ভাষা অবিহনে অন্তৰ্দৃষ্টি অসাৰ

পিপ’লচ লিংগুইষ্টিক চাৰ্ভে অৱ ইণ্ডিয়া (People’s Linguistic Survey of India: PLSI)-ৰ সচিব আৰু ২০১১ চনত Linguapax Institute-ৰ ‘linguapax’ বঁটাৰে সন্মানিত গণেশ এন. ডেভি (Ganesh N.Devy)-এ কৈছিল— “জ্ঞানানুসন্ধান কেৱল চিন্তাশক্তিৰ ফচল আৰু ‘চিন্তা’ তেতিয়াহে সম্ভৱ, যেতিয়া তাত কোনো ভাষা থাকে।”

গণেশ এন ডেভি
গণেশ এন ডেভি

শুনিবলৈ আচহুৱা কিন্ত সত্য যে অহা ৫০ বছৰৰ ভিতৰত পৃথিৱীৰ পৰা প্ৰায় ৪০০০টা ভাষা বিলুপ্ত হৈ যাব। তাতোকৈ আচৰিত কথাটো হ’ল যে সেই ৪০০০টা ভাষাৰ ১০% ই ভাৰতত প্ৰচলিত।

ডেভিয়ে আৰু কয়— “ভাৰতীয়সকলৰ এটা জন্মগত ক্ষমতা আছে যে তেওঁলোকে একাধিক ভাষা আয়ত্ত কৰিব পাৰে। এই ভাষাবোৰ হেৰুওৱাৰ অৰ্থ হ’ল এক বিপুল পৰিমাণৰ মানৱ আৰু সাংস্কৃতিক সম্পদ আমি হেৰুৱাম। হাজাৰ-বিজাৰ বছৰৰ সাধনা আৰু শ্ৰমৰ পাছত এটা পূৰ্ণ পৰ্যায়ৰ ভাষাৰ জন্ম হয় আৰু এটা ভাষাৰ মৃত্যু হ’বলৈ দিয়াটো আমাৰ পূৰ্বপুৰুষৰ প্ৰতি এক ঘোৰ অন্যায়।”

বিভিন্ন সংস্কৃতিৰ বিভিন্ন জাতি-উপজাতি, জনগোষ্ঠীৰ সৈতে কথোপকথন আৰু বিচাৰ-বিশ্লেষণৰ পাছত ডেভিয়ে উপলব্ধি কৰিলে যে এটা ভাষাৰ সংজ্ঞা কেৱল যোগাযোগ অথবা ভাব আদান-প্ৰদানৰ মাধ্যমৰ মাজতে সীমিত নহয়। এইবিলাকৰ বাহিৰেও ভাষাই ধৰ্মজ্ঞান, ধীশক্তি আৰু চিন্তাশক্তিত প্ৰভাৱ পেলায়।

“একাধিক ভাষা ক’ব পাৰিলে ই মানুহৰ বুদ্ধিমত্তাত প্ৰভাৱ পেলায় নেকি?” —কোনোৱে প্ৰশ্ন কৰিলে।

“নেপেলায়, যদি কোনোৱে ১১-১২ বছৰ বয়সৰ পাছত বেলেগ ভাষা শিকিবলৈ লয়। কিন্ত ১১-১২ বছৰ বয়সলৈকে নাবালাকৰ মগজু ইমানেই শক্তিশালী হৈ থাকে যে ই বিভিন্ন জ্ঞান আহৰণৰ পদ্ধতি বিকাশ কৰি লয়, শিশুৱে অতি সহজে এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ নিজৰ চিন্তাশক্তি বদলি কৰিব পাৰে, ইয়ে মানসিক কাৰ্যক্ষমতা বৃদ্ধি কৰে। আনহাতে, ১১-১২ বছৰৰ পাছত বেলেগ ভাষা শিকিবলৈ চেষ্টা কৰিলে ই মানসিক কাৰ্যক্ষমতা বৃদ্ধি নকৰে, বৰঞ্চ স্মৃতিশক্তিত অধিক বোজাহে দিয়ে।”— ডেভিয়ে উত্তৰ দিয়ে।

জন্মৰ পৰা ১১-১২ বছৰলৈকে এইখিনি সময়তে শিশুৱে বিমূৰ্ত ধাৰণাবিলাকৰ বিষয়ে যথেষ্ট পৰিমাণে জ্ঞান আহৰণ কৰি লয়; যেনে: আকৃতি, আয়তন, দূৰত্ব, জোট, পাৰ্থক্য, সাদৃশ্য ইত্যাদি। আৰু এই উৰ্বৰ সময়খিনিতে একাধিক ভাষা শিকিবলৈ ল’লে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।

এক সমীক্ষা অনুসৰি একাধিক ভাষা জনা ব্যক্তিসকল এটা ভাষা জনা ব্যক্তিসকলতকৈ অধিক জ্ঞানী আৰু স্থিৰ মস্তিষ্কৰ হয় আৰু বহু ক্ষেত্ৰত একাধিক ভাষা জনা মানুহৰ মাজত হিংসাত্মক ঘটনা তুলনামূলকভাৱে কম দেখা যায়।

চিন্তাশক্তি হৈছে ভাষাগত। অৱশ্যে চিন্তাতকৈও প্ৰাৰম্ভিক পৰ্যায়ৰ কিছুমান মানসিক সক্ৰিয়তা থাকে; কিন্তু যাক আমি প্ৰকৃততে চিন্তা বুলি কওঁ, সেয়া সম্পূৰ্ণ ভাষাগত। উপলব্ধি হ’ল ভাষাৰ প্ৰাৰম্ভিক ক্ৰিয়া আৰু চেতনা হ’ল তাৰ পাছৰ ক্ৰিয়া। কিন্তু চিন্তাশক্তি সম্পূৰ্ণৰূপে ভাষাগত।

আমাৰ অসমীয়া ভাষাটোও যে মৃত্যুমুখী, সেয়া আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। বহুতো অসমীয়া শব্দ সময়ৰ লগে লগে ব্যৱহাৰ আৰু চৰ্চাৰ অভাৱত আমি হেৰুৱাই পেলাইছোঁ। উদাহৰণ স্বৰূপে: আজিকালি ‘এতেকে’ আৰু ‘গতিকে’ৰ পৰিৱৰ্তে ‘চ’’ আৰু ‘ত’’ ব্যৱহাৰ কৰা যায়। ই আমাৰ ভাষাটোৰ বাবে নিঃসন্দেহে এক ভয়ানক ইংগিত। গতিকে সময় থাকোঁতেই যদি উচিত ব্যৱস্থা গ্ৰহণ কৰা নহয়, যদি নৱ প্ৰজন্মক ভাষাটোৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰা নহয় তেন্তে অতি সোনকালে অসমীয়া ভাষাৰ মৃত্যু নিশ্চিত।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz