চকু

[ অমিয়া বৰগোঁহাই ]

‘নয়নজ্যোতি আই ক্লিনিক’ৰ জিৰণি কোঠাত ডাক্তৰলৈ অপেক্ষা কৰি হেমন্তৰ আমনি লাগিছিল। হ’লেইবা শীত-তাপ নিয়ন্ত্ৰিত, মাৰ্বল টাইলচ লগোৱা চকচকীয়া জিৰণি কোঠা, তথাপিও এই ডাক্তৰলৈ অপেক্ষা কৰি থকা কামটো অতি বিৰক্তিকৰ। তাতে আকৌ গোটেইবোৰ চকুৰ ৰোগী। কোনোবাজনৰ চকুত এডোখৰ অৰ্দ্ধবৃত্তাকাৰ সেউজীয়া কাপোৰ বন্ধা, কোনোবাজন ক’লা চচমা পিন্ধা আৰু কোনোবাজন আকৌ কাৰোবাৰ গাত ধৰি ধৰি খেপিয়াই খেপিয়াই আহিছে। হেমন্তই এবাৰ চাৰিওফালে চকু ফুৰালে। দুৱাৰখনৰ ঠিক বিপৰীত দিশে আইনাৰ বেৰ দিয়া সৰু ৰিচেপচনৰ কুঠৰীটোত পৃথিৱীৰ সমস্ত চিন্তা নিজৰ মূৰত লৈ থকাৰ দৰে বিৰক্ত মুখেৰে ক্ষীণকায় চেহেৰাৰ ৰিচেপচনিষ্টগৰাকী বহি আছিল। সোঁফালৰ বেৰত এটা মস্ত চকু আঁকি চকুৰ সম্ভাব্য বেমাৰ আৰু ল’ব লগা সাৱধানতাৰ বিষয়ে লিখা আছে। তাৰ কাষতে ডাঃ জয়ন্ত বৰুৱাই কৃতিত্বৰ চিন হিচাপে পোৱা বিভিন্ন মেডেল, ট্ৰফি, চাৰ্টিফিকেট আদি এটা সুদৃশ্য ‘শ্বকেচ’ত সজাই থোৱা আছে। মুখৰ আগতে ‘নীৰৱতা অৱলম্বন কৰক’ বুলি লিখা দেখি নে শুকান ৰুক্ষ চেহেৰাৰ ৰিচেপচনিষ্টগৰাকীক দেখিয়েই মানুহবোৰো গোমোঠা মুখেৰে বহি আছিল। হেমন্তই গোটেই পৰিৱেশটো তন্ময় হৈ চাই আছিল। ‘আপোনাৰ কেই নম্বৰত?’— কাষত বহা মানুহজনৰ মাতত সম্বিৎ ঘূৰাই পাই সি ক’লে— ‘পোন্ধৰ নম্বৰ। আপোনাৰ?’
—‘মোৰ আঠ নম্বৰত, ইতিমধ্যে পাঁচ নম্বৰৰ গৰাকী গৈছে।’

হঠাৎ ৰিচেপচনিষ্টগৰাকীৰ ওচৰত এটা মৃদু হুলস্থুল হ’ল। এগৰাকী বৃদ্ধাৰ লগত অহা সহজ-সৰল ছোৱালী এজনীয়ে কিবা এটা অনুৰোধ কৰাত ৰিচেপচনিষ্টগৰাকীয়ে প্ৰায় খঙেৰে ক’লে— ‘নহ’ব নহ’ব। নম্বৰ অনুসৰিয়ে যাব লাগিব। আপোনাৰ চৈধ্য নম্বৰত আছে, বহি থাকক।’ হঠাৎ হেমন্তৰ কাষত বহা মানুহজন উঠি গৈ ছোৱালীজনীক ক’লে যে তেওঁৰ আঠ নম্বৰতে আছে। তাৰ ঠাইত তেওঁলোক যাওক। তেওঁ চৈধ্য নম্বৰত গ’লেও একো অসুবিধা নহয়। বৃদ্ধাগৰাকীয়ে অতি কৃতজ্ঞতাৰে ক’লে— ‘গাঁৱৰ ফালে যোৱা শেষ বাচখন দুই বজাত আছে। সেইখন ধৰিব নোৱাৰিলে মূল ৰাস্তাৰ পৰা দুমাইল বাট খোজ কাঢ়িব লাগিব। তাতে মই ৰাতি হ’লে চকুৰেও দেখা নাপাওঁ বোপা। তুমি মোৰ বৰ উপকাৰ কৰিলা।’

হেমন্তই মানুহজনলৈ ভালদৰে মন কৰিলে। প্ৰায় ত্ৰিশ বছৰমান বয়সৰ এজন ক্ষীণ সাধাৰণ মানুহ। গাত কিছু মলিয়ন এটা হাফ চাৰ্ট আৰু পেণ্ট। উজ্জ্বল চকুদুটাত কিবা এটা দুঃচিন্তা লাগি থকা যেন লাগে। অচিনাকি বৃদ্ধাগৰাকীক উপযাচি উপকাৰ কৰা বাবে মানুহজনলৈ তাৰ শ্ৰদ্ধা উপজিল। সেয়েহে মানুহজনৰ লগত কথা পতাৰ হাবিয়াসেৰে সি সুধিলে— ‘আপুনি কোন ঠাইৰ পৰা আহিছে? আপোনাৰ চকুৰ প্ৰবলেমটোনো কি?’ হেমন্তক আচৰিত কৰি মানুহজনে ক’লে— ‘মই জোখতকৈ বেছি দেখোঁ। মানে মই মানুহৰ মন আৰু হৃদয়ৰ কথাবোৰ দেখা পাওঁ, যাৰ বাবে মোৰ অসুবিধা হৈছে।’ পাগল নহয়তো,— হেমন্তই মনতে ভাবিলে।
—‘আপুনি মোক পাগল বুলি ভাবিছে।’ মানুহজনে হেমন্তক ক’লে।
কথাটো সঁচাকৈ ভবাৰ বাবে হেমন্ত আচৰিত হোৱাৰ লগতে লজ্জিত হ’ল যদিও ক’লে— ‘মানে কথাটো অবিশ্বাস্য।’ মানুহজনৰ বিষয়ে জানিবলৈ হেমন্তৰ প্ৰবল কৌতুহল হ’ল। কিন্তু ‘নীৰৱতা অৱলম্বন কৰক’ বুলি লিখা ফলকখনলৈ চাই সি নীৰৱে থাকিল। কিন্তু পুনৰ তাক আচৰিত কৰি মানুহজনে ক’লে— ‘বলক বাহিৰতে বহি কথা পাতোঁগৈ। আপোনাৰ মোৰ বিষয়ে জানিবলৈ বৰ মন গৈ আছে।’

দুয়ো জিৰণি কোঠাৰ পৰা বাহিৰলৈ ওলাই আহি গছ এজোপাৰ তলত থকা পকী বেঞ্চ এখনতে বহিল। তাৰ পিছত মানুহজনে যিখিনি ক’লে, শুনি হেমন্তৰ চকু কপালত উঠিল।

মানুজনৰ নাম অতুল। সৰুৰে পৰা সঁচা কথা কোৱা, সহজ-সৰল, নম্ৰ স্বভাৱৰ অতুল শইকীয়াক গাৱঁৰ সকলোৱে ভাল পায়। কিন্তু ক্ৰমান্বয়ে ডাঙৰ হৈ অহা অতুলৰ এক অদ্ভুত শক্তি দেখি গাঁৱৰ সকলো মানুহ আচৰিত হ’ল। অতুলে মানুহৰ মনৰ ভিতৰখনো দেখা পায়। প্ৰথম অৱস্থাত মানুহবোৰে কথাটোত ৰস পাই তাক ঠাট্টা-মস্কৰা কৰিছিল। কিন্তু পাছলৈ যেতিয়া মানুহবোৰৰ মুখৰ এটা, পেটৰ এটা কপটীয়া কথাবোৰ কৈ দিয়া হ’ল, মানুহবোৰৰ হৃদয়ত থকা নানা হিংসা-দ্বেষ আদি ভাববোৰ কৈ দিয়া হ’ল, তেতিয়া মানুহবোৰ ক্ৰমে তাৰ পৰা আঁতৰি ফুৰিবলৈ ধৰিলে। মাক-দেউতাক নোহোৱা অতুলৰ এবাৰ সামান্য অসুখ হওঁতে ককায়েকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল যদিও মনতে ভাবিছিল, ইয়াৰ ভাল নোহোৱা বেমাৰ হ’লেই হয়। মৰিলে ঘৰৰ ভেটিটো ভাগ কৰিব নালাগে। ককায়েকৰ মনৰ কথাটো কৈ দিয়াত অগ্নিশৰ্মা হৈ তাক ককায়েক-বৌৱেকে সেই দিনাৰ পৰাই বেলেগ কৰি দিলে। অতুলৰ দুখৰ দিন তাতে শেষ নহ’ল। এদিন গাঁৱলৈ বিধায়ক মহোদয় আহি বক্তৃতা দি গাঁৱৰ মানুহক নানা প্ৰতিশ্ৰুতি দি আছিল। অতুলে বিধায়কৰ মনটো পঢ়ি দুই-চাৰিজনৰ আগত ক’লে বোলে বিধায়ক মহোদয়ৰ এইবোৰ আশ্বাসৰ কোনো সত্যতা নাই। তেওঁ ইতিমধ্যেই এইবোৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ সিদ্ধান্ত লৈ থৈছে। কথাটো শুনি মানুহবোৰ দুটা ভাগত ভাগ হৈ পৰিল আৰু বিধায়কৰ পক্ষৰ মানুহবোৰে তাক মানসিক ৰোগী বুলি নি মানসিক চিকিৎসালয়ত থৈ আহিল। পিছে মানসিক ৰোগৰ চিকিৎসকসকলে নানা পৰীক্ষা-নিৰীক্ষা কৰি ক’লে— অতুলৰ সমস্যাটো মনৰ নহয়, চকুৰহে। সেয়েহে আজি ছাগলী এটা বেচি পোৱা আঠশ টকা লৈ চকুৰ ডাক্তৰৰ ওচৰলৈ আহিছে। লগতে এটা অতি গুপুত কথা কোৱাদি অতুলে হেমন্তক ক’লে— ‘ডাক্তৰৰ ওচৰলৈ অহা আটাইবোৰ মানুহতকৈ আপোনাৰ মন আৰু হৃদয় পৱিত্ৰ বাবেহে মই মোৰ দুখৰ কথা আপোনাক ক’লো। আপুনি এজন উদাৰ আৰু পৰোপকাৰী ব্যক্তি। আপোনাক লগ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ।’

অতুলৰ কথাবোৰ শুনি হেমন্তৰ হাঁহিম নে কান্দিম লাগিল। তথাপিও সি ক’লে— ‘আপুনি পিছে এই গুণটো নাইকিয়া কৰাতকৈ তাক সৎ কামতহে লগাব লাগিছিল।’ কথাষাৰ শুনি প্ৰায় উত্তেজিত হৈ পৰিল অতুল শইকীয়া।
—‘আপুনি কি কৈছে? আপুনি কি বুজিব মোৰ কি সমস্যা হৈছে। মানুহবোৰে মোৰ মুখামুখি হ’বলৈ ভয় কৰে। তেওঁলোকৰ চল-কপট কথাবোৰ মই জানিব পাৰোঁ। কিছুমানে আকৌ ৰং চাবলৈ মোৰ পৰীক্ষা লয়। সিদিনা গাওঁখনৰ আটাইতকৈ ধনী মানুহঘৰৰ ল’ৰাটোৱে মোক খাটনি ধৰিলে, মই তাৰ সৈতে কলেজত একেলগে পঢ়া ছোৱালী এজনীৰ ঘৰলৈ গৈ তাইৰ মনটো পঢ়ি দিব লাগে— তাই তাক অন্তৰেৰে ভাল পায়নে নাপায়। ঘূৰি আহি মই সঁচা কথাটোকে ক’লো যে তাই দেখুৱাইহে তাক ভাল পায়, মনত অন্যহে ভাবে। টকা-পইচা নথকা হ’লে তোমাৰ নিচিনা এটাক ঘূৰিকে নাচালেহেঁতেন। আনকি মোৰ যদি তোমাৰ সমান ধন থাকিলহেঁতেন, তাই মোক তোমাতকৈ বেছি পছন্দ কৰিলেহেঁতেন। সঁচা কথাটো ক’লোহে, দিলে নহয় মুখত দুটা ঘোঁচা সোধায়। ছোৱালীজনীয়েও ভণ্ড-পগলা বুলি ককায়েকৰ হতুৱাই এপিটন দিয়ালে। চাওকচোন সঁচা কথাৰ যদি এয়ে পৰিণাম হয়, তেনেহলে এইহাল চকুৰ চিকিৎসা নকৰাকৈ মই কেনেকৈ থাকো? সঁচা কথাৰ যে কিমান সমস্যা, মানুহৰ মনৰ গহ্বৰত যে কি লুকাই নাথাকে, সেয়া আপুনি নেদেখিলে নুবুজিব।’

কথাখিনি কৈ থাকোঁতেই ‘অতুল শইকীয়া’ বুলি ভিতৰৰ পৰা দুবাৰ চিঞৰা শুনি দুয়ো জিৰণি কোঠাটোলৈ পুনৰ সোমাই আহিল। কিয় জানো, অতুলৰ চকুহালৰ বিষয়ে ডাক্তৰে কি কয় জানিবলৈ হেমন্তৰ বৰ ইচ্ছা হ’ল। লগে লগে অতুলে ক’লে— ‘আপুনিও বলক নহ’লে মোৰ লগত ডাক্তৰৰ ওচৰলৈ এটেনডেণ্ট হিচাপে। মোৰ কথাৰ প্ৰমাণো পাব।’

দুয়ো ডাক্তৰ বৰুৱাৰ আহল-বহল, পৰিষ্কাৰ চেম্বাৰত সোমাল। নানান ধৰণৰ যন্ত্ৰপাতি, কম্পিউটাৰ আদিৰে সৈতে এখন ডাঙৰ টেবুলৰ কাষত ডাক্তৰ বহি আছে। তেওঁৰ সন্মুখৰ টেবুলত নাৰিকল এটাৰ সমান ডাঙৰ কৃত্ৰিম চকু এটা সজাই থোৱা আছে। তাতে হাত থৈ ডাক্তৰে বিপৰীত দিশত থকা চকী দুখন দেখুৱাই দুয়োকে বহিবলৈ ইংগিত দি ক’লে— ‘কওঁকচোন আপোনাৰ সমস্যা কি?’ অতুলে তাৰ সমস্যা সম্পৰ্কে কওঁতে ডাঃ বৰুৱা আচৰিত হৈ কিছু ঠাট্টাৰ সুৰত ক’লে— ‘একেবাৰে দিব্যদৃষ্টি।’ তাৰ পিছত অতুলক কম্পিউটাৰৰ সমুখত থকা চকু পৰীক্ষা কৰা যন্ত্ৰটোত মুখখন সুমুৱাই দি বহু সময় পৰীক্ষা-নিৰীক্ষা কৰি ক’লে— ‘আপোনাৰ সমস্যাটো মোৰ সাধ্যৰ বাহিৰত। মই এজন গুৱাহাটীৰ ডাক্তৰলৈ লিখি দিওঁ, আপুনি তালৈকে গৈ দেখুৱাওক।’
—‘ছাৰ আপুনি মিছাতে গুৱাহাটীলৈ পঠাব খুজিছে। আপুনি ভাবিছে, ইয়াক গুৱাহাটীলৈ পঠাই দিলেই আপুনি নিষ্কৃতি পাব।’ অতুলে ডাক্তৰক ক’লে। অতুলৰ কথাত ডাক্তৰ থতমত খালে, সঁচাকৈ তেনেহ’লে মানুহটোৱে মনৰ ভিতৰখন দেখে। মাতটো কোমল কৰে ডাক্তৰে বুজালে— ‘আপুনি ভালহে পাব লাগে। ঈশ্বৰে আপোনাক ইমান ডাঙৰ শক্তি এটা দিছে।’ ডাক্তৰৰ কথাত অতুলে কাউবাউকৈ ক’লে— ‘আপুনি ছাৰ কি কথা কৈছে? ঈশ্বৰ প্ৰদত্ত শক্তি। এই শক্তিৰ বাবেই মই গাঁৱত শান্তিৰে থাকিব নোৱৰা হ’লো। কাৰো মুখলৈ চাব নোৱৰা হ’লো। মোক ভালৰি বোলোৱা মানুহৰ মনৰ ভিতৰত থকা কপটতাখিনি দেখি দুখ লাগে। মানুহৰ মনৰ ভিতৰৰ দ্বন্দ্ব দেখি শান্তি নাপাওঁ ছাৰ। মোৰ এই শক্তি নাথাকিলে শান্তিত থাকিলোহেঁতেন। ছাৰ, আপোনাৰ ওচৰলৈ বহু আশা লৈ আহিছোঁ। কিবা এটা কৰক।’ অনুনয়ৰ সুৰত অতুলে হাতযোৰ কৰিলে। অভিজ্ঞ ডাক্তৰ বৰুৱাই খন্তেক চিন্তা কৰি টেবুলৰ ড্ৰয়াৰৰ পৰা এটা সুদৃশ্য বাকচ উলিয়াই আনিলে। বাকচটোৰ মাজত থকা সোণালী ৰঙৰ বুটামটো টিপা মাৰি দিয়াৰ লগে লগে খটকৈ মৃদু শব্দ এটা কৰি খোল খাই গ’ল। তাৰ ভিতৰৰ পৰা এজোৰ আন্ধাৰ ক’লা চচমা উলিয়াই আনিলে। ডাক্তৰে দুয়োহাতে ধৰি আলফুলে চচমাজোৰ অতুলক পিন্ধাই দিলে।
—‘এতিয়া মোক দেখিছেনে?’ ডাক্তৰে সুধিলে।
—‘হয় দেখিছোঁ।’ অতুলে ক’লে।
—‘কেইটা আঙুলি দেখিছে?’ ডাক্তৰে দুটা আঙুলি দেখুৱাই সুধিলে।
—‘দুটা।’ অতুলৰ চমু উত্তৰ।
—‘গুড। এতিয়া এখেতক চিনি পাইছেনে? তেখেতৰ মনটো দেখিছেনে?’ ডাক্তৰে উৎসাহেৰে সুধিলে।

হেমন্তৰ মনটো তেতিয়া নিজৰ চিন্তাত বিভোৰ হৈ আছিল। সৰুতে বসন্ত ওলাই এটা চকু বেয়া হোৱা বায়েকজনীয়ে শাৰীৰিকভাৱে অক্ষমৰ শ্ৰেণীভুক্ত হৈ সৰু চাকৰি এটা কৰি কোনোমতে ঘৰখন চলাই আছে। বি এ পাছ হেমন্তই আজিলৈকে এটা চাকৰি যোগাৰ কৰিব নোৱাৰি হতাশাত ভাগি পৰিছে। পিছে ধনৰ দুখীয়া হ’লেও মনৰ চহকী হেমন্তই গাঁৱৰ মানুহবোৰৰ বিপদ-আপদ হ’লে পাৰ্যমানে সহায় কৰে। কাৰোবাৰ গেছটো আনি দিয়া, কাৰোবাৰ অসুখ-অশান্তি হ’লে ডাক্তৰৰ ওচৰলৈ লৈ যোৱা আদি কামত সকলোৱে হেমন্তক ভৰষা কৰে। আজিও গাঁৱৰ অকলশৰীয়া বৰমাকজনীক চকুৰ ডাক্তৰৰ ওচৰলৈ লৈ আহিছে। অৱশ্যে হেমন্তকো মানুবোৰে বিপদ-আপদ হলে যিমান পাৰে, ধনে-জনে সহায় নকৰা নহয়। তথাপিও নিজে একো কৰিব নোৱৰা বাবে হেমন্তৰ মনটো বিষাদগ্ৰস্ততাই আগুৰি থাকে। পিছে অতুলে হেমন্তৰ এই আনৰ প্ৰতি সহানুভূতিশীল মনটো, চাকৰি এটাৰ অভাৱত ঘৰখনক সকাহ দিব নোৱৰাৰ বেদনাবোৰ, মনৰ ক্ষোভবোৰ একোৱেই দেখা নাপালে। ক’লা চচমাৰ আঁৰৰ অতুলৰ চকুহালে আনৰ মনৰ ভিতৰখন আৰু দেখা নাপালে।

—‘তেখেত হেমন্ত দত্ত। তেখেতক মই ইয়াতে লগ পাই চা-চিনাকি হ’লো।’ অতুলে সাধাৰণভাৱে ক’লে।
ডাক্তৰ নিশ্চিত হ’ল যে অতুলে আৰু সত্যাসত্য বিচাৰ কৰিব নোৱাৰে। সেয়েহে গহীন সুৰত ডাঃ বৰুৱাই ক’লে— ‘আপোনাৰ সমস্যাটো মোৰ বোধেৰে সমাধান হৈছে। গতিকে চচমাযোৰৰ বাবদ পাঁচশ টকা আৰু মোৰ ফিজ দুশ টকা, মুঠ সাতশ টকা দিয়ক।’
হেমন্তই দেখিলে অতুলৰ মুখত প্ৰথমে এটা মিচিকিয়া হাঁহি বাগৰি গ’ল, তাৰ পাছত হাঁহিটো মাৰ গৈ মুখখন কৰুণ হৈ পৰিল। তেওঁ কৰুণ সুৰত ক’লে— ‘ছাৰ, মই দুখীয়া মানুহ; মোৰ হাতত মাত্ৰ চাৰিশ টকাহে আছে।’
—‘হ’ব তাকে দিয়ক।’ ডাক্তৰে ক’লে।
অতুলে এটা হাত পকেটত ভৰাই আনটো হাতেৰে চচমাযোৰ ঠিক কৰি আঠশ টকাৰ পৰা চাৰিশ টকা উলিয়াই ডাক্তৰৰ হাতত দি কৃতজ্ঞতাৰে ধন্যবাদ জনাই ওলাই গ’ল। দুৱাৰৰ ফালে চাই ডাক্তৰে তৃপ্তিৰে হাঁহিলে। অতুলৰ আচৰণত আচৰিত হৈ হেমন্তই ক’লে— ‘ছাৰ, মানুহজনে আপোনাক মিছা কথা ক’লে। তেওঁৰ হাতত আঠশ টকা আছে বুলি মোৰ আগত নিজেই কৈছিল। আপুনি মিছাতে তাৰ কথা বিশ্বাস কৰিলে।’ ডাক্তৰ বৰুৱাই টেবুলৰ ওপৰত থকা মস্ত ডাঙৰ মিছা চকুটো ঘূৰাই ঘূৰাই এটা ৰহস্যময় হাঁহি মাৰি ক’লে— ‘আচলতে ঔষধ কোম্পানীয়ে দিয়া সেইযোৰ বিনামূলীয়া চচমাহে আছিল।’

হেমন্তই ভাবিলে, সকলোৰে মনৰ কথা পঢ়িব পৰা অতুলে ৰঙীন চচমাযোৰ পিন্ধি ডাক্তৰৰ মিছা কথাটোকে ধৰিব নোৱাৰি বিনামূলীয়া চচমাযোৰকে চাৰিশ টকাত কিনিলে। তাৰ মানে মানুহবোৰে কোনে, ক’ত, কাক ঠগি ঠগি খাইছে হেমন্তৰ নিচিনা মানুহবোৰে ধৰিবই নোৱাৰে। সকলোৱে যেন এযোৰ ৰঙীন চচমা পিন্ধি আনৰ মনৰ দুখ-বেজাৰ, বিপদ-আপদ একোকে নেদেখা হৈছে। কিয় জানো, হেমন্তৰ মনটো এক বুজাব নোৱৰা বিষাদে আবৰি ধৰিলে।«

নীলা চৰাই . এপ্ৰিল ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz