ভোগালীৰ শেষত ভোজ খাবলৈ আহিব

image

আপোনাৰ চহৰত এতিয়া ভোগালী নামিছে
ৰক্তপানৰ ভোগালীৰ শেষত
এই উপত্যকাত ভোজ খাবলৈ আহিব
মাংসহীন হাড়ত মজ্জা চোবাবলৈ আহিব

আপোনাৰ চহৰত ভোগালী নামিছে
অপ্ৰয়োজনীয় প্ৰয়োজনৰ ধুম-ধাম চলিছে
কাৰনো কি আহে যায় !
বকাসুৰৰ ভোগালীত আঁচোৰবোৰে ৰিঙিয়ায়
চোবাবলৈ আহিব আপুনি কোনো বস্ত্ৰহীন মাংসৰ টুকুৰা
হ’লেও হওক দিয়ক
তেজহীন উপত্যকাত শুকান কঙালীৰ আয়োজন

উৰুকাৰ নিশা আহিব
তেজ এপিয়লাত হাঁহিবোৰ ভাজিব
আৰু মাতাল হৈ চোবাব দ্ৰৌপদীৰ বস্ত্ৰ
কঢ়িয়ালেও কঢ়িয়াওক
শুকান নৰাই পোৰা কলিজাৰ গোন্ধ
কাৰ কি আহে যায় !
ৰক্তপানৰ ভোগালীৰ অন্তত
চিতা-জুইৰ ছাইৰে ফাঁকু খেলিবলৈ আহিব

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz