বিহু আৰু কিছু আনুষঙ্গিক

প্ৰকাশ: ১৫ মে, ২০১২ | অন্তিম সম্পাদনা: ৯ এপ্ৰিল, ২০১৮


অসমৰ বাকী অঞ্চলৰ কথা নাজানো, আমাৰ এইফালে (নাজিৰা) গৰুবিহুৰ দিনা পথাৰত পানী নাছিল। উপায়ান্তৰ হৈ ৰাইজে ঘৰৰ পৰাই বাল্টিত পানী কঢ়িয়াই গৰুক গা ধুৱাব লগা হ’ল। ভালেখিনি ৰাইজে গৰুক গা ঘৰতে ধুৱালে; অতএব গৰুবিহু এইবাৰ ভালেখিনি মোলান পৰিল। কিছুমানে পানী-পাম্পেৰে পথাৰত পানীৰ ব্যৱস্থা কৰি গৰুক গা ধুৱালে। এয়া এক উত্সাহজনক কথা।

ছবিইফালে গৰু আৰু নিতাইৰ কথোপকথন—
নিতাই: লাও খা।
গৰু: নাখাওঁ।
নিতাই: বেঙেনা খা।
গৰু: নাখাওঁ।
নিতাই: তেন্তে থেকেৰা খা।
গৰু: নাখাওঁ, নাখাওঁ।
নিতাই: কি খাৱ নো?
গৰু: মেট্ৰিকৰ উত্তৰবহী!

নিতায়ে সেইফালেই নিতাল মাৰিলে।


অৱশ্যে গৰুবিহুৰ গধূলিৰ পৰাই বৰষুণ আৰম্ভ হ’ল। কলহৰ কাণে ঢলা, নেৰানেপেৰা বৰষুণ। বৰষুণত তিতি-বুৰিয়ে ৰাইজে বিহু-হুঁচৰি গালে গৃহস্থৰ চোতালে চোতালে—
হুঁচৰি এ’ চ’ত
আমি বিহু মাৰোঁ য’ত
দেহি ঐ
দূবৰি নগজে ত’ত।
সাৰি-মোহাৰি চিক্‌চিকীয়া কৰি থোৱা চোতালবোৰ বোকাত লুতুৰি-পুতুৰি হৈ পৰিল।

বিহুবলীয়া, যৌৱন তগবগাই থকা ডেকাই বিহুনাম জুৰিলে—
ঢোলে নো গৰজিলে, মেঘে নো গৰজিলে
অসমী আইৰ বুকুলৈ বসন্তৰ বা আহিলে
আমি অসমীয়া, মূৰত পাগে মৰা
অ’ সমনীয়া
আমি বিহু মাৰোঁ ব’হাগৰ দুপৰীয়া
বিহুৰে বতৰত আমাৰ নো নাই ঠিকনা।

এই হেন বিহুতে বুঢ়া-মেথা, ডেকা-গাভৰু সকলোৱে মিলি ৰং-ৰহইচ কৰিলে। সৰুৱে ডাঙৰক সেৱা-সন্মান জনালে। ডাঙৰে সৰুক এজোলোকা আৰ্শীবাদ জনালে— অনাগত বছৰটো যেন কুশলে যায়। চেনেহীয়ে চেনাইক বিহুতলীত বিহুৱান যাঁচিলে। চেনায়ে চেনেহীৰ খোপাত পিন্ধালে পাহাৰ বগাই অনা কপৌফুল।


সমান্তৰালকৈ চলি থাকিল বিহু আদৰণি, ব’হাগী বিদায় সন্মিলনবোৰ। গাঁৱৰ বোকা-পানী গচকি মতলীয়া হোৱা বাপতিসাহোন বিহুটিয়ে মফচলীয়, নগৰীয়া মঞ্চলৈ ঢাপলি মেলিছে। সময়ৰ লগত খোজ মিলাই বিহুও আধুনিক হৈ পৰিছে লাহে-লাহে। বিহু উত্সৱ কৃষি-কৰ্মৰ লগত জড়িত। আচলতে বিহু সৃষ্টিৰ উত্সৱ। বৰ্ষাকালৰ প্ৰাৰম্ভণিত অসমৰ মূলতঃ কৃষিনিৰ্ভৰ চহা ৰাইজে গৰুক গা-পা ধুৱাই পৰিচৰ্যা কৰি খেতি-বাতিলৈ সাজু হয়। কৃষিৰ প্ৰাক্‌ক্ষণত ৰং-ধেমালি কৰি ৰাইজে জ্যেষ্ঠজনক সেৱা-সন্মান আৰু কনিষ্ঠজনক মৰম-আশীৰ্বাদ জনাই সৃষ্টিৰ পথাৰলৈ নামে। এয়া পূৰ্বৰে পৰা চলি অহা অসমীয়া সমাজৰ চিৰাচৰিত,পৰম্পৰাগত বিহু-সংস্কৃতি। যুগ পৰিৱৰ্তনৰ সমান্তৰালকৈ অসমীয়া সমাজৰ স্বৰূপ, গাঁথনি আৰু মূল্যবোধৰ আমূল সাল-সলনি হৈছে। পূৰ্বৰ কৃষিনিৰ্ভৰ অসমীয়াৰ সংখ্যা এতিয়া বহুলাংশে হ্ৰাস পাইছে। অন্য জীৱিকাৰ আগমন আৰু নগৰমুখী প্ৰৱণতাই অসমীয়া সমাজ গাঁথনিত বিস্তৰ প্ৰভাৱ পেলাইছে। অৱধাৰিতভাবে তাৰ বতাহে বিহু-সংস্কৃতিকো চুই গৈছে। আধুনিক সভ্যতাৰ পৰশ পাই বিহুৱে স্বকীয়তা কিছু পৰিমাণে হেৰুৱাই পেলাইছে। এতিয়া বিহু প্ৰদৰ্শনকামী এক ‘ইভেণ্ট’লৈ যেন পৰ্যবসিত হ’বলৈ ধৰিছে। বিহুকেন্দ্ৰিক কিছু ঘটনাই অসমীয়া সমাজত সুদূৰপ্ৰসাৰী নেতিবাচক প্ৰভাৱ পেলাবলৈ ধৰিছে। সম্প্ৰতি ই এক চিন্তনীয় বিষয় হৈ পৰা যেন ভাব হয়। বিহুৰ যি মাদকতা, জাতীয় জীৱনক প্ৰতিফলিত কৰিব পৰা যি ক্ষমতা; বিহু সন্মিলনবোৰত তাৰ প্ৰায়ে অভাৱ। বিহু সন্মিলনত কৃত্ৰিম ৰং-ৰহইচৰ পয়োভৰ আৰু জাকজমকতা বেছি।

তদুপৰি পৰম্পৰাগত বিহুনাম, জাতীয় সাজপাৰ, বিহুৰ বাদ্যযন্ত্ৰ আদিৰ ক্ষেত্ৰতো বিকৃতি পৰিলক্ষিত হৈছে। কিছুমান সস্তীয়া বিহুগীত, জাতীয় সাজপাৰৰ প্ৰতি অনীহা, বিহুগীতত পশ্চিমীয়া বাদ্যযন্ত্ৰৰ অবাধ সংগতকৰণ আদিয়ে বিহু-সংস্কৃতিক গ্ৰাস কৰি আহিছে।

৪.১
যোৱা ৫ মে’ আৰু ৮ মে’ (২০১২) তাৰিখে ‘আটাছু’ৰ আহ্বানত শিৱসাগৰ জিলা বন্ধ পালন (?) কৰা হ’ল। চাৰি মে’ৰ নিশা চূণপোৰাৰ এক ষ্টীল ফেক্টৰীত বিহুৰ চান্দা সংগ্ৰহ কৰিবলৈ গৈছিল ‘আটাছু’ৰ কেইজনমান স্থানীয় কৰ্মকৰ্তা। তাতে অমানুষিক আক্ৰমণৰ ফলশ্ৰুতিত অকালতে প্ৰাণ হেৰুৱালে এজন ২১ বৰ্ষীয় চফল ডেকাই। পিছত আৰু এজন আক্ৰান্ত যুৱকে মৃত্যুবৰণ কৰিলে। এক অমানুষিক, নৃশংস ঘটনাৰ মূল্য ভৰিব লগা হ’ল দুজনকৈ উদীয়মান যুৱকৰ প্ৰাণেৰে।

আৰু পঢ়ক:  সাম্প্ৰতিক অসমৰ শিক্ষা ব্যৱস্থা: এক দৃষ্টিপাত

৪.২
কেইদিনমান পূৰ্বে শিৱসাগৰ জিলাৰ চণ্টক বালিগাঁৱতো এজন যুৱকে অকালতে প্ৰাণ হেৰুৱালে। বালিগাঁৱৰ মাজেৰে যোৱা বিহুবৰ-নাগিনীমৰা পথত দৈনিক শিল-কয়লা পৰিবহন কৰা শ শ ‘ডাম্পাৰ’ চলে। তেনে ‘ডাম্পাৰ’ৰ পৰা বিহুৰ চান্দা সংগ্ৰহ চলি আছিল। ভুল বুজাবুজি হৈ যুৱকজন ডাম্পাৰ এখনত জঁপিয়াই উঠি ষ্টিয়াৰিং ধৰোঁতেই নাটকীয়ভাৱে ডাম্পাৰখন যুৱকজনৰ গাতে বাগৰি পৰিল আৰু যুৱকজনৰ কৰুণ মৃত্যু হ’ল।

কোৱা বাহুল্য মাথোন যে এনে বহু বিক্ষিপ্ত, শোকাবহ ঘটনা-দুৰ্ঘটনা নিতৌ ঘটিয়ে আছে। গলি-গলিত, কেইশমান মিটাৰৰ ব্যৱধানত বিহু সন্মিলন পতাটো আজিকালি এক ‘ফেশ্যন’ হৈ পৰিছে। আমাৰ মাজত যেন সন্মিলন আয়োজন কৰাৰ অঘোষিত প্ৰতিযোগিতা চলিব ধৰিছে। ইয়াৰ বাবে মোটা অংকৰ অৰ্থৰ প্ৰয়োজন। ছলে-বলে-কৌশলে, দাবী-হুমকি, জোৰ-জবৰদস্তিৰে চান্দা সংগ্ৰহৰ এক অসুস্থ ব্যৱস্থা প্ৰচলিত হ’ল। সংগৃহীত ধনৰ মোটা অংশ ব্যয় কৰিবলগা হয় ‘শদিয়াৰ পৰা ধুবুৰীলৈ খলকনি লগোৱা’ গায়ক, শিল্পীক দিয়া মাননিত। উদযাপন সমিতিৰ বিষয়ববীয়াৰ বিত্তীয় খেলিমেলিৰ কথা নক’লোৱেইবা! কথাবোৰ গমি-পিতি চাবলগীয়া; মনত আছে, স্কুলত বিহু বিষয়ক ৰচনা লিখোঁতে ব’হাগ বিহু সাদিনীয়া বুলি লিখিছিলো। এতিয়া বিহু দেখোন আহাৰ মাহলৈকে চলিয়ে থাকে। বিহু পাতি, ফূৰ্তি কৰি দেখোন আমাৰ খাৰখোৱা অসমীয়াৰ হেঁপাহেই নপলায়!

বিহু পতাৰ নামত, চান্দা তোলাৰ নামত ঘৰে-বাহিৰে, ৰাস্তাই-ঘাটে, গাড়ী-মটৰে সকলোতে অপ্ৰীতিকৰ পৰিস্থিতিৰ পয়োভৰ। চান্দা পাৰ্টীৰ উত্পাতত চৌদিশে হাহাকাৰ অৱস্থা। চান্দাৰ মাধমাৰ খোৱা মুষ্টিমেয় বনিয়া গোষ্ঠীয়ে গেলামালৰ দাম বঢ়াবলৈ সাজু। ইয়াৰ দুৰ্ভোগ ভূগিব কোনে? চান্দা পাৰ্টীৰ দৌৰাত্ম্যক নাকী লগাব কোনে? কাম-কাজলৈ পিঠি দি বিহুৰ নামত সুদীৰ্ঘ তিনি মাহ মতলীয়া হৈ অৰ্থ-সময়ৰ অপচয় কৰা সকলৰ বোধোদয় হ’বনে? বাপতিসাহোন বিহুটিৰ গইনা লৈ চলি থকা অবাস্তৱিক আৰু জাতিৰ সভ্যতা-সংস্কৃতি বিকৃতিকাৰক ক্ৰিয়া-কলাপে অসমীয়া সমাজক কি লাভালাভ দিছে; তাৰ নিৰ্মোহ আৰু বস্তুনিষ্ঠ পৰ্যালোচনাৰ সময় দুৱাৰডলিত।


বিহু অসমীয়া সাংস্কৃতিক জীৱনৰ প্ৰাণস্বৰূপ। লুইতপৰীয়া অসমীয়া সমাজৰ বাৰেৰহণীয়া, ঐশ্বৰ্যশালী সভ্যতাৰ উপাদানবোৰ যেন নিখুঁত, শুদ্ধ ৰূপত অসমী আইৰ বুকুত অনন্তকাললৈ ৰৈ বৈ যায়। পৰিৱৰ্তন অৱশ্যাম্ভাৱী, কিন্তু ই যেন সদায় যোগাত্মক, লাভজনক দিশত হ্য়। নেতিবাচক আৰু হানিকাৰক দিশবোৰক আমি প্ৰতিৰোধ কৰিবই লাগিব। কেইটামান দিশলৈ আমি চকু দিয়াটো ভাল হ’ব—
(ক) বিহুনামৰ বিকৃতিকৰণ ৰোধ, বিহু অনুষ্ঠানত সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান নিশ্চিতকৰণ, থলুৱা বাদ্যৰ লগত পশ্চিমীয়া বাদ্যযন্ত্ৰৰ সংগতকৰণৰ পৰ্যালোচনা।
(খ) একোটা অঞ্চলত অসংখ্য বিহু সন্মিলন আয়োজন নকৰি কেন্দ্ৰীয়ভাৱে এখনেই পতা হওক (বহু ঠাইত পাতেই)। আহাৰ মাহলৈকে বিহু সন্মিলন আয়োজন কৰি থকা কথাটোও ভাবি চাবলগীয়া।
(গ) বিহু সন্মিলনৰ বৰঙনি সংগ্ৰহ দাবী-ধমকি, জোৰ-জবৰদস্তিৰে হোৱা অনুচিত। এনে পন্থাই আমাৰ সাংস্কৃতিক গৌৰৱৰ ঐতিহ্যত কালিমা সানে আৰু কেতিয়াবা বিষম পৰিস্থিতিৰ সৃষ্টি কৰে।
(ঘ) বিহুমঞ্চত গীত-বাদ্য পৰিবেশন কৰা গায়ক-শিল্পীসকলক যথেষ্ট কষ্টেৰে সংগ্ৰহ কৰা অৰ্থৰ সিংহভাগ মাননি হিচাপে আদায় দিয়াটো কিমান সমীচীন, ই বিচাৰ্যৰ বিষয়।

এই সকলোবোৰ দিশ (বিশেষকৈ বিহু সন্মিলন সম্পৰ্কীয়) সামৰি অসমীয়া ৰাইজে এক উচ্চ ক্ষমতাসম্পন্ন কৰ্তৃপক্ষৰ জৰিয়তে অতি শীঘ্ৰে এক বিধি প্ৰণয়নৰ সময় আহি পৰিছে। সেই কৰ্তৃপক্ষ কোন হ’ব,— সেই বিষয়েও বিস্তৃত আলোচনাৰ প্ৰয়োজন আছে। কিন্তু আৰম্ভণিটো কোনোবাই কৰিবই লাগিব; কৰা উচিত।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts