বৃষভ

দিনত গোপিনীৰ বৰসবাহ আছিল। বেলাটো নামঘৰতে পাৰ হ’ল। ঘৰুৱা জঞ্জাল নাই বুলি আনবোৰতকৈ সোমেশ্বৰী বুঢ়ীয়ে নামঘৰত অলপ বেছি সময় দিবলগীয়া হয়। বাহী-বন সামৰি-সুতৰি লাল চাহ এবাটিৰে ডিঙিটো তিয়াই থিতাদহে বুঢ়ী নামঘৰ পাইছিলগৈ।

বেলি লহিওৱাৰ কতখিনি পৰৰ পিছতহে বুঢ়ী ঘৰমুৱা হৈছিল। আহিয়ে চৰুত চাউল এমুঠি বহাই সোনকালে খাই-বৈ আজৰি হৈ একবাৰে পাটীত পৰিল। আনদিনাতকৈ সোনকালে পাটীত পৰাৰ কাৰণেই নেকি পাটীত পৰি বুঢ়ীৰ টোপনি নহা হ’ল। মাথোঁ ইকাটি-সিকাটি কৰি থাকিল। প্ৰতিবাৰ গাটো লৰাওঁতে বাঁহৰ বিছনাখনে কেৰমেৰাই উঠিল। বুঢ়ীৰ একেলেঠাৰিয়ে কেইবাটাও হামি আহিল। মুখ মেলি হামিয়াওঁতে হামিয়াওঁতে বুঢ়ীৰ কোৱাৰি ফটাৰ উপক্ৰম হ’ল। পিয়াহত ডিঙিৰ তলিলৈকে শুকাল। বুঢ়ীয়ে খেপিয়াই-জেপিয়াই আন্দাজতে জুইশলাটো আমি কেৰাচিন তেলৰ চাকিটো জ্বলাই ল’লে। মাটি কলহটোৰ পৰা পানী বাকি ভালকৈ দুবাটিমান পানী খাই ল’লে। চাঙত উঠিবলৈ লওঁতেই বুঢ়ীৰ আকৌ বাহিৰলৈ যাব লাগিল। পিৰালিৰ কাণতে সৰুপানী চুই নাদৰ পানীৰে আঠুলৈকে ধুই ল’লে। আকাশত মেঘে গাজনি মাৰিছে। বুঢ়ীয়ে মূৰ তুলি চালে।

—এৰা, দক্ষিণ আকাশত মেঘে গাজিছে। ক’তনো বৰষুণ দিব! বোলে দক্ষিণে গাজিলে মাৰে খৰ, পূবে গাজিলে মাৰিবা ল’ৰ। ক’ৰ পৰা বৰষুণ দিব। পৃথিৱীত মহাপাপ হৈছে। চাৰিওপিনে গছ-লতা, তৰু-তৃণ শুকাই গৈছে। পথাৰৰ মাটি ছিৰাল ফাট দিছে। শইচ টুটিব, মইচ টুটিব, টুটিব বিৰিখৰ গুটি, বৰ বৰ মানুহৰ বাইক লৰিব, লৰিব ধৰমৰ খুঁটি।

বুঢ়ীয়ে বাঁহৰ দুৱাৰখনত দাংডাল লগাই ফু-মাৰি কেৰাচিন তেলৰ চাকিটো নুমুৱাই পাটীত পৰিল। ওচৰৰ বাঁহনিডৰাৰ পৰা এজাক শিয়ালৰ হোৱা ভাহি আহিল। বাৰীৰ ঢাপত থকা শিমলুজোপাত বাহ লোৱা হেটুলুকাটোৰ মাতটোৱে নিশাটো আৰু গভীৰ কৰি তুলিলে। সোমেশ্বৰী বুঢ়ীয়ে কীৰ্তনৰ ঘোষা আওৰাই টোপনি যাবলৈ চেষ্টা কৰিলে। ঠিক সেইকণ পৰতে বুঢ়ীৰ পদূলিত নঙলাডাল পৰাৰ শব্দ হ’ল। বুঢ়ীৰ ষষ্ঠ ইন্দ্ৰিয় সজাগ হৈ পৰিল।

—ই মহীয়ে হ’ব পায়।

পদূলি পাৰ হৈ খোজৰ শব্দ লাহ লাহে চোতাল পালেহি। চোতালৰ সেইখিনিতে ৰৈ বুঢ়ীৰ শোৱা ঘৰৰ একমাত্ৰ দুৱাৰখনত ঠেলা এটা মাৰিলে। বুঢ়ী যেন সেইকণ সময়ৰ বাবেই ৰৈ আছিল। গলহেকাৰি এটা মাৰি তৎপৰতাৰে কৈ উঠিল— ‘ঐ মহী, আহিলি?’ তাৰ পিছত সকলো নিচুপ। সম্ভৱতঃ মহীও শুলে আৰু সোমেশ্বৰী বুঢ়ীৰো টোপনি আহিল।

বহুদিনৰ আগৰ দুপৰীয়া এটাৰ কথা। সিদিনা বুধবাৰ আছিল। ৰূপহীত বুধবৰীয়া হাট বহে। জেঠৰ বাৰখৰ মাৰিছে। চৌফলীয়া ৰ’দ। মহীধৰৰ পুতেক মনাই বোলাটো চাইকেল ঠেলি ঠেলি আহি আছে। আগে আগে দমৰা এটা। তাৰ বাবে নিচেই অচিনাকি কেঁচা আলিটোৰে দমৰাটো যেনি তেনি যাব খুজিছে। মনায়ে হেঃ হেঃ কৈ তাৰ ডিঙিত মেৰাই লোৱা পঘাডাল হাতৰ মুঠিত টানি টানি পিঠিত দুই-এচাট দিছে। পথাৰৰ দাঁতিৰ গছৰ ছাঁত জিৰণি লোৱা পথৰুৱা দুই-একে সেই দৃশ্য দেখি সুধিছে—
—বোলো মনাই কিমান পৰিল?
—দদাই, পুৰাপুৰি বিছ কুৰি।

গৰমৰ প্ৰকোপত ভাতমুঠি পেটলৈ নিয়া টান গুণে মুখৰ জুতি বিচাৰি কচু এমুঠি আনো বুলি সোমেশ্বৰী বুঢ়ী পুখুৰীৰ পাৰলৈ গৈছিল। বুঢ়ীয়েও দেখিছিল দমৰাটোৰ সৈতে মনাইক। বুঢ়ীৰ মনাইলৈ বেথা উপজিছিল! বেচেৰা মনাইটো! ৰ’দৰ তাপত গোটেইটো কেহেৰাজ বটা যেন হৈ পৰিছে। গ’ল কথা গুচিল। তাৰ দুদিন পিছত মহীধৰ বোলাটো গ’ল। বুধবৰীয়া হাটৰ পৰা কিনি অনা দমৰাটোৰ গলত ৰঙা ফিটা এডাল বান্ধি মনাইয়ে গাঁৱৰ মূৰৰ শিৱথানখনত দি আহিলগৈ। ঘৰে ঘৰোৱাহে গৈ মন্দিৰত চাকি-বন্তি জ্বলাই শৰাই এভাগ দিলে। দমৰাটো শিৱথানত দিলে হয়, পিছে সিনো ক’ত মন্দিৰত থাকে? দিনটোৰ কোনোবা অকণ সময় মন্দিৰত থাকে যদিও বাকী সময়খিনিত গাঁৱত সোমাই মানুহৰ বাৰী-ঘৰ লুৰুকি ফুৰে। তাৰ উৎপাতত আনকি গোহালিৰ গাই গৰুকিজনীও শান্তিৰে থাকিব নোৱৰা হ’ল। সোমেশ্বৰী বুঢ়ী নিছুৰীয়া মানুহ। গৰু-গাইনো কেলেই। তথাপি দমৰাটোৰ কাণ্ড-কাৰখানা দেখি-শুনি বুঢ়ী খঙত জ্বলি-পকি থাকে। এদিন সি সোমেশ্বৰীৰ বাৰীতো সোমাল। বুঢ়ীৰ যতনত সাৰ-পানী পাই লহপহকৈ ডাঙৰ হোৱা জলকীয়া, বেঙেনা পুলিকেইটা সি টকলা কৰি খালে। বুঢ়ীয়ে বাৰীচুকত কিবা কৰি আছিল। হাততে পোৱা জেওৰাডাল লৈ দমৰাটোক মৰিয়াই-খতিয়াই ঘৰৰ চৌহদৰ পৰা বাহিৰ কৰিলে। কিয় জানো, দমৰাটোক দেখিলেই বুঢ়ীৰ তলৰ পৰা ওপৰলৈকে সৰ্বশৰীৰ শিৰশিৰাই উঠে আৰু মুখত যিহকে আহে তাকে কৈ পাৰে মানে গালি-শপনি পাৰে।
—চালা কটা নিধক, লোকৰ চুৱাপাত চেলেকা, গিৰিহঁত যেনেকুৱা তয়ো তেনেকুৱা; সিটো গ’লেই, এতিয়া লোকৰ বাৰীচুকে-কলাতলে সঁচ এৰিবলৈ তোকো এৰি থৈ গৈছে!

সেইটো মহীধৰ— সৌ সিদিনালৈকে তাৰ তেজতনো কম পিৰপিৰণি আছিল নে? ঘৰত গোসাঁনীহেন তিৰোতাজনী থাকোঁতেও কেৱল তাৰ পৰৰ তিৰোতালৈহে চকু। অৱশ্যে তিৰোতা বুলি ক’লে ভুল কোৱা হ’ব। মুঠতে নাৰীৰ প্ৰতি সি খুব আসক্ত। শাৰীৰিক সৌন্দৰ্যৰে আনক মোহিত কৰিব নোৱাৰিলে কি হ’ব, মাত-কথাত তেনেই মৌ বৰষা। গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে মহীধৰক দেখিলে দূৰৈতে ফৰিং ছিটিকা দিয়ে। এনে হেন চোকা দৃষ্টি মানুহটোৰ। যাৰফালে দৃষ্টি নিক্ষেপ কৰে, পিন্ধা কাপোৰ সৰকি একেবাৰে অন্তঃস্থল চুই যায়গৈ। ওচৰতে পালে আইজনী, দেহাজনী বুলি মাতি মূৰত ধৰি মৰম কৰে। ছেগ বুজি কেতিয়াবা কাৰোবাক জোখতকৈ যেন অলপ বেছি মৰম কৰিবলৈ চায়। মহীধৰৰ অবাধ্য হাতৰ আঙুলি বুকু, পিঠি পৰ্যন্ত বাগৰি যায়। কেৱল বুকু, পিঠি চোৱাতে মহীধৰৰ হাত সীমাৱদ্ধ হৈ থকা হ’লে! বিয়াৰ পিছতে মহীধৰৰ ঘৈণীয়েক অশৌচত পৰিল। শাহু, ননদ নথকা ঘৰ। বায়েকক ইখন-সিখনত সহায় কৰিবলৈ মহীধৰৰ খুলশালী ছোৱালীজনী আহিল। তাইকো সি এৰি নিদিলে। ঘৈণীয়েকক আঁৰ কৰি তাইৰ নিষিদ্ধ বননিত সি অবাধ বিচৰণ কৰিলে। এটা সময়ত তাইৰ গা ধোৱা বন্ধ হ’ল। এই লৈ মহীধৰৰ ঘৈণীয়েকৰ লগতো মহাৰণ চলিল। পিছত মহীধৰে খুলশালী ছোৱালীজনীক ঘৰলৈ পঠাই দিলে। ঘৰত গৈ তাইৰ ল’ৰা এটা উপজিল। সেইফালে মহীধৰৰ এটা সঁচ ৰ’ল।

এবাৰ মহীধৰ গাঁওখনত বহুদিন ধৰি নাছিল। গাঁৱত বু-বু-বা-বা চলিল। সি বোলে দুলীয়াজানৰ তেল কোম্পানীত কিবা কাম এটা পালে। তাত থাকোঁতে সি কঠিয়া এটা এৰি থৈ আহিল। কথাটো তেতিয়া কোনেও জনা নাছিল। এদিন দুলীয়াজানৰ পৰা ল’ৰা এটা আহি ওলালহি। মহীধৰক ‘দেউতা’ বুলি সম্বোধন কৰাৰ পিছত ঘৰখনত সৰু-সুৰা হৈ-চৈ এখনৰ সৃষ্টি হ’ল। কথাটো প্ৰথমে চুবুৰীয়াই জানিলে। পিছত ইকাণ-সিকাণকৈ গোটেই গাঁও জুৰি কথাটো বিয়পি পৰিল। এনে চৰিত্ৰহীন, লম্পট মানুহৰ স’তে সংসাৰ নকৰোঁ বুলি মহীধৰৰ ঘৈণীয়েকে টালি-টোপোলা বান্ধি ঘৰ এৰি যাবলৈ ওলাল। মহীধৰে একেবাৰে ঘৈণীয়েকৰ ভৰিত পৰিল। পাটীৰ তিৰোতাজনী নাথাকিলে তাৰ এই ভাটী বয়সত দেহাৰ খজুৱতি মাৰিবগৈনো ক’ত? সি একেবাৰে ল’ছালীকেইটাৰ মূৰত ধৰি শপত খালে যে সি শুধৰণি হ’ব। এতিয়াৰ পৰা সি আৰু পৰৰ তিৰীৰ চকুলৈকে নাচায়। মহীধৰৰ ঘৈণীয়েক যেনিবা তিমানতে সৈমান হ’ল। পিছে যাৰ যি স্বভাৱ। ঘৰত কোনো নথকাৰ সুযোগ লৈ এদিন সি তিলেমাইৰ বেঙী ছোৱালীজনীক পিছফালৰ পৰা গবা মাৰি ধৰিলেগৈ। বেঙী ছোৱালীজনীয়ে তিনিদিনীয়া চুৱা ধুবলৈ বুলি গা-ধোৱা ঘৰটোত সোমাইছিল। মহীধৰ জানো কি সকামত তিলেমাইৰ ঘৰলৈ গৈছিল। কিবা জুতিত বাঁহৰ বেৰৰ জলঙাৰে বেঙীজনীক দেখি সি ৰ’ব নোৱৰা হ’ল। তৎমুহূৰ্ততে সি বিয়াগোম ষাড়টো যেন হৈ পৰিল। বেঙীজনীয়ে অস্ফুট মাতেৰে এ, ওকৈ আটাহ পাৰিলে। সেই সময়তে ঘৰৰ ভিতৰত তিলেমাইৰ মাত শুনি মহীধৰ বাৰীৰ চুকেদিয়ে পলাল।

এবাৰ সি নিজৰ মাহীয়েকৰ ছোৱালীজনীৰ শৰীৰ চুৱা কৰিলে। আৰু এদিন এই মহীধৰৰ শেন চকুৰ পৰা সোমেশ্বৰীও সাৰি নগ’ল। সোমেশ্বৰীৰ দেহত তেতিয়া ভৰ যৌৱন। গাভৰু জীৱনৰ অকাল বৈধব্য। সোমেশ্বৰীৰ পূৰঠ মঙহাল শৰীৰটো দেখি মহীধৰ ৰ’ব নোৱৰা হ’ল। অকলশৰীয়া মানুহজনীনো কেনে আছে, কি খাইছে, কেনেকৈ চলিছে ইত্যাদি অনেকটা কথাৰ আচিলা লৈ সোমেশ্বৰীৰ ঘৰৰ চোতালত মহীধৰৰ খোজ পৰিল। যিটো মানুহে গিৰীয়েক জীয়াই থাকোঁতে এদিনৰ বাবেও ভুমুকি মৰা নাছিল, সেইটো মানুহ প্ৰায়ে আহি থাকিবলৈ ল’লে সোমেশ্বৰীৰ ওচৰলৈ। সোমেশ্বৰীৰ বৰ অসহ্য লাগে। তথাপিও ঘৰলৈ অহা মানুহক উলিয়াই খেদিব নোৱাৰি বুলিয়েই সোমেশ্বৰীয়ে মহীধৰক চাহ-তামোল যাঁচে। মনত এনেকুৱা এটা ভাব— চাহকাপ দিলেই, তামোলখন যাঁচিলেই যায় যদি যাওক। সোমেশ্বৰী কিন্তু মহীধৰক লৈ জোখতকৈ যেন অলপ বেছি সচেতন। সদায় এক নিৰাপদ দূৰত্ব বজাই ৰাখি তাৰ লগত কথা-বতৰা পাতে। পিছে কথাৰ লাচতে ছেগ বুজি মহীধৰে তাইক আশ্বাস দিয়ে, সি থাকোঁতে তাই একো অসুবিধাত নপৰে। যেতিয়াই যি বস্তুৰে প্ৰয়োজন হয়, তাক জনাবলৈ যেন তাই হোহোকা-পিছলা নকৰে। মহীধৰে কয়, ‘ককাইটি নাই বুলি দুখটো থাকিবই দেচোন; তথাপি আমি আছোঁ নহয়, গোটেই গাঁৱৰ মানুহবিলাকক এটা পৰিয়াল বুলিয়েই ধৰচোন। তই কষ্টত থাকিলে জানো শান্তিত থাকিব পাৰোঁ?’ সংসাৰৰ দুখ-যন্ত্ৰণাই ম্লান কৰিব নোৱৰা সোমেশ্বৰীৰ ৰূপ-যৌৱন। তাইক লতা বুলি কৈ সি নিজে বৃক্ষ হ’ব খোজে। ওৰেটো জীৱন তাৰ গাতে বগাই যোৱাৰ প্ৰতিশ্ৰুতি আদায় কৰিব খুজি মহীধৰ হতাশ হৈ পৰে। আৰু এদিন মহীধৰে তাইক চিধাচিধিকৈয়ে প্ৰস্তাৱ দিয়ে। অন্যৰ ক্ষেত্ৰত হোৱা হ’লে সি ইমানদিনলৈ বাটেই নাচালেহেঁতেন। কিন্তু সোমেশ্বৰীক সি বলে পৰা নাই। তগবগ যৌৱনেৰে পুষ্ট সোমেশ্বৰী যেন সঁচাকৈয়ে একুৰা জুই। যিয়ে পলকতে দগ্ধ কৰি পেলাব পাৰে তাক। অথচ সেই অগ্নিশিখা চুই চোৱাৰ প্ৰতি সি উত্ৰাৱল হৈ পৰিছে। সি যেন উন্মাদ হৈ যাব।

এদিন নিশা মহীধৰে সোমেশ্বৰীৰ পদূলিৰ নঙলা খুলি শোৱা ঘৰৰ দুৱাৰ হেঁচুকিলেহি। মাতটো যিমান পাৰি সিমান তলিৰ পৰা উলিয়াই লৈ ক’লে— ‘আই অ’ সোমে, দুৱাৰখন খোলচোন, মাথোঁ এৰাতিৰ বাবে তোৰ পাটীত শুবলৈ দে।’  দগমগ অগ্নিৰ স্ফুলিংগ এটাহে যেন ছিটিক আহি মহিধৰৰ গাত পৰিলহি— ‘চালা চুৱা চেলেকা, নিজৰ পাটীৰ তিৰোতাৰে তোৰ ভোক নুগুচিল, এতিয়া লোকলৈ হাত মেল কটা নিধক। দাখন লৈ যামনে চিধা ৰাস্তা ল’বি?’ এহাতেৰে মিট দাখন খামুচি আনখন হাতেৰে কেৰাচিন তেলৰ চাকিটো লৈ চুলি মেলি ওলাই অহা সোমেশ্বৰীৰ ৰণচণ্ডী মূৰ্তি দেখি মহীধৰ আৰু এক মুহূৰ্তও নৰ’ল। সেইদিন ধৰি সোমেশ্বৰীৰ পদূলিত আৰু মহীধৰৰ ছায়া নপৰিল। মহীধৰৰ নামটো মনলৈ আহিলে এই বৃদ্ধাৱস্থাতো সোমেশ্বৰীৰ ঘৃণাত নাক কোঁচ খাই আহে। উস্ কুমজেলেকুৱাৰ বিজলুৱাৰ লেখীয়া আছিল যেন মহীধৰৰ মুখৰ পৰা নিৰ্গত কথাবোৰ!

সেইটো মহীধৰৰ বেলি লহিওৱাৰ দিনকেইটা খুব ভয়ংকৰ ভাৱে পাৰ হ’ল। বহু দিন, বহু মাহ বিছনাত পৰি লেকাট ভূঞ্জিলে। বিছনাতে পেচাব, পায়খানা সকলো কৰে। বেমাৰৰ আদি অন্ত নাই। এই বোলে পেচাবৰ দোষ, এই বোলে পায়খানা লাগিল মাত্ৰকে ৰ’ব নোৱাৰে। চোতালতে পৰি কঁকালটোও ভাগিল। কাঁহটো মাৰিলে থোপা-থোপে তেজ সৰে। কাঠখৰিৰ দৰে শুকাই যোৱা মানুহটোক টনা-আঁজোৰা কৰোঁতে মহীধৰৰ ঘৈণীয়েকৰ মৃতপ্ৰায় অৱস্থা। পিছলৈ মহীধৰে গোটা আহাৰকণো গিলিব নোৱৰা হ’ল। ঘৈণীয়েকে পিঠাগুৰি গুলি পি খুৱাই দিয়ে। পিছে পিঠাগুৰি খাই আৰু কিমানদিন টিকিব? এইবোলে ধৰ ধৰ, মাৰ মাৰ; বাহিৰলৈ উলিওৱাৰ যো-জা চলে, পিছমুহূৰ্ততে আকৌ কিছু ভাল যেন দেখে। মহীধৰক পৰ দিবলৈ অহা মানুহকিটাৰ ধৈৰ্যচ্যূতি ঘটে। মানুহমখাৰ মাজত গুণ গুণ কথা চলে, ‘ভগৱন্তই তাক সোনকালে মুক্তি দিয়ক আৰু। এনেকৈ মৰাটোৰ লগতে আৰু কিমান শাস্তি খাবা?’
—এনেকৈ সহজতে নমৰিব নহয়, বেটাই উচিত শিক্ষা পাই গৈছে; বোলে এইখনেই স্বৰ্গ আৰু এইখনেই নৰক।

মানুহটোৰ যমৰ যাতনা দেখি মহীধৰক ঘৈণীয়েকে অ’ত চোৱালেগৈ ত’ত চোৱালেগৈ। যিয়ে যি ক’লে তাকে কৰিলে। ক’লা মাছ, ক’লা পাচলিৰে দহজন ভকতক ঘৰলৈ মাতি চাউল সিজোৱা খুৱালে। বৰ নামঘৰলৈ শৰাই-শলিতা আগবঢ়ালে। গীতা পাঠ কৰালে। আনকি ঘনকান্ত শৰ্মাক মতাই মানুহটোক পৰাচিত এটাও কৰালে।

এদিন ভৰদুপৰীয়া এটাত ভাটীৰ ফালৰ পৰা এজন জঁটাধাৰী সন্ন্যাসী আহি ওলালহি। কঁপালত ৰঙা তিলক, ডিঙিত পেটলৈকে ওলমা এজাপ ৰুদ্ৰাক্ষৰ মালা, গাত ৰঙা কৌপিনেৰে সাক্ষাৎ দেও যেন লগা বাবাজীজনে মহীধৰৰ চোতালত ভৰি থৈয়ে গম পাই গ’ল সিহঁতৰ ঘৰৰ অৱস্থাৰ কথা মহীধৰৰ ঘৈণীয়েকে ভাবে-ভক্তিৰে বাবাজনক নি গিৰীয়েকৰ ওচৰ পোৱালেগৈ। বাবাজীজনে মহীধৰক চাই-চিতি ক’লে বোলে মহীধৰক শিৱথানৰ দোষে চুইছে। এই দোষৰ পৰা পৰিত্ৰাণ পাবলৈ শিৱথানত দমৰা এটা দান দিব লাগে। কথামতেই কাম। মহীধৰৰ ঘৈণীয়েকে আৰু এক মুহূৰ্তও পলম নকৰিলে। পিছদিনা বুধবাৰ আছিল। মনাই পুৱাতে ৰূপহী হাট পালেগৈ। ৰূপহী হাটৰ পৰা কিনি অনা দমৰাটো শিৱথানত দিয়াৰ পিছতে মহীধৰৰ প্ৰাণ বায়ু উৰিল। শৱটো নিবৰ পৰত মহীধৰৰ ঘৈণীয়েকে হিয়া ঢাকুৰি কান্দিলে। চকুৰ পানী, নাকৰ পানীৰে কঁপালৰ সেন্দূৰৰ ফোঁট ভাহি-ভোহাৰি গোটেই মানুহজনীৰ মুখখন ৰাঙলী হৈ পৰিল।

—ভাল জীৱ আছিল অ’, মুকুতি পালে।
নিজান ৰাতি মহীধৰৰ ঘৈণীয়েকৰ ইননি-বিননি চৌদিশে বিয়পি গ’ল। সকলোৱে ইচ্ ইচ্ হায় হায় কৰিলে। বোলে ইমানখিনি হৈ যোৱাৰ পিছতো মানুহজনীয়ে তাক ভাল জীৱ বুলিহে ক’লে।

মহীধৰৰ শৰাধ আদি হৈ যোৱাৰ বহুদিন পিছত এদিন দুপৰীয়া সময়ৰ কথা। সোমশ্বৰী বুঢ়ী চাউল ধোৱা পানীকণ পেলাওঁ বুলি আগচোতাললৈ ওলাই আহিছিল। সেইকণ সময়তে মনাইয়ে এৰি দিয়া দমৰাটো কো-কোৱাই সোমাই আহিল। চৌফলীয়া ৰ’দ। কিয় জানো সেইদিনা বুঢ়ীয়ে তাক মৰিয়াই-খতিয়াই নেখেদিলে। চাউল ধোৱা পানীকণ নেপেলাই দমৰাটোৰ মুখৰ আগত দিলে। পানীকণ খাই দমৰাটো চোতালতে পেট পেলাই শুই পৰিল। আই অ’ দেহী, অমাত জীৱ। সেইদিনাৰ পৰা বুঢ়ীয়ে তালৈ চাউল ধোৱা পানী, দাইল ধোৱা পানী যি য’ত থাকে, চববোৰ গোটাই চৰিয়া এটাত থৈ দিয়ে। খাবলৈ পাই নিতৌ দমৰাটো বুঢ়ীৰ ঘৰলৈ আহে। নিজৰ গাই-গৰু নাথাকিলেও তাৰ গোবৰকণ পেলাবলৈ বুঢ়ীয়ে অকণো এলাহ নকৰে। গোবৰকণ অৱশ্যে বুঢ়ীৰ কামত আহে। সাৰ-পানী পাই জলকীয়া, বেঙেনা পুলিকেইটা পুনৰ বাঢ়ি আহিল। আজিকালি সি আগৰ দৰে বুঢ়ীৰ বাৰীৰ কোনো বস্তু নষ্ট নকৰে। সোমেশ্বৰী বুঢ়ীয়ে তাক নাম এটা দি লয় মহী। মুখ বাগৰি গাঁৱৰ সকলোৰে মাজত ষাড়টো এতিয়া ‘মহী’ নামে জনাজাত। মহীয়ে দিনৰ দিনটো গাঁওখনত ঘূৰি-পকি ৰাতি হ’লে সোমেশ্বৰীৰ চোতালত শুই থাকেহি। যিদিনা মহী নাহে সেইদিনা বুঢ়ীৰ চোতালখন কিবা ৰিঙা ৰিঙা যেন লাগে। যিজনী সোমেশ্বৰীয়ে মহীক দেখিলে জেওৰা লৈ খেদা মাৰি গৈছিল, সেইজনী সোমেশ্বৰীয়ে এতিয়া মহী নাহিলে ৰিঙা ৰিঙা যেন অনুভৱ কৰা হ’ল। বুঢ়ীৰ এই পৰিৱৰ্তন দেখি দাঁতিৰ সৰুমনৰ মাকে বুঢ়ীক সুধিলে— ‘জেঠাইদেউ, আজিকালিচোন আপুনি মহীক দেখিলে আগৰ দৰে খেদা মাৰি  নাযায়?’ সোমেশ্বৰী বুঢ়ীয়ে হুটা মাতটো উলিয়াই কৈ যায়— ‘হেৰ’ অমাত জীৱ দেচোন; জ্ঞান থকা হ’লে এনেকৈ মাৰ-কিল খায়ো আকৌ আহেনে? কিবা বোলে আমাৰ গুৰুজনাই কৈছিল নহয়, কুকুৰ শৃগাল কিবা আত্মা ৰাম, সবাকো কৰিয়ো পৰনাম। বুজিলি সৰুমনৰ মাক?’ বুঢ়ীয়ে ঘূৰি দেখে ওচৰত কোনো নাই। সোমেশ্বৰী বুঢ়ীৰ এবাৰ মুখখন মেল খালে যে সহজে বন্ধ নহয় সেই কথা গাঁওখনৰ চবেই জানে। সৰুমনহঁতৰ ঘৰৰ ফালে চাই বুঢ়ীয়ে কৈ উঠে— ‘যা যা, কাম কৰি গোটেইখন দুফাল ফাল কৰগৈ; বোলো কথা শুনাৰ ধইয নায়ে যদি সোধ কেলেই? মোৰ হ’বলা বেটীৰ কাম-বন নাই?’ এইবুলি পিৰিক্ কৰে তামোলৰ পিকখিনি পেলাই বুঢ়ী ভিতৰলৈ সোমাই যায়।«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz