চন্দন চিৰিং ফুকনৰ কবিতা

বাসনাৰ শেতেলিত এৰাতি

যোৱাৰাতি পূৰঠ সপোন এটাত
তাইৰ ভৰিৰ পৰা মূৰলৈকে
নৈ এখন গজি উঠা দেখিছিলো
তিতা চুলিবোৰ উদং পিঠিৰে
লতা হৈ বগাইছিল
ঢাকিছিল উঠঙা বুকুৰ
একুৰি বছৰীয়া লাজ।

তাইৰ ভৰি গুচি দেখোঁ
মাছৰ ফিছা হয়
চাকনৈয়া নাভিৰ তললৈকে
মেৰ খাই মাছৰ বাকলি
পনিয়ল ওঁঠত গৰুখিচ এটা ফলে
চম্পাৱতী শৰীৰৰ পৰা
বাসনাৰ পুৰাতন গোন্ধ এটা সৰে।

তাই মানুহৰ পৰা জলকুঁৱৰী হয়
মোৰ কোঠালিত নৈখন বাঢ়ে
খিৰিকীত বাৰিষাই টুকুৰিয়াই
আৰু
আসক্তিৰ প্রৱল ৰসায়নেৰে
মোৰো গজে নীলা মাছৰ ফিছা।

«

ভূঁইতলৰ সপোন

উদং পথাৰৰ নঙলা খুলি
যোৱা ৰাতি হুৰমূৰকৈ
সোমাই আহিছিল বৰষুণ
কঙাল খেতিয়কৰ শীর্ণ বুকুৰ
দুঃচিন্তাৰ নাঙঠ কামিহাড়বোৰক
ঘৰ কৰি লোৱা
প্রতিচটা বাঢ়নশীল শিল ক্ষয় গৈছিল
আৰু গলি গলি উটি গৈছিল
গৰুবাটৰ কাকডোঙাত
আলিদাঁতিৰ বতাহেদি বগাই আহি
সোণাৰুৰ পাখি এজাকে
এহালিচা শস্যসম্ভৱা মাটিত
খোপনি গুজিছিলহি
চিনাকি চৰাইবোৰৰ মাতেও
জুমুৰি দি ধৰিছিলহি

কালি ৰাতি ভূঁইতলত
সপোন এটা পোখা মেলি বাঢ়িছিল।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

চন্দন চিৰিং ফুকন

ফোন : +৯১ ৮০১১৩১৪৮৮৫

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz