ভালপোৱা নামৰ যন্ত্রণা এটাৰ বাবে

[ ডিম্পল কাকতি ]

ভালপোৱা নামৰ যন্ত্রণা এটাৰ বাবে
ৰুই থ'ব পাৰি বুকুত
ক্ষত-বিক্ষত এজোপা কাঁইটীয়া গোলাপ

ভালপোৱা নামৰ যন্ত্রণা এটাৰ বাবে
বন্দী কৰি থ'ব পাৰি ডিঙিত
ধপ্ ধপাই থকা এহাল আহত চৰাই

ভালপোৱা নামৰ যন্ত্রণা এটাৰ বাবে
যাপন কৰিব পাৰি
উজাগৰী ৰাতি আৰু নিৰ্বিকাৰ দিন

ভালপোৱা নামৰ যন্ত্রণা এটাৰ বাবে
সমৰ্পণ কৰিব পাৰি,
ৰ'দ থিতাপি লোৱা পোহৰৰ উদ্যান
জোনাকে ভৰপক দিয়া উজ্জ্বল আকাশ
বৰ্ষণমুখৰ সন্ধিয়াৰ বসন্তৰ গান
জীৱন নামৰ সপোন এটাৰ বাবে প্রয়োজনীয়
সমস্ত উপাদান

ভালপোৱা নামৰ যন্ত্রণা এটাৰ বাবেই কত আয়োজন!

 অংকনঃ পল্লৱী শৰ্মা


লেখকৰ ই-মেইল : junaak4u@gmail.com

নীলা চৰাই . মাৰ্চ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz