ে বিচাৰিব পৰা প্ৰায়খিনি গুণেই দেখিছিলো দিগন্তৰ মাজত। কিন্তু সময়ৰ সোঁতত আগবাঢ়ি এতিয়া কেতিয়াবা মোৰো ভাব হয়, মই ভালপোৱা সেই দিগন্তজন এতিয়া ক’ত হেৰাই গ’ল? মোৰ সৰুতকৈ সৰু অসুবিধাৰ কথা চিন্তা কৰি ব্যস্ত হৈ পৰা সেইজন মানুহক এতিয়া মই কৈ কৈ ভাগৰি যাওঁ নিজৰ সুবিধা-অসুবিধাৰ কথা— অথচ নিৰ্লিপ্ততাৰ বাহিৰে তেওঁৰ পৰা একোৱে সঁহাৰি নাপাওঁ! সংসাৰৰখনৰ সমস্ত দায়িত্ব যেন মোৰেই পালনীয়, তেনেকুৱা লাগি যায় কেতিয়াবা। কেতিয়াবা ভাবোঁ, মোৰ চাকৰিটো নাথাকিলে কেনেকৈ যে চলিলোহেঁতেন!

দিগন্ত হওঁতে প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ, কিন্তু টকা-পইচাৰ ফালৰ পৰা তলি তেনেই উদং। হাতত জমা থকা গোটেইখিনি ধন কোনোবা কামত বিনিয়োগ কৰি থৈছে। অ’ৰ-ত’ৰ পৰা অলপ টকা গোটাই অলপতে দুটা ডাঙৰ কাম হাতত ল’লে। পিছে আগৰ কামৰ বিলকেইখন এতিয়াও ফাইলতে বন্ধ হৈ আছে— আজি অমুক, কাইলৈ তমুক বুলি বিভাগৰ বিষয়াই নানা অজুহাত দেখুৱাই কামবোৰ পিছুৱাই আছে। ফলত নতুন কাম দুটাৰ বাবে প্ৰয়োজনীয় ধনৰ এতিয়া অংক মিলাব পৰা নাই। এইবোৰ চিন্তা কৰি কৰিয়েই দিগন্ত আজিকালি অলপ খিঙখিঙিয়াও হৈ পৰিছে। সৰু সৰু কথাতে বেয়াকৈ কৈ পেলায় কেতিয়াবা। মই তেওঁৰ মানসিক অৱস্থাটো বুজি পাওঁ বাবে জেদত ধৰি কথাবোৰ বহলাই নেপেলাওঁ। মাজতে দুবাৰ দাদাক কৈ মই এক লাখ আৰু দুই লাখকৈ মুঠ তিনি লাখ টকাও আনি দিছোঁ। পিছে কোটিটকীয়া কামত তিনি লাখ টকাৰ অস্তিত্বই বা ক’ত? এতিয়া শুনিছে এজনে হেনো বিশ লাখ টকাৰ বিল এখন পাছ কৰাই অনাব পাৰিব— যদিহে দুই লাখ টকা খৰচ কৰিব পাৰে। সেইবাবেই দাদাৰ লগত কথাতো আলোচনা কৰিবলৈ কৈ আছে মোক আজি দুদিন ধৰি।

ফোনত তেওঁক আশ্বাস দি দাদাৰ লগত আলোচনা কৰিম বুলি ক’লো যদিও অলপ ইতস্ততঃ বোধ কৰি আছোঁ। মই জানো, দাদাই এওঁক অকণো অবিশ্বাস নকৰে বা মই ক’লে দাদাই ক’ৰবাৰ পৰা কিবাকৈ টকাখিনি গোটাই দিবলৈ চেষ্টাও কৰিব। কিন্তু কওঁ কেনেকৈ? দাদাৰ নিজৰ সংসাৰতে হাজাৰটা খৰচৰ বাটে মুখ মেলি আছে। দৰমহাওনো পায় কিমান? আগৰবাৰত সি নক’লেও মই জানো যে দাদাই নিজৰ পিএফৰ জমাধনৰ পৰা সেইখিনি উলিয়াই দিছিল আমাৰ অসুবিধা নহ’বলৈ। এতিয়া ক’লে সি আকৌ ক’ৰবাৰ পৰা ঋণ লৈ গোটাই দিব হয়তো টকাখিনি। কিন্তু সেইবুলি মইনো প্ৰত্যেকবাৰে কেনেকৈ তাৰ ওচৰত হাত পাতোঁ— তাতে আকৌ সদায় লোৱাৰ সময়ত দুই-এদিনতে ওভটাই আছোঁ বুলি কৈওঁ যদিও এতিয়ালৈ অলপো ওভতাব পৰা নাই।

কথাবোৰ ভাবি থাকোঁতেই কলিং বেল বাজি উঠিল। দুৱাৰ খুলি দেখোঁ— চেনেহী। কিন্তু এয়া কি, তিনিদিনতে মানুহজনী কেনেকুৱা হৈ পৰিল দেখোন! এনেকুৱা লাগিছে যেন বহুদিন ধৰি বেমাৰত পৰি তাই উঠি আহিছে। তিনিদিন আগৰ সেই ৰঙিয়াল চেনেহীজনীৰ ঠাইত এতিয়া ধুমুহাই বিধ্বস্ত কৰি থৈ যোৱা অতি দুৰ্বল মানুহ এজনী মোৰ সন্মুখত থিয় হৈ আছে এতিয়া।তাইৰ অৱস্থা দেখি এই তিনিদিন ধৰি তাইৰ ওপৰত উঠি থকা খংটো নিমিষতে মাৰ গ’ল। তাইক বহিবলৈ দি পানী এগিলাচ দিলো আৰু লাহে লাহে সুধিলো ক’ত, কি হ’ল।

‘‘বাইদেউ নক’ব আৰু, আমাৰ নিচিনা মানুহবোৰ পৃথিৱীত জনম লোৱাটোৱেই পাপ। জনম লোৱাটোতো ভুলেই, তাতোকৈ ভুল বিয়া হোৱাটো!’’— এটা হুমুনিয়াহ এৰি চেনেহীয়ে দুৰ্বল মাতেৰে কথাবোৰ আৰম্ভ কৰিলে।

তাৰ পিছত তাই যিখিনি কথা ক’লে তাৰ সাৰমৰ্ম হ’ল, গিৰিয়েকে মাজতে জুৱা খেলি দহ হাজাৰ টকা হাৰি আহিল— সেয়াও আকৌ ধাৰে লোৱা টকা। এতিয়া ধাৰে দিয়া মানুহকেইজনে গিৰিয়েকক তাগিদা দিয়া আৰম্ভ কৰিছে টকা পৰিশোধ কৰাৰ বাবে। দিন হাজিৰা কৰি খোৱা মানুহ তাইৰ গিৰিয়েক, এতিয়া দহ হাজাৰ টকা আনি দিয়েনো ক’ৰ পৰা? ফলত তাইক এতিয়া কুটুৰি আছে তাইৰ বাপেকৰ পৰা দহ হাজাৰ টকা আনি দিবলৈ। তাইৰ বাপেক কাঠমিস্ত্ৰী। নিজৰ সীমিত আৰ্জনেৰে কিবাকৈ ঘৰখন চলাই আছে। এতিয়াও আৰু তিনিজনী ভনীয়েক আছে বিয়া দিবলৈ, ভায়েকটো আটাইতকৈ সৰু। তাই বাৰু কোন সতেৰে সেইজন বাপেকক টকাৰ কথা কয়— তাকো আকৌ জোঁৱায়েকে জুৱাত হৰা পইচাৰ ধাৰ মাৰিবলৈ, হাজাৰ হ’লেও তাইৰ লাজ বোলা বস্তুটো আছে নহয়! ৰাতি টেঁটুৰ গুৰিলৈকে মদসোপা গিলি আহি সি তাইক জোৰ কৰিছে; তাকে লৈ দুয়োৰে মাজত তৰ্কা-তৰ্কি আৰু শেষত সি খঙৰ ভমকত তাইক বৰ বেয়াকৈ পিটিলে। দুদিন ধৰি বিচনাতে পৰি আছিল হেনো, আজি অলপ ভাল পাই খবৰটো জনাবলৈ আহিছে।

তাইৰ কথাখিনি শুনি মনটো বেয়া লাগি আহিল। আমি নাৰী দিৱস পাতি কিমান ডাঙৰ ডাঙৰ কথাৰে ভাষণ দি আহিছোঁ, নাৰী সবলীকৰণৰ ওপৰত চিঞৰ-বাখৰ লগাই আছোঁ, অথচ আমাৰ আশে-পাশে কিমান মহিলা এনেকৈয়ে দিনৰ পাছত দিন পুৰুষৰ (বেছিভাগ ক্ষেত্ৰতে নিজৰ গিৰিয়েকৰ!) অত্যাচাৰ সহ্য কৰি আছে। হঠাৎ মোৰ নিজৰ লিখিবলগীয়া লেখাটোৰ কথা মনত পৰি গ’ল। ভাবিলো, এইটোও দেখোন এটা ভাল গল্পৰে প্লট হ’ব। অকণমান সজাই-পৰাই ল’ব পাৰিলেই হ’ল। ভাবিলো, তাইৰ লগত আৰু অলপ আলোচনা কৰি চাওঁ, কিজানি আৰু কিবা সমল বিচাৰি পাওঁ!

মই তাইক সুধিলো— ‘‘তই পুলিচ থানাত গৈ গোচৰ নিদিলি কিয়? তাক লৈ আহি অলপ শিক্ষা দিলেহেঁতেন!’’
‘‘কি যে কথা কয় বাইদেউ, নিজৰ মতাটোক মই পুলিচৰ মাৰ খুৱাব পাৰোঁ নেকি? সি খঙতহে তেনেকুৱা কৰিছিল।’’— তাই প্ৰতিবাদ কৰি উঠিল।
‘‘কিন্তু সি যে তোক ইমান বেয়াকে পিটিলে, তেতিয়া তাৰ মনত পৰা নাছিল নেকি তই তাৰ ঘৈণী বুলি?’’— মোৰো খং উঠি আহিছিল, ইমান হোৱাৰ পিছতো তাই গিৰিয়েকক ৰক্ষণাবেক্ষণ দিয়া দেখি। তাইৰ খং উঠাবলৈ আকৌ ক’লো— ‘‘তোক মাতেহে চেনেহী বুলি, চেনেহৰ নামত দেখোন এচিকুটমানো মৰম নাই!’’
‘‘এঃ খং দেখুৱালেই সি কিবা মোক বেয়া পোৱা বুলি বুজাব নে? এতিয়া পইচাৰ খেলিমেলি লাগি তাৰ মূৰটো নষ্ট হৈ আছে, এনেই সি মানুহটো ইমান বেয়া নহয়।’’

চেনেহীৰ কথাখিনিৰ পৰা বুজিলো, গিৰিয়েকে যিমান অত্যাচাৰ কৰিলেও তাই তাক বেয়া বুলি নকয়। ভাৰতীয় নাৰীৰ পতি পৰম গুৰু বোলা চিৰাচৰিত ভাবধাৰা তাইৰ মনতো সোমাই আছে।

‘‘হ’লেও তাৰ পইচাৰ সমস্যা তোৰ বাবে হোৱা নাই নহয়, তাৰ বে-হিচাপী কামৰ বাবেহে হৈছে। তাৰ বাবে সি তোক কিয় জোৰ কৰিব বাপেৰক পইচা খুজিবলৈ? মতা মানুহ হৈ সি লাজ পোৱা নাই ঘৈণীয়েকক পইচা বিচাৰি পিটিবলৈ?’’— মোৰ আকৌ খং উঠি আহিল তাইৰ গিৰিয়েকৰ ওপৰত।
‘‘তেতিয়া দেখোন আপুনিও দাদাক বেয়া বুলি ক’ব লাগিব। দাদাইও এইকেইদিন কিবা বিজিনেচৰ কামত টকা বিচাৰি আপোনাক ঘৰলৈ ফোন কৰিবলৈ কৈ থকা মই শুনিছোঁ নহয়। নিজৰ মানুহ বুলিহে বিচাৰিছে, নহয় জানো?’’— চেনেহীৰ মাতত এইবাৰ মোৰ প্ৰতি অলপ অভিমান, অলপ উষ্মা আহি পৰিল।

সেই মুহূৰ্ত্তত তাই তেনেকৈ নকৈ মোক হয়তো এপাট চৰ সোধালেও মোৰ কষ্ট ইমান নহ’লহেঁতেন, যিমান তাইৰ কথাকেইষাৰ শুনি হ’ল। এনেকুৱা লাগিল, চেনেহী যেন এখন দাপোণ— য’ত ইমানপৰে মই মোৰেই প্ৰতিবিম্ব দেখি আছিলো…!

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

Leave a Reply

3 Comments on "দাপোণ"

avatar
Sort by:   newest | oldest | most voted
Guest
হেঙুল জ্যোতি শালৈ

ভাল হৈছে ৷ ভৱিষ্যতে ইয়াতকৈয়ো ভাল সৃষ্টিৰ আশা থাকিল ৷

Guest

গল্পটে পঢ়ি ভাল পালো।

Guest

vl lgl

wpDiscuz