বাঁক

[ ইমৰান হুছেইন ]

আৰু আটোম-টোকাৰিকৈ জালখন দুভাগ কৰি, হাতৰ মুঠিত সজাই লৈ পানীত খেও দিবলৈ যাওঁতেই হৰেন থমকি ৰ’ল। কুঁৱলীত ওপঙি থকা গাঁৱৰ ঠেক গৰু-বাটটোৰে সি আহি আছে। খোজকঢ়াৰ অদ্ভুত ভংগী আৰু ভাঁজলগা বিকৃত অৱয়বটোৰ বাবে বহুত দূৰৈৰ পৰাই তাক অনায়াসে ধৰিব পাৰি। পাতল বাঁহনিৰ ছিৰলা-ছিৰিলি পাতৰ মাজেদি নামি অহা জোনাকত ক্ৰমে উজলি উঠিছে তাৰ নিয়ৰত তিতা কুৎসিত শৰীৰ। শৰীৰী হৈও সি আচৰিত ধৰণে অশৰীৰী হৈ উঠিছে।

পানীৰ ওপৰত থূপ খোৱা ঘন কুঁৱলীৰ চামনি আৰু বাঁহনিৰ সোঁ-সোঁৱনিৰ লগতে সৰকি অহা জোনাকৰ ছঁয়াময়াত মায়াবী হৈ উঠিছে বিলৰ দুয়ো পাৰ। দিনতে জয়াল হৈ থকা বিলখন কুঁৱলীসনা জোনাক নিশা আৰু ৰহস্যময় হৈ উঠে। চিনাকি বাট-পথ, গছ-বিৰিখ, পাৰতে ওলোটাই থোৱা সৰু-বৰ নাও হঠাতে যেন অচিনাকি হৈ যায়।

নৈ দূৰত নহয়, বিলৰে এসোঁতা গৈ লাগিছে কলঙত। তথাপি কেউকাষে আগুৰি থকা কৈৱৰ্ত, কলিতা আৰু লালুং গাঁৱৰ সৰল জন-জীৱনৰ প্ৰাণকেন্দ্ৰ এই বিলখন। গা-পা ধুবলৈ অহা গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতৰ কলৰব আৰু সাঁতুৰি-মেলি উৎপাত কৰি থকা চেঙেলীয়া ল’ৰাজাকৰ কিৰীলিত বিলৰ পশ্চিমফালটো দিনত গমগমাই থাকে। তদুপৰি সৰু-বৰ নাও লৈ, সৰু-বৰ জাল লৈ প্ৰায় গোটেই বিলখনতে মাছুৱৈসকলে মাছ মাৰি ফুৰে। তথাপি সকলোৰে ভয় এই ঈশান দিশটোলৈ— বিশেষকৈ মৰিশালীৰ পৰা সহস্ৰ বাহু মেলি থিয় হৈ থকা ঔজোপাৰ গুৰিলৈকে। ৰাতি-বিয়লি জাল মাৰি থকা মহলদাৰৰ চিলটীয়া মাছুৱৈকেইটায়ো সাহস নকৰে বিলৰ ইটো মূৰলৈ আহিবলৈ।

বুঢ়া-মেথাই কয় বৰ দেওলগা এই ঠাইডোখৰ। এইখিনিতে পূৰ্ণিমাৰ ফৰিংফুটা জোনাকত মাছ মাৰিবলৈ আহি সোণৰ নাও ওপঙি উঠা দেখা পাইছিল ৰত্নেশ্বৰ বৰাই। কোনোমতে ঘৰলৈ উভতি আহি তেওঁ নঙলামুখ পাইছিল মাত্ৰ— তাতেই মূৰ্চ্ছা গ’ল। যেতিয়া সাৰ পালে গাত ভীষণ জ্বৰ; ঐদেহি-বৈদেহি গাবলৈ ধৰিলে— সোণৰ নাৱৰ কথা ক’লে, ৰূপৰ বঠাৰ কথা ক’লে, ঔৰ গুৰিত কোনোবাই পুতি থোৱা গুপুত ধনৰ কথা ক’লে। মানুহে কয়, ৰত্নেশ্বৰ বৰা নাবাচিলেহেঁতেন, যদিহে ককায়েক সুৰেনে সিদিনাই ৰজামায়ঙলৈ গৈ চুৰাবেজৰ পৰা জৰা তেল আনি নিদিলেহেঁতেন। তেতিয়াৰ তজবজীয়া ৰত্নেশ্বৰ এতিয়া বুঢ়া হ’ল; দাঢ়ি-চুলি পকিল, গাল-মুখ শোটোৰা-শোটোৰ হ’ল। পিছে সেইদিনাখনৰ কথা কেতিয়াবা ওলালে তেওঁ এনেকৈ কয় যেন যোৱাৰাতিৰহে ঘটনা। মানুহে ভয়তে বহু বছৰলৈকে সিমুখ হোৱাই নাছিল, ক্ৰমে এৰাবাৰীলৈ সলনি হৈছিল ঠাইডোখৰ। কিন্তু লোকৰ বাৰীত তামোল চুৰ কৰি ন-কইনাৰ আবদাৰ পূৰোৱা অলপ অসুবিধা বুলিহে হেবাঙে ঔৰ গুৰিত এদিন চিপৰাং মাৰিলে। সোণৰ কলহ সি নাপালেও দুটামান মোহৰ পাইছিল হেনো। পিছে ভোগ কৰিব নোৱাৰিলে। নতুন কইনাৰ কপালখন চিৰদিনৰ বাবে উকা কৰি সেই ৰাতিয়েই তেজ বতিয়াই সি ঢুকাল।

কিন্তু বিলপৰীয়া ৰাইজৰ বাবে আটাইতকৈ আচৰিত কথা হ’ল তীখাৰুক বাঁকে মাৰি তাৰ ৰূপ লৈ পদুমীৰ লগত সংসাৰ কৰাৰ ঘটনাটো। এদিন সুযোগ বুজি বাঁকে সৰিয়হৰ ডুলিত থৈ দিয়া তাৰ জোলোঙাটো তীখাৰুৰ মাকৰ পৰা ফুচুলাই লৈ গ’ল বুলিহে সাৰিলে, নহ’লে আজিও হৰেন মহলদাৰৰ বহতীয়া হৈ বিল পহৰা দি থাকিবলগীয়া হ’লহেতেন। বাঁক বহতীয়া হৈ থকা দিনকেইটাত মহলদাৰৰ অৱস্থা মাছে-ধানে একেবাৰে উভৈনদী হৈছিল। পিছে বাঁক পলাই পত্ৰং দিয়াৰ পাছত তাৰ অৱস্থা তেনেই পৰি আহিল। জুৱা আৰু কানিৰ খোলাই তাক শেষ কৰি দিলে। তেতিয়াৰ হৰেন মহলদাৰ, যি বছৰেকীয়া উছব-পাৰ্বণৰ বাবেও ৰাইজক খেৱালি পৰ্যন্ত মাৰিবলৈ নিদিছিল, এতিয়া দুটামান মাছৰ আশাত নিজেই লোকৰ বিলত লুকাই-চুৰকৈ জাল মাৰি ফুৰে।

বাঁক নাই, ৰূপহী পদুমীও সিপুৰী পোৱা আজি সাত বছৰমান হ’ল। কিন্তু বাঁকৰ ল’ৰা গৰৈ আছে। গঞাই কয়, বাঁকৰ ল’ৰা একপ্ৰকাৰ বাঁকেই, নহ’লেনো দিনে-ৰাতিয়ে অকলে এনেকৈ বিলৰ পাৰে পাৰে ঘূৰি ফুৰিব পাৰেনে?

আজি পাঁচ-ছবছৰ মানৰ পৰা হৰেনে ঔজোপাৰ আশে-পাশে শিয়ালকেইটাৰ উৎপাতৰ বাহিৰে বিশেষ একো অসুবিধা নোহোৱাকৈ মাছ-পুঠি কেইটামান চুৰ কৰি বৰলা-ভাতকেইটা মোকলাই আছিল। কিন্তু আজি এবছৰমানৰ পৰা বিলৰ পাৰত গৰৈৰ ৰহস্যময় উপস্থিতিয়ে তাক বৰ অসুবিধাত পেলাইছে। কৃষ্ণপক্ষৰ ঘন আন্ধাৰত হৰেন সাধাৰণতে এইফালে মাছ মাৰিবলৈ নাহে, গাঁৱৰ ওচৰে-পাঁজৰে সুযোগ বুজি খেও দিয়ে। কিন্তু শুক্লপক্ষত মৰিগঞা মহলদাৰৰ সজাগ ৰখীয়াকেইটাৰ হাতত ধৰা পৰাৰ ভয়তহে সি এৰাবাৰীলৈ আহে। আৰু দোভাগ ৰাতি জোপোহাত জালখন লুকুৱাই থৈ সেই গৰু বাটটোৰে ঘৰলৈ বুলি খোজ লয়। কিন্তু এতিয়া গৰৈৰ লগত বাটতে ভেটা-ভেটি হোৱাৰ ভয়তে সি পোন বাট এৰি জাৰণি-তৰাণি ফালি বহুদূৰ ঘূৰিহে ঘৰলৈ যাব লাগে। কাৰণ প্ৰায় সেইখিনি সময়তে গৰৈয়ে সেই বাটটোৰে টোপনিত খোজকঢ়া মানুহৰ দৰে ধীৰ, গধুৰ অথচ চিনাকি খোজেৰে আহি ঔৰ গুৰিত থিয় হয় আৰু বিলৰ চিকমিক পানীলৈ থৰ লাগি চাই থাকে। গালে-মূৰে হাত দি বহুত চিন্তা কৰিও হৰেনে তাৰ বাৰীৰ পিছপিনে ডাঙৰ হোৱা ল’ৰাটোৰ এই ৰহস্যময় বিচৰণৰ কোনো তলা-নলা পোৱা নাই।

গৰৈৰ অদ্ভুত আচৰণক লৈ গাঁৱত বহুত কথাই শুনা যায়। নানাজনৰ নানা মত। চিলটীয়া মাছুৱৈ নিতাই আৰু পৰাণৰ মাক মায়াৰাণীয়ে ফুচফুচাই কয়, ‘নিশিৰ ডাক লো নিশিৰ ডাক, ওৰে নিশিয়ে ডাইক্ কা লয়।’ আজি কিছুদিনৰ আগতে গাওঁবুঢাৰ ঘৰলৈ বাগানৰ এলএমপি ডাক্তৰ এজন আহিছিল; তেওঁ কৈছিল মানুহে বোলে কেতিয়াবা টোপনিতে খোজ কাঢ়ে। গঞাৰ অৱশ্যে এইধৰণৰ ভেকুলীৰ পিঠিত নোম গজা কথাত বিশ্বাস নাই। সিহঁতে কয় বেলেগ কথা। জোনাক নিশা বাঁকে হেনো তাক বিলৰ পাৰলৈ মাতি আনে, ঔৰ গুৰিত বাপেক-পুতেকে কেঁচা মাছ খায় আৰু কুকুৰাই ডাক দিয়াৰ আগতে বাঁকে তাক ঘৰলৈ পঠিয়াই দিয়ে। দুই-এজনে আনকি তাক বাঁকৰ পিছে পিছে বিলৰ পিনে যোৱাও দেখা পাইছে। তাৰে ভিতৰত হেৰম্বৰ সৰস বৰ্ণনাত গঞাই ৰাতি সৰু-পানী চুবলৈও বাহিৰলৈ নোলোৱা হ’ল। যোৱা একাদশীতে বৰ-কানীয়াৰ কানিৰ খোলাৰ পৰা ওলাই সৰু-পানী চুবলৈ যাওঁতেই হেৰম্বই হেনো অস্পষ্ট, দীঘল ছায়ামূৰ্তি এটাৰ পিছপিনে গৰৈকো দেখা পালে। সি বোলে সেই ছায়ামূৰ্তিটোৰ কান্ধৰ পৰা বৈ অহা দীঘলীয়া জাল এখনৰ গুৰিত ধৰি পিছে পিছে থপথপাই গৈ আছিল সেই বিলৰ পিনে। সকলোৰে এটাই কথা, নাযাবনো কিয়? সি যে বাঁকৰ ল’ৰা।

ৰৌ-চিতলৰ পৰা পুঠি-খলিহনালৈকে এই কথা ক’লেও পাভৈ বুঢ়ীয়ে সৈ নাকাঢ়ে। বুঢ়ীৰ কলা কাণত কোনোবাই এইষাৰ কথা কোৱা যেন পালেই বুঢ়ীয়ে আঙুলি ফুটাই ফুটাই শাও দিব, ‘গৰৈ মোৰ নাতি— আমাৰ তীখাৰুৰ ল’ৰা। কোন মতাছাৰীয়ে কৈছে বাঁকৰ ল’ৰা বুলি? কোন পদুলিশুঙাই কৈছে, মাতি আন তাক— মেখেলাৰে কোবাওঁ। বাৰীত তিতালাও গজিব, মুখত পোক লাগি মৰিব জহৰাহঁত।’

দৰাচলতে তাহানিতে মাছ মাৰিবলৈ গৈ পুতেক নোহোৱা হোৱা কথাষাৰ বুঢ়ীয়ে এতিয়াও মানি ল’ব নোৱাৰে। মানিনো ল’ব কেনেকৈ? এই বিলপৰীয়া আটাইকেইখন গাঁৱতে তীখাৰুৰ দৰে কোনোবাই সাঁতুৰিব পাৰিছিলনে? এতিয়াও পাৰিবনে কোনোবাই এই দীঘলীয়া বিলখন এবাৰো থিৰ নিদিয়াকৈ সাঁতুৰি পাৰ হ’ব? তাৰ দৰে দিনটো পানীৰ তলত সোমাই থাকি জেং দিব? বাঁকে-দ’তে নো কেনেকৈ মাৰিব পাৰে তাক? পানীতে আছিল যাৰ ঘৰ!

দেখাজনৰ মনৰ পৰা তীখাৰু কেতিয়াও মচ খাব নোৱাৰে। সি আছিল এই অঞ্চলৰ আটাইতকৈ পাকৈত জালোৱা। পুঠি-খলিহনা বাদেই, সিয়ান ৰৌ-বৰালিও সাৰি নগৈছিল তাৰ পুৰণি খেৱালিখনৰ পৰা। মাঘবিহুৰ সময়ত গোটেই গাঁৱৰ ৰাইজে পল, জুলুকি লৈ বিলৰ পানী ঘোলা কৰিলেও তিনিহতীয়া ৰৌটো আহি সোমাবহি সেই তীখাৰুৰ পলত। সি বজাৰ, হাট অথবা দূৰৰ হেন্দু গাঁৱত মাছ বেচি খালেও উছব-পাৰ্বণৰ সময়ত প্ৰায় আটাইখিনি মাছকে ৰাইজক ভগাই দিছিল। অৱশ্যে বিলপৰীয়াই তীখাৰুৰ মাছ এনেকৈ বৰ বেছিদিন খাবলৈ নাপালে আৰু নিজে মৰাতোন দূৰৰে কথা। চৰকাৰে কৰ বহুৱালে ৰাইজৰ হেঁপাহৰ বিলত।

বিল ডাক হ’ব বুলি শুনি গঞাই প্ৰবল আপত্তি কৰিছিল, কিন্তু সিহঁতৰ কোনো ওজৰ-আপত্তিয়েই নৰজিল। বিলৰ মহলদাৰ হোৱাৰ আশাত গাঁৱৰ বৰমূৰীয়াসকলে ৰাইজৰ দুৰ্দশালৈ পিঠি দিলে। সেয়ে বৰ স্বাভাৱিকভাৱে এদিন বিলৰ ডাক হ’ল। আৰু আটাইকেইখন বিলপৰীয়া গাঁৱৰ মানুহক আচৰিত কৰি দিনটো হাই-কাজিয়া আৰু কানিৰ খোলাতে কটোৱা তীখাৰুৰ খুৰায়েকৰ ল’ৰা হৰেন এৰাতিৰ ভিতৰতে বিলৰ মহলদাৰ হৈ পৰিল। অৱশ্যে সি অকলে নহয়, তাৰ লগত মৰিগাঁৱৰ দুজন বেপাৰীয়ে বিলৰ অংশ ডাকত পালে। কিন্তু আটাইতকৈ লাভ হ’ল হৰেনৰ; সি পালে পূবৰ আটাইতকৈ ভোগালী অংশটো— সিহঁতৰ গাঁৱৰ পৰা ঔৰ গুৰি পাৰ হৈ একেবাৰে মৰিশালিলৈকে।

ডাকৰ পাছদিনাখনেই মৰিগঞা মহলদাৰৰ লগতে হৰেনেও ৰাইজক বিলৰ মাছ মাৰিবলৈ হাক দিলে। দুই-এজন দুখীয়া মাছুৱৈয়ে বাধা নেওচি জাল মাৰিবলৈ যোৱাত হৰেনে পানীমড়লীয়া সাপৰ দৰে ফোঁচ ফোঁচাই সিহঁতক মাৰিবলৈ খেদি গ’ল। দেখ দেখকৈ ডাঙৰ কাজিয়া এখন লাগিল, সেই কাজিয়া পানী বাগৰাদি বহুদূৰ বাগৰিলহেঁতেন যদিহে গাওঁবুঢ়াকেইজনে চৰকাৰী নিয়ম-নীতিৰ কথা বুজাই ৰাইজক সৈমান নকৰালেহেঁতেন। তাৰ তিনিদিন পাছতেই চিলটীয়া আৰু দেচোৱালী জালোৱাৰে খলখলাই উঠিল বিলৰ নিজান বুকু। তাৰ মাজত অবাক হৈ গঞাই দেখিলে পুৱাৰ ৰ’দত চিকমিক কৰিছে তীখাৰুৰ দীঘল, শ’লমাছৰ দৰে ক’লা শৰীৰটো।

সিহঁতৰ মাজত তীখাৰুক দেখা পাই বিলপৰীয়া ৰাইজ বৰ আচৰিত হৈছিল। তীখাৰুহঁতৰ লগত হৰেনহঁতৰ অহা-যোৱা, মতা-বোলা নোহোৱা আজি বহু বছৰ হ’ল। গাঁৱৰ এচুকত অনাহাৰে দিনকেইটা নিয়ালেও পাভৈয়ে কেতিয়াও হৰেনহঁতৰ চোতালত ভৰি দিয়া নাছিল। তীখাৰুৰ দেউতাক বেথাৰাম জীয়াই থাকোঁতে ইমান দুখৰ দিন নাছিল সিহঁতৰ। কিন্তু ভাগ্যৰ লিখন, অকালতে ক্ষয় ৰোগে তেওঁক গ্ৰাস কৰিলে। আৰু বেথাৰামৰ শৰীৰ পঞ্চভূতত মিলি যোৱাৰ আগতে সৰু ভায়েক পানীৰামে গ্ৰাস কৰিলে সকলো মাটি-বাৰী। ঘৰৰ পৰা বিতাড়িত হৈ পাভৈয়ে বহুত দুখ-কষ্টেৰে তীখাৰুক ডাঙৰ কৰিছিল। এইবোৰ কথা কাৰো নজনা নহয়।

যি কি নহওক, অচিনাকি মাছুৱৈকেইজনৰ মাজত তীখাৰুক দেখা পাই গাঁৱৰ মাছুৱৈকেইজনে অলপ হ’লেও সকাহ পাইছিল সেইদিনা। কিন্তু জীৱিকা হেৰুৱাই ক্ৰমে সিহঁতৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাত তীখাৰুকে পানীৰ তলত কাঁইট বুলি ভাবিলে। বিহমেটেকাৰ দৰে ক্ৰোধ আৰু ঘৃণাই সিহঁতৰ মনবোৰ ছাটি পেলালে। বৰ স্বাভাৱিকভাৱে, তীখাৰুৰ লগত থকা ইমান দিনৰ আওপুৰণি সম্পৰ্কটো পানীত ডুব যোৱা মানুহৰ দৰে ক্ৰমে তল যাবলৈ ধৰিলে আৰু তাৰ বিপৰীতে সি যে মহলদাৰৰ খুৰায়েকৰ ল’ৰা, এই কথাটো সিহঁতৰ মনত পানীত ভাহি উঠা ফুলা মৃতদেহ এটাৰ দৰে ভাহি উঠিল।

আচলতে কোনো সম্পৰ্কৰ বাবে নহয়, দিনটো কানিৰ খোলাত কাহি থাকিলেও তীখাৰুৱে আচৰিত ধৰণে মাছ পোৱাৰ খবৰ হৰেনেও ৰাখিছিল। আৰু সি লগত থাকিলে এই ব্যৱসায়ত বহুত সুবিধা হ’ব, এই কথা বুজি বিল ‘বাইচ’ কৰাৰ আগদিনাই তীখাৰুহঁতৰ ঘৰলৈ গৈ পাভৈৰ ভৰিত পৰি ক’লে, আই-পিতাই কোনো নাই, পুৰণি কথাবোৰ এতিয়া আৰু ধৰিব নালাগে। ঘৈণীয়েকৰ অসুখ, বৰমাকে গৈ সংসাৰৰ জেঙা মাৰিব লাগে। হৰেনৰ বহুত কাকুতি-মিনতিতো প্ৰথমতে মান্তি হোৱা নাছিল। কিন্তু বোকোচাত লৈ ডাঙৰ-দীঘল কৰা ঘাট-মাউৰা ল’ৰাটোৱে যেতিয়া সৰু ল’ৰা-ছোৱালীৰ দৰে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে, বুঢ়ীৰ মন কুমলিল। হৰেনৰ লগতে সিদিনা ৰাতিয়েই মাক-পুতেক উভতি আহিল নিজ ভেটিলৈ।

চৰকাৰী নিয়মত বান্ধ খাই বিলপৰীয়াৰ পানীত কোব মাৰি থাকোঁতেই গ’ল। পাছদিনা ধলফাট দিয়াৰ আগতে হৰেনে বিল ‘বাইচ’ কৰালে। তীখাৰুৰ জালতে উঠা ডাঙৰ বৰালি মাছ এজনীক মাছুৱৈসকলে পূজাৰ কাৰণে বাছিলে— মাছজনীৰ শিৰত সেন্দূৰ দি সেৱা-সৎকাৰ কৰি আকৌ পানীত এৰি দিলে, কিছুমানে বিলৰ পানীত নিমখ আৰু এৱাঁ গাখীৰ ঢালিলে, চিলটীয়া মাছুৱৈসকলে বেলেগে গংগাদেৱীৰ পূজা কৰিলে। সিদিনাৰ পৰাই মাছ মৰা আৰম্ভ হ’ল। তীখাৰুৱে দেচোৱালী আৰু চিলটীয়া মাছুৱৈসকলৰ লগত ফেৰ মাৰি বেছি মাছ মৰাই নহয়, সিহঁতকো জেং দিয়া আৰু মাছ মৰাৰ বহুত অভিনৱ পদ্ধতি শিকালে। পাকৈত হালদাৰকেইজনে প্ৰথমতে তীখাৰুক অলপ হেয়জ্ঞান কৰিলেও এসপ্তাহমানৰ ভিতৰতে তাৰ ভক্ত হৈ উঠিল। হৰেনে তাৰ নতুন ব্যৱসায়ৰ সিমান আওভাও পোৱা নাছিল যদিও তীখাৰুৰ সততা আৰু তৎপৰতাৰ বাবেই সি আন দুজন মহলদাৰতকৈ বেছি লাভবান হ’ল। কষ্ট নকৰাকৈ আৰু অধিক লাভবান হোৱাৰ আশাত সি তীখাৰুক বাৰীৰ পিছফালটো ঘৰ তুলিবলৈ এৰি দি হালদাৰ, মাছমৰীয়া আৰু লগতে বিল চোৱা-চিতা কৰাৰ দায়িত্বও তাৰ কান্ধত জাপি দিলে।

বছৰ ঘূৰোঁতেই হৰেনে গাঁৱৰ আশে-পাশে বহুত মাটি কিনিলে, ভঁৰাল ধানেৰে উপচি পৰিল, মাছৰ ব্যৱসায় মৰিগাঁও, জাগীৰোড, আনকি গুৱাহাটীলৈকে বিয়পিল। পইছা হোৱাৰ লগে লগে হৰেন মহলদাৰৰ বেশভূষাও সলনি হ’ল। বাগানৰ জামাদাৰবাবুৰ দৰে ধুন-পেঁচ মাৰি ধুতি-পাঞ্জাৱী পিন্ধিবলৈ ল’লে। বৰষুণ দিলে মূৰত জাপি লোৱাৰ সলনি কলিকতীয়া ছাতি লোৱা হ’ল। হালোৱা-জালোৱাৰ লগত একেলগে বহিব লাগে বুলি পুৰণি কানিৰ খোলাও সি এৰিলে। চেহেৰা-পাতিৰ লগতে তাৰ কথা-বতৰাও সলনি হ’ল। ভাব এনে, যেন ভোলা সাউদহে।

ইফালে অত্যধিক খাটনিৰ ফলত তীখাৰুৰ স্বাস্থ্য ভাগি পৰিল। অনবৰতে পানীত থকাৰ বাবে কাণেৰে কম শুনা হ’ল, কাহটোৱেও নেৰা হ’ল। তথাপি কামলৈ হেলা নাছিল তাৰ; নৰিয়া গাৰেই সেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পানীত মাছ মাৰি থাকিছিল। বিল পহৰা দিয়া টঙিঘৰত মাছখিনি মোকলাই থৈ মাছুৱৈকেইজনে গাঁৱে গাঁৱে উভতি গ’লেও তীখাৰু সেই কেঁচা মাছৰ দ’মৰ মাজতে পৰি থাকিবলৈ ভাল পাইছিল। কেঁচা মাছৰ কেচেমা-কেচেম গোন্ধেৰে খালি পেট পূৰাই উজাই সি নিছিল তাৰ সজাগ, উজাগৰী নিশা।

ঘৰত থকা সময়খিনিতো তীখাৰুৰ উপস্থিতি একেবাৰে গম পোৱা নগৈছিল। বাৰীৰ পিছপিনে চিকুণাই থোৱা অকমানি ঠাইডোখৰতে সি আপোনমনে মহলদাৰৰ পুৰণি জালবোৰ মেৰামতি কৰি দিব, নহ’লে নতুন জাল এখনকে গুঁঠি থাকিব। পাভৈৰ বাবে পুতেক ঘৰত থকা-নথকা একে কথা। বয়সো হৈ আহিছে তেওঁৰ— আগৰ দৰে কাম-বন কৰিব নোৱাৰে। প্ৰায়েই মূৰ-ফুৰণিত কাহিল হৈ পৰে, কঁকালৰ বিষে খামোচ মাৰি ধৰে। হৰেনৰ ঘৈণীয়েকো অসুখীয়া, ঢৌতে খৰ মাৰি তাতো লাগি দিব লাগে। বোৱাৰীও নাই যে কামত সহায় হ’ব। বহুত কৈ-মেলিও তেওঁ তীখাৰুক বিয়াৰ কাৰণে মান্তি কৰাব পৰা নাই। নানা অজুহাতেৰে সি মাকৰ কথা এৰাই গৈছে। চাওঁতে চাওঁতে বয়সে তাৰ দুকুৰি চুলেগৈ। পাভৈয়ে বোৱৰীয়েকৰ হাতৰ ভাত খোৱাৰ আশা বাদেই দিছিল। কিন্তু এদিনাখন সকলোকে আচৰিত কৰি তীখাৰুৱে জলকুঁৱৰীৰ দৰে ৰূপহী ছোৱালী এজনী বিয়া কৰাই আনিলে মায়ঙৰ পৰা।

হৰেনৰ ঘৈণীয়েক সেউতীয়ে চাৰি বছৰমানৰ আগতে এটি ল’ৰা জন্ম দিছিল। কিন্তু সেয়া আছিল লালুকীৰ দৰে আধাফুলা, মৃত। তাৰ পাছত আৰু নাই। বিলপৰীয়া বেজ-কবিৰাজে কত ঔষধ দিলে— কিন্তু কোনো কামেই নিদিলে। সেইসোপা খাই হৰেনৰ কাউৰ-বাঁজী ঘৈণীয়েক আৰু খীণাইহে গ’ল— নানানটা ৰোগে হেঁচা মাৰি ধৰিলে। ইমান প্ৰাচুৰ্যৰ মাজতো ল’ৰা-ছোৱালী নথকাৰ অশান্তিটোৱে হৰেনক কুটকুটাই খাবলৈ ধৰিলে। দিনটো কেনেবাকৈ ব্যস্ততাত পাৰ হয়গৈ, কিন্তু ৰাতি অস্থিচৰ্মসাৰ ঘৈণীয়েকৰ কাষত শুলেই এইবোৰ চিন্তাই তাক জুমুৰিয়াই ধৰে। সিহঁতৰ হুমুনিয়াহত মজবুত পালেংখনেই দোঁ খাই যায়। সেইবাবেই হৰেনে তীখাৰুক পঠাইছিল মায়ঙলৈ। পাছদিনাই অহা মানুহজন আহিল সেই তিনিদিনৰ পাছত। বুঢ়ামায়ঙৰ বুঢ়াবেজে তীখাৰুৰ হাতত দুতোলা গঁড়ৰ মঙহ, চাৰিতোলা গঁড়ৰ তেজ আৰু এতোলা বক ফুলৰ শিপাৰে বনোৱা আসুৰী ঔষধৰ লগতে জীয়েককো দি পঠালে। আবেলিপৰত তীখাৰুৰ লগত ওৰণি লোৱা ন-কইনাজনী ছৈ দিয়া গৰু-গাড়ীখনৰ পৰা যেতিয়া আলফুলকৈ নামিছিল, মাহ-হালধি আৰু পদুমফুলৰ মিশ্ৰিত সুবাসত আমোলমোলাই উঠিছিল গোটেই মাছমৰীয়া গাঁওখন। এৰা, পদুম ফুলৰ দৰেই ধুনীয়া আছিল পদুমী।

ইমান বছৰে বিয়াৰ কাৰণে মান্তি নোহোৱা মানুহজনে পদুমীক দেখি বৰ হেঁপাহত মত দিছিল চাগে। পিছে সংসাৰ কৰিলেনো কেইদিন? বিয়াৰ দুবছৰ পূৰ হোৱাৰ দিনাখনেই বিলত মাছ মাৰিবলৈ গৈ আৰু উভতি নাহিল তীখাৰু। সন্ধিয়া তুলসীতলত চাকি দিবলৈ যাওঁতে পদুমীয়ে তাক শেষবাৰৰ বাবে দেখিছিল। কান্ধৰ পৰা মাটিলৈকে ওলমি পৰা জাল এখন লৈ তীখাৰুৱে মাকৰ লগত কিবা কথা পাতি আছিল সেই ভঁৰালঘৰৰ আগত। কাল-সন্ধিয়াৰ ম্লান পোহৰতো পদুমীয়ে দেখিছিল তাৰ গোটেই শৰীৰ তিতা; তিয়নি চুৰিয়াখনৰ পৰা টপটপকৈ পানী পৰিছে মাটিত। কিবা অজান আশংকাত মনটো শিয়ৰি উঠিছিল তাইৰ। পদুমীক মাত এষাৰ নিদিয়াকৈ তীখাৰু ওলাই গৈছিল সিদিনা।

তিনিদিন পুতেকৰ কোনো খা-খবৰ নাপাই পাভৈ বুঢ়ীয়ে যেতিয়া হায়ৈ-বিয়ৈ কৰি এবাৰ ঘৰ, এবাৰ নঙলামুখত ছটফটাই ফুৰিছিল, পদুমী অলপ সময়ৰ অন্তৰে অন্তৰে মূৰ্চ্ছা গৈছিল, গোটেই গাওঁখনে সিহঁতৰ চোতালত হেঁচ খাই পৰিছিল, তেতিয়াহে হৰেনে কওঁ-নকওঁকৈ আচল কথাষাৰ কৈছিল। তাৰ কথাবোৰ আছিল সাধুকথাৰ দৰে; দুঃস্বপ্নৰ দৰে ভয়লগা অলীক সাদুকথা:  ছমাহমানৰ আগৰ কথা। ঔজোপাৰ ওচৰত কোনোবাই লুকাই মাছ মাৰি আছে বুলি শুনি হৰেনো গৈছিল তীখাৰুৰ লগত। গৈ দেখে, কোনো নাই তাত।  তথাপি সাহস কৰি মৰিশালীলৈ গৈছিল দুয়ো। সিফালেও কাকো নাপাই তীখাৰুৱে জালকে উলিয়ালে। তাৰে পুৰণা জালখন আছিল নাৱত। ভুনভুনাই মন্ত্ৰ মাতি সেইখনেৰে সি বহুত মাছ মাৰিলে, মাছেৰে ভৰি গ’ল নাৱৰ বুকু। মাছ মৰা শেষ হোৱাত তীখাৰুৱে সৰুপানী চুবলৈ পাৰত নাও চপালে। আৰু খন্তেক পাছতে উভতি আহি নাৱৰ পীৰিতে বহি ল’লে। মাছ মাৰি তাৰ ভাগৰ লাগিছে বুলি ভাবি হৰেনে নাও বাই থাকিল। ঔৰ গুৰি পাৰ হৈ হঠাৎ হৰেনে মন কৰিলে— নাৱত মাছ কম। এনেতে পিছপিনে টকালি মৰাৰ শব্দ শুনিবলৈ পালে। মুখখন ঘূৰাই জোনাকৰ মৃদু পোহৰত সি দেখিলে তীখাৰুৱে কেঁচাই কেঁচাই মাছ খাই আছে। আচল কথাটো হৰেনৰ বুজিবলৈ বাকী নাথাকিল— কোনোবা ছেগতে তীখাৰুক পোতা মোচৰা দি তাৰ ৰূপ ধৰি বহি আছে বিলৰ বাঁকটো। বাঁকে মাছ খোৱাত ব্যস্ত দেখি হৰেনে ততাতৈয়াকৈ পাৰত নাও চপালে আৰু জোলোঙাটো লৈ দৌৰ মাৰিলে ভঁৰালঘৰ বুলি। সৰিয়হৰ ডুলিত জোলোঙাটো দলিয়াই থৈ সি কঁপি আছিল ভয়তে। খন্তেক পাছতেই বাহিৰত কান্দোনৰ শব্দ শুনা পালে। বেৰৰ ফুটাইদি দেখিলে, চোতালৰ মাজত বহি লৈ তীখাৰুৰূপী বাঁকটোৱে ইনাই-বিনাই কান্দি আছে— জোলোঙাটো তাক ওভতাই লাগে। তাৰ হিয়াভগা কান্দোনতো হৰেনে তাৰ জোলোঙাটো ওভতাই নিদিলে। সিও ৰূপ সলাব নোৱাৰিলে— তীখাৰু হৈয়ে থাকিল ঘৰত। পদুমীক কথাটো কেনেকৈ ক’ব তাকে ভাবি হৰেনো মনে মনে থাকিল। এই সিদিনাহে সি বিচাৰিছে বুলি পাভৈক ফাকি দি সৰিয়হৰ ডুলিৰ পৰা জোলোঙাটো সৰকাই বাঁক পলাল।

হৰেনৰ কথা শুনি পাভৈ বুঢ়ীয়ে সুৰ ধৰি বিনাবলৈ ধৰিলে। পদুমীয়েও কান্দি উঠিল বাঁহীৰ কৰুণ সুৰৰ দৰে। সিহঁতৰ কান্দোনত ৰ’ব নোৱাৰি গঞায়ো হায়ৈ-বিয়ৈ কৰিবলৈ ধৰিলে। বুঢ়ীৰ বিননি শুনি পূবৰ পৰা সোঁ-সোৱাই অহা বতাহ এজাক থমকি ৰৈ পাক খালে, পদুমীৰ কান্দোনত বিলৰ ঢৌবোৰ উত্তাল হ’ল, গঞাৰ হিয়াভগা কান্দোনত প্ৰচণ্ড ধুমুহা আৰু দবাপিতা বৰষুণ দিবলৈ ধৰিলে।

শোক-বিলাপত সিদিনা সকলোৱে ইমান বিভোৰ আছিল যে কেতিয়া পদুমীয়ে সেই ধুমুহা-বৰষুণৰ মাজেৰে বিলৰ পাৰলৈ দৌৰিছিল ক’বকে নোৱাৰিলে। যেতিয়া ধুমুহা-বৰষুণ এসময়ত হঠাতে ৰৈ গৈছিল, তেতিয়াহে পাভৈয়ে চক খাই দিঠকলৈ ঘূৰি আহিছিল আৰু কথাষাৰ মন কৰিছিল। মুহূৰ্ততে বুজি পাই তেওঁ চিঞৰ-বাখৰ কৰি দৌৰিছিল বিলৰ পাৰ বুলি। কি হ’ল একো ধৰিব নোৱাৰি গঞা ৰাইজেও দৌৰিছিল পিছে পিছে। বিলৰ পাৰ পাই সিহঁতে দেখিলে কুঁৱৰী-ঘাটত বহি লৈ পদুমীয়ে দেওলগা মানুহ এজনীৰ দৰে পানীলৈ থৰ লাগি চাই আছে। বিলৰ পানীত তেতিয়া ওপঙি আছিল হাজাৰ হাজাৰ মৰা মাছ।

সিদিনাখনেই হৰেনৰ সান্দহ খোৱা বালি তল গৈছিল। তাৰ পাছত জাল পেলালেই মৰা মাছ, জাল পেলালেই শামুক। কোনোবাই কুমন্ত্ৰ কৰি বিলৰ পানীত ওভতাই বাঁহ পুতিলে বুলি ভাবি হৰেনে পাৱকাঠীৰ বেজ নমালে। বেজে জলপান আৰু হোকা লৈ তিনিদিন পানীৰ তলত থাকিলগৈ, কিন্তু একোকে উলিয়াব নোৱাৰিলে।

সাত মাহ পাছত গোটেই ৰাতি অসহ্য প্ৰসৱ-বেদনাত ছটফট কৰাৰ পাছত পদুমীয়ে মেটেকা-ফুলৰ দৰে বেঙুণীয়া বৰণৰ এটা কুৎসিত পুত্ৰ-সন্তান প্ৰসৱ কৰিলে। সেই ৰাতিও প্ৰবল ধুমুহা আৰু বৰষুণ দিছিল। আৰু বৰষুণত পৰিছিল জাকে জাকে মাছ। মৰা নহয়, জীয়া জীয়া গৰৈ মাছ।

জন্মৰ সময়ত বৰষুণত চোতাল ভৰি গৰৈ মাছ পৰিছিল বুলি সকলোৱে তাক ‘গৰৈ’ বুলি মাতিবলৈ ল’লে। পদুমীয়ে কিন্তু পুতেকক বেলেগ কিবা ধুনীয়া নাম এটা ধৰি মাতিছিল— কিবা ফুলৰ নামেৰে আছিল নামটো। মাকৰ দৰে হৰেনৰ ঘৈণীয়েকেও সেই নামটো ধৰিয়েই মাতিছিল তাক। আন দহজনীৰ দৰে ঘৃণাত আঁতৰি নগৈ সেউতীয়ে হাড় ওলোৱা দীঘল আঙুলিকেইটাৰে আলফুলকৈ মোহাৰি দিছিল তাৰ ধপধপাই থকা বেঙুনীয়া বুকুখন। পিছে সেই নামে মাতিবলৈ কিমান দিননো জীয়াই থাকিল সিহঁত দুয়ো। এবছৰৰ ভিতৰতে জেওৰা খৰি এডালৰ দৰে শুকাই-খীণাই সেউতী সিফলীয়া হ’ল। আৰু তিনিবছৰীয়া কেঁচুৱা থৈ গৰৈৰ মাক মৰিল বৰডুলি এটাৰ দৰে শকত হৈ। মৰাৰ সময়ত দেখিলে কোনে ক’ব কেইবছৰমান আগতে খালৈৰ কঁকালটোৰ দৰে খামুচীয়া কঁকাল আছিল সেইজনীৰ। মানুহে কয়, ৰজামায়ঙৰ বেজ এজনৰ লগত পদুমীৰ বাপেকৰ পুৰণি শত্ৰুতা আছিল, সেই বুঢ়া বেজজনেই তাইক ‘টেকেলি হৰা’ কৰিছিল।

অসহ্য যন্ত্ৰণা আৰু কষ্টৰ মাজেৰে পদুমী ঢুকাইছিল। নৰিয়া গাৰেই চুঁচুৰি চুঁচুৰি কেঁচুৱা চোৱা-চিতা, শাহুৱেকৰ আলধৰা আৰু ঘৰৰ যাৱতীয় কাম-বন কৰিবলগীয়া হৈছিল। বাঁকৰ লগত বোৱাৰীয়েকে সংসাৰ কৰাৰ কথাটো পাভৈয়েনো সহজভাৱে ল’ব কেনেকৈ? আৰু বাঁকৰ ল’ৰাটোকনো নিজৰ নাতি বুলিব কোন সতে? সেইবাবেই গৰ্ভপাত কৰাবলৈ বুঢ়ীয়ে বহুত যত্ন কৰিছিল। পদুমীয়ে নমনাত গোপনে খোৱাবস্তুৰ লগত কিবা আসুৰিক ঔষধো মিহলাই দিছিল। তথাপি গৰৈৰ জন্ম হ’ল। বুঢ়ীয়ে চেৰাশালীত নোসোমালেও তাৰ জন্ম হ’ল। বুঢ়ীয়ে বোকোচাত নল’লেও সি বোকোচা এৰি দৌৰি ফুৰিব পৰা হ’ল। কিন্তু তিনি বছৰ বয়সত যিদিনা সি ঘাট-মাউৰা হ’ল, সিদিনাহে পাভৈৰ শিলৰ দৰে কঠিন হৃদয়ত শেলুৱৈ গজিল। গিজগিজাই থকা এচোতাল মানুহক অবাক কৰি, ‘মোৰ নাতি ঐ নাকান্দিবি। মই এতিয়াও জীয়াই আছোঁ ঐ’ বুলি গৰৈক বুকুত তুলি লৈছিল। তাৰ পাছৰে পৰা গৰৈৰ বেঙুনীয়া বৰণটো ক্ৰমে সলনি হ’বলৈ ধৰিলে আৰু হৈ হৈ এসময়ত আইতাকৰ দৰেই মিঠাবৰণীয়া হ’লগৈ।

সৰুতে আন দহটা ল’ৰাৰ দৰে গৰৈয়েও পথাৰে পথাৰে চিলা উৰুৱাবলৈ, বনে বনে জহামাল বিচাৰিবলৈ ভাল পাইছিল। অমৰাগুটিৰ দৰে ডাঙৰ ডাঙৰ চকু, খহুৱা ছাল আৰু কুৎসিত কুঁজা চেহেৰাটোৰ বাবে লগৰীয়াচামে তাক কেতিয়াও ঘৃণা বা ভয় কৰা নাছিল। দৰাচলতে সেই চেহেৰাটোৰ লগতে তাৰ সৰল হাঁহি আৰু খোনা মুখেৰে কথা কোৱা আমোদজনক ভংগীৰ বাবেই সিহঁতৰ মধ্যমণি আছিল সি। কোনোবাই তাক ‘বাঁকৰ ল’ৰা’ বুলি জোকালেও সি খং নকৰিছিল, বৰং সিহঁতৰ তামাচাত আমোদ পাই হাত-চাপৰি বজাই হিকটি মৰাৰ দৰে অদ্ভুতভাৱে হাঁহিছিল— বৰ ৰং পালে সি তেনেকৈ হাঁহিছিল।

চেহেৰাটোৰ বিপৰীতে গৰৈৰ চাল-চলন বৰ স্বাভাৱিক আছিল তেতিয়া। ক্ৰমে গাৰ আঁহ-পাঁহবোৰ মুকলি হোৱাৰ লগে লগে সি সংসাৰৰ আওভাও বুজি পোৱা হ’ল। আনকি গাঁওবুঢ়াৰ গৰু-ম’হকেইটা পথাৰলৈ নিওঁতে গৰখীয়া মেলত শ্লীল-অশ্লীল বহুত কথাই সি শিকিলে। গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে ইমান দিনে তাক দেখি কৰা ৰসাল মন্তব্যবোৰৰ অৰ্থও অলপ-অচৰপ সি বুজি পোৱা হ’ল। কণ কণ ল’ৰা-ছোৱালীবোৰে তাক দূৰৰ পৰা ‘বাঁকৰ ল’ৰা, বাঁকৰ ল’ৰা’ বুলি জোকালে সি সৰলভাৱে হঁহাৰ সলনি শিলগুটি মাৰিবলৈ ধৰিলে। ক্ৰমে খঙাল হৈ উঠিল সি। তাৰ অঁকৰা খংটোৰ পৰা আনকি লগৰীয়াচামো সাৰি নগ’ল। সাধাৰণ ধেমালিৰ বাবেও দুই-এজনে তাৰ এছাৰিৰ কোব খালে। মাথোঁ তাৰ খং কিছু পৰিমাণে দমন কৰিব পাৰিছিল গাঁওবুঢ়াৰ ল’ৰা ধনীৰামে। ঘৰৰ চাকৰ হ’লেও ধনীৰামে তাক মাতিছিল ‘মিতা’ বুলি, সেইবাবেই কিজানি গৰৈয়ে তাৰ সকলো কথা একবাক্যে পালন কৰিছিল। ৰাতিপুৱাই গৰু-ম’হৰ জাকটো দলনিত দলঘাঁহ খাবলৈ এৰি দি সি ধনীৰামৰ ছাঁটো যেন হৈ থাকিছিল। ধনীৰামেও বৰ মৰম কৰিছিল তাক। আৰু এদিনাখন সেই ধনীৰামেও তাৰ জন্মক লৈ কুৎসিত মন্তব্য কৰিলে। আওপকীয়াকৈ ক’লেও কোনেও তাক এইষাৰ কথা মুখতে কোৱা নাছিল। সেইবাবেই ইমান দিনে বুজি নোপোৱা কথাটো সি হঠাতে বুজি পাই বজ্ৰপাতত থৰ হৈ যোৱা মানুহৰ দৰে অলপ পৰ আহত, বোবা দৃষ্টিৰে চাই ৰৈছিল ধনীৰামৰ মুখলৈ। তাৰপাছতে হঠাতে এৰি দিয়া বাটলুগুটিৰ দৰে ক্ষিপ্ৰগতিত পথাৰৰ মাজেদি সি দৌৰ মাৰিছিল ঘৰৰ পিনে, কাকো একো নোকোৱাকৈ।

আইতাকে সিদিনা খটবান্ধ লাগিহে গৰৈক পাকঘৰৰ ভগা পীৰাখনত বহুৱাব পাৰিছিল। পকা-খৰিচা আৰু পোৰা মাছৰ পিটিকাৰ লগত শ’লমাছ আৰু মূলাৰ আঞ্জাৰে আটোমটোকাৰিকৈ ভাত দি কাষতে বহি লৈছিল তেওঁ। পাতত প্ৰিয় মাছৰ আঞ্জা পায়ো গৰৈক ভাতকেইটা লিৰিক-বিদাৰি থকা দেখা পাই বুঢ়ীয়ে ক’লে, ‘এইবোৰ মানুহে সজা কথা অ’ বোপাই। হৰেনৰ কথা হোজা গঞাই বিশ্বাস কৰিলেও মই নকৰোঁ। কানীয়াটোৱে কানিৰ ৰাগিত কিবা দেখি কিবা কৈছে। তই মোৰ নাতি, তীখাৰুৰ ল’ৰা। তোৰ আই পদুমী আছিল জলকুঁৱৰীৰ দৰে ৰূপহী। তোৰ বাপেৰে মাৰক বিয়া কৰাই আনিছিল সেই বুঢ়ামায়ঙৰ পৰা। এইবোৰ বহুত কথা— পাখি লগা সাধুৰ দৰে। শুনিবি যদি ভাতকেইটা খাই ল’চোন বেগতে।’

‘জলকুঁৱৰীৰ দৰে ৰূপহী আছিল তাৰ আই’— এই কথাষাৰে গৰৈক অদ্ভুত আনন্দ দিয়ে। মাকৰ ৰূপৰ কথা সি আগতেও বহুতবাৰ শুনিছে। মাজে মাজে বিলৰ পানীত নিজৰ কুৎসিত প্ৰতিবিম্ব চাই সি মাকৰ সুন্দৰ মুখখন মনত পেলাবলৈ যত্ন কৰে। কিন্তু কোনো মতেই গঢ় নলয় মুখখন। মাথোঁ কাৰোবাৰ ভিতৰ চ’ৰাৰ পৰা ৰিণিকি ৰিণিকি ভাহি অহা এটি নিচুকনি গীতৰ দৰে অস্পষ্ট, মুখ নোহোৱা মাইকী মানুহ এজনীৰ ছবিহে ভুমুকি মাৰে। অৱশ্যে তেনেই সৰুকালৰ এটি দৃশ্য গৰৈৰ চকুৰ আগত এতিয়াও ভাহি থাকে। সেইখিনিয়েই তাৰ মচ নোখোৱা স্মৃতি— এদিনাখন বিলৰ পাৰতে গৰৈক উমলিবলৈ এৰি দি মাকে ঘাটতে কাপোৰকেইখনমান ধুই আছিল। খেলি থাকোঁতে কেনেবাকৈ সি বিলৰ পানীত পৰিল। নৰিয়া গাৰেই পদুমীয়ে সিদিনা অতল পানীত জঁপিয়াইছিল আৰু বিলৰ পানী চলাথ কৰি তাক বিচাৰি পাইছিল বহু দেৰি পাছত। মানুহে কয়, বাঁকৰ ল’ৰাক বাঁকে লৈছিল, মাকে বিচাৰি যোৱাৰ বাবেহে ঘূৰাই দিছে। সিদিনা গৰৈৰ আয়ুস আঁটিছিলেই। আকৌ তেনেকুৱা হয় বুলি ভয়তে পদুমীয়ে জাকৈ এখনত সি জন্ম হওঁতে থৈ দিয়া নাইটো, শেলাই দুডাল আৰু কণী এটা লৈ বিলৰ পানীত তাৰ নাম লৈ আয়ুস তুলিছিল। তাৰ কিছুদিন পাছত পদুমীৰেই আয়ুস আঁটিল। এইবোৰ কাৰণতে সি সাঁতুৰিবলৈ নিশিকিলে, সেই স্মৃতিটোৰ বাবেই কিজানি পানীৰ ভয়ত ক’ব নোৱৰাকৈ তাৰ মনৰ ভিতৰত সোমাই গৈছিল।

ৰাতি গৰৈক বুকুৰ মাজত আলফুলকৈ সুমুৱাই লৈ বুঢ়ীয়ে তেওঁৰ অদ্ভুত কথন ভংগীৰে আৰম্ভ কৰিলে তীখাৰুৰ আখ্যান। আইতাকৰ সাধু সাধু যেন লগা নানান কথাৰ ঢৌৰ মাজত গৰৈ টুলুঙা নাও এখনৰ দৰে ভাহি থাকিল। বহুৰাতিলৈকে পুতেকৰ কথা কৈ কৈ এসময়ত ক’ব নোৱৰাকৈ পাভৈ টোপনিৰ পকনীয়াত বুৰ গ’ল। গৰৈৰ হ’লে টোপনি নাহিল, অমৰাগুটীয়া চকুহাল মেলি আইতাকৰ শুই থকা মুখখনতে সি বাপেকক বিচাৰি থাকিল।

বহুসময়ৰ পাছত, খিৰিকিৰে নিগৰি অহা জোনাকখিনি পাভৈৰ মেলি থকা সোলা মুখখনৰ ভিতৰেদি সোমাই তেওঁৰ শুকাই যোৱা মগজুখিনিত ঢৌ খেলালে। টোপনিতে ভাঁজ হৈ থকা তেওঁৰ জঁকা হেন দেহাটো সেই ঢৌতে যেন অলপ লৰচৰ কৰি উঠিল। নাভিৰ পৰা বুকুৱেদি উজাই অহা পুৰণি কথাবোৰ বহুসময় ধৰি অস্পষ্ট গেঙনি এটা হৈ তেওঁৰ সেলেঙি লগা মুখখনৰ ভিতৰত, লেলাউটিৰে তিতি থকা জিভাখনৰ চাৰিওপিনে চাকনৈয়াৰ দৰে ঘূৰি থাকিল। আৰু এসময়ত পানীগছাৰ দৰে সেইবোৰ ধাৰাসাৰে ওলাই আহিবলৈ ধৰিলে, ‘মৰতীজনীক কিমান বাৰ কৈছিলো, এই খাওঁ খাওঁ ৰূপটো লৈ বিলৰ পাৰলৈ অকলে নাযাবি, অথন্তৰ হ’ব। শুনিলেনে মোৰ কথা? শুনিলেনে? লাজ! গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতৰ লগতো একেলগে গা ধুবলৈ হেনো লাজ লাগে, শুন কথা। হোৰৌ, যি ভাবিছিলো সেয়ে হ’ল— পদুমীৰ ৰূপত বাঁক মতলীয়া হ’ল। মোৰ বুকুখন খালি কৰি বাঁকে এই যখিনীজনীৰ লগত সংসাৰ কৰিলে। মোৰ হাতৰ পৰা জোলোঙাটো ফুচুলাই লৈ পলাল, থৈ গ’ল এই আপদীয়াটোক। ইয়াক লৈ মই এতিয়া ক’ত মৰোঁ…।’

দিঠকত কোৱা কথাবোৰ বুঢ়ীয়ে টোপনিত ওলোটাকৈ ক’বলৈ ধৰিলে। শেষত আইতাকৰ মুখতো সি যে বাঁকৰ ল’ৰা তাকে শুনি গৰৈ যন্ত্ৰণাত তপত তেলত দিয়া জীয়া মাছ এটাৰ দৰে কেঁকুৰি গ’ল। তেতিয়া হ’লে ধনীৰামৰ কথাই ঠিক, গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে সেইবাবেই তাক দেখি ফিচিঙা-ফিচিঙি কৰি থাকে, সৰু সৰু ল’ৰা-ছোৱালীবোৰে ‘বাঁকৰ ল’ৰা, বাঁকৰ ল’ৰা’ বুলি জোকায়। সি বাঁকৰ ল’ৰা! ক’ত থাকে পিতা? বিলৰ অতল পানীত? মৰিশালিৰ কাষৰ সেই পিটনিবোৰত? ক’ত থাকে?

তেতিয়াই চাঙৰ পৰা উঠি গৰৈয়ে বাপেকক বিচাৰি গৈছিল বিলৰ পাৰলৈ। ছটফটাই অ’ত-ত’ত ঘূৰি শেষত ঔজোপাৰ ওচৰলৈ আহি সি বহি পৰিছিল ভাগৰতে। পানীত জাল পেলাই সেইখিনিতে, প্ৰায় বিছ-বাইছ হাতমান দূৰত বহি হৰেনে দুদণ্ডৰ বাবে বৰশীবোৱা টোপনিত জুলুকিয়াই আছিল। চকু মেলি হঠাতে গৰৈক ঔৰ গুৰিত থিয় হৈ থকা দেখা পাই হৰেনৰ নিৰ্ভীক বুকুখনো ধপধপাই উঠিছিল, ডাল ডাল হৈছিল গাৰ নোমবোৰ। বাঁক, ধনগুলৈ, মছন্দৰীলৈ কেৰেপ নকৰা হৰেনেও জোনাকৰ ছঁয়াময়াত গৰৈক কিবা দেও-ভূত বুলিহে ঠাৱৰ কৰিছিল। আঁউসীৰ নিশাবোৰত এইফালে আহে নে নাহে, সেয়া অৱশ্যে হৰেনৰ বাবে সাঁথৰ। কিন্তু তাৰ পাছৰে পৰা হৰেনে জোনাকে ধোৱা নিশাবোৰত সদায় বিলৰ পাৰত তাক অস্থিৰভাৱে ঘূৰি ফুৰা দেখা পাইছিল।

গৰৈ আহিলে জাল সামৰিব লাগে বুলি সি আজি অইন দিনাতকৈও বহু আগতেই ঔৰ গুৰি পাইছিল। কিন্তু কান্ধৰ জাল কান্ধতেই ৰ’ল। বিলৰ নিজান বুকুত হাঁহি থকা জোনটোলৈ চকু যাওঁতেই অকস্মাৎ তাৰ পদুমীলৈ মনত পৰিল। এৰা, পূৰ্ণিমাৰ জোনটোৰ দৰেই ধুনীয়া আছিল পদুমী। দূৰৰ পৰা ভাহি অহা সুবাসৰ দৰে এঘাৰ বছৰ আগৰ এটা সুবাসিত দিন হৰেনৰ চকুৰ আগত আহি থিয় দিলে।

সিদিনা তীখাৰু নাছিল, আগদিনাই শুকান মাছৰ বেপাৰী দুজনৰ লগত জাগীৰোডলৈ গ’ল। ইফালে ধুৰন্ধৰ মহৰীজনৰ হাতত গোটেইখিনি এৰি দিব নোৱাৰি বুলি হৰেনে টঙিঘৰতে ৰাতিটো কটালে। কাউৰী পুৱাতে জীগৰোড, মৰিগাঁৱলৈ মাছ পঠিয়াই সি ঘৰলৈ বুলি খোজ ল’লে। বাট চমুৱাবলৈ সি বাটৰ সলনি বিলৰ পাৰ পাৰে আহি আছিল। গাঁৱত জীয়ৰী-বোৱাৰীহঁতে গা ধোৱা কুঁৱৰী-ঘাট নৌপাওঁতেই পানীৰ খলখল শব্দত সচকিত হৈ হৰেনে পানীলৈ চালে। দেখিলে, আকাশৰ পিনে বুকু থৈ চিলনী-সাঁতোৰ দিছে পদুমীয়ে। লিপিতখোৱা তিতা কাপোৰৰ মাজেদি উজলি উঠিছে তাইৰ মাগুৰ বৰণীয়া শৰীৰ। তাই বিয়া হৈ অহা তেতিয়া প্ৰায় এবছৰমানেই হৈছিল। হৰেনহঁতৰ বাৰীৰ পিছপিনেই সিহঁতৰ অকমানি পঁজাটো। তথাপি ইয়াৰ ভিতৰত মাত্ৰ এদিনহে হৰেনে তাইক ওচৰৰ পৰা দেখা পাইছিল। সিদিনা সি পদুমীক ‘তীখাৰুকাইক কি মায়ঙীয়া তামোল খুৱালা বৌ’ বুলি জোকাইছিল। পিছে উত্তৰ দিয়াৰ সলনি লাজত ৰঙা-চিঙা পৰি পদুমীয়ে দীঘলকৈ ওৰণিখন টানি লৈছিল। বৰ লাজ তাইৰ— হৰেনক দেখা পালেই ঘৰৰ ভিতৰ সোমায়গৈ। পদুমী বুলি ক’লেই চকামকাকৈ দেখা সিদিনাৰ পূৰ্ণিমাৰ জোনটিৰ দৰে স্নিগ্ধ, লাৱণ্যময় মুখখনৰ কথাই হৰেনৰ মনত আছিল। কিন্তু হঠাতে এই ৰূপত দেখা পাই হৰেন থৰ হৈ গ’ল।

পদুমফুলকেইপাহৰ মাজত তেতিয়া পদুমফুল এজনী হৈয়ে তাই ওপঙি আছিল। পদুমপাতৰ দৰেই সেউজীয়া হৈ গৈছিল তাইৰ হাত, তাইৰ ভৰি। কিন্তু সেয়া খন্তেকৰ বাবেহে, হঠাতে পাক এটা মাৰি ৰৌ এজনীৰ দৰে ভুটলুংকৈ তাই ডুব মাৰিলে বিলৰ অতল তলিত। বহুত সময় পাছত, একেবাৰে পাৰৰ ওচৰত সৰু-বৰ ঢৌৰ মাজত দেখা গ’ল তাইৰ মাগুৰ বৰণীয়া শৰীৰ আভাস। পানীৰ ওপৰত ওপঙি উঠি আকৌ তাই আগৰ দৰে আকাশৰ পিনে বুকু থ’লে। ৰাতিপুৱাৰ কোমল ৰ’দত বৰ-জালৰ দৰে স্বচ্ছ হৈ পৰিছে তাইৰ শংখৰ দৰে স্তন, খালৈৰ দৰে কঁকাল, পকনীয়াৰ দৰে ঘূৰণীয়া, গভীৰ নাভিমূল। তাইৰ সেই আচৰিত ঢৌ খেলোৱা পিছল শৰীৰৰ ভাঁজে ভাঁজে খেলি ফুৰিছে অসংখ্য সৰু সৰু সেন্দূৰীয়া মাছ। পাৰৰ ওচৰ পায়ো পদুমী পাৰলৈ উঠি নাহিল, জলকুঁৱৰীৰ ফিছাৰ দৰে ভৰি কোবাই তাই বিলৰ বুকুত এনেকৈ সাঁতুৰি থাকিল যেন জুইহে লাগিছে পানীত!

সিদিনা জুই অকল পানীতে লগা নাছিল, লাগিছিল হৰেনৰ দেহাতো। কামনা আৰু ঈৰ্ষাৰ জুই। কেইবাদিনো সেই জুইৰ উত্তাপত ছটফটাই থকাৰ পাছত বৰষুণে ধুৱাই নিয়া এটা নিজান নিশাত তাৰ দেহা শাঁত পৰিছিল।

তীখাৰুক টঙিঘৰতে ৰাতিটো থাকিবলৈ কৈ দবাপিটা বৰষুণৰ মাজত এদিন হৰেনে তীখাৰুহঁতৰ দুৰ্বল দুৱাৰৰ ডাং খুলিলে আৰু আন্ধাৰতে খেপিয়াই খেপিয়াই চাঙৰ একাষে চিত হৈ লালকাল দিয়া পদুমীৰ কাষতে সি শুই পৰিল। পদুমীৰ গাৰ পৰা তেতিয়া ভাহি আহিছিল পদুমফুলৰ সুবাস। সেই সুবাসৰ উৎস বিচাৰি হৰেন তাইৰ ফুল-কোমল শৰীৰৰ ভিতৰত সোমালগৈ। আৰু খন্তেক পাছতেই তাইৰ ব’হাগৰ বিলৰ দৰে লাহী দেহাটোৰ মাজেৰে দীঘল কুচিয়া মাছ এটাৰ দৰে উজাবলৈ ধৰিলে। বাৰিষাৰ প্ৰবল বৰষুণে তেতিয়া কঢ়িয়াই আনিছিল উজানৰ বতৰা।

দিনটোৰ অমানুষিক খাটনিৰ ফলত ৰাতি পদুমীয়ে মৰা মানুহৰ দৰে শোৱে। কেতিয়াবা মাজনিশাও তীখাৰু ঘৰলৈ ওভতে। সেইবাবে টোপনিৰ আলজালতে তাই হৰেনকে গিৰিয়েক বুলি ভাবিছিল। অইনদিনা হ’লে তাই কিজানি টোপনিৰ জলাশয়তে ডুবি থাকিলহেঁতেন, কিন্তু পৰপুৰুষৰ অচিনাকি, কৰ্কশ স্পৰ্শটোৱে তাইক হঠাৎ সজাগ কৰি তুলিলে। সাৰ পাই বুকুৰ ওপৰতে শুই থকা অচিনাকি দেহাটো তাই ঠেলি আঁতৰাই দিবলৈ প্ৰাণেপণে যত্ন কৰিলে, কিন্তু নোৱাৰিলে। আন্ধাৰ বৰণৰ হাতখনে পদুমীৰ চিঞৰি উঠিব খোজা মুখখন জোৰেৰ চেপা মাৰি ধৰিলে। দবাপিটা বৰষুণত তল যোৱা তাইৰ গেঙনিটোৱে বিলত উজানৰ ঢল অহালৈকে ছটফটাই থাকিল।

চৰম দুৰ্ঘটনাটো সিদিনা ঘটি গৈছিল যদিও কোনো দোষ নাছিল পদুমীৰ— ৰাধিকাৰ দৰে সতী আছিল তাই। গিৰিয়েক নথকাৰ সুযোগ লৈ পৰপুৰুষে চুৱা কৰি পলাই যোৱা কথাটোও তাইৰ সৰল মনে ঢুকি পোৱা নাছিল। ভাবিছিল, কোনোবা ভূত-পিশাচে লম্ভিছে। ৰাতিয়েই তেল জাৰি গাটো বান্ধি লৈ আকৌ শুই পৰিছিল পদুমী। বহুৰাতিলৈকে টোপনি নাহিলেও শেষৰাতি দিনৰ ভাগৰখিনি আকৌ তাইৰ দুচকুত থূপ খালে; আচহুৱা সপোন এটাও দেখিলে। দেখিলে, তীখাৰুৰ পেটটো গৰ্ভৱতী তিৰোতাৰ দৰে স্ফীত হৈ উঠিছে। মানুহে কোৱা-কুই কৰিছে তাৰ হেনো ল’ৰা হ’ব!

সেইদিনাই শেষ নহয়, আৰু এদিন গাত কেঁচা মাছ সানি হৰেনে পদুমীৰ গাৰ সুবাসিত পাহিবোৰ আলফুলকৈ খহাইছিল।

এইবোৰ কথা ভাবি থাকোঁতে এই ঠেঁটুৱৈ-ধৰা জাৰতো হৰেণৰ দেহা উষ্ম হৈ উঠিল। মিচিকিয়া হাঁহি এটা বিৰিঙি উঠিল গোঁফৰ তলত। এনেকুৱা কথাবোৰেই তাৰ ভাবি থাকিবলৈ মন গ’ল। কিন্তু হঠাতে ধপধপাই যোৱা কোনোবা অচিন নিশাচৰী চৰাইৰ কৰ্কশ মাতত সি চকখাই উঠিল। এৰা, বহুত ৰাতি হ’ল; মাছ মাৰিব লাগে। ততাতৈয়াকৈ সি তাৰ শতছিন্ন খেৱালি জালখন কান্ধৰ পৰা নমালে আৰু আটোম-টোকাৰিকৈ জালখন দুভাগ কৰি, হাতৰ মুঠিত সজাই লৈ পানীত খেও দিবলৈ যাওঁতেই হৰেন থমকি ৰ’ল। কুঁৱলীত ওপঙি থকা গাঁৱৰ ঠেক গৰু-বাটটোৰেই সি আহি আছে। অইনদিনাতকৈ বহুত আগতেই তাক আহি থকা দেখা পাই হৰেনে বিৰক্তিৰে জালখন সামৰিলে। আৰু খালৈ দুটা কঁকালত বান্ধি পিছ বাটেদি যাবলৈ ওলাওঁতে অকস্মাৎ সি মন কৰিলে গৰৈ আজি আহি আছে শামুকৰ দৰে ধীৰ গতিত, চুঁচৰি চুঁচৰি। ঔৰ গুৰি পাওঁতেই তাৰ বহুত সময় লাগিল। কিনো হৈছে তাৰ? কৌতুহলবশতঃ নিয়ৰত তিতা সৰাপাতবোৰ সাৱধানে গচকি হৰেন ঔজোপাৰ কাষ চাপিল। অবাক হৈ সি দেখিলে, এই হাড় কঁপোৱা জাৰতো তাৰ গাত কোনো কাপোৰ নাই— সম্পূৰ্ণ উলংগ।

দুপৰীয়া আমগছ এজোপাৰ তলত আমন-জিমনকৈ বহি গৰৈয়ে মাকৰ কথা ভাবি আছিল। এনেতে গাঁওবুঢ়াৰ বগী গাইজনী ক’ৰবাৰ পৰা দৌৰি আহি তাৰ গা চেলেকিবলৈ ধৰিলে। গাঁওবুঢ়াৰ ঘৰ এৰাৰ পাছত দূৰৰ পৰাই সিহঁতৰ গৰু-ম’হকেইটাক দেখিলে তাৰ মনটোৱে উচুপে, তাতে তাৰ আটাইতকৈ মৰমৰ বগী গাইজনীক ওচৰত পাই গৰৈয়ে তাইৰ গলধনত আলফুলকৈ চুমা এটা খালে, গা-মূৰ পিহি দিবলৈ ধৰিলে। অলপ আঁতৰৰ পৰাই দুই-এজন গৰখীয়াৰ লগতে ধনীৰামেও এই দৃশ্যটো উপভোগ কৰি আছিল। হঠাতে দুষ্ট বুদ্ধি এটাই তাৰ মগজুতলিত বুৰবুৰণি তুলিলে। ধনীৰামে তাৰ চেংচেঙীয়া মাতটোত অলপ বিদ্ৰূপ সানি ক’লে, ‘হেৰৌ, তোৰ মাৰকো বাঁকে এনেকৈ মৰম কৰিছিল…।’

ধনীৰামৰ প্ৰতিটো শব্দই গৰৈক শিঙীমাছে বিন্ধাদি বিন্ধিলে, তাৰ অকমানি জীউটো নিমখ দিয়া মাগুৰ মাছ এটাৰ দৰে ছটফটাই থাকিল। তথাপি শুনিও নুশুনাৰ ভাও ধৰি সি আগৰ দৰেই বগীৰ গা-মূৰ পিহি থাকিল। কিন্তু ক্ৰমে সহিব নোৱৰা বিধৰ অশ্লীল হৈ উঠা ধনীৰামৰ কথাবোৰে গৰৈৰ শুই থকা অঁকৰা খংটোক জগাই তুলিলে। আৰু খঙতে দৌৰি গৈ সি হাতৰ ম’হ খেদোৱা এছাৰিডালেৰে ধনীৰামৰ বাওঁ বাহুত বৰ জোৰেৰে কোব মাৰিলে। তাৰ পাছত একেঠাইতে আৰু একোব, তাৰ পাছত আৰু তিনিকোবমান। ধনীৰামক তেনেকৈ কোবোৱা দেখা পাই গৰখীয়াকেইটাই তাক আগচি ধৰিলে। হুলস্থুল শুনি পথাৰৰ পৰা গাঁওবুঢ়াৰ হালোৱাকেইটাও দৌৰি আহিল। কোনেও গৰৈৰ কথা নুশুনিলে, আটায়ে তাক মাটিত পেলাই লৈ তামোল চোৰক মৰাদি মাৰিলে। মাৰ খাই গৰৈয়ে যেতিয়া একেবাৰে অৱশ হৈ মাটিত দীঘল দি শুই পৰিছিল, নাকে-মুখে ফেন ওলাইছিল, তেতিয়া সিহঁতে তাৰ চুৰিয়াখন টানি খুলি দিলে। আৰু হঠাতে নঙঠা হৈ পৰা তাৰ গৰৈ মাছৰ খহুলা দেহাটোৰ চাৰিওপিনে সিহঁতে এক আচৰিত পাশৱিক উল্লাসত কিৰীলি পাৰি উঠিল।

অলপো লৰচৰ নকৰাকৈ গৰৈ বহুত সময় ধৰি নিশ্চল হৈ পৰি থকাত দেহাত প্ৰাণ আছে নে নাই চাবলৈ যাওঁতে তাৰ ৰক্তাক্ত দেহাটোত ধনীৰামে কেঁচা মাছৰ গোন্ধ পালে। ধনীৰামৰ কথা শুনি সিহঁত আটায়ে গৰৈৰ উলংগ দেহাটো শুঙি চাবলৈ লৰা-ঢপৰা লগালে। আৰু আচৰিতভাৱে আটাইখিনি ল’ৰাই তাৰ গাত কেঁচা মাছৰ কেচেমা-কেচেম গোন্ধ পালে। সি যে বাঁকৰ ল’ৰা, এই লৈ আৰু কৰো মনত সন্দেহ নাথাকিল। কিছুসময় পাছত তাৰ নিশ্চল, ৰক্তাক্ত দেহাটো অলপ লৰচৰ কৰি উঠাত সিহঁত আটায়ে সমস্বৰে ‘বাঁকৰ ল’ৰা, গৰৈ মাছ; বাঁকৰ ল’ৰা, গৰৈ মাছ’ বুলি চিঞৰি চিঞৰি গীত গাই গাই ঘৰমুৱা হ’ল। যোৱাৰ আগতে ধনীৰামে গৰৈৰ চুৰিয়াখন দলিয়াই থৈ গ’ল লঠঙা আমগছ এজোপাৰ বহু ওপৰত।

জোনাক নিশাবোৰত গৰৈক ঔজোপাৰ আশে-পাশে দেখা পোৱাটো হৰেনৰ বাবে একো নতুন কথা নহয়। সাধাৰণতে ৰাতি নুপুউৱালৈকে এইখিনিতে পৰুৱাই পোৱা মানুহৰ দৰে সি ঘূৰা-পকা কৰি থাকে। কিন্তু আজি তাক একেবাৰে অন্যৰূপত দেখা পাই হৰেন আচৰিত হৈ গ’ল। কোনোমতে থিয় হৈ থকা গৰৈৰ ক্ষত-বিক্ষত উলংগ দেহাটো, বিশেষকৈ জোনাকত উজলি উঠা তাৰ ৰক্তাক্ত পিঠিখনে হৰেনক তালুৰ পৰা তলুৱালৈকে কঁপাই নিলে। যেন তেলত দিয়াৰ আগতে জীয়া মাগুৰ এটা কোনোবাই পথালিকৈ কঁচিছে। তাৰ মুখখনো ফুলি গৈছে বৰ অদ্ভুতভাৱে, নাকৰ তলডোখৰত ক’লা ক’লা, বৈ অহা তেজে চেৰা বান্ধিছে কিজানি! তাৰ কুৎসিত মুখখন আৰু কুৎসিত হৈ উঠিছে। দেখিলে কোনে ক’ব পদুমীৰ পেটৰ পানীতে গঢ় লৈছিল গৰৈৰ কুশ্ৰী শৰীৰ? গজিছিল তাৰ হাত, তাৰ ভৰি? আৰু…।

‘পি… তা… ই…’
অকস্মাৎ ৰাতিৰ নিস্তব্ধতা বিদাৰি ভাহি আহিল এক কৰুণ আকুতি। মুহূৰ্তৰ বাবে বিলৰ মৃদু ঢৌবোৰ, ঢৌবোৰৰ ওপৰেদি বাগৰি অহা চেঁচা বতাহজাক, আনকি বতাহত থৰথৰকৈ কঁপি থকা বাঁহৰ পাতবোৰো থমকি ৰৈ গ’ল। পানীৰ পিনে চাই গৰৈয়ে চিঞৰিছে ‘পিতাই’ বুলি। গৰৈৰ নিশা বিচৰণৰ ৰহস্যটো হঠাতে গম পাই হৰেন শিহৰিত হ’ল। পিতাই! কোন তাৰ পিতাই?

মানুহে কয়, সি বাঁকৰ ল’ৰা। কিন্তু হৰেণৰ আগত কোনোবাই গৰৈক বাঁকৰ ল’ৰা বুলি ক’লে তাৰ খিৰখিকাই হাঁহি উঠে। ইফালে পাভৈ বুঢ়ীয়ে কয়— নহয়, গৰৈ তীখাৰুৰ ল’ৰা। সিনো কেনেকৈ জন্ম দিব তাক? গৰৈৰ জন্মৰ কেইদিনমান পাছতে বাগানৰ ডাক্তৰজনে বৰ আচৰিত হৈ হৰেনক আচল কথাটো কৈছিল। বহু বেজ-কবিৰাজক দেখুওৱাৰ পাছতো ল’ৰা-ছোৱালীৰ মুখ নেদেখি শেষত তীখাৰু হেনো তেওঁৰ তালৈও গৈছিল। তেৱোঁ দৰব-পাতি দি বহুত চেষ্টা কৰিলে, পিছে একো লাভ নহ’ল। তেওঁৰ মতে, সন্তান জন্ম দিয়াৰ ক্ষমতা নাছিল তীখাৰুৰ।

বহুত আশা কৰিয়েই বিলৰ নিজান বুকুলৈ নাও লৈ গৈ হৰেনে তীখাৰুৰ পিছ মূৰত বঠাৰে কোবাইছিল আৰু তাৰ পাছতে নাৱৰ পীৰিত অলপ পৰ ধৰফৰাই নিশ্চল হৈ পৰা তাৰ অৰ্ধমৃত দেহাটো তৎক্ষণাৎ জালেৰে মেৰিয়াই মৰিশালিৰ ওচৰৰ সেই পিটনিখনত পুতি থৈছিলগৈ। কিন্তু তাক হত্যা কৰাৰ পাছত আৰু কোনোদিনেই সি পদুমীৰ কাষ চাপিব নোৱাৰিলে। গিৰিয়েকৰ মৃত্যুৱে ৰূপৰ লগতে তাইৰ টোপনিও চিৰদিনৰ বাবে কাঢ়ি নিছিল। হৰেনৰ মুখত খবৰটো শুনি প্ৰথমতে পদুমীয়ে বিশ্বাসেই কৰা নাছিল। কিন্তু ধুমুহা-বৰষুণৰ মাজেদি দৌৰি আহি যেতিয়া তাই বিলৰ পানীত হাজাৰ হাজাৰ মৰা মাছ ওপঙি থকা দেখিলে, তাইৰ চকু থৰ হৈ গ’ল। বিস্ময় আৰু যন্ত্ৰণাত অদ্ভুত ধৰণে মেল খোৱা চকুহাল আৰু কোনোদিনেই তাই জপাব নোৱাৰিলে।

জীৱনৰ বাবে নাপালেও হৰেনে তাইৰ বাৰিষাৰ বিলৰ দৰে ওফন্দি উঠা পেটটোৰ পিনে চাই একধৰণৰ আনন্দ পাইছিল। সেউতীৰ দৰে পাটীৰ তিৰোতা নহ’লেও পদুমীৰ পেটতে সিঁচিছে তাৰ বংশধৰ!

‘পিতাই…’, ঔৰ গুৰিৰ পৰা পানীৰ কাষলৈ দুখোজমান আগুৱাই গৈ গৰৈয়ে আকৌ চিঞৰি উঠিল। বাঁহীৰ কৰুণ সুৰৰ দৰে বুকু আঁচুৰি উজাই অহা তাৰ ক্ৰন্দন-মিশ্ৰিত, চেপা, ক্ষুব্ধ আকুতিটোৱে হৰেনৰ বুকুখন মোচৰ মাৰি ধৰিলে। সেই নিৰ্দয় বুকুখনতে অলৰ হৈ থকা ইমান দিনৰ সবল, ৰুক্ষ গছজোপাক গৰৈৰ হিয়াভঙা চিঞৰটোৱে শিপা উভালি ভাঙি পেলাব খুজিলে। মাত দিব খুজিও হৰেন ৰৈ গ’ল; মাতৰ সলনি গধুৰ হুমুনিয়াহ এটাহে ওলাই আহিল।

থিয় গৰাটোৰ ওচৰত বৰ বিপজ্জনকভাৱে আঁউজি গৰৈয়ে এইবাৰ নুফুটা মাতেৰে আৰ্তনাদ কৰি উঠিল। কেইটামান অনিশ্চিত মুহূৰ্ত বৰ অস্থিৰভাৱে পাৰ হওঁ-নহওঁকৈ পাৰ হ’ল। তাৰ পাছত সি শেষবাৰৰ বাবে আকাশ-বতাহ কঁপাই ‘পিতাই’ বুলি চিঞৰি পানীত জঁপিয়ালে। গৰৈক জঁপিওৱা দেখি হৰেনো থিয় গৰাটোৰ পিনে লৰ মাৰি গ’ল। দেখিলে, জোনাকে ধৌৱাই নিয়া বিলৰ এঠাইত আন্ধাৰ গোট মাৰিছে। তাৰ চাৰিওপিনে ঘূৰণীয়াকৈ বাগৰি আছে অজস্ৰ ঢৌ। হৰেনে জানে, হাতীয়ে মাউতে থাউনি নোপোৱা পানী ইয়াত; আৰু এইখিনিতে জঁপিয়াইছে কেতিয়াও পানীত ননমা ল’ৰাটো!

জালখন দলিয়াই থৈ হৰেনেও জাঁপ মাৰিলে সেই থূপ খোৱা আন্ধাৰৰ গভীৰতাত। পানীৰ ওপৰছোৱাত মৃদু্ পোহৰৰ চামনি, কিন্তু তলৰ পিনে আন্ধাৰ ক্ৰমে আৰু ঘন হৈ আহিছে। পাক খাই খাই আগুৰি অহা বিশাল আন্ধাৰৰ মাজত হাহাকাৰ কৰি হৰেনে খেপিয়াই ফুৰিলে। কিন্তু গৰৈৰ কোনো শুংসূত্ৰই নাই। তথাপি বুকুত বতাহ থকালৈকে সি শুই থকা মাছৰ গাঁওখনৰ ভিতৰত, পদুম-শেলুকৰ পাত-লতা আৰু বিবিধ জলজ ঘাঁহ-বনেৰে সজা মাছৰ অলেখ ঘৰ-দুৱাৰ মহটিয়াই পুতেকক বিচাৰিলে। কিন্তু ক’তো নাপালে। বিলৰ তলিত খন্তেক নিটাল মাৰি শুয়ো চালে— ক’ৰবাত তাৰ হাত-ভৰি কোবোৱা শব্দ শুনা যায় নেকি! নাই, কোনো সাৰ-সুৰেই নাই। মাথোঁ অথাই পানীৰ মাজেদি ভাহি আহিছে অনাথ মাছবোৰৰ হুমুনিয়াহ আৰু ফুচফুচনিৰ শব্দ।

নিৰাশ হৈ হৰেনে এবুকু উশাহৰ আশাত ওপৰৰ পিনে উচাল মাৰিলে। কিন্তু ওপৰ নাপাওঁতেই হঠাৎ দুখন অদৃশ্য হাতে তাক গবা মাৰি ধৰিলে। শতচেষ্টা কৰিও সেই সবল বাহুবন্ধনৰ পৰা হৰেন ওলাই আহিব নোৱাৰিলে। সি যিমানেই চেষ্টা কৰে, হাত দুখনে তাক সিমানেই কপকপীয়াকৈ জপটিয়াই ধৰে। মৃত্যু ভয়ত ছটফট কৰি সি চিঞৰি উঠিল, উশাহ নোপোৱা তাৰ ভয়ত্ৰস্ত চিঞৰটোৱে পানীত দুটামান বুৰবুৰণি তুলিলে মাথোন। বহু প্ৰতীক্ষাৰ শেষত অথাই পানীৰ মাজত বাপেকক বিচাৰি পাই গৰৈয়ে ইমান নিবিড়ভাৱে সাবটি ল’লে যে তাৰ বুকুৰ মাজত সোমাই হৰেন থৰ হৈ গ’ল।

খন্তেক পাছতেই ঘূৰি ঘূৰি তল যোৱা বাপেক-পুতেকৰ আলিংগনাবদ্ধ, ঠৰঙা দেহ দুটাক আগুৰি বিলৰ মাছবোৰে কিৰীলি পাৰি উঠিল।«

(কলং আৰু কপিলীপৰীয়া নদীয়াল সমাজৰ এটি অলৌকিক কিংবদন্তিৰ আধাৰত।)
ৰচনা কাল: মাৰ্চ, ১৯৯৯

নীলা চৰাই . এপ্ৰিল ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

3 Comments on "বাঁক"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
লিখন নীল
Guest
লিখন নীল

’নীলা চৰাই’ক ধন্যবাদ গল্পটো পঢ়াৰ সুবিধা কৰি দিয়াৰ বাবে …

Hemanta Baruah
Guest

মই ইমৰান হুছেইনৰ গল্প ভাল পাওঁ। কেনেবাকৈ এই গল্পটো নপঢ়াকে থাকি গৈছিল। ‘নীলা চৰাই’ক বহুত ধন্যবাদ মোৰ হাবিয়াস পূৰণ কৰা বাবে।

Guna kanta Doley
Guest

Anabadya….!!!

wpDiscuz