ভূপেন্দ্ৰ সঙ্গীতৰ জন্মলগ্নৰ কথা

এজন শিল্পীৰ সাঙ্গীতিক ধাৰাক সন্মান জনাই তেওঁৰ নামেৰে সঙ্গীতৰ আখ্যা দিয়াটো পশ্চিম বঙ্গ আৰু আমাৰ অসমৰ এক পৰম্পৰা। সেয়েহে সৃষ্টি হৈছিল ৰবীন্দ্ৰ সঙ্গীত, জ্যোতি সঙ্গীত, বিষ্ণু ৰাভা সঙ্গীত আদি। এই মহান শিল্পীসকলৰ মৃত্যুৰ পাছতহে তেওঁলোকৰ সাঙ্গীতিক ধাৰাক এই সন্মান জনোৱা হৈছিল। ভূপেন্দ্ৰ সঙ্গীতৰ স্বীকৃতি এই ক্ষেত্ৰত এক ব্যতিক্ৰম।

ভূপেন্দ্ৰ সঙ্গীতৰ আৰম্ভণি সঁচা অৰ্থত এক আকস্মিক পৰিঘটনা আছিল। ১৯৮১ চনৰ ২০ জুনৰ দোকমোকালিত মই যোৰহাট বাছ আস্থানলৈ মোৰ শাহুক আগবঢ়াই আনিবলৈ গৈ ভূপেন দাদা আৰু কথাশিল্পী নিৰোদ চৌধুৰীক বাছৰ পৰা নামি অহা দেখি আচৰিত হৈছিলো। কাৰণ ভূপেন দাদা সেইদিনা ৰাতিৰ বাছত আহিব বুলি আমাক আগতে খবৰ দিয়া নাছিল। সেই সময়ত যোৰহাটলৈ আহিলে ভূপেন দাদা আমাৰ ঘৰতে থাকিছিল। যি কি হওক, ভূপেন দাদা আমাৰ ঘৰলৈকে আহিল।

ঘৰলৈ আহি ভূপেন দাদাই যেতিয়া গম পালে যে আমি ‘বিষ্ণু-জ্যোতি সঙ্গীত মহাবিদ্যালয়’ত সেইদিনা ‘বিষ্ণু ৰাভা দিৱস’ পালন কৰিম, তেখেতে ক’লে— আজি মই তোমালোকৰ সঙ্গীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ফণী শৰ্মা আদিৰ বিষয়ে সাধুকথা ক’ম, যিবিলাক কথা ডাঙৰ সভাবিলাকত কোৱা নাযায়। দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সেই সভাখন অনুষ্ঠিত হৈছিল। ভূপেন দাদা মঞ্চত বহি থকা অৱস্থাতে হঠাৎ মোৰ মনলৈ এটা ভাব আহিল যে আমিনো কিয় এটা প্ৰস্তাৱ নলওঁ যে ড. ভূপেন হাজৰিকাই সৃষ্টি কৰা সংগীতক ‘ভূপেন্দ্ৰ সঙ্গীত’ নামেৰে আখ্যায়িত কৰা হওক। ৰবীন্দ্ৰনাথ, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদৰ গীতৰ মৌলিকত্ব, স্বকীয়তাক সন্মান জনাই যিদৰে ৰবীন্দ্ৰ সঙ্গীত, জ্যোতি সঙ্গীত, বিষ্ণু ৰাভা সঙ্গীত ধাৰাৰ সৃষ্টি কৰা হ’ল, সেইদৰে ভূপেন হাজৰিকাৰ গীত ৰচনা, সুৰ সংযোজনা আৰু পৰিবেশন স্বকীয়তা আৰু মৌলিকতাক সন্মান জনাই তেওঁৰ সঙ্গীতৰাজিক ‘ভূপেন্দ্ৰ সঙ্গীত’ নামেৰে আখ্যায়িত কৰাটো সময়োপযোগী আৰু সদৰ্থক পদক্ষেপ নিশ্চয়ে হ’ব। এইদৰে পতিয়ন যোৱাৰ পিছত মোৰ ভাই সুমন্ত চলিহা (সেই সময়ত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ)ৰ দ্বাৰা উক্ত প্ৰস্তাৱটো উত্থাপন কৰোৱা হ’ল আৰু প্ৰস্তাৱ হৰ্ষধ্বনি সমন্বিতে গৃহীত হ’ল। প্ৰস্তাৱ গ্ৰহণৰ ঠিক পিছতেই দুটি ভূপেন্দ্ৰ সঙ্গীত পৰিবেশন কৰিছিল ভূপেন্দ্ৰ সঙ্গীতৰ জনপ্ৰিয় শিল্পী জ্যোতিৰ্ময় দেৱনাথে। প্ৰস্তাৱটো লোৱাৰ পাছত মোৰ অলপ ভয়ো লাগিছিল, কাৰণ এনেকুৱা এটা প্ৰস্তাৱ ল’ম বুলি আমি ভূপেন দাদাৰ লগত আগতে আলোচনা কৰা নাছিলো।

ভূপেন দাদাই নিজৰ ভাষণত তেওঁৰ স্বভাৱসুলভ ৰসিকতাৰে কৈছিল,— অলপ আগতে ডেকা ল’ৰাজনে উত্থাপন কৰা প্ৰস্তাৱটো শুনি মোৰ ভয় হৈছে, মই বেছি দিন জীয়াই নেথাকিম নেকি! তেওঁ আৰু কৈছিল,— মোৰ গীতবিলাকে ধাৰাৰ সৃষ্টি কৰিছে নে নাই, সেইটো সঙ্গীত বিশ্লেষকসকলৰ বিচাৰ্য বিষয়। মই মাত্ৰ শান্তি পাম, যদি উদীয়মান কণ্ঠশিল্পীসকলে তেওঁলোকৰ স্বাভাৱিক কণ্ঠস্বৰতে মোৰ গীতবিলাক গাওঁতে মই গুৰুত্ব দিয়া দিশবিলাকৰ প্ৰতি সচেতন হয়।

ইয়াৰ পাছত আমি অধ্যাপক দণ্ডধৰ হাজৰিকাক মুখ্য উপদেষ্টা, জীতেন শইকীয়াক সভাপতি, অশোক বৰদলৈক সম্পাদক হিচাপে লৈ ‘সদৌ অসম ভূপেন্দ্ৰ সঙ্গীত সমিতি’ গঠন কৰিছিলো। উক্ত সমিতিত অধ্যক্ষ ৰবীন চৌধুৰী, উজ্জ্বল শইকীয়া (ডুমডুমা), সূৰ্য হাজৰিকা (ডিব্ৰুগড), হেম শইকীয়া (শিৱসাগৰ), বিভুচৰণ বৰুৱা, প্ৰফুল্ল হাজৰিকা (যোৰহাট), পুণ্য শইকীয়া (ডিগবৈ), শেখৰজ্যোতি ভূঞা, বলেন বৰা, পাপুল বৰা (নগাঁও), গমন বৰা (কামপুৰ), জ্যোতিৰ্ময় দেৱনাথ (গুৱাহাটী) আৰু থানেশ্বৰ কুমাৰ (পলাশবাৰী)ক উপদেষ্টা হিচাপে মনোনীত কৰা হৈছিল। উল্লেখ্য যে জাপানৰ বিখ্যাত সাংস্কৃতিক গোষ্ঠী ‘ৰ’-অন’ (Ro-on)ৰ সভাপতি অধ্যাপক মৰিম’তু (Prof. Morimotu)-এও উক্ত উপদেষ্টামণ্ডলীত থকাৰ সন্মতি জনাইছিল। (প্ৰসঙ্গক্ৰমে, ৰ’-অন-এ ভূপেন দাদাক জাপানত দুবাৰকৈ গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিল।) সমিতিখন গঠন কৰাৰ ক্ষেত্ৰত অধ্যাপক সুৰেন বৰদলৈ আৰু চুৰট জামালৰ ভূমিকাক শ্ৰদ্ধাৰে সোঁৱৰো।

প্ৰাৰম্ভিক অৱস্থাত ভূপেন্দ্ৰ সঙ্গীতক সঙ্গীতৰ এক ধাৰা হিচাপে গ্ৰহণ কৰাক লৈ যথেষ্ট বিৰূপ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল। কিন্তু শাস্ত্ৰীয় সঙ্গীত বিশ্লেষকসকলৰ (বাদ্যবিশাৰদ প্ৰমোদ দাস প্ৰমুখ্যে) অকাট্য যুক্তিত সেই সমালোচনা স্তব্ধ হ’ল আৰু সঙ্গীতপ্ৰেমী ৰাইজে ভূপেন্দ্ৰ সঙ্গীত যে সঙ্গীত জগতৰ এক আৱশ্যম্ভাৱী ধাৰা সেইটো মানি ল’লে।

যোৱা ত্ৰিছ বছৰে অসমৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠিত কৰি অহা ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাসমূহে প্ৰমাণ কৰিছে যে ভূপেন্দ্ৰ সঙ্গীত অসম তথা উত্তৰ-পূবৰ সঙ্গীতপ্ৰেমী ৰাইজে আগ্ৰহেৰে গ্ৰহণ কৰিছে। কামপুৰত অনুষ্ঠিত ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাত ত্ৰিপুৰা আৰু পশ্চিম বঙ্গৰ বহুতো প্ৰতিযোগীয়ে ভূপেন্দ্ৰ সঙ্গীত বঙ্গীয় ভাষাত পৰিবেশন কৰি যোগদান কৰিছিল। কিন্তু এটা বৰ বেদনাদায়ক কথা যে ভূপেন্দ্ৰ সঙ্গীতৰ লগতে বহু পূৰ্বৰে পৰা ৰাইজে গ্ৰহণ কৰা জ্যোতি সঙ্গীত, বিষ্ণু ৰাভা সঙ্গীতক অনাতাঁৰ কেন্দ্ৰই আজিকোপতি স্বীকৃতি দিয়া নাই। আমি আশা কৰিম, চৰকাৰ তথা ৰাইজৰ প্ৰতিনিধিসকলে এই দিশত গুৰুত্ব আৰোপ কৰি অসমৰ মহান সঙ্গীত ধাৰাক প্ৰাপ্য স্বীকৃতি দিয়াব।

সামৰিব খুজিছোঁ কবি-সাহিত্যক মহেন্দ্ৰ বৰাই সূৰ্য হাজৰিকা সম্পাদিত ‘গীতাৱলী’ৰ ভূমিকাত ভূপেন দাদাৰ এটি গীতৰ উদ্ধৃতিৰে প্ৰকাশ কৰা কেইশাৰীমান বাক্যৰে— “মোৰ দেশখন যদি আই হৈ যায় আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয়, তই বাৰু মোৰ বাবে কি কৰিলি? মই ক’ম কি? তেতিয়া সেই সোণালী কণ্ঠস্বৰটো শুনি উঠি ক’বৰ মন যায়, আইৰ ডিঙিৰ সুৱদি মাত চতাই পৰেবতৰ পৰা চিৰি লুইতলৈকে ঘাঁহে-দূবৰিয়ে সিঁচৰতি হৈ পৰা মুকুতাৰ মণিবোৰ বুটলি খুচৰি আনি সুৰৰ সাতসৰী গুথি তুমিয়েই দেখোন আইৰ ডিঙিতেই পিন্ধাই দিলা। তাতকৈ বেছি আপুৰুগীয়া বস্তু চিৰচেনেহী আইক বাৰু কোনজনে কি দিব পাৰিছে?”«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

লনী বৰুৱা

ভূপেন্দ্ৰ-চৰ্চাকাৰী। যোৰহাট।

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz