চিনাকি-অচিনাকি

img

গতিশীলতাৰ কোনটো প্লেটফৰ্মত লগ পাইছিলো মনত নাই। মনত পৰে সেই চিঞৰটো— স্পষ্টই আছিল উকিৰ মাজতো। কিয়নো চিঞৰে— 'সহযাত্ৰী সহযাত্ৰী' ? সহযাত্ৰীক মোৰ চিনি পাই আহিছোঁ। ২৪ ঘন্টাৰো থাকে দুটা ফাল বুলি জানি আহিছোঁ, এটাত জ্বলে সূৰুয আৰু আনটোত? হয়তো আন্ধাৰৰ উপস্থিতি নাইবা সূৰুযৰ অনুপস্থিতি! ধৰা হ’ল, আপুনি এজন নৃত্যশিল্পী। একান্তই ব্যক্তিগত বুলি যদি ভাবে, ২৪ ঘন্টাৰ কোনটো অংশত নৃত্য কৰি ভাল পায় জনাৰ হাবিয়াস নাই। আপোনাৰ দৰেই দেখি আহিছোঁ, বগা-ক’লাৰ সংমিশ্ৰণ। আৰু সেই সংমিশ্ৰণতেই বাস কৰে আপুনিও, য’ত প্ৰতিবিম্বিত তেওঁ, মই, বহুতো। প্ৰতিবিম্বৰ গভীৰতা আইনাৰ কোনটো ফালে অধিক জনাৰ উপায় শূন্য। আপুনিছোন মোৰ তেনেই চিনাকি, কোননো আপুনি?«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz