ভূপেনদা আৰু ‘কাজিৰঙা কাজিৰঙা’ গীত সৃষ্টিৰ নেপথ্যৰ এছোৱা

এক অভূতপূর্ব ইতিহাস ৰচনা কৰি ভূত বা অতীত হৈ গ’ল ডঃ ভূপেন হাজৰিকা। আমাৰ সকলোৰে ভূপেনদা, ভূপেন মামা, খুৰা, Uncle৷ অসমৰ, সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ, ভাৰতৰ, পৃথিৱীৰ বিভিন্ন প্রান্তৰ পৰা আহিছিল শোকার্ত জনতা। ভূপেনদাৰ নশ্বৰ দেহ পঞ্চভূতত মিলি গ’ল; কল্পনা লাজমী, ভূপেনদাৰ একমাত্র সন্তান তেজ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ চকুপানীৰ লগত আমাৰ ভূপেনদাৰ সহস্র গুণমুগ্ধৰ চকুপানী একাকাৰ হৈ গ’ল। এয়া অভূতপূর্ব, অবিশ্বাস্য, অতুলনীয় এক ঐতিহাসিক মুহূর্ত। এয়া খন্তেকীয়াও নহয়, ভূপেনদা জনতাৰ মাজত জীয়াই থাকিব তেওঁৰ কৰ্মৰাজিৰ মাজেৰে। এতিয়া তেওঁৰ কৰ্মৰাজি যথাযথভাৱে সংৰক্ষণৰ গুৰু দায়িত্ব আহি পৰিছে আমাৰ সকলোৰে বাবে। চৰকাৰ, ভূপেনদাৰ পৰিয়াল, সুদীর্ঘ দিন ধৰি ছাঁটোৰ দৰে থকা কল্পনা লাজমী আৰু ৰাইজ সকলোৱে মিলি আমাৰ দায়িত্ব পালন কৰিবলৈ প্রতিশ্রুতিবদ্ধ হওঁ আহক।

মোৰ লগত আছে যোৱা পাঁচ দশকৰো অধিক কালৰ ভূপেনদাৰ বিভিন্ন সময়ৰ বিভিন্ন মুহূর্তৰ স্মৃতি বিজড়িত বহু চিত্র, ক’লা-বগা আৰু ৰঙীন চিত্র। বহু চিত্র বাৰিষাৰ পানীত নষ্ট হ’লেও যিখিনি আছে, সেয়াও গোটেই কম নহ’ব। ভূপেনদাৰ বিষয়ে বিভিন্ন সময়ত মই লিখা, ছপা হৈ যোৱা কথাবোৰ, মোৰ চিত্র প্রদর্শনীৰ সময়ত লিখা মতামত নাইবা চলচ্চিত্ৰৰ বাবে তেওঁৰ নিজৰ হাতেৰে লিখা গীতবোৰ আৰু মোৰ যোৱা পঞ্চাছ বছৰৰ অতীত স্মৃতি ৰোমন্থন কৰি ভূপেনদাৰ সান্নিধ্যত কটোৱা মুহূর্তবোৰ একত্রিত কৰি এখন গ্রন্থ উলিয়াই ৰাইজৰ হাতত দিয়াৰ লগতে তেওঁৰ সংগ্ৰহালয়ত দিম বুলি ভাবিছোঁ।

ভূপেনদাই লিখা, ৰাণা ভাইটি (জয়ন্ত হাজৰিকা)-এ সুৰ দিয়া মোৰ প্ৰদৰ্শিত নোহোৱা কাহিনী চিত্র ‘এনাজৰী’ৰ এটা চাৰে চাৰি মিনিটৰ গীত ‘পীৰিতি নামেৰে তিনিটি আখৰে কোনে কাটে গান শিলত’ গীতটিৰ কথাবোৰ আৰু যদি ৰেকর্ড কৰা গীতটি জ্যোতি চিত্ৰবন ষ্টুডিঅ’ত এতিয়াও আছে (প্ৰয়াত হিতেশ্বৰ শইকীয়া, ৰুদ্ৰ বৰুৱা আৰু বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত পিযুষকান্তি ৰয়ে গীতটি বাণীবদ্ধ কৰিছিল), সেই গীতটিও সংৰক্ষণৰ বাবে দিয়া হ’ব। গীতটি মিঠু (মনীষা হাজৰিকা)ৰ লগতে থাকিব পাৰে, নহ’লে ভূপেনদাই গোৱা সুৰটোৰে ময়ুখ (ময়ুখ হাজৰিকা)ৰ হতুৱাই গোৱাব পৰা যাব। সুৰটো মোৰো মনত আছে, ৰেকর্ড কৰা কেছেটটোহে বিচাৰি পোৱা নাই।

১৯৭৪ চন। ভূপেনদা গীতিকাৰ, সুৰকাৰ। ছবিৰ নাম ‘জীৱন জ্যোতি’। প্রযোজনা আৰু এটা গীতত কণ্ঠ দিছে ডঃ কৃষ্ণা বর্মণে। কাহিনী, পৰিচালনা মোৰ। দুটি গীত ভূপেনদাৰ কণ্ঠত বাণীবদ্ধ হৈছিল— ‘সাতোটি সাগৰ আৰু তেৰটি নদী পাৰ হৈ অতিথি সাউদ আহিছিলে’ আৰু ‘চৌদিশে জনতা জাগিল জাগিল, এলাহৰ নিদ্রা ভাগিল ভাগিল, পৰাধীনতাৰ শিকলি ছিঙাৰ অন্তিম প্ৰহৰ আহিল’। ইয়াৰ উপৰি দুটা নাৰীকণ্ঠৰ গীত আছিল— ‘আজি বতৰ গাভৰু হ’ল, প্রকৃতি নাথাকে শুই— আগেয়ে নাজানো এতিয়া জানিলো শৰীৰত একুৰা জুই’, ‘অ’ মন তগৰ সখী মোৰ মনৰ’। এই চাৰিওটা গীতেই কোনো ডিস্ক, ৰেকর্ড নাইবা কেছেটত আজিলৈ উলিওৱা নহ’ল। গীতকেইটি চলচ্চিত্ৰখনত ব্যৱহাৰ কৰা হৈছে আৰু পাছত ১৯৮৬ চনত ‘যুগে যুগে সংগ্রাম’ নামেৰে প্ৰদৰ্শিতও হৈছে। গীতকেইটি মুম্বাইৰ ফিল্ম লেবৰেটৰীত আছে, আমি প্রিণ্ট কৰি আনি হার্ড ডিস্ক বনাই সংৰক্ষণৰ বাবে ভূপেনদাৰ নামৰ আৰ্কাইভত থোৱাৰ বাবে দিয়াৰ কথা ভাবিছোঁ।

১৯৮০ চনত ভূপেনদাই আমাৰ ‘অকণ’ নামৰ শিশু চলচ্চিত্ৰখনতো সংগীত ৰচনা আৰু সুৰ দিয়াৰ লগতে বিখ্যাত ‘কাজিৰঙা কাজিৰঙা— ভয়াবহ নহয়, নহয় ই অভয়াৰণ্য, ইয়াতকৈয়ো ভয়াবহ জানা পৃথিৱীৰ জন-অৰণ্য’ গীতটিত কণ্ঠ দিছিল। এই ছবিৰ বাকীকেইটা গীতত কণ্ঠ দিছে এপাল ল’ৰা-ছোৱালীৰ সৈতে ডঃ কৃষ্ণা বৰ্মণে আৰু এটা বৰগীত ‘উদ্ধৱ বন্ধু মধুপুৰী যাৱন মুৰাৰী’ত কণ্ঠ দিছে দ্বৈতভাৱে ভূপেনদা আৰু কৃষ্ণা বর্মণে। এই ছবিখনৰ গীতবোৰ এইচ এম ভিৰ ৰেকৰ্ড, কেছেট আদিত প্ৰচাৰ হৈছিল, গীতবোৰ জনপ্রিয়ও হৈছিল। এসময়ত নাইট ছুপাৰ বাছবোৰে যাত্ৰা আৰম্ভ কৰিছিল ‘কাজিৰঙা কাজিৰঙা’ গীতটি বজাই। এই গীতটিৰ সৃষ্টি মুহূৰ্তবোৰ এটা কেছেটত সুদীৰ্ঘ সময় ধৰি ৰেকৰ্ড কৰি ৰখা হৈছিল। ভগৱানৰ অশেষ দয়াত আজি ইমান বছৰৰ পাছতো কেছেটটো ভালে আছে। কেছেটত গীতটিৰ ৰচনা আৰু সুৰ কেনেকৈ দিয়া হৈছিল, অর্থাৎ ভূপেনদাই গীত এটি কেনেকৈ সৃষ্টি কৰে, সেয়া স্পষ্টভাৱে প্ৰকাশ পাহছে। সেইটোও কমপেক্ট ডিস্ক বা তাতকৈয়ো কিবা উপযুক্ত মাধ্যম থাকিলে সেইভাৱে সংৰক্ষণ কৰা হ’ব; সংৰক্ষণ কৰা হ’ব গীতটিৰ ভূপেনদাৰ নিজৰ হাতৰ আখৰেৰে লিখা কথাখিনি— দেখিলে ৰাইজে বুজিব পাৰিব ভূপেনদাই কেনেকৈ গীত এটিৰ বাবে চিন্তা কৰাৰ লগতে কাগজত কিছুমান একে ধৰণৰ শব্দ লিখি থয় আৰু সৃষ্টিক্ষণত উপযুক্ত শব্দটো ব্যৱহাৰ কৰে, যেনে— অনন্য, অৰণ্য, বন্য বা দিলে, ল’লে, ক’লে ইত্যাদি।

এইখিনিতে গীতটিৰ ৰেকর্ড কেনেকৈ হৈছিল অলপ জনাব খুজিছোঁ। ‘অকণ’ ছবিৰ চাৰিটা গীতৰ ল’ৰা-ছোৱালীখিনিৰ মুখত দিবলৈ ‘আমি ভাইটি-ভণ্টি’ আৰু ‘ৰং ৰং নান ৰং’ গীত দুটি আৰু বৰগীতটি সাজু হৈ আছে, ‘কাজিৰঙা কাজিৰঙা’ গীতটি নহয়হে নহয়। ভূপেনদাৰ প্ৰয়োজন অনুসৰি পৰ্যটন বিভাগৰ ফোল্ডাৰ আদিৰ লগতে কাজিৰঙা সম্বন্ধে লিখা য’তে যি পোৱা গ’ল যোগাৰ কৰা হ’ল, কুঠৰীতো কেইদিনমান থাকি অহা হ’ল, কলিকতাত ভূপেনদাৰ লগত প্রায় এমাহমান থাকিলো। সদায় পুৱা উঠিয়েই “আজি হ’ব, তুমি চাবা” বুলি হাঁহি মাৰি কয়— ভূপেনদাৰ সেই বিখ্যাত লাজ লাজ হাঁহিটো। টেকনিচিয়ান ষ্টুডিঅ’ত বিখ্যাত শব্দযন্ত্ৰী সত্যেন চেটাৰ্জীৰ তত্ত্বাৱধানত গীত বাণীবন্ধনৰ দিন ঠিক হ’ল, সহকাৰী হিমাংশু বিশ্বাসক ন’টেচনৰ বাবে মতা হ’ল, কিন্তু আগদিনাখনলৈ গীত লিখাই হোৱা নাই। সেইদিনা কাচৰাপাৰা নামৰ ঠাই এখনত ভূপেনদাৰ ফাংচন আছে। তবলা বাদক, বাঁহী বাদক, ভূপেনদা আৰু মই ফাংচন শেষ কৰি ৰাতি এক-ডেড় বজাত টালিগঞ্জৰ ঘৰ পালো (সেই এমাহমান মই ভূপেনদাৰ পি এ, মানে নিজস্ব সহায়কৰ দৰে কাম কৰিছিলো)৷ যথেষ্ট ভাগৰুৱা ভূপেনদা, কিন্তু পাছদিনা ৰেকৰ্ডিং। হিমাংশুদাক পুৱা ৮ বজাত মতা হৈছে, বহি গ’লো দুয়ো ভূপেনদাৰ ফ্লেটৰ মাজৰ ৰুমটোত। ভূপেনদাই সেহাই সেহাই গীত ৰচনা আৰু সুৰ একেলগে কৰি গৈছে হাৰমনিয়ামটো বজাই, মই মাজে মাজে দুই-এটা শব্দ কৈছোঁ, টেপটোত ৰেকর্ড কৰিছোঁ। শেষত গীত ৰচনা, সুৰ দিয়া হৈ গ’ল, ৰাতিও পুৱাল। মুখ ধুই চাহ কৰি খালো। হিমাংশুদা আহিল, ন’টেচনৰ বাবে গীতটো পুনৰ গালে ভূপেনদাই।

এই সকলোবোৰ সংৰক্ষণৰ বাবে মোৰ অসুস্থ দেহাটোৰেই চেষ্টা দিয়াৰ প্ৰতিশ্ৰুতি দিলো ভূপেনদা। তোমাৰ সকলো কীর্তিয়ে সংৰক্ষিত হ’ব। সকলোৱে আপ্রাণ চেষ্টা কৰিব।

 

কাজিৰঙা কাজিৰঙা

কাজিৰঙা কাজিৰঙা
কাজিৰঙা কাজিৰঙা

কাজিৰঙা ভয়াবহ নহয়।
নহয় অভয়াৰণ্য
ইয়াতকৈয়ো ভয়াবহ জানা
পৃথিৱীৰ জনঅৰণ্য।।

অৰণ্যই যুগে যুগে জন্ম দিলে
সাধনাব্ৰতী ঋষি মুনি
কত শত জ্ঞানৰে আদৰ্শ দিলে
দিলে কত মনীষী গুণী।
সেয়ে ভাৰত আজি হ’ল ধন্য।।

কাজিৰঙা মোৰ সেউজ সপোন
আপোন কঁহৰা বাগৰি
সীমাৰ লুইত আৰু ডিফলু আপোন
আপোন মৰমী কুঠৰী।
মোৰ কাজিৰঙাখনি অনন্য।।

কাজিৰঙাৰ চিৰসেউজ পৰিৱেশ
হস্তী ব্যঘ্ৰৰে বাস
এক খড়্গৰ গঁড় পৃথিৱীয়ে চায়
পখীৰ সুৱদী প্রকাশ।
মোৰ কাজিৰঙা নহয় যে বন্য।।

কাজিৰঙাত মিলিজুলি খেলে
গঁড় আৰু হৰিণীৰ জাক
পিছে জনৰ অৰণ্যত হিংস্ৰজনে
কাহানি শিকিবনো তাক?
সভ্য মানুহ হেনো মান্য।।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz