বহ্নিমান: কি ভাল, কি বেয়া

প্ৰকাশ: ৫ ডিচেম্বৰ, ২০১৬ | অন্তিম সম্পাদনা: ৮ জুন, ২০১৮

মুক্তিৰ প্ৰথম দিনাই বিশ্বজিৎ বৰা পৰিচালিত চলচ্চিত্ৰ ‘বহ্নিমান’ চালো, পল্টন বজাৰৰ গ’ল্ড চিনেমাত। চমুকৈ ক’ব খুজিছোঁ কি কি ভাল লাগিল আৰু বেয়া লাগিল।

ভাল:
১. ‘বহ্নিমান’ক হলিউড বা বলিউডৰ লগত পোনচাটেই তুলনা কৰিব নোৱাৰি; কিন্তু তথাপি ক’ম, একশ্যন ছবি হিচাপে ‘বহ্নিমান’ ভাল হৈছে। আশা কৰি যোৱাতকৈ ভাল লাগিল!
২. যতীন বৰাৰ নতুন ৰূপটো ভাল পাব দৰ্শকে। গ’ল্ড সৰু চিনেমা হল, মানুহে দেখি ভাল পাইছে বুলি বুজিবলৈ অসুবিধা নহ’ল, নিজৰো ভাল লাগিল।
৩. দুই-এজনক বাদ দি প্ৰায় সকলোৰে অভিনয় সাৱলীল। বিষ্ণু খাৰঘৰীয়া, বলিউডৰ অভিনেতা য়শপাল শৰ্মাৰ অভিনয় সুন্দৰ।
৪. তিনিটা মুখ্য চৰিত্ৰৰে এটাত (অসমীয়া যুৱকৰ চৰিত্ৰ) অভিনয় কৰা ৰবি ঝাংগু (প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া)ৰ অভিনয়ো উন্নত মানৰ হৈছে, একশ্যন ছবিখনৰ বাবে অসমৰ বাহিৰৰ এইজন অভিনেতাক নিৰ্বাচন কৰাটো ভাল সিদ্ধান্ত হ’ল।
৫. অৰুণ হাজৰিকাৰ কমেডি দৃশ্যকেইটাই দৰ্শকক হঁহুৱাইছে।
৬. মিঃ ইউনিভাৰ্ছ মহাদেৱ ডেকা অতিথি শিল্পী হিচাপে ওলোৱা দুই-তিনিটা দৃশ্যও দৰ্শকে চাই ভাল পাব।
৭. ‘বহ্নিমান’ৰ ইউটিউব ট্ৰেইলাৰটো ভাল পাইছিলো, কিন্তু কাহিনীটোৰ ক্ষেত্ৰত অলপ সন্দেহ আছিল। বহুত ভাল নহ’লেও কাহিনী-চিত্ৰনাট্যক মোটামোটি ভাল বুলি ক’ব পৰা যায়।
৮. চিনেমেট’গ্ৰাফী, কেমেৰাৰ কাৰুকাৰ্য ভাল। গুৱাহাটী চহৰখনৰ ওপৰৰ পৰা লোৱা দৃশ্যসমূহ বঢ়িয়া হৈছে, আগতে কোনো ছবিত গুৱাহাটীক এনেকৈ দেখুওৱা মনত নপৰে। আৰু অধিক উন্নত মানৰ চি.জি.আই. প্ৰযুক্তি ব্যৱহাৰ কৰা অসমীয়া চিনেমা সোনকালেই আহিব বুলি ভাবিব পাৰি।
৯. সংগীত ভাল, সংগীতখিনি টাইমচ মিউজিকৰ বেনাৰত থকাৰ বাবে চিনেমাখনৰ মুক্তিৰ ভালেমান দিন আগতেই ইউটিউব, আইটিউন (এপ’ল মিজিক), গানা, ৱিংক আৰু আন আন ষ্ট্ৰিমিং ব্যৱস্থাবোৰত উপলব্ধ হোৱাৰ বাবে ই চিনেমাখনৰ প্ৰচাৰত সহায় কৰিছে। ট্ৰেইলাৰ আৰু গানবোৰৰ ইউটিউব ভিউজ আন অসমীয়া চিনেমাৰ তুলনাত বহুত বেছি। এইটো ভাল কথা।

bahniman-movie-02১০. পাপনৰ ‘ক’লা ক’লা’ গানটো ভাল হৈছে, জুবিন গাৰ্গ-কল্পনা পাটোৱাৰীয়ে কণ্ঠদান কৰা আইটেম চংটোও (‘মাতাল হ’ল এই ৰাতি’) ভাল হৈছে আৰু চিনেমাখনৰ সৈতে খাপ খোৱা হৈছে। এই গান দুটাৰ ইউটিউব ভিউজ এতিয়ালৈকে ক্ৰমে ৭৩ হাজাৰ আৰু ১ লাখ ৮ হাজাৰ। আনহাতেদি ‘বহ্নিমান’ৰ ট্ৰেইলাৰটোৰ ইউটিউব ভিউজ এতিয়ালৈকে ৩০ হাজাৰৰ অধিক। বহুতকেই চিনেমাখনৰ ট্ৰেইলাৰটোৱে চিনেমা হললৈ টানি নিছে। ভাল ট্ৰেইলাৰ আৰু সংগীতসমূহৰ আগতীয়া ৰিলিজ যে গুৰুত্বপূৰ্ণ, সেই কথাটো আহিব লগা অসমীয়া চিনেমাৰ পৰিচালক-প্ৰযোজকে মনত ৰাখিব পাৰে।

আৰু পঢ়ক:  প্ৰসংগ: অসমীয়া উৎসৱত অসমৰ জাতীয় সাজ-পাৰ পৰিধান

বেয়া:
১. মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰা ৰিমি হাজৰিকাৰ অভিনয় আৰু ভাল কৰিব পৰাৰ বহুত থল আছিল।
২. অলাগতিয়াল, আমনিদায়ক দৃশ্য চিনেমাখনত নাছিল বৰকৈ, কিন্তু একশ্যন চিকুৱেঞ্চবোৰৰ মাজৰ ট্ৰেনজিশ্যনবোৰ অলপ খহটা যেন লাগিল।
৩. সৰু সৰু খুঁত কিছুমান মন নিদিয়াকৈ থাকি গৈছে, দিনত গুলি লগা ৰবি ঝাংগুৰ হাতখনত ৰাতিলৈ দাগ এটাও নাই, অথচ একে সময়তে আঘাতপ্ৰাপ্ত ৰিমি হাজৰিকাৰ মূৰত বেণ্ডেজ কৰি থোৱা আছে। এনেকুৱা সৰু ভুলবোৰ বেয়া দেখি। আৰু আছিল দুটামান। কিন্তু সেইকেইটা আওকাণ কৰিব পৰা।

চিনেমা হলৰ পৰা বাহিৰলৈ ওলাই আহোঁতে মনটো মোটামোটি ভাল হৈ আহিল, বেলেগ কেইটা চিনেমা হলৰ কথা নাজানো, সৰু গ’ল্ড চিনেমাটো আজি ভৰ্তি হৈ আছিল। বহু বছৰ আগৰ পৰা কেইমাহমান আগলৈকে আমি সুধি আছিলো, ‘এখন ভাল অসমীয়া চিনেমা ওলাবনে’, এতিয়া সেইটো প্ৰশ্নৰ পৰা আমি এখোপ আগুৱাই গৈ সুধিব পৰা হৈছো— ‘এখন ভাল অসমীয়া একশ্যন চিনেমা ওলাবনে?’ কালিলৈ সুধিব পাৰিম— ‘এখন ভাল অসমীয়া থ্ৰিলাৰ, কমেডী বা বায়’পিক ওলাবনে?’

সেয়াই অগ্ৰগতি! এজন সাধাৰণ দৰ্শকৰ সুখ।


বহ্নিমান
কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: বিশ্বজিৎ বৰা
সংগীত: যতীন শৰ্মা
প্ৰযোজনা: বৰ্ণালী হাজৰিকা
অভিনয়: যতীন বৰা, য়শপাল শৰ্মা, ৰবি ঝাংগু, ৰিমি হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, অৰুণ হাজৰিকা, বাহাৰুল ইছলাম


আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts