|

গুলজাৰৰ কবিতা

প্ৰকাশ: ১৪ নৱেম্বৰ, ২০১৯ | অন্তিম সম্পাদনা: ১৪ নৱেম্বৰ, ২০১৯

পৰিপূর্ণতাৰ কবিতা 
(नज़्म उलझी हुई है सीने में)

কবিতাৰ উন্মেষ মোৰ হৃদয়ত
কবিতাৰ স্তৱকবোৰ লাগি অছে মোৰ ওঁঠত,
প্রজাপতিৰ দৰে উৰি ফুৰা
শব্দবোৰে বহাৰ নামেই নলয় কাগজত।

তেতিয়াৰে পৰা বহি আছোঁ প্রিয়া
উকা কাগজত লিখি তোমাৰ নাম
মাথোঁ তোমাতেই পৰিপূর্ণতা—
ইয়াতকৈ আৰু কি হ’ব পাৰে
উত্তম কবিতা!

আর্হি
(मुझको भी तरकीब सिखा)

মোকো কিবা এটা আর্হি শিকোৱা
মোৰ তাঁতী বন্ধু
প্রায়েই তোমাক দেখোঁ তাঁত বৈ থকা
যেতিয়া সূতা ছিগে বা শেষ হয়
পুনৰ জোৰা দি বা নতুন সূতা লগাই
পুনৰ ব’বলৈ আৰম্ভ কৰা,
তথাপিও তোমাৰ তাঁতত
এটাও গাঁঠি মনিব নোৱাৰে কোনেও,
মইতো এবাৰেই জোৰা দিছিলো এটা সম্বন্ধ
কিন্তু সম্বন্ধৰ সকলো গাঁঠি
জল-জল পট-পটকৈ চকুত পৰে
মোকো কিবা এটা আর্হি শিকোৱা
মোৰ তাঁতী বন্ধু…।

প্রতিশ্রুতি
(आदतन तुम ने कर दिये वादे)

অভ্যাসবশতঃ তুমি দিলা প্রতিশ্রুতি,
অভ্যাসবশতঃ মইও কৰিলো বিশ্বাস।

তোমাৰ পদূলিত বহুবাৰ ৰৈ,
মই নিজৰেই অপেক্ষাত পাৰ কৰিলো।

এতিয়া আৰু এনে জীৱন নিবিচাৰো,
এই অপৰাধ মই এবাৰেই কৰিলো।

অভ্যাসবোৰো যে
(आदत)

আৰু পঢ়ক:  মেট্ৰিকৰ মিঠাই

অভ্যাসবোৰো যে কি আচৰিত
উশাহ লোৱাটোও কি এক অভ্যাস,
জীয়াই থকাটোও কেনে এক বিশ্লেষণ
দুভৰি চলি থাকে মাথোঁ
নিৰৱচ্ছিন্নভাৱে,
শৰীৰৰ ক’তো যেন কোনো সাৰ-সুৰ নাই,
দুচকুত নাই কোনো ছবি
বৈ থকা এক যাত্রা
নিৰবধি
কিমান বছৰৰ পৰা,
কিমান শতিকাৰ পৰা…
অভ্যাসবোৰো যে কি আচৰিত…

| আৰু পঢ়ক: সঙ্গ বিচ্ছেদ হ’লেও সম্পৰ্ক ছিঙিব নাপায় 

বুৰবুৰণি
(आदमी बुलबुला है पानी का)

মানুহ…
মানুহ পানীৰ বুৰবুৰণি
পানীৰ বোৱঁতী ধাৰাত উটিও যায়, ডুবিও যায়
আকৌ উদয় হয়, আকৌ বৈ যায়
না সাগৰে গিলিব পাৰিছে
না ইতিহাসে মচিব পাৰিছে।
সময়ৰ ধাৰাত সদায় বৈ থকা
পানীৰ বুৰবুৰণি মানুহ।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts