বিচ্ছেদ: এক অনুভৱ

প্ৰকাশ: ১৫ মাৰ্চ, ২০১২ | অন্তিম সম্পাদনা: ১৯ নৱেম্বৰ, ২০১৬

ae1কিছুমান কথা কেতিয়াও পাহৰিব নোৱাৰি। কালৰ সোঁতত সেইবোৰ মনৰ অতল তলীত সুপ্ত হৈ থাকিলেও কেতিয়াবা হঠাৎ সাৰ পাই উঠে । মধুৰ স্মৃতিয়ে ওঁঠলৈ বোৱাই আনে এটা মিঠা মিচিকিয়া হাঁহি, হৃদয়লৈ বোৱায় আনে সুখৰ নিজৰা আৰু দুখময় স্মৃতিয়ে বুকুত তোলে হুমনিয়াহৰ কলীয়া ডাৱৰৰ ঢৌ।

এটা তেনেকুৱাই দুখদায়ক স্মৃতিয়ে মাজে মাজে মোক জোঁকাৰি যায়। তেতিয়া মই তৃতীয় শ্ৰেণীত পঢ়োঁ। নিচেই সৰু আছিলো যদিও কথাবোৰ কিছু বুজিব পৰা হৈছিলো। আমাৰ পঢ়াশালিত আমাৰ লগতে পঢ়া দুগৰাকী ভাই-ভনী আছিল— বিশ্বজিৎ আৰু বিনীতা। বিনীতা আছিল আমাৰ কান-সমনীয়া আৰু বিশ্ব আমাতকৈ বয়সত ডাঙৰ আছিল। সিহঁতৰ ঘৰো আছিল স্কুলখনৰ নিচেই কাষতে। সেয়ে প্ৰায় সদায়েই সিহঁত পঢ়াশালিলৈ আহিছিল। এবাৰ সিহঁত একেৰাহে কেইবাদিনো পঢ়াশালিলৈ অহা নাছিল। আমি সমনীয়াবোৰে সিহঁতৰ কাষতে থকা সমনীয়া কিছুমানক সিহঁত দুটা কেলেই স্কুললৈ অহা নাই সুধিলো। সিহঁতৰ কথা শুনি আমি আটায়ে হতবাক। সিহঁতে কলে যে বিশ্বজিৎ আৰু বিনীতাৰ মাক-দেউতাকৰ বিচ্ছেদ হৈছে, সেয়ে মাক-দেউতাক একেলগে নাথাকে। সিহঁত দেউতাকৰ লগত থাকে দেউতাকৰ পৰিয়ালৰ লগত। মাকে চাকৰি কৰে, বেলেগে থাকে। সিদিনা শনিবাৰে স্কুল ছুটীৰ পিছত মাক সিহঁতলৈ ৰৈ আছিল হেনো। সিহঁতলৈ পুতলা, চকলেট, বিস্কুট, নতুন কাপোৰ আনি সিহঁতক দিছিল। দেউতাকে সিহঁতৰ হাতত উপহাৰবোৰ দেখি কোনে দিলে, ক’ত পালে সুধিলে। মাকে সেইবোৰ দিয়া বুলি জানিব পাৰি দেউতাক সিহঁতৰ ওপৰত খড়্গহস্ত হৈ উঠিল আৰু উধাই-মুধাই সিহঁতক পিটিলে। সেয়াই নহয়, সিহঁতক স্কুললৈকো আহিবলৈ নিদিয়ে হেনো। কিন্তু সিহঁত অৱশ্যে পিছলৈ স্কুললৈ আহিছিল। এই কথাখিনি কেতিয়াবা মোৰ মনত পৰে, যেতিয়াই মনত পৰে, বুকুখন যেন ক’ৰবাত এক অজান বিষত বিষাই উঠে। তেতিয়া হয়তো কথাবোৰ বৰ ভালকৈ বুজা নাছিলো। মাথোঁ বুজিছিলো, দেউতাকে তেনেকৈ সিহঁতহালক মাৰি ভাল কাম কৰা নাই। মাকজনীতো আহিবই সিহঁতক চাবলৈ বা সিহঁতেওতো বিচাৰিব নিজৰ মাকক।

আৰু পঢ়ক:  চন্দ্রকুমাৰ আগৰৱালাৰ কবিতাত আধ্যাত্মবোধ

আজি বহুত কথাই বুজিব পৰা হৈছোঁ। বুজিব পৰা হৈছোঁ এটা পৰিয়ালৰ গুৰুত্ব। মাক-দেউতাকৰ বাবে সন্তান যিমান মৰমৰ, সন্তানৰ বাবেও মাক-দেউতাক অতিশয় মৰমৰ। মাক-দেউতাকৰ কোনো এজনকে বাদ দি কোনো সন্তানে পৰিয়ালৰ কথা চিন্তা কৰিব নোৱাৰে। মাক-দেউতাকৰ মৰমৰ উমত জীপাল হয় সন্তানৰ কোমল মনবোৰ। মই আজি অনুভৱ কৰিব পাৰিছোঁ, সন্তানে কেৱল মাককেই নিবিচাৰে, দেউতাককো সমানে বিচাৰে। সিহঁতৰ বাবে মাকৰ মৰমৰ গুৰুত্ব যিমান, দেউতাকৰ মৰমৰ গুৰুত্ব তাৰ তুলনাত কোনো গুণে কম নহয়। কোনো মাক বা দেউতাকৰ যদি মৃত্যু হয়, তেন্তে কথা সুকীয়া। পিতৃ-মাতৃৰ বিয়োগৰ শোক কিমান বেদনাদায়ক, সেই কথা ফঁহিয়াই কোৱাৰ কোনো প্ৰয়োজন নাই। তথাপি থাকিও নথকাটো যে কিমান বেদনাদায়ক ! মই ভাবোঁ, পতি-পত্নীয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, সিহঁতৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে এজনে আনজনৰ প্ৰতি কিছু সহনশীল হব পাৰে। এটা পৰিয়ালত নানান সমস্যা আহিব পাৰে, সেই সমস্যাবোৰৰ বুজা-পৰাৰ মাজেৰে সমাধানৰ পথ উলিয়াব পাৰে। এই ক্ষেত্ৰত কোনো হিতৈষী বন্ধু-বান্ধৱ তথা বয়োজ্যেষ্ঠ জনৰ সহায়ে সমস্যাৰ সমাধানত অৰিহণা যোগাব পাৰে। বিচ্ছেদ সমস্যাৰ সমাধান কেতিয়াও নহয়, ই আন বহুতো সংবেদনশীন সমস্যাৰ পীড়াদায়ক আৰম্ভণিহে!

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts