ভালপোৱাৰ অপদ্য

img

সেই যে শীত
আহেই, আহিবই;
সেই যে নদী
বৈ আছে, ব'বই।
মোৰ মাজত অকণমান খেলিমেলি
গুচি যাওঁ বুলিও যাব নোৱাৰা যে
কোৱা শীত নামিছে নদীত।
সোঁতবোৰ কুঁৱলি হ'ল।
লুকাই লুকাই হেঙুলী হিয়া ঠৰঙা হ'ল।
কি যে! বৰফ নহয় তাত, উত্তাপশূন্যতা,
ধোঁৱাও নহয়, তেনেহ'লে কি?
তোমাৰ ভালপোৱা সি।
বুজিব নোৱৰা কোমল
বুজাব নোৱৰা শীতল
বৰফো নহয়, উত্তাপশূন্যতা।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz