বিৰাজ লহকৰৰ কবিতা

গাঁৱলীয়া পংক্তিমালা: ল’ৰালিৰ ৰাতিপুৱা আৰু দুপৰীয়া

১. ৰাতিপুৱা

পঢ়া কোঠা
নিৰৱতাৰ এটা নিৰ্জন দ্বীপ
কাণ ঠিয় কৰিলেই
চিনাকি মুখবোৰৰ গৰ্জন
দিব খোজে আগবঢ়াৰ সপোন
মইহে দেখোন আতংকগ্ৰস্ত
শুনিছোঁ হৃৎপিন্ডৰ ধপধপনি মাত্ৰ।
সপোন দেখুওৱাৰ পৰিৱৰ্তে যেন প্ৰয়োজন আছিল অলপ স্পৰ্শৰ
সপোন সুন্দৰ কিন্তু নিশ্ছিদ্ৰ অন্ধকাৰত নিৰুদ্দেশ মন
ঢকঢকীয়া সপোনবোৰ যেন নিষ্ঠুৰ বিভত্স হাঁহিত জল্লাদৰ বগা দাঁত
উজ্জ্বলতা বিচাৰিবলৈ গৈ এয়া বাট নে অবাট
খিৰিকীৰে কুমজেলেকুৱাৰ স্পৰ্শৰ দৰে বতাহখিনি চেঁচা
এনেকৈয়ে ল’ৰালিৰ এটা তভক দিয়া ৰাতিপুৱা।

২. দুপৰীয়া

খালৰ দাপোণত মুখ চাই
নে বৰশী টোপাই
বহি থাকে ভৰ দুপৰীয়া
শিৰীষজোপাৰ ফাঁকেৰে চিৰিলি চিৰিলি ৰ’দ
অদূৰত সমনীয়াৰ ইংগিতময় সুহুৰি
কিন্তু শাসনৰ বাঘজৰীডাল সেই সময়তে কঠিন হয়
পিতপিতাই থকা হাঁহকেইটাৰ লগত
চোতালত চৰি থাকে মোৰ সপোন।
মোৰ দুখত
বাটৰ কাষত নিথৰ বন-ঢেঁকীয়াৰ পাত
পদূলিত সৰি থাকে টুপুৰ টাপাৰ
বেঙুনীয়া সাজেৰে বিৰহী এজাৰ
সান্ত্বনা দি আইতাৰ তালপাতৰ বিচনিখন চক্ৰাকাৰে ঘূৰে।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz