চিঠিখন

মূল (The Letter): ড. টেমচুলা আও


[ অনুবাদ: অৰূপা পটঙ্গীয়া কলিতা ]

গোটেই গাঁওখন থমথমীয়া দি আছে। আত্মগোপনকাৰী ধন দাবী কৰোঁতাসকল গাঁৱলৈ আহিল আৰু গুচি গ’লগৈ। লগতে লৈ গ’ল গাঁওবাসীয়ে বৰ কষ্ট কৰি গাঁৱলৈ আহিব খোজা প্ৰথম গাড়ী-মটৰ চলিব পৰা ৰাস্তাটো কাটি পোৱা পইছাকেইটা। গাঁওবাসীয়ে এই কামটো ব’ৰ্ডাৰ ৰোড অৰগেনাইজেশ্যন, চমুকৈ বি আৰ অ’ নামৰ চৰকাৰী বিভাগটোৰ পৰা পাইছিল। বিশেষ প্ৰভাৱ খটুৱাই আৰু অ’ত-ত’ত ধৰা-ধৰি কৰাৰ পাছতহে গাঁওবাসীয়ে কামটো পাইছিল। প্ৰথমতে বি আৰ অ’ই কামটো গাঁওবাসীক দিবই খোজা নাছিল। সংস্থাটোৱে কৈছিল, নিজৰে যথেষ্ট মানুহ আছে। ৰাস্তাৰ মাটি তোলা কামটো নিজৰ মানুহ দিয়ে কৰাব পাৰিব। গাঁওবাসীয়ে নিজৰ যুক্তি আগবঢ়াই কৈছিল যে ৰাস্তাটো তেওঁলোকৰ নিজা মাটিৰ ওপৰেদিয়ে যাব। ৰাস্তা বনাওঁতে সীমা তেওঁলোকে এনেইও চোৱা-চিতা কৰিব লাগিব। নহ’লে ওচৰৰ গাঁওবাসীৰ মাটি ৰাস্তাটোৱে সামৰি ল’ব পাৰে। তেনেকুৱা হ’লে ক’ত কি ঘটে কোনে জানে? অযথা পাকত সোমোৱা হ’ব। অৱশেষত যেনিবা কামটো গাঁওবাসীকে দিয়া হ’লগৈ। তেওঁলোকে নিৰ্দ্ধাৰিত সময়ৰ দুদিন আগতেই কাম শেষ কৰি পেলালে। হাতলৈ অহা পইছাকেইটা কেনেকৈ খৰচ কৰিব আটায়ে ভাবি-গুণি থৈছিল। কোনোৱে ঘৰৰ চালিত টিং লগোৱাকে ঠিক কৰিছিল, কোনোৱে আকৌ খেতিৰ বলধ এহাল কিনিম বুলি দাম-দৰ ঠিক কৰিয়ে থৈছিল। এজনে আকৌ ওচৰচুবুৰীয়াৰ পৰা ধন ধাৰে লৈ ঘৰৰ মজিয়াৰ কাৰণে কাঠৰ তক্তা অলপ কিনিয়ে পেলালে। চিন্তা কৰিবলৈ কিটোনো আছে, বি আৰ অ’-ৰ পইছা আহিয়ে আছে।

গাঁওবাসীয়ে এটা কথা মাথোন হিচাপত নধৰিলে, সেয়া হৈছে আত্মাগোপনকাৰীহঁতৰ চোৰাংচোৱাৰ জালখনৰ পটুতা। যিদিনাই গাঁওবাসীয়ে পইছাকেইটা পালে, সেইদিনাই গধূলি কিছুমান অচিনাকি মানুহ আহি গাঁৱত সোমালহি। ভয়ত অস্থিৰ হোৱা গাঁৱৰ মানুহখিনিক সিহঁতে গাঁওবুঢ়াৰ ঘৰত গোট খাবলৈ আদেশ দিলে। তাতে সিহঁতে মানুহবোৰৰ ওচৰত দাবী ৰাখিলে। যিখিনি গাঁওবাসীয়ে ৰাস্তাত কাম কৰিছিল, সিহঁতে নামবোৰ এটা এটাকৈ পঢ়ি গ’ল। এজন মানুহ নাই। উপস্থিত নথকাজন হ’ল সেই ওচৰচুবুৰীয়াৰ পৰা টকা ধাৰ কৰি কাঠৰ তক্তা কিনা মানুহজন। তেওঁ ঘৰত তক্তাবোৰ সঠিক জোখত কাটি পচি যোৱা মজিয়াখন মেৰামতি কৰাৰ কামত একান্ত মনে লাগি আছিল। তেওঁক আনি সিহঁতজাকৰ ওচৰত হাজিৰ কৰোৱা হ’ল। সিহঁতৰ কথা নমনা কাৰণে তেওঁক ভালকৈ এখুন্দা দিলে। গাঁওবাসীসকলে পৰিষ্কাৰকৈ বুজি পালে,— ইমান দেহা মাৰি অৰ্জা পইছাকেইটাৰে কৰিম বোলা কাম একোৱেই কৰিব পৰা নহ’বগৈ। ইমানি দিনে তেওঁলোকে ভালকৈ বুজি পাইছে, হাবিত থকা এই দেখিলেই ভয় লগা গুণ্ডাবোৰ ৰাতি ৰাতি গাঁৱলৈ এটা উদ্দেশ্য লৈয়েই আহে, আত্মগোপন কৰি থকা ‘চৰকাৰ’ৰ নাম লৈ ডকাইতি কৰা। সিহঁতক বাধা দিবলৈ চেষ্টা কৰি একো লাভেই নাই। সিহঁতৰ কান্ধত বন্দুক থাকে। কাজিয়া এখন পাতি লোৱা মানে আক্ৰমণ।

এই ধৰণৰ তথাকথিত ‘জাতীয় কৰ্মী’সকলৰ মুকলি ধনদাবী এই সহজ-সৰল গাঁওবাসীৰ বাবে একো নতুন কথা নহয়। সিহঁতে ইমান সঠিক খবৰ পাই কেনেকৈ আচল সময়ত আহি ওলালহি, তাকে ভাবিহে গাঁওবাসী আচৰিত হৈছিল। বি আৰ অ’-ৰ পৰা প্ৰতিজন শ্ৰমিকে কিমান পইছা পাব, তাৰো একেবাৰে পকা হিচাপ সিহঁতৰ হাতত মজুত আছে। ‘কৰ’ হিচাপত প্ৰতিজনে কিমানকৈ দিব লাগিব, সিহঁতে গাঁওবুঢ়াক আগত ৰাখি মাতি যাবলৈ ধৰিলে। মনত অসীম ঘৃণা আৰু চকুত— পাৰিলে এই জাকক মাৰি পেলোৱাৰ বাসনা লৈ মানুহবোৰে একে একে পইছাখিনি গণি গণি গাঁওবুঢ়াৰ সন্মুখত থৈ যাবলৈ ধৰিলে। এজন মানুহে মাথোন হাতৰ পইছাকেইটা বাৰে বাৰে গন্তি কৰিয়ে আছে, কৰিয়ে আছে। তেওঁ কেইবাবাৰো পইছা গন্তি কৰি উঠি কাওবাও কৰি উঠিল। আণ্ডাৰগ্ৰাউণ্ড পাৰ্টিটোৰ লিডাৰজনক মানুহটোৱে নেৰানেপেৰাকৈ অনুৰোধ কৰিবলৈ লাগিল, কাঠ ব্যৱসায়ীজনৰ ধাৰতো তেওঁ মাৰিবই লাগিব, খোজামতে পইছা দিলে এইবাৰ ফাইনেল পৰীক্ষা দিয়া ল’ৰাটোলৈ পৰীক্ষাৰ ফিজ কেনেকৈ পঠাব? এসপ্তাহৰ ভিতৰতে ল’ৰাটোৱে মাচুল জমা দিবই লাগিব। তেওঁ সিহঁতক দিবলগাখিনি সুদে-মূলে আদায় কৰি দিব, মাত্ৰ এইবাৰলৈ ৰেহাই দিব লাগে। নহ’লে ল’ৰাটো পৰীক্ষাত বহিবই নোৱাৰিব। ঘৈণীয়েকৰ অসুখৰ কাৰণে এই মানুহজনেই আটাইতকৈ কমদিন কাম কৰিছিল, পইছাও আনতকৈ কমকৈ পাইছিল। তেওঁ এই কথাটোকে সিহঁতজাকক বুজাবলৈ চেষ্টা কৰিলে। কথাখিনি মানুহটোৱে পূৰাকৈ ক’বলৈ নাপালেই, ধনদাবী কৰাবোৰৰ এটাই বহী থকা তুলখনৰ পৰা উঠি আহি ৰাইফলৰ কুন্দাৰে তেওঁক মাৰ সোধাবলৈ ধৰিলে— কিহৰ পৰীক্ষাৰ কথা ক’বলৈ আহিছ? কিহৰ মাচুলৰ হিচাপ দিছ? তই নাজান নেকি চৰকাৰৰ বিৰুদ্ধে যুঁজ কৰিবলৈ গৈ আমি কিমান ত্যাগ কৰিবলগা হৈছে? হাবিৰ মাজত আমি কিমান কষ্ট খাইছোঁ? তই এইটোকে ক’ব খোজ নেকি যে আমি তহঁতৰ পৰা কৰ-কাটল নল’ম এই কাৰণে যে তহঁতৰ  ল’ৰাৰ মাচুল দিব লাগে? তহঁতৰ ল’ৰাই পৰীক্ষা দিব, তাৰ পাছত ডাঙৰ বাবু হ’ব, তাৰ পাছত ভাৰত চৰকাৰৰ তলত চাকৰি কৰিব আৰু আমাৰ ওপৰতে আহি শাসন চলাবহি। তাৰবাবে আমি তহঁতক কৰ মাফ দিব লাগে নহয়নে?

‘ভাৰতীয়’ শব্দটো উচ্চাৰণ কৰোঁতে তাৰ মুখখন বিপদৰ সন্মুখীন হোৱা জন্তুৰ দৰে খঙত বিকৃত হৈ পৰিছিল। বিপদৰে ভৰা পৰিস্থিতিত থাকি অভিজ্ঞ হোৱা গাঁওবুঢ়াই গাঁৱৰ মানুহটোক এফালে আঁতৰাই থ’লে। তেওঁ বুজি পালে সাৱধান নহ’লে এতিয়াই এটা মাৰ্ডাৰ এইখিনিতে হৈ যাব। আঘাতপ্ৰাপ্ত গাওঁবাসীজনৰ পৰা তেওঁ পইছাকেইটা লৈ মানুহটোক দি দিলে। আৰু খং উঠি থকা মানুহটোক তৎক্ষণাৎ যাবলৈ আদেশ দিলে। গাঁওবুঢ়াৰ কথাৰ সুৰত সি বেয়া পোৱা যেন দেখুৱালেও আদেশ মানি ল’লে। গাওঁবুঢ়াই গাঁৱলৈ আৰ্মিৰ পেট্ৰলিং পাৰ্টি আহিলেই কেইবাবাৰো সিহঁতক আগতীয়াকৈ খবৰ দি বিপদৰ পৰা উদ্ধাৰ কৰিছে।

অনাহূত অতিথিখিনি যোৱাৰ পিছত আঘাতপ্ৰাপ্ত মানুহজনক আটায়ে যি পাৰে প্ৰাথমিক চিকিৎসা দিবলৈ চেষ্টা কৰিলে। তেওঁৰ মুখখন ইতিমধ্যে ফুলি উঠিছে, নাকে-মুখে তেজ ওলাইছে। যিমান পাৰে ধুই-পখালি মানুহজনক তেওঁলোকে গাঁৱৰ কম্পাউন্দাৰৰ ওচৰলৈ লৈ গ’ল। কম্পাউন্দাৰে তেওঁক দুটামান পিল দিলে আৰু দুদিনমান জিৰণি ল’বলৈ পৰামৰ্শ দিলে। গাঁওবুঢ়াই মানুহজনৰ অৱস্থা দেখি নিজৰ হাতৰ পৰাই চহৰত পঢ়ি থকা ল’ৰাটোলৈ পঠোৱাৰ বাবে টকা দুটামান দিলে। আপাততঃ বিপদৰ পৰা উদ্ধাৰ পোৱা হ’ল। কিন্তু গাঁওবাসীয়ে গম পালে যে সেই আণ্ডাৰগ্ৰাউণ্ড পাৰ্টিৰ কিছুমান মানুহ গাঁৱৰ ওচৰ-পাজৰে ঘূৰা-পকা কৰি আছে। গাঁওবাসীৰ কাণত ঘুনুক-ঘানাককৈ আহি আন্দোলনৰ এই গুন্ডাবোৰৰ কথা পৰিলহি। ‘আণ্ডাৰগ্ৰাউণ্ড চৰকাৰ’ৰ নামত সহজ-সৰল গাঁওবাসী আৰু চহৰবাসীসকলকো সিহঁতজাকে অত্যাচাৰ কৰি পইছাৰ ডিমাণ্ড দিয়েহি। এই ‘কৰ’ বুলি তুলি নিয়া পইছা সিহঁতে ড্ৰাগছ আৰু মদত খৰচ কৰে। আন কিছুমান কথাও গাঁওবাসীৰ কাণত পৰেহি— এই গুণ্ডাবোৰক সিহঁতৰ ওপৰৱালাই হাত-ভৰি বান্ধি লৈ ওচৰৰ পৰা গুলিয়াই শাস্তি দিয়ে। এই গুণ্ডাবোৰৰ কি হয় তাক লৈ গাঁওবাসীৰ কোনো মূৰৰ কামোৰণি নাই। সিহঁতৰ যি হয় হৈ থাকক। তেওঁলোকে বিধে বিধে আণ্ডাৰগ্ৰাউণ্ড উগ্ৰপন্থীৰ লগত মোকাবিলা কৰিব লাগেই, তদুপৰি আছে ভাৰতীয় সেনা, চৰকাৰী এজেণ্ট। এই গাঁওখনৰ মানুহখিনি শান্ত-শিষ্ট বুলি জনাজাত। তেওঁলোকে ‘আণ্ডাৰগ্ৰাউণ্ড চৰকাৰ’ আৰু বৈধ চৰকাৰ,— সকলোৰে লগত যিমান পাৰে সিমান মিলাই চলিবলৈ চেষ্টা কৰে। মাজে মাজে গাঁৱলৈ চাউল-পাচলি, আন আন কৃষিজাত সামগ্ৰী কিনিবলৈ অহা আৰ্মিৰ মানুহখিনিকো তেওঁলোকে সমীহ কৰি চলে। কিন্তু অলপতে হৈ যোৱা ঘটনাটোৱে সহজ-সৰল মানুহখিনিৰ মনত ক্ষোভৰ সৃষ্টি কৰিলে। দুজন তিনিজন মানুহ লগ লাগিলেই তেওঁলোকে মনৰ দুখ আৰু ক্ষোভবোৰ পাগুলি থকা হ’ল। ঘৰত, পথাৰত, হাবিত য’তেই নাথাকক লাগে তেওঁলোকৰ মনবোৰ দুখ আৰু খঙেৰে তিতা হৈ থাকে। লেতেৰা ৰাজনীতিয়ে নগালেণ্ডক নি নি অৰাজকতাৰ মাজত সুমুৱাই দিছেগৈ। এই ৰাজনীতিৰ বিভিন্ন খেলোৱাৰবোৰে অত বছৰে ৰাজ্যখনৰ যি অৱস্থা কৰিলে, তাকে ভাবি-গুণি গাঁওবাসীৰ মন মৰি যায়। তেওঁলোকক এই ঘটনাবোৰে কম যন্ত্ৰণা আৰু কষ্ট দিছেনে? এক লুকাই থকা শক্তিয়ে পৰিচালনা কৰাদি নি মানুহবোৰক এদিন গাঁওবুঢ়াৰ ঘৰত গোট খুৱালেগৈ। তাতে তেওঁলোকে এক উত্তপ্ত আলোচনা আৰম্ভ কৰিলে। বয়সস্থসকল সাৱধানী আছিল, তেওঁলোকে সংযমী হোৱাৰ কথা কৈছিল। কিন্তু ডেকাচামৰ মতামত অন্য ধৰণৰ আছিল। ডেকাচামৰ মতে যিবোৰ শক্তিয়ে গাঁওবাসীক অসন্মান কৰে, তেওঁলোকক ‘ডকাইতি’ কৰিব খোজে— সকলোৰে বিৰুদ্ধে থিয় দি প্ৰত্যাহ্বান জনোৱা উচিত। মাজনিশালৈকে এই তৰ্ক-বিতৰ্ক চলিল। বয়োজ্যেষ্ঠসকলৰ মতামত ডেকা চামৰ ক্ষোভ আৰু খঙে উটুৱাই লৈ গ’ল। গাঁও পৰিষদে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁলোকে কোনো আণ্ডাৰগ্ৰাউণ্ড পাৰ্টিক আৰু ‘কৰ-কাটল’ নোশোধায়, চৰকাৰী আদেশত বিনা পাৰিশ্ৰমিকৰ কাম নকৰে, গাঁৱৰ মানুহে উৎপন্ন কৰা বয়-বস্তু আৰ্মিক বিক্ৰী নকৰে। সিদ্ধান্তকেইটাই ডেকাচামক আনন্দ দিয়া যেন লাগিল। পুৱা কাউৰীয়ে কা কৰোঁতেই সভা ভংগ হ’ল। সভাৰ শেষলৈকে ডাঙৰসকলে ডেকাচামক নভবা-নিচিন্তাকৈ কোনো ধৰণৰ কাজিয়া কৰি ফেপেৰি পাতি নল’বলৈ সকীয়াই থাকিল।

দেখাত গাঁৱলৈ শান্তি ঘূৰি অহা যেন লাগিলেও এই শান্তি আছিল উপৰুৱাহে। গাঁৱৰ মহিলাসকলৰ মাজত সেই অসহায় মানুহজনৰ অপমানৰ ঘটনাটোৱে গভীৰভাৱে দাগ কাটি গ’ল। নিজৰ নিজৰ পুৰুষসকলক তেওঁলোকে ভিতৰুৱাভাৱে ‘মাইকী’ আখ্যা দি ৰুক্ষভাৱে নানা কথা শুনাবলৈ ধৰিলে। পুৰুষসকলৰ নপুংসতাক লৈ কিছুমান অশ্লীল লোকগীতো শুনাবলৈ নেৰিলে। মতা মানুহখিনিয়ে মূৰ তল কৰি অপমান সহ্য কৰি থাকিল। তেওঁলোকে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল, বহুদিন ধৰি তেওঁলোকক সঁচাকৈয়ে নিবীৰ্য কৰি তোলা হৈছে। দিন-প্ৰতিদিনৰ কৰ্তব্য আৰু বাস্তৱে এই মানসিক, আৱেগিক সমস্যাবোৰ সামৰি পেলালে। গাঁওখন আকৌ শান্ত গতানুগতিকতাৰ মাজত সোমাই পৰিল।

এই শান্তি বেছিদিন নাথাকিল। আশা নকৰিলেও ঘটিবলগা ঘটনাটো ঘটিয়ে গ’ল।

ঘটনাটো গাঁওবুঢ়াৰ ঘৰ বিচাৰি অহা সশস্ত্ৰ মানুহ এটাৰ ৰূপত গাঁওখনত সোমালহি। বুঢ়ী মানুহজনীয়ে মানুহটোৰ প্ৰশ্ন শুনি ঠাইতে শিলপৰা কপৌ হেন হ’ল। তেওঁৰ নাতিটো অসুস্থ হৈ আছে, তাক পথ্য এবিধ ৰান্ধি দি আহিবলৈ বুলি পুতেকৰ ঘৰলৈ গৈছিল। বুঢ়ী আইতাগৰাকী যদিও দেখাত নিৰীহ, কোনো-কিছুৰ ভূ নথকা যেন লাগে, তেওঁৰ কিন্তু উগ্ৰবাদী আন্দোলনৰ ভৰপক সময়ত গাঁওবাসীক ধৰি নি ৰখা ভাৰতীয় সেনাৰ ‘গ্ৰুপিং জ’ন’বোৰত* থকাৰ অভিজ্ঞতা আছিল। বুঢ়ীয়ে আৰ্মিৰ হাতত গুৰুলা-গুৰুলকৈ কিল খোৱাৰ পৰা কথমপিহে বাচিছিল। বুঢ়ী আইতাৰ গিৰীহঁতক আণ্ডাৰগ্ৰাউণ্ড পাৰ্টিৰ মানুহেই ধৰি নিছিল। ভাৰতীয় সেনাবাহিনীৰ চোৰাংচোৱা আৰু পথ প্ৰদৰ্শক হোৱাৰ অভিযোগ তুলি বুঢ়ীৰ গিৰীয়েকক আণ্ডাৰগ্ৰাউণ্ড পাৰ্টিৰ মানুহবোৰে অপহৰণ কৰি মাৰি পেলালেগৈ। বুঢ়ীয়ে এইকুৰা জ্বলা জুই বুকুত বান্ধি চলি থাকিব লগা হৈছিল। অস্ত্ৰ-শস্ত্ৰ লৈ অহা মানুহটোৰ সৈতে মুখামুখি হোৱাৰ মুহূৰ্তটো যেন নিয়তিয়ে নিৰ্দ্ধাৰণ কৰিহে থৈছিল। গছ-গছনিৰ লগত মিলি যাব পৰা ইউনিফৰ্ম আৰু কোচা-কোচ দাড়িৰে মুখ ঢাক খাই থাকিলেও বুঢ়ীয়ে মানুহটোক ঠিক চিনি পালে। বুঢ়ীৰ গিৰীয়েকক ধৰি নিয়া মানুহকেইটাৰ ভিতৰত এই মানুহটোও আছিল। ওচৰৰ পৰা ভালকৈ নমনাৰ ভাও ধৰি বুঢ়ীয়ে চকুহালি থুপ খুৱাই মানুহটোলৈ চাই যিমান পাৰি সিমান মাতটো শান্ত কৰি মানুহটোক গাঁওবুঢ়াৰ ঘৰৰ ফাললৈ নহয়, ডেকা চামৰ মাজৰ এজন সভ্যৰ ঘৰৰ ফালেহে বাট দেখুৱাই দিলে। বুঢ়ী আকৌ অহা বাটেৰে উভতি পুতেকৰ ঘৰৰ ফালে খোজ ল’লে আৰু গোটেই কথাটো ক’লেগৈ। লগে লগে বুঢ়ীৰ পুতেকে গাৰ গৰম কাপোৰখন পেলাই হাতত দাখন লৈ বন্ধু এজনৰ ঘৰলৈ বাট পোনালে। বুঢ়ীৰ পুতেকে গাঁৱৰ ডেকা দলটোক গোটাবলৈ বুলিয়ে বেগাবেগিকৈ খোজ ল’লে। অচিনাকি বন্দুকধাৰীজন, যিজন গাঁওবাসীৰ চোতালত ৰৈ আছে, তালৈকে সাতজনীয়া ডেকা ল’ৰাৰ দলটো যোৱা দেখা গ’ল। সেই ঘৰখনৰ গৃহস্থজনক উগ্ৰপন্থীজনে বন্দুক দেখুৱাই তৎক্ষণাত আণ্ডাৰগ্ৰাউণ্ড আৰ্মিৰ আদেশক্ৰমে ‘জৰুৰীকালীন কৰ’ শোধাবলৈ দাবী জনালে। তৎক্ষণাৎ এই ‘কৰ’ৰ বাবদ পইছা উলিয়াই নিদিলে উগ্ৰপন্থীজনে ঘৰৰ মানুহক হত্যা কৰাৰ ভাবুকি দিলে। কাৰোৰ পৰা কোনোধৰণৰ আপত্তি নুশুনে বুলিও জনাই দিলে। কথাখিনি ঘৰৰ গৃহস্থক কৈ উঠিছিলহে মাত্ৰ, সি গম পালে গাঁওবাসীয়ে তাক ঘেৰি ধৰিছে। তাৰ হাতত বন্দুক থাকিলেও সি ভীষণ ভয় খালে। তথাপি সাহসী দেখুৱাবলৈ বুলি মানুহখিনিক সুধিলে— তহঁতবোৰ কোন? কিয় এনেকৈ ইয়ালৈ আহিছ?

ডেকা ল’ৰা দলটোত এজন ‘দীঘলঠেঙীয়া’ নামৰ ডেকা আছিল। ডেকাজন ওখ-পাখ আছিল বাবেই এই নামটো পাইছিল। দীঘলঠেঙীয়াই উগ্ৰপন্থীজনক ওলোটাই একেটা প্ৰশ্নকে কৰিলে— আমিহে এইটো প্ৰশ্ন তোক সুধিব লাগে। কথাষাৰ কৈয়ে সি বন্দুক লোৱাটোৰ ফালে চোচা ল’লে। ইমানবোৰ মানুহে তাক ঘেৰি লোৱা দেখি আণ্ডাৰগ্ৰাউণ্ডটোৱে ভয়ত বন্দুকটোকে ফুটাই দিলে। ভাগ্য ভাল, গুলীটো এজন গাঁওবাসীৰ কাষেৰে পাৰ হৈ গ’ল, কাৰো একো নহ’ল। বন্দুকৰ শব্দ শুনি গাঁৱৰ বাকী মানুহবোৰো ঘৰৰ পৰা ওলাই আহিল। মানুহবোৰ প্ৰথমতে ভয়ে ভয়ে সাৱধানে ওলাইছিল। যেতিয়াই খবৰটো বিয়পি গ’ল যে উগ্ৰপন্থী মাত্ৰ এটাহে আছে, নিৰ্ভয়ে মানুহবোৰ সেই গাঁওবাসীজনৰ ঘৰলৈ বুলি আহিবলৈ ধৰিলে। বন্দুক লোৱাটোৱে দেখিলে কথা বিষম, এদল পাহোৱাল মানুহে তাক ঘেৰি ধৰিছে। সি পলাবলৈ বুলি লৰ ধৰিব খুজিছিল, কিন্তু মানুহঘৰৰ এখন দেৱালে তাক বাধা দিলে। কোনেও ধৰিব নোৱাৰিলে মানুহটোক পিটিবলৈ কাৰনো হাতখন আগতে উঠিছিল। তেজেৰে ৰাঙলী হৈ মাটিত অজ্ঞান হৈ পৰি নোযোৱালৈকে মানুহটোক গোটেইবোৰে গুৰুলা-গুৰুলকৈ পিটিয়ে থাকিল। পৰিস্থিতি বেয়াৰ ফালে ঢাল লোৱা দেখি তেজেৰে লুতুৰি-পুতুৰি আঘাতপ্ৰাপ্ত মানুহটো ডেকা কৰ্মীসকলৰ হাততে সঁপি বাকী গাঁৱৰ মানুহবোৰ তাৰ পৰা ফাঁহিছিটিকা দিলে।

যাৰ ঘৰৰ চোতালত ইমানবোৰ ঘটনা ঘটি গ’ল, সেইজন গৃহস্থই ভয়ত ত্ৰাহি মধুসূদন সুঁৱৰিবলৈ লাগিল। এই ঘটনাবোৰৰ পৰিণাম কি হ’ব ভাবি তেওঁ ডেকা দলটোক উগ্ৰপন্থীৰ অজ্ঞান দেহাটো তেওঁৰ ঘৰৰ পৰা যিমান পাৰে দূৰলৈ লৈ যাবলৈ কাবৌ-কোকালি কৰিবলৈ ধৰিলে। দলপতি দীঘলঠেঙীয়াই লগৰকেইটাক মানুহটোক তুলি ল’বলৈ আদেশ দিলে। দলপতি দীঘলঠেঙীয়াই লগৰবোৰক তেওঁক অনুসৰণ কৰিবলৈ আদেশ দি গাঁৱৰ পৰা আঁতৰি গৈ এটা হাবিতলীয়া বাট ধৰিলে। এই হাবি-জংঘলেৰে ভৰা লুংলুঙীয়া বাটটোৰে গৈ গৈ থিয় গৰাৰ এক সংকীৰ্ণ উপত্যকা পায়গৈ। এই ঠেক উপত্যকাটো ভূতে ধৰা বুলি গাঁৱৰ মানুহে বিশ্বাস কৰে। তাৰ পৰা এটা মানুহৰ তলত পৰি শিলত ঠেকেচা খাই মৃত্যু হৈছিল। লাহে লাহে আন্ধাৰ নামি আহিল। সেই জয়াল ঠাইখিনিলৈ যাবলৈ ল’ৰাকেইটাই আপত্তি দৰ্শালে। কিন্তু দলপতি ডেকাই হাতৰ দাখনেৰে গছ-লতা কাটি কাটি আগবাঢ়িয়ে থাকিল। ওজৰ-আপত্তিৰ মাজেৰেই ল’ৰাকেইটাই বোজাটোৰে সৈতে গৈ গৈ টিলাটোৰ ওপৰৰ ওখ ঠাই এটুকুৰা পালেগৈ।

তেতিয়াও উশাহ-নিশাহ লৈ থকা মানুহটোক এঠাইত থৈ ল’ৰাকেইটা চাফা ঠাই এটুকুৰাত ভাগৰ পলুৱাবলৈ বুলি বহিল। ওচৰে-পাজৰে পৰি থকা শুকান ডাল-পাত গোটাই সিহঁতে জুই একুৰাও ধৰিলে। জঠৰ হৈ পৰা মানুহটোক কি কৰা হ’ব আৰু তাৰ পাছত কি কৰা হ’ব তাকে লৈহে খেলি-মেলি লাগি আছিল। দলপতি দীঘলঠেঙীয়াকো প্ৰশ্নটো লৈ ভাবি-গুণি থকা দেখা গ’ল। মাটিলৈ একথৰে চাই তেওঁ দেহাটোৰ চাৰিওকাষে ঘূৰিবলৈ লাগিল। তেওঁ ঠিক বুজি পাইছিল দেৰি কৰা মানেই বিপদ চপাই অনা। আটাইকে ওচৰলৈ মাতি দলপতি ডেকাই সুধিলে— মানুহটোক ইয়াতে মৰিবলৈ বুলি পেলাই থৈ যাব নে তললৈ পেলাই দিব? উত্তৰটোত কাৰো দ্বি-মত নাছিল— মানুহটোক তলৰ গৰাটোলৈ দলিয়াই পেলাই দিব লাগে। আৰু বন্দুকটো কি কৰা হ’ব? সেই সম্পৰ্কেও মানুহবোৰ নিশ্চিত আছিল— পেলাই দিব লাগে। মানুহবোৰে সিদ্ধান্তটো বাস্তৱলৈ ৰূপায়িত কৰিব খুজিছিলহে মাত্ৰ, দলপতি ডেকাই চিঞৰ মাৰি উঠিল— ৰবিচোন, আমি চাওঁ মানুহটোনো কোন আছিল? মানুহবোৰে জঠৰ দেহাটো আকৌ মাটিত নমাই থ’লে।

দীঘলঠেঙীয়া ডেকাই মানুহটোৰ জেপকেইটা খুঁচৰি কেইখনমান টকাৰ নোট, উৱলি যোৱা এখন পৰিচয়-পত্ৰ আৰু কাষৰে ঠাই এখনৰ ঠিকনা লেখা চিঠি এখন পালো। জেপকেইটা খালি কৰাৰ পাছত মানুহকেইটাই দেহাটো দাঙি ধৰিলে। এইটো দেহা এসময়ত জীৱন্ত মানুহৰে শৰীৰ আছিল, এতিয়া তেজেৰ লুতুৰি-পুতুৰি, জঠৰ এক মাংসপিণ্ড। সমূহীয়াকৈ এক, দুই, তিনিলৈকে গণি মানুহটোক চিৰদিনৰ বাবে বিশ্ৰাম ল’বলৈ তললৈ পেলাই দিলে। মানুহটোৰ সৈতে বন্দুকটোও পেলাই দিয়া হ’ল। কামখিনি কৰি ডেকাকেইটা বহি পৰিল। দীঘলঠেঙীয়াই মানুহটোৰ জেপত পোৱা প্ৰতি টুকুৰা কাগজকে পিটিকি পিটিকি পৰীক্ষা কৰিবলৈ ল’লে। টকাকেইটা গণিলে। মুঠতে ৪৯.০০ টকা আছে। পৰিচয় পত্ৰখন পঢ়িব নোৱাৰি। ডাকঘৰৰ চিল-মোহৰ মৰা চিঠিখনৰো অৱস্থা নাই। চিঠিখন পঢ়িবলৈ লৈ ল’ৰাজনৰ মুখখন সলনি হৈ আহিল, কিবা গধুৰ বস্তু এটাই হেঁচি ধৰাদি তাৰ দেহাটো তললৈ দোঁ খাই আহিল। তাৰ মুখৰ এই সলনি লগৰবোৰৰ কাৰো চকুত নপৰিল। সিহঁতবোৰ একেবাৰে ভাগৰুৱা হৈ পৰিছিল, মানসিকভাৱেও সিহঁত দুৰ্বল হৈ পৰিছিল। সিহঁতে দলপতিৰ মুখৰ হঠাৎ সলনি হৈ যোৱা ভাব-গতিৰ একো উমান নাপালে। তেতিয়া অৱশ্যে আন্ধাৰো খৰ-খুজীয়াকৈ নামি আহিছিল। গোটেই দলটো কিবা ধৰণেৰে লেবেজান দিছিল।

দীঘলঠেঙীয়া প্ৰথমতে উঠি বহিল। সি মৰা মানুহটোৰ জেপত পোৱা আটাইবোৰ কাগজ-পত্ৰ জ্বলি থকা জুইকুৰাত জাপি দিলে। আটাইকেইটাই চাই থাকিল, গোটেই কাগজ-পত্ৰখিনি জ্বলি জুইকুৰাত জাহ গ’ল। সিহঁতৰ এনেকুৱা লাগিল যেন মূৰৰ ওপৰৰ পৰা বোজা একোটাহে নামি পৰিল। তাৰপাছত সিহঁতে নিজৰ মাজতে এটা শপত ল’লে। অচিনাকি বন্দুকধাৰী মানুহটোৰ কি হ’ল, সিহঁতে কেতিয়াও কাকো নকয়। সিহঁতকেইটা আন্ধাৰ ফালি বাঁহ আৰু খাগৰি বনেৰে তৈয়াৰী জোঁৰ একোটা জ্বলাই গাঁওমুখী হ’ল।

অচিনাকি বন্দুকধাৰী উগ্ৰপন্থীটোৰ জেপ খুঁচুৰি পোৱা চিঠিখন দীঘলঠেঙীয়াৰ বাবে ওৰেটো জীৱন ধৰি এক একান্ত ব্যক্তিগত দুখ হৈ থাকি গ’ল। তাৰ স্মৃতিশক্তি একেবাৰেই ভাল নহয়; তথাপি চিঠিখনৰ প্ৰতিটো শব্দই তাৰ মনত থাকি গ’ল। সেই চিঠিখন আছিল মৃত মানুহজনৰ পুতেকে দিয়া চিঠি। পুতেকে তাৰ পৰীক্ষাৰ বাবে মাচুলৰ পইছা বিচাৰি দেউতাকলৈ এই চিঠিখন লেখিছিল।«

* গ্ৰুপিং জ’ন: নগা উগ্ৰপন্থী গাঁৱলৈ অহা বুলি ভাৰতীয় সেনাবাহিনীয়ে যেতিয়াই খবৰ পায়, তেতিয়াই সেই বিশেষ গাঁওখনৰ বিশেষ ব্যক্তিসকলৰ ওচৰ পায়গৈ। উগ্ৰপন্থীক সহায় কৰাৰ অপৰাধত গাঁওবাসীক ধৰি নি আৰ্মিকেম্পত ৰাখি অৱৰ্ণনীয় অত্যাচাৰ চলায়। এই ‘গ্ৰুপিং জ’ন’বোৰ হ’ল আৰ্মিয়ে গাঁওবাসীক অত্যাচাৰ কৰিবলৈ পতা কেম্প।

লেখক পৰিচিতি:
ড. টেমচুলা আওৰ লেখাই আন্তৰ্জাতিক খ্যাতি বুটলিবলৈ সমৰ্থ হৈছে। তেওঁৰ লেখাত নগা মানুহখিনিৰ জীৱন গাথা সকলো দুখ-সুখ লৈ উঠি আহিছে। নগা মানুহখিনিয়ে দীৰ্ঘদিন ধৰি চলা অশান্তিকে জীৱন বুলি লৈ চলি আছে। জাক জাক ধুমুহা এই সহজ-সৰল মানুহখিনিয়ে মূৰ পাতি লৈ আহিছে। এক সৰ্বগ্ৰাসী বিচ্ছিন্নতাবাদী আন্দোলনে নগা মানুহক এদিনো স্বাভাৱিকভাৱে উশাহ ল’বলৈ দিয়া নাই। এফালে উগ্ৰপন্থীৰ নানানটা উপদ্ৰৱ, আনফালে উগ্ৰপন্থী দমনৰ নামত ভাৰত চৰকাৰে জাপি দিয়া ৰাষ্ট্ৰ-সন্ত্ৰাসৰ চেপাত সাধাৰণ নগা জনসাধাৰণে সীমাহীন যন্ত্ৰণা আৰু দুখ পাইছে। টেমচুলা আও নিজে এই যন্ত্ৰণা আৰু দুখৰ মাজত ডাঙৰ হৈছে, এই দুখ তেওঁ পৰম মমতাৰে হৃদয়ত ধাৰণ কৰিছে। সেয়েহে নগা জনসাধাৰণৰ জীৱনৰ ক্লেশ আৰু দুখ তেওঁৰ লেখাৰ মাজত মৰ্মস্পৰ্শী হৈ উঠিছে। ‘চিঠিখন’ গল্পটোত তেওঁ দেখুৱাইছে উগ্ৰপন্থীৰ সন্ত্ৰাস আৰু ৰাষ্ট্ৰযন্ত্ৰৰ সন্ত্ৰাসৰ মাজত নগা জনগণে কেনে যন্ত্ৰণা ভূগিব লগা হৈছে।
ড. টেমচুলা আও এগৰাকী বিশিষ্ট শিক্ষাবিদ। ১৯৪৫ চনত জন্মলাভ কৰা ড. আৱে গোলাঘাটৰ মিশ্যন গাৰ্লচ হাইস্কুলত পঢ়িছিল। তেওঁ তাহানিতে মেট্ৰিকত অসমীয়া বিষয়ত লেটাৰ মাৰ্ক পাইছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম এ পাছ কৰি ১৯৭৫ চনত মেঘালয়ৰ ‘নেহু বিশ্ববিদ্যালয়’ত যোগদান কৰে। তেওঁ হেনৰি জেমচৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮৫-৮৬ চনত তেওঁ আমেৰিকাৰ ‘মিনচটা বিশ্ববিদ্যালয়’ত ‘ফুলব্ৰাইট স্কলাৰ’ ৰূপে ৰেড-ইণ্ডিয়ানসকলৰ ওপৰত এক গুৰুত্বপূৰ্ণ কাম কৰে। তেওঁৰ ‘আও নাগা অৰেল ট্ৰেডিচন’ (Ao Naga Oral Tradition) নামৰ গৱেষণামূলক গ্ৰন্থখনে বিদ্বৎ মহলত সমাদৰ পাইছে। ড. আওৰ পাঁচখন প্ৰকাশিত কবিতা পুথি, দুখন গল্প সংকলন আছে। তেওঁ ইংৰাজী ভাষাতে কেওখন কিতাপ ৰচনা কৰিছে। ‘চিঠিখন’ (The Letter) গল্পটো বাংগালুৰুৰ এখন কলেজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।

নীলা চৰাই . এপ্ৰিল ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar