বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰূপতীৰ্থৰ যাত্ৰাত শ্ৰীমন্ত শঙ্কৰদেৱ অনুপ্ৰেৰণা আছিল

‘দেৱৰো বাঞ্চনি মনুষ্য তনু।
ইহাক বিফল নকৰা পুনু।।’

পিতৃ গোপাল চন্দ্ৰ ৰাভাই অৱসৰৰ পিছত শ্ৰীশ্ৰীনিকামুল সত্ৰত শৰণ লৈছিল আৰু সন্ধিয়া পৰত সদায় সুৰ লগাই কীৰ্তন-ঘোষা পাঠ কৰিছিল। সেয়াই আৰম্ভণি। বিষ্ণুপ্ৰসাদ ৰাভাই কলাকাৰ জীৱন আৰম্ভ কৰাৰ লগে লগেই মহান শিল্পী আৰু সংস্কৃতিৰ সুষম বিকাশেৰে নতুন সমাজ গঢ়োঁতা শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। ৰাভাদেৱৰ ৰূপতীৰ্থৰ যাত্ৰাত শ্ৰীমন্ত শঙ্কৰদেৱ অনুপ্ৰেৰণা আছিল। তেখেতে নিজৰ গৱেষণাৰ দ্বাৰা মহাপুৰুষজনাৰ বিষয়ে অনেক নতুন তথ্য আৱিষ্কাৰ কৰিছিল।

এই পৃথিৱীত যিসকল মহাপুৰুষে জন্মগ্ৰহণ কৰিছে, বিষ্ণু ৰাভাৰ মতে, তাৰে তিনিজনা হ’ল কৃষ্টিৰ আকৰ। তাৰে এজন এই অসমৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ। গীত, বাদ্য, নৃত্য, সাহিত্য, নাট্য, নাম-কীৰ্তন, নামঘৰ আদি সকলো শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়াক দি গৈছে। মহাপুৰষজনাৰ সময়তে অঙ্কীয়া নাট-ভাওনা, পদ্ধতিগত গীত-ৰাগ, সুৰ-সঞ্চাৰ অসমীয়াই পাইছে। ভাওনাৰ তাত্বিক ৰূপটো শাস্ত্ৰ সমৰ্থিত, কিন্তু প্ৰকাশভঙ্গী, গীত-মাত, তাল, সুৰ-সঞ্চাৰ অসমীয়া। গতিকে ভাৰতৰ আন সঙ্গীতধাৰাৰ লগত, সহজ দৃষ্টিত, বিশেষ সামঞ্জস্য নাই।

বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে, ভাৰতত তিনিটা ঘাই সঙ্গীত পদ্ধতি আছে— হিন্দুস্থানী, কৰ্ণাটকী আৰু কামৰূপী সঙ্গীত পদ্ধতি। কামৰূপী সঙ্গীত পদ্ধতিৰ নিজস্ব তাল-ৰাগ-নৃত্য আছে। তালৰ মাত্ৰা বিচিত্ৰ আৰু বিজ্ঞান সন্মত।

সঙ্গীতজ্ঞ ৰাভাৰ মতে, সত্ৰীয়া সঙ্গীতৰ আধাৰতে মণিপুৰী সঙ্গীতে গঢ় লৈ উঠিছে। মণিপুৰী জয়সিংহ ৰজাৰ জীয়ৰী কুৰঙ্গনয়নীৰ বিবাহ সূত্ৰে অসমীয়া গায়ন-বায়নৰ জৰিয়তে মণিপুৰত নৃত্যাদিৰ চৰ্চা চলিছিল। তাৰ ফলত মণিপুৰী নৃত্যত অসমীয়া নৃত্যৰ ছাপ দেখা যায়। মণিপুৰী ৰাস-নৃত্যৰ গোপিনীৰ সাজ-সজ্জা অসমীয়া নটুৱাৰ সাজ-সজ্জাৰ উন্নত অনুকৰণ।

১৯৫৬ চনত কুঁৱৰীটোলত বহা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কৃষ্টিসভাত বিশিষ্ট অতিথি ৰূপে দিয়া ভাষণত ৰাভাদেৱে অসমৰ সত্ৰসমূহৰ বাজনাসমূহ সংগ্ৰহৰ কথা ব্যক্ত কৰিছিল। পৰৱৰ্তী কালত লিপিৱদ্ধ কৰি বাজনাসমূহ সঙ্গীত বিশেষজ্ঞসকলৰ দ্বাৰা অধ্যয়ন আৰু গৱেষণাৰ দ্বাৰা ভ্ৰান্তি শুধৰোৱাৰ এক প্ৰয়াসত ব্ৰতী হৈছিল। সঙ্গীত আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ গায়নশৈলীৰ বিষয়ে তেখেতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল— ‘ভাৰতীয় সঙ্গীত শাস্ত্ৰ যে কিমান জটিল তাক সঙ্গীত শাস্ত্ৰজ্ঞ নহ’লে বুজা টান। যিজন ঋষিয়ে এই সঙ্গীত শাস্ত্ৰত বুৎপত্তি লাভ কৰিব পাৰিব, যিজনে ব্ৰহ্মচৰ্য অৱলম্বন কৰিব পাৰিব, যিজনে নিয়মিতভাৱে সাধনা কৰিব পাৰিব সেইজন মহাপুৰুষ সঙ্গীত বিশাৰদ হ’ব আৰু তেৱেঁই সঙ্গীতৰ আদি নাদ ৰূপী ব্ৰহ্মক লাভ কৰিব পাৰিব। এনে জটিল বিজ্ঞানত এজন মহাপুৰুষে দক্ষতা লাভ কৰিছিল। তেওঁ মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ গায়ন।’ (সঙ্গীত আৰু শ্ৰীশ্ৰীশঙ্কৰদেৱ গায়ন)

চৰকাৰী পদকো নেওচি ৰূপতীৰ্থৰ যাত্ৰী হিচাপে জীৱন-যাত্ৰা আৰম্ভ কৰা জনম গন্ধৰ্বজনা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেৰাৰ হৃদয়ৰ শিষ্য-বান্ধৱ মাধৱৰ ক্ষেত্ৰ বৰপেটাৰ পাটবাউসী পালেগৈ। কাণত বাজি থাকিল বৰপেটা সত্ৰৰ হৰমোহন বায়নে আগৰে বেলি লগ পাওঁতে গোৱা এটি গীত— ‘আৱত গোৱিন্দ গোপিনীক পিউ’। বৰপেটাৰ আশেপাশে থকা গণককুছি, কমাৰকুছি, বাৰাদি, সুন্দৰীদিয়া, জনীয়া আদি বিভিন্ন থান-সত্ৰলৈ গৈ ক’ত কি সঙ্গীত-সম্পদ, চিত্ৰ-ভাস্কৰ্য আছে তাৰ অনুসন্ধানত বিষ্ণু ৰাভা লাগি গ’ল। তেওঁৰ অন্তৰৰ নিভৃতত শ্ৰীমন্ত শঙ্কৰ যেন প্ৰতিভাত হৈ উঠিল। এদিন এটি শুভ লগনত তেওঁ হাতত তুলিকা তুলি ল’লে। শ্ৰীশ্ৰীমাধৱদেৱ পুৰুষে শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰূপ-গুণ বৰ্ণাই লিখা ভটিমাটো তেওঁ স্মৰণ কৰিলে আৰু তুলিকা বুলাই গ’ল। ৰাভাদেৱৰ অমৰ তুলিকাত ৰেখাৰ পিছত ৰেখা উজলি উঠিল। বাউসী পৰগনাৰ মুখ্য পাটৰ নামঘৰৰ কাষৰ বৃক্ষৰ তলত শ্ৰীমন্ত শঙ্কৰদেৱৰ নৰ-তনু ৰূপ বত্ৰিছ লক্ষণেৰে জীৱন্ত হ’ল। কালজয়ী শিল্পীৰ ওঁঠত হাঁহি বিৰিঙিল। চিত্ৰখন বাৰে বাৰে দৰশন কৰি ভটিমাৰ দুটা পদ তলত দি চিত্ৰ সমাপন কৰিলে। মহা আনন্দত শিল্পীৰ অন্তৰ ভৰি পৰিল। চিত্ৰখনি মূৰত তুলি লৈ ৰাভাদেৱ নৃত্যৰ ভঙ্গিমাৰে থিয় হ’ল। পিছত বুকুৰ মাজত লৈ তৃপ্তি অনুভৱ কৰিলে। তাৰ পিছত সভক্তিৰে আগবঢ়ালে এটি সেৱা।

‘দৰশিত সুন্দৰ গৌৰ কলেৱৰ
যৈচন সুৰ পৰকাশ।
সকল সভাসদ ৰঞ্জন যাকেৰি
দৰশনে পাপ বিনাশ’।।
শিল্পীৰ সাধনা ধন্য হ’ল!«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz