বৰগীত আৰু বৰগীতৰ প্ৰথম মুদ্ৰণ

এক.
অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে চাৰুকলাৰ আটাইকেইটা শাখাকে ব্যৱহাৰ কৰিছিল। বৈষ্ণৱ ভক্তি-ধৰ্মৰ আন্দোলন সৰ্বজনপ্ৰিয় কৰি সকলোকে এই আন্দোলনত অংশগ্ৰহণ কৰাৰ উপায় উলিয়াই দিয়াত চাৰুকলাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ফলত কাব্য, গীত, নাট, চিত্ৰ, বাদ্য— এই সকলোবোৰ কলাই অসমত এটা নতুন পৰিশীলিত আৰু বিকশিত ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল। পঞ্চদশ-ষোড়শ শতিকাতে প্ৰৱৰ্তিত ভক্তি-ধৰ্মৰ অংগস্বৰূপে ব্যৱহৃত হ’বলৈ ধৰা এই শিল্পকৰ্মই সত্ৰসমূহৰ যোগেদি এটা নিজস্ব পৰম্পৰা গঢ়ি তুলিলে। আজিও এই পৰম্পৰা প্ৰৱাহিত হৈ আছে, তদুপৰি আধুনিক কালত এই পৰম্পৰাই এটা নতুন আয়তন লাভ কৰিছে। প্ৰসংগক্ৰমে এই কথা উল্লেখযোগ্য যে শংকৰদেৱৰ সমকালীন ভাৰতবৰ্ষত যিসকল সন্তই ভক্তি-ধৰ্ম প্ৰচাৰ কৰিছিল, সেইসকলৰ ভিতৰত কেৱল মহাপুৰুষ শংকৰদেৱেই সুকুমাৰ কলাৰ আটাইকেইটা শাখা ধৰ্ম প্ৰচাৰৰ মাধ্যম স্বৰূপে ব্যৱহাৰ কৰিছিল। এই মাধ্যমকেইটাৰ ভিতৰত গীত আছিল অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম।

শ্ৰীমন্ত শংকৰদেৱে দুবাৰ সুদীৰ্ঘ সময় ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থসমূহ দৰ্শন কৰিছিল আৰু উড়িষ্যাৰ পুৰীত অধিক দিন কটাইছিল। উড়িষ্যাত একপ্ৰকাৰ উত্তৰ ভাৰতীয় সংস্কৃতিৰ লগত দক্ষিণ ভাৰতীয় সংস্কৃতিৰো কিছু উপাদান আহি যোগ হৈছিলহি। অৱশ্যে মূল ধাৰটো যে উত্তৰ ভাৰতীয় আছিল, সেই সম্পৰ্কে কোনো সন্দেহ নাই। উৰেষা বৰ্ণনাত শংকৰদেৱে নিজে লিখিছে—
          উৰেষা বাৰনসী ঠাৱে ঠাৱে।
          কবীৰ গীত শিষ্টসৱে গাৱে।।

এই উল্লিখনে উত্তৰ ভাৰতীয় ধাৰাৰ প্ৰচলনৰ সংকেত দিয়াৰ উপৰিও শংকৰদেৱতকৈ বয়সত একাৱন্ন বছৰ জ্যেষ্ঠ কবীৰৰ দোহাসমূহৰ লগত শংকৰদেৱৰ পৰিচয় থকাৰো ইংগিত দিয়ে।

ভাৰতীয় ৰাগ-সংগীতৰ লগত শ্ৰীমন্ত শংকৰদেৱৰ যে পৰিচয় আছিল, সেই কথা তেওঁ ব্যৱহাৰ কৰা ৰাগসমূহৰ নামেই প্ৰমাণ কৰে। গুৰুচৰিত-কথাত তেওঁৰ তীৰ্থ ভ্ৰমণৰ যি বিৱৰণ দিছে, সেই বিৱৰণে উত্তৰ ভাৰতীয় ৰাগ-সংগীতৰ লগতে কৰ্ণাটকী সংগীতৰ স্পৰ্শ পৰা বুলি কৰা অনুমানক আধাৰ দান কৰিছে। সি যি কি নহওক, ধৰ্ম প্ৰচাৰৰ বাবে গীতকো মাধ্যম স্বৰূপে ব্যৱহাৰ কৰা শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ প্ৰথম গীত ‘মন মেৰি ৰাম চৰণহি লাগু’ বদৰিকাশ্ৰমত ৰচনা কৰিছিল বুলি তেওঁৰ চৰিতকাৰ আৰু জীৱনীকাৰসকলে উল্লেখ কৰিছে।

চৰিত পুথি মতে, শংকৰদেৱে বাৰ কুৰি গীত ৰচনা কৰিছিল। ‘বাৰ কুৰি বৰগীত, তেৰকুৰি ফকৰা’— ই একপ্ৰকাৰ বাক্যলৈ ৰূপান্তৰিত হ’ল। ‘গুৰুচৰিত কথা’ত আছে, শংকৰদেৱৰ গীতৰ পুথিখন কমলা গায়ন নামৰ এজন আতৈয়ে পঢ়িবলৈ নি থওঁতে বনপোৰা জুয়ে আতৈৰ ঘৰৰ লগতে পুথিখনিও পুৰিলে। গুৰুজনে ইয়াতে দুঃখ পাই মাধৱদেৱক ক’লে— ‘‘বৰাৰ পো, অতি শ্ৰমকৈ গীতখিনি কৈলো। পুইলে। আমি আৰু নকৰোঁ। তুমি কিছু কৰা।’’ মাধৱদেৱে শংকৰদেৱৰ প্ৰচলিত চৌত্ৰিশটি গীতৰ লগত নিজৰ এশ সাতৱন্নটি গীত সংযোগ কৰি নকৈ পুথিখনি কৰিলে। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এই গীতখিনিক ভক্তসকলে কেতিয়াৰ পৰা ‘বৰগীত’ বুলিবলৈ ধৰিলে, সেই সম্পৰ্কীয় সময়ৰ কোনো তথ্য নাই। কিন্তু এই গুৰু দুগৰাকীয়ে ৰচনা কৰি যোৱা গীতখিনিৰ বাহিৰে পৰৱৰ্তী কালত অন্যান্য সন্ত-মহন্তসকলে একে আৰ্হিৰ গীত ৰচনা কৰিলেও তেনে গীতসমূহক ‘বৰগীত’ বোলা নহ’ল।

শংকৰদেৱ আৰু মাধৱদেৱ প্ৰণীত গীতখিনিক কিয় বৰগীত বোলা হ’ল, সেই বিষয়ে পণ্ডিতসকলে বিভিন্ন মত-অভিমত দাঙি ধৰিছে। কোনো কোনোৱে শুদ্ধ হিন্দু সংগীত ধ্ৰুপদক মোগল বাদছাহসকলৰ দিনৰ পৰা ‘বড়াগানা’ বুলি কোৱাৰ দৰে অসমৰ ধ্ৰুপদী সংগীত স্বৰূপ এই গীতখিনিকো ‘বৰগীত’ বুলি পৰিচয় দিয়া হ’ল বুলি ভাবে। কিন্তু এনে অনুমান সঠিক বুলি ক’বলৈ টান। কাৰণ বাদছাহসকলৰ দিনত শুদ্ধ ধ্ৰুপদৰ বাহিৰে ছুটকী, ঠুংৰী, টপ্পা আদি যিবিলাক মাৰ্গ সংগীতক ‘ছোটী গানা’ বুলি কোৱা হৈছিল, তেনে ধৰণৰ ‘ছোটীগানা’ৰ প্ৰচলন যিহেতু অসমত নাছিল এতেকে ‘বড়াগানা’ বুলি এটা শব্দৰ প্ৰচলন হোৱাৰ সম্ভাৱনাও নাছিল। দ্বিতীয়তে, অনেকে ভাবে যে বৰগীতৰ বিষয়বস্তুৰ গাম্ভীৰ্য আৰু প্ৰকাশভংগীৰ সংযত ৰূপৰ বাবেই এই গীতসমূহক বৰগীত বোলা হ’ল। বৰগীতৰ বিষয়বস্তু ড. নেওগৰ ভাষাত— “হৰমোহন, প্ৰেমকলহ, ৰাসযাত্ৰা বা কেলি গোপালৰ কাহিনী বৰগীতত নাই। বৰগীতত আছে বেদান্তৰ মৰ্ম সহজ-সৰল ভাষাত; তাত বাজি আছে আধ্যাত্মিক চিন্তা ঐকান্তিক ভক্তিৰ গদ্ গদ্ সুৰত আৰু আছে বিশ্বম্ভৰ ভগৱান স্বয়ং শ্ৰীকৃষ্ণৰ বিশ্ব বিমোহন বাল্য ৰূপৰ বিৱৰণ— জকমকীয়া শব্দৰ আধাৰত।” ড. বাণীকান্ত কাকতিয়ে বৰগীতৰ বিষয় আৰু গাম্ভীৰ্যৰ বাবে বৰগীতক Nobel Numbers বুলি, কালিৰাম মেধিয়ে Great Song বা Song Celestial বুলি আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই Holy Song বুলি কৈছে। এই যুক্তিসমূহ মানি ল’লেও প্ৰশ্ন হয় যে একে আৰ্হিৰে পৰৱৰ্তী গীতিকাৰসকলে ৰচনা কৰা গীতক কিয় বৰগীত বোলা নহ’ল? তৃতীয়তে, মহাপৰুষ শংকৰদেৱে বৰগীতত ব্যৱহাৰ কৰা ভাষাৰ লগত ‘ব্ৰজ ভাষা’ৰ সম্পৰ্ক থকালৈ চাই শ্ৰীকৃষ্ণৰ লীলাভূমিৰ লগত জড়িত ভাষাৰে শ্ৰীকৃষ্ণক লৈ ঘাইকৈ গীতসমূহ ৰচনা কৰাৰ বাবে বৰগীত বোলা হয় বুলিও অনেকে ক’ব খোজে। কিন্তু গীতত শংকৰদেৱে ব্ৰজ বুলি মিশ্ৰিত ভাষা ব্যৱহাৰ কৰিলেও মাধৱদেৱে তেনে ভাষা সণ্ঢালনিকৈ ব্যৱহাৰ কৰা নাই, বৰং তেওঁ পদ-পুথিত ব্যৱহৃত ভাষাকে ব্যৱহাৰ কৰিছে। এতেকে ভাষা ব্যৱহাৰৰ বাবে বৰগীত বোলা হ’ল বুলি ক’বলৈ যুক্তি বিচাৰি পোৱা টান।

ভকতসকলে জটিল বিদ্যায়তনিক বিচাৰ কৰি গীতসমূহৰ নামকৰণ কৰা বুলি ভাবিবলৈ টান। বৰং শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আৰু প্ৰসংগকে ধৰি ধৰ্মীয় ৰীতিৰ অন্তৰ্ভুক্ত কৰি লোৱা গীতসমূহক সন্মানাৰ্থে ‘বৰগীত’ বুলি উল্লেখ কৰাৰ যুক্তিটোহে শক্তিশালী যেন বোধ হয়। মন কৰিবলগীয়া কথা যে শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটৰ গীতসমূহৰ চৰিত্ৰ প্ৰায় একে হ’লেও সেই গীতসমূহক বৰগীত বোলা নহয়। বৰগীতসমূহৰ বিষয়বস্তুৰ ক্ৰম বিচাৰ কৰি চালে উত্থান, জাগৰণ, খেলান আৰু নৃত্য— এই চাৰিটি বিষয়ৰ পৰিচয় পোৱা যায়। তদুপৰি ভাব অনুসৰি বিৰহ, বিৰক্তি. চানবী, চোৰ্যলীলা, লীলা আৰু পৰমাৰ্থ বিষয় বিচাৰি উলিয়াব পাৰি। এই গীতসমূহ আচলতে আধ্যাত্মিক ভাবৰ উপাসনা প্ৰসংগৰ গীত। মহাপুৰুষ শংকৰদেৱৰ ‘ষড়ছন্দৰ গীত’ নামে পৰিচিত তিনিটি গীতত তালৰ উল্লেখ আছে। বাকী গীতবিলাকত নাই। অনেক ওজাই তালৰ বন্ধন নথকাৰ বাবেও এই গীতসমূহক বৰগীত বুলি কোৱা কথাষাৰো কেৱল মনেৰে পাতি লোৱা কথা। কাৰণ বৰগীতসমূহ ৰাগত গোৱা হয় বাবে তালৰ উল্লেখ নকৰিলেও বিশেষ তাল পৰিবই। আনকি তাল-বাদ্য ব্যৱহাৰ নকৰি গোৱাৰ সময়তো নিৰ্দিষ্ট কৰি থোৱা ৰাগ আৰু সুৰৰ পৰা বৰগীত আঁতৰ কৰি গোৱা সম্ভৱ নহয়। পূৰ্বে প্ৰসংগৰ আৰম্ভতে বৰগীত, তাৰ পিছত ভটিমা আৰু পিছত কীৰ্তন গোৱা হয়। এতেকে শংকৰদেৱ প্ৰৱৰ্তিত ধৰ্মৰ ঘাই অংগ ‘প্ৰসংগ’ৰ অবিচ্ছেদ্য অংগস্বৰূপে ব্যৱহৃত, এই দুগৰাকী মহাপুৰুষে ৰচনা কৰা গীতসমূহক ‘বৰগীত’ বোলা হয়, এয়ে ঘাই কথা।

শংকৰদেৱ আৰু মাধৱদেৱৰ গীতসমূহৰ লক্ষ্য আৰু চৰিত্ৰ একে হ’লেও বিষয়বস্তু ব্যৱহাৰত দুয়োৰে নিজস্বতা পৰিলক্ষিত হয়। শংকৰদেৱৰ বৰগীতৰ কৃষ্ণ পূৰ্ণবয়স্ক, মাধৱদেৱৰ বৰগীতৰ কৃষ্ণ সৰহ ক্ষেত্ৰতে হ’ল শিশু কৃষ্ণ। শিশু কৃষ্ণ অৰ্থাৎ ‘বাল গোপাল’। যদিও একেই ভক্তি ভাবৰ প্ৰকাশ ঘটিছে আৰু শান্ত ৰসেই নিষ্পন্ন হৈছে, তথাপি মাধৱদেৱৰ গীতত বাৎসল্য-প্ৰীতি প্ৰধান উপজীৱ্য হৈ পৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অনেকে ভক্তি-ৰস আৰু বাৎসল্য ৰস বুলি নামকৰণ কৰিবলৈ যত্ন কৰিলেও অলংকাৰ শাস্ত্ৰই এনে দুটা ৰস স্বীকাৰ কৰা নাই। আনকি কবি কৰ্ণপুৰে শান্ত ৰস সংযোগ নকৰালৈকে ভাৰতীয় অলংকাৰ শাস্ত্ৰত ৰসৰ সংখ্যা আঠোটাহে আছিল। বৈষ্ণৱ সাহিত্যৰ বিভিন্ন বিভাগত বেলেগ বেলেগ নৱৰসৰ প্ৰকাশ ঘটিলেও সকলো ৰসেই শেষত শান্ত ৰসলৈ পৰ্যবসিত হৈছে। বৰগীতসমূহতো তাৰ ব্যতিক্ৰম ঘটা নাই।

শংকৰদেৱৰ বৰগীতত ৰামায়ণ আধাৰিত গীত থাকিলেও কৃষ্ণ চৰিত্ৰ আধাৰিত গীতেই প্ৰধান ঠাই অধিকাৰ কৰি আছে। তদুপৰি শংকৰদেৱৰ বৰগীতত জ্ঞান-মিশ্ৰ ভক্তিও ঝংকৃত নোহোৱাকৈ থকা নাই। উদাহৰণস্বৰূপে ‘এ ভৱ গহন বন’, ‘পাৱে পৰি হৰি’ নাইবা ‘ঈশ স্বৰূপে হৰি’ আদি গীতলৈ আঙুলিয়াব পাৰি। ‘ঈশ স্বৰূপে হৰি’ গীতটিৰ প্ৰথম শাৰীটোত ঈশোপনিষদৰ “ঈশাবাস্যমিদং সৰ্ব যৎকিঞ্চজগত্যাং জগৎ”— এই প্ৰথম মন্ত্ৰটোৰ প্ৰথম শাৰীটো বাজি আছে। ভাবৰ ফালৰ পৰা সেই বাবে বৰগীতবিলাক উপনিষদৰ তত্ত্ব আৰু শ্ৰীমদ্ভাগৱতৰ ভক্তি— এই দুয়োটিৰ এটি ব্যঞ্জনাময় ৰূপৰ আধাৰ হৈ উঠিছে।

এই কথাও উল্লেখযোগ্য যে বৰগীতসমূহত বিভিন্ন ৰাগ নিৰ্দিষ্ট কৰি থোৱা থাকিলেও এই ৰাগসমূহৰ গায়ন পদ্ধতি আৰু ব্যাপ্তি ভাৰতীয় ৰাগসমূহতকৈ পৃথক। ভাৰতীয় ৰাগ-সংগীতৰ অনেক ওজা আৰু গায়কে সেইবাবে বৰগীতসমূহক ধ্ৰুপদী সংগীতৰ সমান শাৰীত থ’ব খোজা নাছিল। এওঁলোকৰ অনেকেই এই কথা অনুভৱ কৰিব পৰা নাছিল যে মহাপুৰুষ শংকৰদেৱে চীনকে ধৰি দক্ষিণ-পূব এছিয়াৰ সাংগীতিক বৈশিষ্ট্যৰ লগত সম্পৰ্ক থকা অসমৰ জনজীৱনৰ মাজৰ পৰা বুটলি অনা কিছু সাংগীতিক উপাদান সংযোগ কৰি ভাৰতীয় ৰাগ-সংগীতৰ এটা নতুন ধাৰাৰ জন্ম দিলে। সেইবাবে ভাৰতীয় ৰাগ-সংগীতৰ ৰাগসমূহৰ সম্পূৰ্ণ ৰূপ তেওঁ স্বাভাৱিকতে গ্ৰহণ কৰা নাছিল। আন এটা বিশেষত্ব মন কৰিবলগীয়া যে ভাৰতীয় ৰাগ-সংগীতৰ ৰাগ বিস্তাৰৰ জটিলতা অনেক ক্ষেত্ৰত তেওঁ পৰিত্যাগ কৰি এটা নতুন ৰূপ প্ৰতিষ্ঠা কৰিলে। ইয়াৰ ঘাই কাৰণ হ’ল শংকৰদেৱে ভাৰতীয় ৰাগ-সংগীতক যিদৰে কেৱল নিৰ্বাচিত সীমিত সংখ্যক গায়কৰ বাবেহে চৰ্চা আৰু অনুশীলনযোগ্য ৰূপত গঢ়ি তোলা হৈছিল, তেনেদৰে তেওঁৰ এই ধ্ৰুপদী সংগীতসমূহ এমুঠি মানুহৰ চকুৰ আগত ৰাখি ৰচনা কৰা নাছিল; বৰং এই সংগীত যাতে নিৰক্ষৰ সাধাৰণ ভক্তই উপাসনাৰ অংগ হিচাপে অনুশীলন কৰিব পাৰে, তাৰ প্ৰতি বিশেষভাৱে চকু দিছিল। সেইবাবে ৰূপগতভাৱে এই বৰগীতসমূহ ভাৰতীয় ৰাগ-সংগীতৰ নিৰ্দিষ্ট ৰূপতকৈ স্বাভাৱিকতে পৃথক হৈ পৰিল। প্ৰসংগক্ৰমে এই কথা উল্লেখযোগ্য যে অসমত ধ্ৰুপদী সংগীতৰ চৰ্চা বৰ্মন বংশৰ ৰাজত্বকালৰ পৰাই হোৱা বুলি অনুমান কৰা হয়। তদুপৰি অষ্টম-নৱম শতিকামানৰ পৰা ৰচিত চৰ্যাপদসমূহত ৰাগৰ ব্যৱহাৰে অসমত ৰাগ-সংগীতৰ চৰ্চাৰ প্ৰামাণিক তথ্য ধৰি ৰাখিছে। ওজাপালিৰ গীতৰ মাজত ইয়াৰ প্ৰকাশ ঘটি আহিছে। শংকৰদেৱে এই পৰম্পৰাৰ আধাৰতে ৰাগ-সংগীতক যিটো নতুন ৰূপ গঢ়ি তুলিলে, সেই ৰূপে স্বাভাৱিকতে ভাৰতীয় ৰাগ-সংগীতক এটা নতুন মাত্ৰা দিলে। এতেকে ভাব, বিষয়, ৰূপ আৰু ৰসৰ ফালৰ পৰা বৰগীতসমূহ কেৱল অসমৰ সংগীত চৰ্চাৰে এটা বিশিষ্ট ৰূপ নহয়, বৰং ভাৰতীয় সংগীত-সাধনাৰো এটা বিশিষ্ট আৰু স্বতন্ত্ৰ ৰূপ। প্ৰসংগক্ৰমে এই কথা উল্লেখযোগ্য যে বৰগীতসমূহক হিন্দুস্থানী ভজনৰ দৃষ্টিৰেও চাব পাৰি। এই বিষয়ে কোনো সন্দেহ নাই যে বৰগীতসমূহৰ মাজেদিয়েই অসমীয়া সংগীতে ইয়াৰ এটা নিজস্ব বৈশিষ্ট্যপূৰ্ণ ধ্ৰুপদী চৰিত্ৰ প্ৰতিষ্ঠা কৰিলে।

দুই.
অসমৰ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ উপাসনাত বৰগীত এটি অবিচ্ছেদ্য অংগ স্বৰূপে ব্যৱহৃত হৈ আহিছে। সেইবাবে বিভিন্ন সত্ৰত আৰু গাঁও-ভূঁইৰ অনেক নামঘৰতো শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত বৰগীতসমূহ সাঁচিপাতত প্ৰতিলিপি কৰি সংৰক্ষণ কৰি অহা হৈছে। শ্ৰীশ্ৰীনিৰঞ্জনদেৱ প্ৰতিষ্ঠিত আউনীআটী সত্ৰতো বৰগীতৰ প্ৰতিলিপি সংৰক্ষিত হৈছিল। কেৱল বৰগীতেই নহয়, মহাপৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত অন্যান্য গ্ৰন্থও আউনীআটী সত্ৰত সংৰক্ষিত হৈ আহিছে। অসমত আমেৰিকান মিছনেৰীসকলে ১৮৩৬ খ্ৰীষ্টাব্দতে আনি প্ৰথম ছপাশাল প্ৰতিষ্ঠা কৰিলেও আৰু ঊনিবংশ শতিকাৰ চল্লিশৰ দশকৰ পৰা ‘অৰুণোদই’ বাতৰি কাকতৰ উপৰি বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰকাশত উদ্যোগ ল’লেও ভাৰতীয় তথা অসমৰ ধৰ্ম সম্পৰ্কীয় কোনো গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁবিলাক স্বাভাৱিকভাৱেই আগবাঢ়ি অহা নাছিল। এতেকে অসমীয়া ধৰ্ম গ্ৰন্থই ঊনবিংশ শতিকাৰ শেষলৈকে মুদ্ৰিত ৰূপ লাভ কৰিবলৈ বাট চাই থাকিবলগীয়া হৈছিল। অসমৰ সামাজিক-সাংস্কৃতিক ইতিহাসত এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ খোজ পেলাওঁতা আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ শ্ৰীশ্ৰীদেৱদত্তদেৱ গোস্বামীৰ উদ্যোগলৈ আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনে বাট চাই আছিল।

শ্ৰীশ্ৰীদেৱদত্তদেৱ গোস্বামীয়ে ১৮৭১ খ্ৰীষ্টাব্দত কলিকতাৰ পৰা ছপাশাল অনাই মাজুলীৰ দৰে ঠাইত প্ৰতিষ্ঠা কৰাটো এটা ঐতিহাসিক ঘটনা। নাৱৰ পৰা হাতীৰে টনাই সত্ৰত নি ছপাশাল যন্ত্ৰ বহুৱায় আৰু ছপাশালৰ নাম থ’লে ‘ধৰ্মপ্ৰকাশ যন্ত্ৰ’। এই ‘ধৰ্মপ্ৰকাশ যন্ত্ৰ’ যোগেদিয়েই ১৮৭১ খ্ৰীষ্টাব্দৰ পৰা বাৰ বছৰ কাল ‘আসাম বিলাসিনী’ কাকত উলিওৱাৰ উপৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কেইবাখনিও পুথি ছপা কৰি উলিয়াই। তাৰ ভিতৰত কীৰ্তন, নামঘোষা, গুণমালা, ৰুক্মিণী হৰণ কাব্য আৰু ‘বড়গীত’ প্ৰধান। কীৰ্তন ঘোষা পুথিখন হৰিবিলাস আগৰৱালাই ১৮৭৬ খ্ৰীষ্টাব্দত প্ৰথমে ছপা কৰি উলিয়াইছিল। আউনীআটী সত্ৰৰ পৰা প্ৰকাশিত কীৰ্তন নতুন মুদ্ৰণ; কিন্তু সত্ৰত হোৱা অগ্নিকাণ্ড আৰু বানপানীৰ ফলত মুদ্ৰিত গ্ৰন্থসমূহ সংৰক্ষিত হৈ নাথাকিল। আনকি ‘আসাম বিলাসিনী’, ‘আসাম তৰা’ আৰু ‘আসাম দীপিকা’ৰো এটি পৃষ্ঠাও নাথাকিল। ‘বড়গীত’ পুথিখনৰ এটি কপি ১৯৭৫ চন মানত আমাৰ হাতত দিলেহি আমাৰ এগৰাকী প্ৰাক্তন ছাত্ৰ ঢকুৱাখনাৰ জালভাৰি গাঁৱৰ শ্ৰীধৰণী কলিতাই। শ্ৰীকলিতাৰ দেউতাক আছিল এগৰাকী একনিষ্ঠ ভকত আৰু সত্ৰীয়া নৃত্য-গীতৰো সাধক। পৰম্পৰাগতভাৱে প্ৰসংগৰ সময়ত তেখেতে গোৱা কেইটিমান বৰগীতো শ্ৰীধৰণী কলিতাই বাণীবদ্ধ কৰি আমাৰ হাতত দিছিলহি। এই দুয়োটি বস্তু আমি সংৰক্ষণ কৰি ৰাখিছিলো। শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ পৰা নব্বৈ দশকৰ শেহৰ ফালৰ পৰা প্ৰকাশিত ‘সংস্কৃতি-পল্লৱ’ নামৰ কাকতখনত আউনীআটী সত্ৰৰ দ্বাৰা প্ৰকাশিত ‘বড়গীত’ পুথিখনিৰ আমি লিখা এটি চমু পৰিচয় জ্ঞাপক লেখা প্ৰকাশিত হৈছিল। সেই লেখা প্ৰকাশিত হোৱাৰ পিছতহে অনেকে জানিছিল যে আউনীআটী সত্ৰৰ পৰা ঊনবিংশ শতিকাতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতকে ধৰি কেইবাখনিও পুথি সত্ৰৰ একাদশ অধিকাৰ শ্ৰীশ্ৰীদত্তদেৱ গোস্বামীৰ আগ্ৰহ আৰু যত্নত প্ৰকাশিত হৈছিল। ‘বড়গীত’ পুথিখনিৰ প্ৰকাশৰ সময় ১৮০৯ শকাব্দ, অৰ্থাৎ ১৮৮৭ খ্ৰীষ্টাব্দ। পণ্ডিত তীৰ্থনাথ শৰ্মাদেৱে ‘আউনীআটী সত্ৰৰ বুৰঞ্জী’ত কীৰ্তন, ৰুক্মিণী হৰণ, গুণমালা আদি গ্ৰন্থ ছপোৱাৰ প্ৰসংগ উল্লেখ কৰি গৈছে। তাত ‘বড়গীত’ৰ নামটিৰ উল্লেখ হোৱা নাই। ইয়াৰ কাৰণ সম্ভৱতঃ এয়ে যে সত্ৰত পুথিখন আৰু পুথিখনৰ সম্পৰ্কে কোনো তথ্য পোৱা হোৱা নাছিল। পুথিখনিৰ বেটুপাতত মুদ্ৰিত কথাখিনি আছিল এনে ধৰণৰ— “বড়গীত অৰ্থাৎ শ্ৰীকৃষ্ণ বিষয়ক নানা ৰাগ-ৰাগিনী ঘটিত পৰমাৰ্থ ব্যঞ্জক গানসমূহ। শ্ৰীশংকৰদেৱ ও শ্ৰীমাধৱদেৱ উভয়ৰ দ্বাৰা ৰচিত ইদানীং শ্ৰীশ্ৰীআউনীআটী সত্ৰাধিকাৰ গোস্বামীৰ অনুমতি ও সহায়তাৰ দ্বাৰা আউনীআটীয়ে ধৰ্ম প্ৰকাশ যন্ত্ৰে শ্ৰীঘিনাৰাম প্ৰিণ্টাৰৰ কৰ্তৃক মুদ্ৰিত। শকাব্দঃ ১৮০৯। পৌষ মাস। মূল্য।।০ আঠ অনা।”

শ্ৰীধৰণী কলিতাৰ পৰা পোৱা পুথিখনৰ বেটুপাতটো অক্ষত হৈ নাথাকিলেও তাত থকা কথাখিনি ধৰিব পৰা অৱস্থাত আছে। গ্ৰন্থখনি জড়াজীৰ্ণ ৰূপত ১০১ পৃষ্ঠালৈকে পোৱা গৈছে। অৱেশ্য তাৰ মাজতো মাজে মাজে অনেক পৃষ্ঠা নাই বা থকা পৃষ্ঠাও জীৰ্ণ-শীৰ্ণ অৱস্থাত আছে। তদুপৰি গীতখিনি সজোৱাৰ ক্ৰমতো কিছু পৃথকতা পৰিলক্ষিত হৈছে। ১৭৮টি বৰগীত পৰ্যন্ত এটা ক্ৰম ৰক্ষা কৰি এই মুদ্ৰণ সজোৱা হৈছে। পৰৱৰ্তী গীতসমূহ হৰিনাৰায়ণ দত্ত বৰুৱা সাহিত্যৰত্নই সম্পাদনা কৰা ‘বৰগীত’ পুথিখনিৰ আধাৰত সজোৱা হৈছে। তদুপৰি ১৯১ সংখ্যক গীতটিৰ শেহৰ দুটা শাৰী মাত্ৰ পোৱা গৈছে। শাৰী দুটা হ’ল— “কহে মোহে কানুক মাতে। নন্দ নন্দন পুনু পাৰৰ গোপপুৰী, পৰশি জিয়াৱৰ হাতে।।” কোনো বৰগীতৰ পুথিত এনেভাৱে অন্তপৰ গীত পোৱা নাই। ষড়ছন্দৰ গীতকেইটি পৰিশিষ্টত দিয়া হৈছে।

বৰগীতসমূহ সাঁচিপতীয়া পুথিত লিখাৰ দৰে শাৰীবোৰ ধাৰাবাহিকভাৱে মুদ্ৰিত গ্ৰন্থখনতো ৰখা হৈছিল। তদুপৰি যিহেতু ছপাশালৰ আখৰ কলিকতাৰ পৰাই আনিবলগীয়া হৈছিল, সেইবাবে পুথিখনৰ সৰ্বত্ৰ তলত ফুট দিয়া বাংলা ‘ৰ’ (র) ব্যৱহৃত হৈছিল। তেনেদৰে ‘ৱ’ৰ ব্যৱহাৰো কম আছিল। অসমত ঊনবিংশ শতিকাত অসমীয়া পুথি মুদ্ৰণৰ ইতিহাসৰ সাক্ষীস্বৰূপে এই জৰাজীৰ্ণ পুথিখনিৰ ঐতিহাসিক মূল্য অনস্বীকাৰ্য।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz