আগীয়াঠুঁটি

১.
জেঠৰ জুইজ্বলা আকাশ
আৰু এটি নিথৰ দুপৰীয়া
গছৰ পাতে পাতে সৰে
ৰ’দৰ টোপাল আৰু
দুপৰৰ নিৰ্জনতা
হাবিতলীয়া বাঁহীৰ গৰখীয়া সুৰ এটাত
বুকুজুৰি বাজে দুখন হৃদয়ৰ
আকাশভৰা শূন্যতা

২.
পাহাৰ প্ৰান্তৰত আবেলিৰ বেলি ঢলে
নদীৰ বুকুত তেজীৰঙা কলিজাৰ আৱেগ
চেঁকুৰা চেঁকুৰ গলে
পলাশী দুওঁঠৰ মৌনতা ভাঙি
তুমি উভতি যোৱাৰ কথা ক’লে
ভাটিয়ালী সুৰৰ বিষণ্ণতা
নদীৰ লহৰে লহৰে বলে

৩.
তোমাৰ লহপহ এন্ধাৰবুলীয়া চুলিটাৰি মেলি
ঘাটলৈ মুনিচুনি সন্ধ্যা নামে
অদূৰত গছৰ ছাঁ লেং লেংকৈ বাঢ়ে
ৰান্ধনি ৰ’দৰ শেষ ৰহণ সানি
এজাক ঘৰমুৱা বালিহাঁহ উৰে
নদীৰ বলুকাত বিয়লিৰ নিশ্বাস সিঁচি
মোৰ বুকুতচোন এমুঠি হুমুনিয়াহ সৰে

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz