|

বৈ আহে সোৱঁৰণী ফাগুনী

প্ৰকাশ: ১৪ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ২৪ এপ্ৰিল, ২০১৭

মূলঃ গুলজাৰ (এ’ক পুৰানা মউস’ম লউটা, য়াদ ভৰি পুর্বাঈ ভী)

এক পুৰণি ঋতু উভতি
এক পুৰণি ঋতু উভতি
বৈ আহে সোৱঁৰণী ফাগুনী,
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়।।

স্মৃতিৰ বৰষুণত
স্মৃতিৰ বৰষুণত
যেতিয়া দুচকু সেমেকে,
আন্দোলিত অতীতৰ দিন
মন সুগন্ধিত হয়।
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়।।

দুখন মুখ যেন উজলি উঠে
দুখন মুখ যেন উজলি উঠে
ধূসৰিত দাপোণত,
মোৰ স’তে লাগি অহা
এক সুগন্ধই তোমাৰ কথাকে কয়।
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়।।

নীৰৱতাৰ আঁচলে চুই যায়,
নীৰৱতাৰ আঁচলে চুই যায়,
দি যায় মৌনতাৰ লয়,
মৌন ওঁঠেৰে মোৰ কথাকে শুনালো
তেওঁৰো শুনিলো কথা মৌন হৈ।
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়।।

এক পুৰণি ঋতু উভতি
এক পুৰণি ঋতু উভতি
বৈ আহে সোৱঁৰণী ফাগুনী,
এনেতো কমেই হয়
একাকী হৃদয়ত তেওঁ আহি ৰয়।।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

৪ responses to “বৈ আহে সোৱঁৰণী ফাগুনী”

  1. মণিকা Avatar
    মণিকা

    গুলজাৰৰ মূল কবিতাটোৰ অৰ্থ বিকৃত হৈ পৰিছে অনুবাদটোত। শব্দবোৰৰ ব্যৱহাৰ সঠিক হোৱা নাই।

  2. ৰূপ গোস্বামী Avatar
    ৰূপ গোস্বামী

    প্রথমেই শ্রীমতীমনিকালৈ ধন্যবাদ, পঢ়ি চোৱাৰ বাবে। গীতটিৰ আচলতে ঠিক অনুবাদ নহয়, ভাৱানুবাদহে হ’ব লাগিছিল। এই ক্ষেত্রত মই ল’ব পৰা স্বাধীনতাতকৈ এখোজো আগবঢ়া নাই। উর্দু শব্দৰ অবিকল অসমীয়া অনুবাদত কাব্যিক ৰস লোপ পোৱাৰ আশঙ্কাত এনে কৰা হৈছিল। তথাপিও কেনেধৰণৰ বিকৃতকৰণ হৈছে জনালে নথৈ সুখী হ’ম। ভৱিষ্যতে এনে ক্ষেত্রত অধিক সচেতন হোৱাৰ বাট মুকলি হ’ব।

  3. মণিকা Avatar
    মণিকা

    মানৱ মনৰ একধৰণৰ স্মৃতিকাৰতাৰ ব্যাখ্যাত উন্মুখ হৈ আছে এই কবিতাটি।
    ek puraanaa mausam lauTaa yaad bharii puravaa_ii bhii
    aisaa to kam hii hotaa hai vo bhii ho tanahaa_ii bhii

    এটা পুৰণি ঋতু উভতি আহিছে, লগতে স্মৃতি মুখৰিত এজাক বতাহ ।(ফাগুণী শব্দটোৰ ব্যৱহাৰ উক্ত অনুবাদটোত সুন্দৰ হৈছে।) এই পুৰণি স্মৃতি ইমান মুখৰ যে তাৰ আগমনে নিঃসঙ্গতাকো নিঃশেষ কৰিব দিব পাৰে। সেয়ে, এনেকুৱা খুব কমেই হয় যেতিয়া স্মৃতি আৰু নিঃসংগতাৰ যেতিয়া সহাৱস্থান হয়। (vo bhi ho… বুলি দৰাচলতে স্মৃতিবোৰকহে personalise কৰা হৈছে। অনুবাদটোত “তেওঁ” শব্দটোৱে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে যেন লাগে।)

    পিছৰ শাৰীটোত কবিয়ে এটা স্থিৰ সিদ্ধান্ত দিছে। পুৰণি ঋতুৰ সোঁৱৰণিয়ে কবিক বিস্মিত কৰিছে, লগতে আৱেগিকো কৰিছে। স্মৃতিৰ চুমাই (boucha=চুমা, বৰষুণ নহয় !এইটো শাৰীতো স্মৃতিক personalise কৰা হৈছে।) যেতিয়া চকুৰ পতা সেমেকায়, অতীতৰ অসন্তুষ্টিবোৰো কেনে সুৰভিত হৈ উঠে। (rusavaa_ii শব্দটোৰ সঠিক অসমীয়া প্ৰতিশব্দ এই মুহূৰ্তত মোৰ মনলৈ অহা নাই।) সেই অসন্তুষ্টি-অভিমানবোৰৰ মাজতো যেন এক ভাল লগা অনুভৱ!! “একাকী হৃদয়ত তেওঁ আহি ৰয়…” এই শাৰীটোৱে অন্য এক বিভ্ৰান্তি আনিছে আৰু মূলৰ কথাখিনিৰ সৌন্দৰ্য নাইকিয়া কৰিছে যেন লাগিছে।

    পিছৰ শাৰীদুটাত কবিয়ে স্মৃতিক অন্যধৰণে পৰ্যবেক্ষণ কৰিছে। কাৰোবাৰ সতে কবি ইমান একাত্ম হৈ আছিল, এতিয়া স্মৃতিৰ দাপোনত নিজক চাওঁতে আন এখন মুখো দেখা পাইছে। সেয়ে bahake se aa_iine । “ধুসৰিত দাপোন” নহয়। স্মৃতিবোৰ ধুসৰ হৈ উঠা নাই। বৰং এটা পুৰণি ঋতুৰ স্মৃতিয়ে সেই দিনবোৰ আইনাৰ দৰে চকচকীয়া কৰি তুলিছে। কিন্তু এই আইনা পগলা আইনা। ইয়াত নিজৰ লগতে আন এখন মুখো দেখা পোৱা যায়। কবিৰ ভাৱ হৈছে, mere saath chalaa aayaa hai aap kaa il saudaa_ii bhii । ইয়াত সুগন্ধিয়ে স্মৃতি উদ্ৰেক কৰা নাই। বৰং কবিৰ সেই আপোন কোনোবাজন তেওঁৰ লগে লগেই ফুৰিছে। অনুবাদটোত এই ভাবৰ তাৰতম্য স্পষ্ট।

    পিছৰ শাৰীটোও আচলতে কবিৰ অন্তঃকোণত জাগ্ৰত হোৱা এক আক্ষেপ। সেয়া হ’ল, নিৰৱতাৰ প্ৰাপ্তিৰ কাৰণ এক সুদীৰ্ঘ নীৰৱতা। মই চিৰকাল নিৰৱ হৈ ৰ’লোঁ, সেয়ে, প্ৰতিদানত মই নিৰৱতাকেই পালোঁ। এই আক্ষেপৰ সুৰটো অনুবাদটোত পৰিস্ফুট হৈ উঠা নাই। (মৌন ওঁঠেৰে মোৰ কথাকে শুনালোঁ- শাৰীটোৱে ‘মোৰ’ শব্দটোৰ ওপৰত জোৰ দিয়াৰ দৰে লাগিছে। কিন্তু মূল কবিতাটোত ‘তেওঁৰ কথাও শুনিলোঁ, মোৰ কথাও শুনালোঁ’ বুলি ‘তেওঁ’ৰ ওপৰতহে জোৰ দিছে।) বাৰে বাৰে ‘একাকী হৃদয়ত তেওঁ আহি ৰয়’ শাৰীটোৱে কবিতাটোক একে ভাৱনালৈ ঘূৰাই আনিছে। কিন্তু মূল কবিতাটোত কবিয়ে এটা কাহিনী কৈছে, যাৰ এক সুস্থিৰ আৰম্ভণি আছে, ব্যাপ্তি আছে আৰু সামৰণি আছে।

    চালাম গুলজাৰ সম্পূৰণ সিং!!

  4. ৰূপ গোস্বামী Avatar
    ৰূপ গোস্বামী

    ধন্যবাদ শ্রীমতী মনিকা।
    আপোনাৰে বিশ্লেষণে নতুন চিন্তাৰ খোৰাক যোগালে, তথাপিও মই কিছু ক্ষেত্রত একমত হ’বলৈ অপৰাগ, মতৰ ভিন্নতা থাকিবই। চিত্র এখনক যেনেদৰে বিভিন্ন দিশেৰে চোৱা যায়, ঠিক এটি গীতকো বিভিন্ন ৰূপেৰে চিত্রায়িত কৰিব পাৰি বুলি মোৰ বিশ্বাস।
    Boucha মানে চুমা তাত তিল মাত্রও সন্দেহ নাই। কিন্তু গজলটিত Boucha নহয় Boucharon হে বুলিহে লিখা আছে মানে shower. অসমীয়াত বৰষা বা বৰষুণ।
    “Yabdhom ki boucharon se jab palkem bhigne lagthi hay”
    তথাপিও ভৱিষ্যতৰ ভাৱানুবাদবোৰত শব্দবোৰৰ অর্থৰ লগতে পৰিবেশৰ মূল্যায়ণ যাতে সঠিক হয় তাৰ বাবে তীক্ষ্ন দৃষ্টি প্রয়োগ কৰাৰ চেষ্টা কৰা হ’ব। ভৱিষ্যতেও আপোনাৰ পৰামর্শৰ বাবে অপেক্ষা কৰিম।
    পুনৰ ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts