বিচ্ছিন্নতা

১.
পৰশু বৰুৱাই ডিঙি মেলি অদূৰত থকা বাছ ষ্টপটোলৈ চাইছে, তাৰ লগে লগে নিজৰ হাতঘড়ীটোলৈ। বৰুৱা লাহে লাহে অধৈৰ্য হৈ পৰিছে।
—কৰবী এতিয়ালৈকে আহি নেপালেহি কিয়?
এইটো এটা অন্য জনঝাত!
কৰ্ণপটহ বিদিৰ্ণকাৰী হৰ্নৰ শব্দেৰে প্ৰতিযোগিতাৰ দৌৰেৰে এখন গাড়ীয়ে আনখনক অভাৰটেক্ কৰিব খুজিছে…। পিছে পিছে ঘণ্টি কোবাই দৌৰিছে ফায়াৰ ব্ৰিগেডৰ গাড়ী। ক’ৰবাত জুই লাগিছে।
—জুই লগা নাই ক’ত?
বৰুৱাই ভোৰ্‌ভোৰালে আৰু পুনৰ ডিঙি মেলি চালে বাছ ষ্টপটোলৈ।
—আঃ, ছয় বাজোঁ বাজোঁ। লাহে লাহে বাছ ষ্টপটো মনিব নোৱৰা হৈ আহিছে। এই সন্ধিয়ালৈকে কম্পিউটাৰ ক্লাচ! তাই কোনো বিপদত পৰা নাইতো!
—নাঃ।
বৰুৱা সামান্যভাৱে কঁপি উঠিল।
যোৱা দুটা দিন ধৰি দুটা শব্দই পৰশু বৰুৱাৰ মনটো উত্তেজিত কৰি ৰাখিছে। শব্দ দুটাই বৰুৱাৰ সৰ্বসত্তাত ক্ৰিয়া কৰিছে। মহান্তিৰ কিতাপৰ দোকানত যোৱা পৰহি মহান্তিৰ মুখেদি আখৈ ফুটাদি ফুটিছিল…।
—বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ইতিহাস অথবা সংস্কৃতি অধ্যয়নৰ পৰিৱৰ্তে বিজ্‌নেচ মেনেজমেণ্টৰ দৰে পাঠ্যক্ৰমৰ গুৰুত্ব বাঢ়িছে।
—জেনেৰেচন গেপ…। কেৱল হিউমেন জেনেৰেচনহে নে?… গেপ নাই ক’ত?
বিশ্ববিদ্যালয়ৰ শিক্ষকতা এৰা বহু বছৰ হ’ল পৰশু বৰুৱাৰ। অৱসৰোত্তৰ কালত হৈ পৰিল ইণ্টাৰভিউ ব’ৰ্ডৰ মাৰ্কামৰা সভাপতি বা সদস্য। কিম্বদন্তি আৰু ইতিহাসৰ পাৰ্থক্য নজনা কিমান কেণ্ডিডেট পাইছে… গতিকেই গেপ।

কৰবী দৌৰাদৌৰিকৈ ঘৰ সোমালহি। উৎসাহ আৰু আশ্চৰ্যৰে কৈ গ’ল— বৰ ইণ্টাৰেষ্টিং ঘটনা দেউতা,— আমাৰ ইন্সটিটিউটৰ এটা কম্পিউটাৰৰ এটা প্ৰগ্ৰেমত ভাইৰাচ লাগি গ’ল— হাৰ্ড ডিস্ক ব্ল্যাংক হৈ গ’ল।

বৰুৱাই জীয়েকৰ মুখলৈ চাই ৰ’ল। বিভিন্ন ভাইৰাচে আক্ৰমণ কৰি ৰুগীয়া কৰি পেলোৱা আমাৰ সমাজলৈ মেচিনৰ ভাইৰাচো আহিছে। ভাইৰাচ মানে বোলে প্ৰগ্ৰেম এটাহে। সি কম্পিউটাৰত থকা আন প্ৰগ্ৰেমবোৰ গণ্ডগোল কৰি পেলায়।

অদ্ভুত কাণ্ড। কাৰিকৰী সফলতাৰ কেনে অসফল প্ৰয়োগ। বেঙ্ক, এলআইচিৰ কম্পিউটাৰত ভাইৰাচ লাগি যায় যদি! কৰবীয়ে কেইদিনমান পূৰ্বে বৰুৱাৰ সকলো নথি-পত্ৰ এক্সটাৰনেল ডিস্কত (কম্পিউটাৰ ফ্লপিত) জমা কৰি থৈছে।
—দেউতা, তোমাৰ চব কাগজ-পত্ৰ চেইফ ৰেকৰ্ডেড হৈ গ’ল।…
কেনেকৈ চেইফ? ভাইৰাচ?… যোৱা চল্লিশটা বছৰৰ ৰেকৰ্ডচ্‌ সঞ্চিত ফাইলটো ক’ত থৈছে, মনত পেলালে বৰুৱাই। বৰুৱা পুনৰ কঁপি উঠিল। ৰেকৰ্ডচৰ গেপ!… কি হৈছে এইবোৰ! বিল গেইট্‌চৰ বিজ্ঞাপন— ‘যাৰ কম্পিউটাৰৰ জ্ঞান নাই, সি আজিৰ দুনিয়াত ইল্‌লিটাৰেট।’ মধ্যবিত্তৰ অহমিকাত আঘাত কৰিবলৈ উচিত মন্ত্ৰ।

পৰশু বৰুৱা কলেজ-বিশ্ববিদ্যালয়ত থাকোঁতে ইলেক্‌ট্ৰনিক সঁজুলি বুলিবলৈ কেল্‌কুলেটৰটোহে আছিল। লগাৰিথিমৰ ইয়ুজ প্ৰায় কম্‌পালচৰি আছিল। বৰুৱাৰ নিজকে বোঁৱতী নদীৰ মাজসোঁতেৰে আহি থকা জাঁজি যেন লাগিল। ক’ৰবাত কেনেবাকৈ যেন তেওঁৰ গতি স্তব্ধ হৈ গৈছে— অথচ তেওঁৰ চৌপাশ কিমান ব্যস্ত— কাৰো কালৈকো চাবলৈ সময় নাই। কেইদিনৰনো কথা। যোৱা কুৰিটা বছৰতে জীৱনৰ প্ৰবাহ দুগুণ ত্বৰিত হৈছে। বাঢ়ি গৈছে সমস্যা।

কৰবীয়ে এম এ পাছ কৰা চাৰি বছৰ হ’ল। ব্যক্তিগত খণ্ডৰ স্কুল এখনলৈ অহা-যোৱা কৰি আছে। তাইলৈ বেয়াই লাগে বৰুৱাৰ। মেট্ৰিক পাছ কৰিয়েই তাইৰ কি উচাহ— কলেজত পঢ়িব। কটনতে পঢ়িছিল। ৰিজাল্টবোৰো বেয়া নাছিল।… আজিকালি তাই অলপ বেছি সময় ৰিডিং ৰূমত কটালেই বৰুৱা উদ্বিগ্ন হৈ পৰে।… কৰবী পঢ়া টেবুলত বহি অনিশ্চয়তাৰ অনিৰ্ণেয় সাঁথৰৰ মাজত সোমাই যোৱা নাইতো!

বিয়া-বাৰুৰ কথা উলিয়ালে তাই দেউতাকলৈ আচৰিত হৈ চায়।…
—তুমি বিয়াখন কিয় ইমান এচেনচিয়েল বুলি ভাবিছা?
বৰুৱাই অন্য কথা উলিয়াই। টিভিটোত বিৰিংবাৰাংকৈ কিছুমান দৃশ্য ইটোৰ পিছত সিটোকৈ ওলাই গৈছে। কৰবীয়ে আৰ-চিটোৰে কিবা এটা চেনেল বিচাৰিছে।

২.
হঠাৎ পৰশু বৰুৱাৰ অধীৰ দাসলৈ মনত পৰিল। দাস পৰশু বৰুৱাৰ গাঁৱৰে। গাঁৱৰ স্কুলত দুয়ো একে শ্ৰেণীতে পঢ়িছিল। আৰ্থিক অসুবিধাই অধীৰৰ পঢ়া আধৰুৱা কৰিলে। আৰ্থিক অসুবিধাতকৈয়ো বেছি ক্ষতি কৰিছিল বাপেকৰ মদাহী স্বভাৱে। মেট্ৰিকৰ দেওনা পাৰ হ’ব নোৱৰা অধীৰ পৰশু বৰুৱাহঁতে কলেজ পাছ কৰাৰ পূৰ্বেই মাৰ্কামৰা পাণ-দোকানী হৈ গ’ল। তাৰ অন্তৰখন আছিল খোলা। একমাত্ৰ পুতেকক কোনো অভাৱত পৰিব নিদিয়াকৈ বি এলৈকে পঢ়ুৱালে। এতিয়া চহৰৰ চৰকাৰী অফিচত চাকৰি কৰে। এতিয়া দোকান চলাবলৈ দাসে ল’ৰা এটা ৰাখিছে।
দাস মাজে মাজে পৰশু বৰুৱাৰ তালৈ আহে। ভাল-বেয়া দু-আষাৰ কথা পাতি গুচি যায়। এটা নিৰুদ্বেগ জীৱন অধীৰ দাসৰ। নগৰীয়া অস্থিৰ হাৱাই দাসৰ মগজুত একো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে। এদিন আহি ক’লেহি— পুতেকৰ বিয়া পাতিছে। বহুসময় দাস মনে মনে বহি থাকিল। বৰুৱাই সুধিলে— পইছা-পাতি লাগিব নেকি?
—নালাগে। দাসৰ চমু উত্তৰ। তাৰ পিছত লাহে লাহে ক’লে— বিয়াৰ পিছতে ল’ৰাই অফিচৰ ওচৰতে ঘৰ এটা লৈ থকা কৰিব। ঘৈণীজনী ঢুকাবৰ পিছৰে পৰা দুয়ো মেছত থকাৰ দৰেহে আছিলো। মোৰ দোকান, তাৰ অফিচ। ৰাতিহে মুখ দেখাদেখি হয়।… বিয়াৰ পিছত তাৰো মুদা মৰিব!
—এৰা, ওল্ড এইজ হোমবিলাক ল’ৰাই নিবিচাৰিলেও বুঢ়াবিলাকেই বিচাৰিব লাগিব। শেষ বয়সত আশ্ৰয় এটাতো লাগিব। বৰুৱাই ভাবিলে।

৩.
পৰশু বৰুৱাই বাতৰি কাকতৰ পাত লুটিয়ালে। কাকতবোৰৰ মাজত কোনো পাৰ্থক্য বিচাৰি নাপায় বৰুৱাই। বাতৰি পৰিৱেশনৰ নীতিও গতানুগতিক। আগতে কেইবাখনো কাকত নিয়মীয়াকৈ পঢ়া বৰুৱাই এতিয়া মাত্ৰ এখন কাকত ৰখা কৰিছে। কৰবীয়েও পঢ়িবলৈ সময় নাপায়। নিয়মীয়াকৈ এমপ্লইমেন্ট নিউজখন মাত্ৰ পঢ়ে। অ’লৈ-ত’লৈ চাকৰি বিচাৰি দৰ্খাস্ত কৰে। কামৰ চৰ্ত বহুত। দৰ্মহাৰ চৰ্ত একো নাই। নিবনুৱাৰ সংখ্যা গুণোত্তৰ হাৰত বাঢ়িছে প্ৰতিদিনে।

বৰুৱাই উচ্চ শিক্ষাৰ সংকোচনৰ নীতি সম্পৰ্কীয় লেখা এটাত চকু ফুৰালে। বৰুৱাই ভাবিলে—
শিক্ষাৰ সংকোচন কৰিবলৈ নীতিনো লাগে কিয়? নিৰাপত্তা নিশ্চিত কৰিব নোৱৰা উচ্চশিক্ষা ল’বই বা কোনে? শিক্ষানুষ্ঠানবোৰ দস্তুৰমত খালি হৈ যাব। তাৰপিছত? বৰুৱাৰ একো ভাবিবৰ মন নোযোৱা হয়।

বিস্ফোৰণ, হত্যা, লুণ্ঠনৰ খবৰেৰে ভাৰাক্ৰান্ত বাতৰি কাকতবোৰ বহুৰাষ্ট্ৰীয় কোম্পানীৰ লাভালাভৰ পৰিসংখ্যা— সপোনৰ কিনাবেচা। অৰ্থনীতিৰ গ্ল’বেলাইজেচন হৈছে। গ্ল’বেলাইজেচন! মানুহৰ হাহাকাৰ, হুমুনিয়াহবোৰৰো গ্ল’বেলাইজেচন হোৱা হ’লে! গুনাৰ মাৰ্‌ডেল-এ কৈছে— দীঘল পেণ্ট কিনিবলৈ পইছা নাই যদি ভৰি দুখনেই কাটি চুটি কৰি লোৱা।… বঢ়িয়া চলিউচন। পিছে গ্ল’বেল ইকনমিয়ে দেখোন ভৰি নকটাকৈয়ো মানুহক পংগু কৰি পেলাইছে।

গুনাৰ মাৰ্‌ডেলৰ কথা মনত পৰাৰ লগে লগে বৰুৱাৰ মনত পৰিল ব্ৰীজেশ মহান্তিলৈ। বৰুৱাৰ সমবয়সীয়া। কিছুদিন ওকালতি কৰিছিল। ওকালতি আৰু কি, বাৰত এনেয়ে বহি থকা, কাম জমি নুঠা ডেকা লয়াৰ কেইজনৰ লগত আড্ডা। মহান্তিয়ে প্ৰগতিশীল চিন্তাৰ প্ৰয়োজনীয়তাৰ সপক্ষে তৰ্ক কৰে। পিছলৈ ওকালতি এৰি কিতাপৰ দোকান দিছিল। তাতেই বৰুৱাৰ সৈতে মহান্তিৰ চিনাকি। চিনাকিৰ পিছত বন্ধুত্ব। মাৰ্‌ডেল, কেইন্স, মাৰ্ক্স— সকলোৰে মতৰ সাৰবত্তা মহান্তিৰ মুখেদি আখৈ ফুটাদি ফুটিছিল। তৃতীয় বিশ্বৰ দেশসমূহে ডব্লিউ টি ও-ৰ নাগপাশৰ পৰা মুক্ত হ’বলৈ আমেৰিকানাইজ্‌ড পলিচিৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন চলাব নে মৌলবাদী সন্ত্ৰাসবাদীয়ে কৰালৈ ৰৈ থাকিব? মহান্তিয়ে কৰা এনেবোৰ প্ৰশ্নৰ উত্তৰ বৰুৱাই দিয়াৰ প্ৰয়োজন নাই। মহান্তিয়েই ব্যাখ্যা দি যায়। বৰুৱাৰ ভাল লাগিছিল মহান্তিৰ সৈতে বাৰ্তালাপ কৰি।

৪.
সন্ধিয়া অধীৰ দাস আহিল। মুখখন শুকান, চিন্তান্বিত। বৰুৱাই খবৰ সুধিলে।
—ভাল নহয় অ’ পৰশু। দাসৰ মাতটো কঁপি উঠিল। বৰুৱা উদ্বিগ্ন হৈ উঠিল। চৌপাশৰ সঘন পৰিৱৰ্তিত জাগতিক ঘটনাক্ৰমে একো ক্ৰিয়া কৰিব নোৱৰা দাসৰ মনটোৰ ভিতৰত থূপ খাই থকা এবুকু দহনৰ উত্তাপ অনুভৱ কৰিলে বৰুৱাই। কি হৈছে জানিবলৈ ব্যগ্ৰ হৈ পৰিল বৰুৱা। দাসে লাহে লাহে কৈ গ’ল— তোমাৰেই ভাল দিয়া; আগলৈও নাই, পিছলৈও নাই। বৰুৱাই দাসৰ মন্তব্যটোৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিলে।
—মোৰ ল’ৰাটোৰ কথা কৈছোঁ। সি বোলে এইবাৰ মাকৰ অস্থি গঙ্গাত বিসৰ্জন দি আহিব। বছৰি শ্ৰাদ্ধ কৰি থকা লেঠা মাৰিব বোলে।
দাস অলপ ৰ’ল। তেওঁৰ মাতটো কঁপিছিল।
—চোৱাচোন পৰশু, তাৰ কষ্ট হ’ব বুলিয়েই দ্বিতীয়জনী গোটাই নল’লো। যোৱা ত্ৰিশটা বছৰ তাৰ মাকৰ মৰম আকলুৱা মুখখনৰ স্মৃতি লৈয়েই দিন কটাইছোঁ।… তাক কৈ দিছোঁ,— তোৰ সময় নাই, নালাগে পাতিব শ্ৰাদ্ধ। শ্ৰাদ্ধৰ পৰা মোক আজৰি কৰি দিব নালাগে।
বৰুৱাই দাসলৈ চালে। এটা সৰল সমীকৰণৰ দৰে জীৱনপঞ্জী দাসৰ। কিন্তু এই সমীকৰণটোৰ বিবিধ উত্তৰে দাসক যেন বিব্ৰত কৰি তুলিছে।

কৰবী তেতিয়া চাৰি বছৰীয়া। অধীৰ দাসৰ তেতিয়াৰ পৰাই বৰুৱাৰ তালৈ অহা-যোৱা। কেতিয়াবা দাসে কয়— তোমাক ল’ৰা এটা লাগে বুলি নাভাবানে?
—কিয়? মই মৰাৰ পিছত পিণ্ড দিবলৈ নে বংশ ৰক্ষা কৰিবলৈ? বৰুৱাই হাঁহি কয়।
দাসে ভাবে পুত্ৰৰ ফালৰ পৰাহে বংশ ৰক্ষা হয়।
—মাককে মনত ৰাখিব নোখোজা ল’ৰাটোৱে কি মোৰ বংশ ৰাখিবহে পৰশু!«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

ভূপেন শৰ্মা

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (শিলঘাট)ৰ অধ্যক্ষ।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz