বটদ্ৰৱাৰ দৌল উৎসৱ

[ জয়ন্ত কুমাৰ শৰ্মা ]

অসমীয়া কৃষ্টিৰ আধাৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা বা বৰদোৱাত অনুষ্ঠিত হোৱা ৰঙৰ উৎসৱ ফাকুৱা বা দৌল উৎসৱ প্ৰসঙ্গত এক অৱলোকন এই লেখাৰ প্ৰতিপাদ্য। শ্ৰীমন্ত শঙ্কৰদেৱে ৰুক্মিণী হৰণ কাব্য, হৰিশ্চন্দ্ৰ উপাখ্যানকে ধৰি বিভিন্ন সৃষ্টিৰাজিত নিজে তেৰাৰ জন্মস্থান বৰদোৱাৰ আলিপুখুৰী বুলি প্ৰকাশ কৰাৰ লগতে চৰিত পুথিসমূহেও এই স্থানকে নিৰূপণ কৰিছে। নগাঁও জিলাৰ বৰদোৱাত অৱস্থিত শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থানলৈ নগাঁও নগৰৰ পৰা দূৰত্ব প্ৰায় ১৬ কিলোমিটাৰ।

বটদ্ৰৱা বা বৰদোৱাত হোৱা ফাকুৱা উৎসৱৰ দৌল যাত্ৰা অতি আকৰ্ষণীয় উৎসৱ। ৰঙৰ উৎসৱ এই ফাকুৱাই যেন ৰঙীয়াল কৰি তোলে বৰদোৱাবাসীৰ লগতে গুৰুজনাৰ সৃষ্টিৰে ধন্য সমগ্ৰ অসমীয়াৰ মন-প্ৰাণ, হৃদয়।

তাম্ৰৰ পাত্ৰত কৰি              শ্ৰীমন্ত শঙ্কৰদেৱে
এক পাচি মৃত্তিকা দিলন্ত।
সেহি মৃত্তিকাক থাপি           কৃষ্ণৰ মূৰ্তিক পূজি
দৌলযাত্ৰা ৰঙ্গে কৰিলন্ত।।
২১ বছৰ বয়সতে ‘কৃষ্ণৰ কিঙ্কৰ’ শঙ্কৰদেৱে ভূঞাসকলৰ লগতে নিজেও হাতে-কামে লাগি ‘চিহ্নযাত্ৰা’ ভাওনাৰ স্থলীতে নিৰ্মাণ কৰিলে দৌলৰ ভেটি (১৩৯২ শক)। চৰিত পুথি মতে, শঙ্কৰদেৱে নিজে তামৰ চৰিয়াৰে মাটি কঢ়িয়াই নিৰ্মাণ কৰাইছিল এই দৌলৰ ভেটি। এই মাটি খান্দোতেই উদ্ধাৰ হোৱা বিষ্ণু বা গোৱিন্দ মূৰ্তিয়েই আজিৰ দৌল গোৱিন্দ। সাত বৈকুণ্ঠৰ আৰ্হিৰে সাত খলপীয়াকৈ নিৰ্মাণ কৰোৱা আসনত এই গোৱিন্দ মূৰ্তি স্থাপনেৰে আৰম্ভ হ’ল দৌল গোৱিন্দৰ দৌল উৎসৱ। দৌলৰ পূজা-অৰ্চনাৰ দায়িত্ব দিয়া হ’ল ৰামৰাম গুৰুক।

শ্ৰীমন্ত শঙ্কৰদেৱ তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি আহি, সূৰ্য বংশীয় বিষ্ণুভক্ত ৰজা ইন্দ্ৰদ্যুম্নই পুৰীৰ ‘শঙ্খতীৰ্থ’ত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা দৌল উৎসৱৰ দৰেই, বৰদোৱাৰ কীৰ্তনঘৰৰ দক্ষিণে নিৰ্মাণ কৰা দৌলত আৰম্ভ কৰে দৌল উৎসৱৰ। পৰম্পৰা অনুসৰি প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ দিনাৰ পৰা অতি আড়ম্বৰপূৰ্ণভাৱে আজিও পালিত হৈ আহিছে এই দৌল উৎসৱ। বৰদোৱাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা দুখন সত্ৰ শ্ৰীশ্ৰীনৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰীশলগুৰি সত্ৰই প্ৰতি বছৰে একাদিক্ৰমে পৰম্পৰাগতভাৱে পালন কৰে বৰদোৱাৰ দৌল উৎসৱ।

পৰম্পৰাৰ ক্ৰম অনুসৰি এইবাৰ (২০১২) দৌল উৎসৱ আয়োজন কৰে শ্ৰীশ্ৰীনৰোৱা সত্ৰই। এই সত্ৰৰ নিয়মানুসৰি দৌল উৎসৱৰ পূৰ্ণিমাৰ আগদিনা অৰ্থাৎ শুক্লা চতুৰ্দশীৰ দিনা সন্ধ্যা পালিত হয় গন্ধ (অধিবাস) বা গন্ধখৰ পোৰা অনুষ্ঠান। এই দিনটোত বটদ্ৰৱাৰ কৃষ্ণ গোসাঁইৰ মূৰ্তিভাগ যথাৰীতি মূল কীৰ্তনঘৰৰ পৰা উলিয়াই কীৰ্তনঘৰৰ বাহিৰৰ শঙ্কৰদেৱৰ স্মৃতি বিজড়িত ‘শঙ্কৰ শিলিখা’ বৃক্ষৰ তলতে সজা অস্থায়ী মণ্ডপত স্থাপন কৰা হয়। ইয়াৰ পিছতে শঙ্ক-ঘণ্টা, দবা-কাঁহ, মঙ্গল-উৰুলিৰে আদৰি অনা কৃষ্ণ গোসাঁইক পূজা-সেৱা কৰি সুগন্ধি দ্ৰব্য, দুগ্ধৰে স্নান কৰাই নতুন বস্ত্ৰ-অলঙ্কাৰেৰে সজাই তোলা হয়। আৰম্ভ হয় পূজা-অৰ্চনা। পূজা-অৰ্চনাৰে পাছতে গোসাঁইৰ মূৰত ফাকু দি আশীৰ্বাদ লয় ভকত-বৈষ্ণৱে। ‘ৰাম ধেমালি’ বজাই আদৰি অনা গোসাঁইক আদৰিবলৈ ভকতসকলে গায়— ‘বাইৰ হুয়া আছে দেখু সই…’। গোসাঁইৰ মূৰত দিয়া ফাকুকে নিৰ্মালি হিচাপে ভকত-বৈষ্ণৱে গ্ৰহণ কৰে। নিশাৰ ভাগতো গোসাঁইক সেৱা জনাব পৰাৰ ব্যৱস্থা এই স্থানতে কৰা হয়।

পূৰ্ণিমাৰ দিনা দিনৰ স্নান, অলঙ্কাৰ পৰিধান, পূজা-অৰ্চনা, সেৱা-সৎকাৰকে ধৰি ৰীতিসমূহ পালনৰ অন্তত বিয়লি ভাগত ‘ন ধেমালি’ বজাই পুনৰ গোসাঁইক আদৰা হয়। লগে লগে বৰদোৱাৰ আকাশ-বতাহ মুখৰিত কৰি বৈষ্ণৱবৃন্দই গায়—
‘ফাকু খেলাই কৰুণাময় এ নন্দ কুমাৰ।
দেৱৰ দুৰ্লভ কেলি ফাগুন বিহাৰ।।’
নানা আনন্দ-উৎসৱ, নাম-কীৰ্তনেৰে পাৰ হয় পূৰ্ণিমাৰ ফাকুৱা উৎসৱ।

তৃতীয় দিনা আৰম্ভ হয় দৌল যাত্ৰা উৎসৱ। সেইদিনা (প্ৰতিপদ তিথি) সু-সজ্জিত ৰথত উঠি কৃষ্ণ গোসাঁই সাজু হয় দৌল উৎসৱলৈ। শঙ্খ-ঘণ্টাৰ লগতে খোল-তাল, কালি-পেঁপাৰ ধ্বনি, নাম-কীৰ্তন আৰু ৰুক্মিণী হৰণ, পাৰিজাত হৰণ নাটৰ গীতৰ ধ্বনিৰে অগণন বৈষ্ণৱৰ আগে আগে দুই সত্ৰৰ মাজেৰে কৃষ্ণৰ ৰথ আগবাঢ়ে দৌল মন্দিৰলৈ। কীৰ্তনঘৰৰ চৌহদৰ পৰা ওলাই কীৰ্তনঘৰৰ চৌপাশে তিনি পাক মৰাৰ পিছত দৌল মন্দিৰলৈ গৈ দৌলৰ চৌপাশে সাত পাক ঘূৰে কলীয়া গোসাঁইৰ ৰথ। নামৰ ধ্বনিৰে মুখৰিত হয় দৌল মন্দিৰ— ‘ভাই দেখু কমলাপতি দৌলৰ ওপৰে…।’ ইয়াৰ পিছত দৌলৰ পৰা কৃষ্ণ গোসাঁইৰ ওভতনি যাত্ৰা আৰম্ভ হয়। যাত্ৰাপথত গোসাঁইৰ দৰ্শনৰ বাবে গৃহস্থী আৰু ভক্তগণে শৰাই-শলিতা, ধূপ-ধূণাৰে ভক্তিভাবেৰে বাট চাই থাকে।  শ্ৰীশ্ৰীনৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰীশলগুৰি সত্ৰৰ মাজেৰে গোসাঁইক আনন্দ-উল্লাস, হৰিনামৰ সংগতেৰে ওভতাই অনা হয়। দুইখন সত্ৰৰ সত্ৰাধিকাৰৰ ঘৰত গোসাঁইৰ পদাৰ্পণ কৰাই যথাৰীতি অৰ্চনা কৰি আগবঢ়াই দিয়া হয় কীৰ্তনঘৰ অভিমুখে। এইদৰে ফুৰি ফুৰি ভাগৰুৱা গোসাঁই উপস্থিত হয় কীৰ্তনঘৰৰ মূল প্ৰৱেশ দ্বাৰত। মূল প্ৰৱেশ দ্বাৰতে গোসাঁইক নানা স্তুতি-মিনতিৰে সেৱা জনাই কীৰ্তনঘৰৰ থাপনাত স্থাপন কৰা হয়। ইয়াৰ লগে লগে এই বছৰৰ শ্ৰীশ্ৰীনৰোৱা সত্ৰৰ দ্বাৰা পালিত দৌল উৎসৱৰ ধৰ্মীয় কাৰ্যৰ সামৰণি পৰে।

এইখিনিতে উল্লেখৰ প্ৰয়োজন যে এনেদৰে কৃষ্ণ গোসাঁই ফুৰি অহাৰ পিছত লক্ষ্মী আইৰ ৰোষত পৰা গোসাঁইক কীৰ্তনঘৰৰ মুখত দুৱাৰ ধৰাৰ এক ধেমেলীয়া প্ৰথা বটদ্ৰৱাৰ শ্ৰীশ্ৰীশলগুৰি সত্ৰত পালন কৰাৰ নিয়ম আছে যদিও শ্ৰীশ্ৰীনৰোৱা সত্ৰই এই ‘দুৱাৰ ধৰা’ বা ‘ডাং বন্ধা’ অনুষ্ঠানটো পালন নকৰে।

বৰদোৱাৰ এই ঐতিহাসিক দৌল উৎসৱ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে উৎসৱস্থলীত ভিৰ কৰেহি অসমৰ বিভিন্ন প্ৰান্তৰ অগণন লোকে। এই জনসমাগমৰ বাবেই বৰদোৱাৰ উখলমাখল পৰিৱেশত গঢ়ি উঠে এখন বৃহৎ মেলা। ইতিমধ্যে বৰদোৱাৰ আকাশীগঙ্গাৰ পাৰত অস্থায়ী মঞ্চ সাজি এক সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰও বৰদোৱা থান পৰিচালনা সমিতিয়ে গঢ়ি তুলিছে। সত্ৰৰ নাম-কীৰ্তন, গীত-মাত, সত্ৰীয়া সংস্কৃতিৰ পয়োভৰ, মেলাৰ আনন্দৰ জোঁৱাৰত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে অগণিত জনতা যেন বান্ধ খাইছে একতাৰ এনাজৰীৰে বটদ্ৰৱাৰ এই দৌল উৎসৱত।«
• ছবি ১: বটদ্ৰৱাৰ দৌল গোৱিন্দ মন্দিৰ  • ছবি ২: শঙ্কৰ শিলিখা বৃক্ষ
আলোকচিত্ৰ: শাশ্বতী বৰদলৈ


লেখকৰ ঠিকনা:
কলিয়াবৰ, নগাঁও, ই-মেইল: jayanta@nilacharai.com

নীলা চৰাই . মাৰ্চ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "বটদ্ৰৱাৰ দৌল উৎসৱ"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
BRAJEN PATHAK
Guest

বৰদোৱাৰ দৌল উত্‍সৱৰ লিখনিতো পঢ়ি ভাল লাগিল.i
 

wpDiscuz