অসমীয়া কৃষ্টিৰ চমু আভাস (৩)

পূৰ্বৰ খণ্ড: ইয়াত

তিনি.

প্ৰাগজ্যোতিষপুৰ, ডিমাপুৰ, পথিমীনগৰ, হাৰূপেশ্বৰ আদি নগৰ পত্তনৰ লগে লগে লিখন-কলাৰ বিশেষ বিস্তাৰ হোৱাৰ পাছত অসমতো প্ৰগতিৰ দ্ৰুতগতি হ’ব ধৰিলে; এই লিখন-কলা আদিম সভ্যতাৰ কালত কি আছিল ক’ব নোৱাৰোঁ, তথাপি ‘লুংডিং’ (লামডিং) অঞ্চলৰ বৰলাংফেৰ আবাসী এজন ডিমাছা কছাৰীয়ে মোক যিকেইটা আখৰ দেখুৱাইছিল তাৰ পৰা বুজা যায় যে আদিম অসমতো সুকীয়া আখৰ আছিল। শেহত সংস্কৃত প্ৰকৃতিৰো প্ৰচলন অসমত হৈছিল, কিন্তু শেহত যেতিয়া গোটেই ভাৰতবৰ্ষ জুৰি বৌদ্ধ ধৰ্ম বিয়পি পৰিল আৰু অসমত তন্ত্ৰ-মন্ত্ৰৰ প্ৰসাৰ হ’ল; সেই এটা যানৰ তন্ত্ৰ-মন্ত্ৰ গুপুতিয়াকৈ ৰাখিবৰ কাৰণে তন্ত্ৰ-মন্ত্ৰৰ কেন্দ্ৰস্থল কামাখ্যাত এবিধ বৰ্ণমালাৰ সৃষ্টি হ’ল। শেহত বৰ্ণমালাই অসম আৰু বঙ্গত নিজভাষাৰ বৰ্ণমালা বুলি পৰিচিত হ’ল। সেই বৰ্ণমালা অসমীয়া আৰু বঙালী ভাষাত আজিও চলি আহিছে। যি কি নহওক, সংস্কৃত সাহিত্যই অসমত এটা নতুন সভ্যতাৰ ঢৌ আনিলে। নৰকাসুৰে অসমৰ শ্ৰেণীহীন, জাতিহীন গোষ্ঠী সমাজ ভাঙিলে হয়, কিন্তু সেই বিদেশী আসুৰীয় সংস্কৃতি তেতিয়াৰ অসমত টনকিয়াল হ’ব নাপালে। কাৰণ তেতিয়া অসমত তথা কামৰূপত আদিম সভ্যতাৰ আদিম দেৱতা ‘শিব্ৰই’ বা শিৱৰ আধিপত্য এই সংস্কৃতিয়ে গুচাব নোৱাৰিলে। শেষত দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহিল। নৰকাসুৰক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক ৰজা পাতি নিজৰ কৃতজ্ঞ কৰি ৰাখি ষোল হেজাৰ অসমীয়া গোপিনী গাভৰুক নিজ ঠাইলৈ লৈ গ’ল। সেই শ্ৰীকৃষ্ণই সৌমাৰৰ পৰা ভীষ্মক জীয়ৰী ৰুক্মিণী আইদেউক হৰি নিলে আৰু সেই শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বানৰ জীয়ৰী শোণিত কুঁৱৰী ঊষাদেৱীক গন্ধৰ্ব্ব মতে বিবাহ কৰিলে। এইদৰে অসমৰ আদিমবাসীসকলৰ লগত সম্বন্ধ পাতি শ্ৰীকৃষ্ণই পোনপোনতে বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিলে আৰু নতুন সভ্যতা আৰু সংস্কৃতি স্থাপন কৰিলে। তেতিয়াৰ পৰা বৰ্ণ বৈষম্য হ’ল। জাতিভেদ সৃষ্টি হ’ল। আদিম জাতিহীন, শ্ৰেণীহীন গোষ্ঠী-সমাজ চুৰ্মাৰ হ’ল। এনে পৰিৱৰ্ত্তন হ’লেও লিখন কলাৰ প্ৰকাশৰ লগে লগে নানা ঘাত-প্ৰতিঘাতৰ মাজেদিও অসমৰ কৃষ্টি আৰু সভ্যতা এটা বিশেষ গঢ় লৈ প্ৰগতিৰ বাটত দ্ৰুত গতিৰে আগুৱাবলৈ ধৰিলে।

এই অসুৰ বংশৰে শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্ম্মনৰ দিনৰ অসমীয়া কৃষ্টিৰ চূড়ান্ত আভাস পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্ম্মনে মগধৰ ৰজা হৰ্ষবৰ্দ্ধনৰ লগত বন্ধুত্ব পাতিবৰ কাৰণে তেওঁৰ পৰম বিশ্বাসী হংসবেগ নামৰ দূত এজনৰ লগত আভোগ ছত্ৰ হীৰা-মুকুতা পতোৱা বহুমূলীয়া অলঙ্কাৰ, ৰজাৰ মুকুটৰ ওপৰত পতাবৰ উপযুক্ত উজ্জ্বল মণি, ডিঙিত পিন্ধা কেইডালমান মহামূল্য হাৰ, নানা তৰহৰ ৰং বুলোৱা চিত্ৰিত বেতৰ জপাৰ ভিতৰত নিয়া ধুনীয়া ধুনীয়া বগা ৰেচমী কাপোৰ, ঝিনুক শঙ্খ আৰু ‘মচ’ নামৰ মণিৰ পানপাত্ৰ, কৃষ্ণসাৰ পহুৰ ছালৰ সোণ খটোৱা সঁজুলি, ভূৰ্জ্জপত্ৰৰ দৰে মিহি আৰু কোমল কৌষেয় বস্ত্ৰ (এডি, মুগা, পাট), কোমল আৰু চিত্ৰ-বিচিত্ৰ কাপোৰেৰে সজা হৰিণ পহুৰ আকৃতিৰ গাৰু, আন আন শোৱা সঁজুলি, নীল পীত বৰণৰ সুন্দৰ ধুনীয়া কাপোৰৰ পৰা বেতেৰে সজা বহা আসন, সদুপদেশপূৰ্ণ সাঁচিপতীয়া পুথি, তামোল গছৰ পাতেৰে সজা টোমৰ ভিতৰত নিয়া বগা-ৰঙচুৱা-সেউজীয়া বৰণৰ ফল, এবিধ গছৰ পাতেৰে আৰু বাঁহেৰে সজা পাত্ৰৰ ভিতৰত নিয়া অতি সুগন্ধি আৰু সোৱাদেৰে আমৰ ৰস, অগৰু তেল, পাট কাপোৰৰ মোনাত সুমুৱাই নিয়া ক’লা অগৰু, হৰি চন্দন, বৰষুণৰ শিলৰ দৰে বগা কৰ্পূৰ, মৃগনাভি কস্তুৰী, নানা বিধ ফল, ককোল গছৰ পাত, লং গছৰ ফুলকুমলীয়া পাত আৰু জাইফল থোপা, জুলীয়া গুড়ৰ কলহ, বগা আৰু ক’লা চোৱৰ, ছবি আঁকিবলৈ তুলি, নানা ৰঙৰ মহীৰে ভৰা মহীচুঙা, কেতবোৰ অঁকা ছবি, পৰিষ্কাৰ অঙ্কনযোগ্য পট, গলত শিকলি লগোৱা কিন্নৰ জাতীয় মানুহ এযোৰ, এযোৰ বনমানুহ, দুটা জলমানুহ, পোৱালী মণিৰ পিজৰাৰ ভিতৰত সুমুৱাই নিয়া এহাল চাকৈচকোৱা, কস্তুৰী মৃগ, সোণৰ পানী চিত্ৰত ‘বেতৰ পিজৰা’ৰ ভিতৰত নিয়া মাত লোৱা ভাটৌ, মইনা আদি চৰাই, গজমুকুতা খটোৱা হাতীদাঁতৰ কণ্ডল ইত্যাদি যিবিলাক উপঢৌকন পঠিয়াইছিল, সেই উপঢৌকনবিলাকে নিশ্চয় তেতিয়াৰ অসমীয়া কৃষ্টি আৰু সভ্যতাৰ যথেষ্ট চিনাকি দিছিল। আজিও ‘হৰ্ষ-চৰিত’ পঢ়িলে প্ৰকৃত অসমীয়াৰ বুকু ফুলি উঠে। এই ভাস্কৰ বৰ্ম্মনৰ দিনতে প্ৰথম সংস্কৃত ভাষাত অসমীয়া ঠাচৰ আখৰেৰে লিখা তমৰ ফলি আৰু নালন্দা বিশ্ববিদ্যালয়ত নিজ নাম মৰা শিল-মোহৰ পোৱা যায় আৰু সেইবিলাক পঢ়ি ভাস্কৰ বৰ্ম্মনৰ আদি পুৰুষৰ সমসাময়িক ইতিবৃত্ত জানি অসমীয়াই আনন্দ উপলব্ধি কৰিব পাৰে। তদুপৰি য়ুৱান চাং-এ অসমলৈ আহি তেতিয়াৰ কামৰূপৰ (চীনা ভাষাত ‘কা মো লু পো’) বিষয়ে এটা বিৱৰণ প্ৰকাশ কৰিছিল। চীনা পৰিব্ৰাজক য়ুৱান চাঙৰ বিৱৰণী পঢ়ি আৰু ‘হৰ্ষ-চৰিত’ত অসমীয়া ৰাজদূত হংসবেগৰ উপঢৌকনৰ বিষয়ে জানিব পাৰি এয়ে মনত হয় যে তেতিয়াৰ অসমত বেছি অংশতে উলঙ্গ, বৰ্ব্বৰ আদিম সভ্যতা থকা সত্বেও এনে এটা উন্নত সভ্যতা বিৰাজ কৰিছিল, যি সভ্যতা ভাৰতৰ সেই কালৰ কৃষ্টি-সভ্যতাতকৈ কোনো গুণে হীন নাছিল। এয়া হ’ল অসমৰ প্ৰায় সপ্তম শতিকাৰ কৃষ্টি আৰু সভ্যতাৰ আভাস।

তদুপৰি হাটুপেশ্বৰ বা হাটকেশ্বৰ হৰ্জ্জৰ বৰ্ম্মনৰ, বনমালদেৱৰ, বল বৰ্ম্মনৰ, ইন্দ্ৰপালৰ, বৈদ্যদেৱৰ তামৰ ফলি আৰু শিলৰ ফলিয়ে তেতিয়াৰ সভ্যতা, নৃত্য, গীত আদি কৃষ্টিৰ পৰিচয় দিয়ে। সিবিলাকৰ বৰ্ণনা পঢ়িলে তেতিয়াৰ সৌন্দৰ্য্য-পিপাসা আৰু ৰসাল সাহিত্যৰ চমু পৰিচয়ৰ আভাস পোৱা যায়। আহোম, চুটিয়া, কছাৰী, কোচ আদি ৰজাৰ ফলিও তথৈবচ। কানাই বৰশী বোৱা শিলাৰ লেখাও তেনে। নেপালৰ লিচ্ছবি বংশৰ ৰজাইও কামৰূপ জীয়ৰী ৰাজমতীক বিবাহ কৰিছিল, সেই সুদূৰ সম্পৰ্কও যে সভ্যতাৰ চিনাকি আৰু ৰাজমতী কুঁৱৰীৰ লগত নেপালত যে তেতিয়াৰ অসমীয়া কৃষ্টিৰ ছাব নপৰিছিল তাক নুই কৰিব নোৱাৰি। কামৰূপ জীয়ৰী অমৃতপ্ৰভাই কাশ্মীৰাধিপতি মেঘবাহনৰ স্বয়ংকৃতা ৰাজমহিষী হৈ কামৰূপৰ পৰা তেওঁৰ পিতাৰ গুৰু তিব্বতীয় বৌদ্ধ পণ্ডিত স্তুন পা’ক লগত নি কেনেকৈ সেই অঞ্চলত বৌদ্ধ ধৰ্মৰ গুৰিয়াল হৈছিল, তাৰ চিনাকি ‘ৰাজতৰঙ্গিনী’ পঢ়োঁতে আৰু কাশ্মীৰ বুৰঞ্জীত কামৰূপ জীয়ৰীৰ নামানুসাৰে ‘অমৃত বাহন’ নামে বৌদ্ধ ভিক্ষুসকলৰ মঠাশ্ৰয়ৰ আৰু স্তুন পা’ৰ নামানুসাৰে ‘লোস্তুনপা’ নামৰ স্তুপৰ উল্লেখ দেখোঁতে আজিৰ অসমীয়াই তেতিয়াৰ অসমীয়া কৃষ্টি আৰু সভ্যতাৰ চৰম উন্নতিৰ আভাস পাই আনন্দত আৰু উলাহত উফৰি নুঠেনে? এই প্ৰাচীন কামৰূপৰে কৈৱৰ্ত্ত সম্প্ৰদায়ৰ সিদ্ধ দীননাথে অৱলোকিতেশ্বৰ অৱতাৰ ৰূপে কেনেকৈ তিব্বতত পূজা পাইছিল, মৎসেন্দ্ৰনাথৰ শিষ্য গোৰক্ষনাথে কেনেকৈ কদলী ৰাজ্যলৈ আহি ঢোল বজাই অসমীয়া ৰাজকুঁৱৰীৰ মায়াজালত বন্দী হৈ  থকা গুৰুৰ ওচৰত মাতৃদেৱী ময়নামতীৰ উপদেশ মতে দীক্ষা লৈছিল, কেনেকৈ শঙ্কৰাচাৰ্য্যই কামাখ্যালৈ আহি সেই সময়ৰ বৌদ্ধ তন্ত্ৰত সুপণ্ডিত অভিনৱ গুপ্তক হৰুৱাই তেওঁৰে সাহায্য লৈ ভাৰতৰ পৰা বৌদ্ধ ধৰ্ম্ম দূৰীভূত কৰি পুনৰ সনাতন ধৰ্ম্ম স্থাপন কৰিছিল, এইবিলাক বৌদ্ধযুগীয় কাহিনীত অসমীয়া কৃষ্টি-সভ্যতা পঢ়ি জানিলে আজিৰ অসমীয়াই গৌৰৱ অনুভৱ নকৰেনে? বিশাখাদত্তৰ পুথি ‘মুদ্ৰাৰাক্ষস’ আজিও জগদ্বিখ্যাত।« (ক্ৰমশঃ)

(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)

।। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত 'অসমীয়া কৃষ্টিৰ চমু আভাস' নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত 'নীলা চৰাই'ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor@nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। —সম্পাদক, নীলা চৰাই ।।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

2 Comments on "অসমীয়া কৃষ্টিৰ চমু আভাস (৩)"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
trackback

[…] পূৰ্বৰ খণ্ড: ইয়াত […]

trackback

[…] পূৰ্বৰ খণ্ড: ইয়াত […]

wpDiscuz