|

অতনু ভূঞাই নিজৰ স্বাৰ্থৰ বিৰুদ্ধে যোৱা অকথ্য লিখা নাই

প্ৰকাশ: ১৮ অক্টোবৰ, ২০১২ | অন্তিম সম্পাদনা: ১৯ নৱেম্বৰ, ২০১৬

অতনু ভূঞাৰ ‘সাংবাদিকতাৰ অকথ্য’ পঢ়িলো। বহুদিনৰ আগতে ভূঞাৰ গল্প দুই-এটা অ’ত-ত’ত পঢ়া মনত আছে। মনত আছে ভূঞাই লিখা একাংক নাটকৰ কথা। তাৰ পিছত তেখেতৰ সাংবাদিকতাৰ কালছোৱাত বিশেষ একো কৃতিত্ব নেদেখিলো যদিও ‘নিউজ লাইভ’ত তেখেতৰ অতিচাৰে সচেতন ৰাইজৰ চকু কপালত তুলিছিল। গতিকে গল্প আৰু নাটক লিখা অতনু ভূঞাইনো সাংবাদিকতাৰ কি অকথ্য লিখিলে তাকে চাবলৈ কিতাপখন আদ্যোপান্ত পঢ়িলো। পঢ়ি অনুভৱ হ’ল যে লিখাবোৰ অপাঠ্যহে হৈছে। ছাত্ৰ অৱস্থাৰ পৰাই সাংবাদিকতাত জড়িত হৈ পিছলৈ টিভি চেনেলৰ এডিটৰ-ইন্-চীফ পদ গৰকা এগৰাকী ব্যক্তিৰ লেখা এনে ধৰণৰ অপাঠ্য হ’ব বুলি ভবা নাছিলো।

যদিও কিতাপখনৰ নাম ‘সাংবাদিকতাৰ অকথ্য’,— ভূঞাৰ কৰ্মকাণ্ডত ‘সাংবাদিকতা’ৰ চৰিত্ৰ নায়েই। কিতাপখনৰ সমগ্ৰ লেখাৰ মাজেৰে প্ৰকাশ পাইছে যে যদি ভূঞাই কৰা কামক সাংবাদিকতা বুলি কোৱা হয়, তেন্তে সাংবাদিকতা মানে কোনো বিশেষ ৰাজনৈতিক দলৰ ভৃত্যস্বৰূপে কাম কৰা, সুবিধা পালেই সহকৰ্মীক লেং মৰা, ব্যৱসায়ী আৰু ৰাজনৈতিক দালালৰ এৰেহা চোবোৱা ইত্যাদি।

কিতাপখনৰ আদিতে ‘এইখন আত্মজীৱনী বুলি ক’লে ভুল কোৱা হ’ব’ বুলি লিখি বেটুপাতৰ পিছফালে গ্ৰন্থখন আত্মজীৱনীমূলক বুলিছে, ইংৰাজীত দিয়া ভূমিকালিপিতো কিতাপখনক ‘An Autobiography’ বুলি কোৱা হৈছে। কিতাপখনৰ পাতে পাতে মিথ্যাচাৰ আৰু শঠতাৰ কেনে প্ৰকাশ হৈছে, তাক অলপমান ফঁহিয়াই চাইছোঁ।

ভূঞাই পঢ়ি থাকোঁতেই ‘পূৰ্বাঞ্চল প্ৰহৰী’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ হৈছিল। এই হিন্দী ভাষাৰ কাকতখনলৈ হিন্দী নজনা ভূঞাক মাতি অনাৰ কাৰণ আছিল— ভূঞাই ‘গৰম খবৰ’ দিয়ে (পৃষ্ঠা-১১) গৰম খবৰ!

সুবিধা পালেই সুৰাৰ ৰাগীত মতলীয়া হোৱা, অশ্লীল কৌতুক কোৱা, সেই অশ্লীল কৌতুকবোৰকে শিশু সাহিত্যলৈ ৰূপান্তৰ কৰা, মাদ্ৰাজত কাপোৰ-কানিৰ বাকচ হেৰুৱাই ফাইভ ষ্টাৰ হোটেলত মন্ত্ৰী ৰচিদুল হকৰ সৈতে অন্তৰ্বাস পিন্ধি মদ খোৱা ইত্যাদি কথাবোৰ অন্তৰংগ বন্ধু-বান্ধৱৰ সৈতে হোৱা আড্ডাৰ কথোপকথনহে হোৱা উচিত। ISBN নম্বৰধাৰী কিতাপৰ ছপা অংশ হোৱা উচিত নহয়। অৱশ্যে ৰুচিবোধত অসুস্থতা থাকিলে এইবোৰকে নিলিখি আৰু কি লিখিব?

ভূঞাই সাংবাদিকতা কৰা কাকতৰো স্বত্বাধিকাৰী ৰাজকোষ লুণ্ঠনকাৰী। জেলৰ ভাত খোৱা, চি বি আইৰ চৰ খোৱা ৰাজেন বৰাৰ ‘আজিৰ বাতৰি’ৰ কৰ্মচাৰী আছিল অতনু ভূঞা। গতিকে ভূঞাৰ ভাল সংগত বাস নহ’লেই। তেখেতৰ সংগী— হয় দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী, ভ্ৰষ্ট ছাল্‌ফা অথবা নীতিবোধ নোহোৱা ব্যৱসায়ী। তেখেতৰ লেখাই এই ছবিয়েই আঁকিছে।

ভূঞাই এটা কাম বৰ কৌশলেৰে কৰিছে। ‘সাংবাদিকতাৰ অকথ্য’ নাম দি তেওঁ ৰাজেন বৰা আৰু দ্বীগেন বৰাৰ অকথ্যহে ভালকৈ চৰ্চা কৰিলে। ভূঞাৰ নীতিবোধো অদ্ভুত। কিতাপখনৰ ৪১ পৃষ্ঠাত লিখিছে যে বিধান সভাৰ অধ্যক্ষৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগ আহোঁতে অধ্যক্ষই সংবাদমেল পাতি সাংবাদিকক নোটৰ বাণ্ডিল বিলোৱাত ভূঞাৰ ভীষণ খং উঠিছিল;— সেইজন ভূঞাই ছাল্‌ফাই চলোৱা ‘খবৰ’ত কাম কৰোঁতে কয়লা চিণ্ডিকেট আৰু চেকগেটৰ ধনৰ ভাগো গ্ৰহণ কৰিছিল।

ভূঞাই দুটা কাৰণত হেনো ‘খবৰ’ত যোগ দিছিল। প্ৰথম— ছাল্‌ফাৰ অফুৰন্ত পইছা আছে আৰু দ্বিতীয়তে তেওঁলোক অসমীয়া ল’ৰা। ভূঞাই অসমীয়া ল’ৰাকেইটাৰ পৰা দিনে পাঁচশকৈ টকাৰ মদকে খাইছিল বুলিছে।

আৰু পঢ়ক:  জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা

পোনপতীয়াকৈয়ে হওক বা আওপকীয়াকৈয়ে হওক, সাংবাদিকতাৰ ভাৱত থকা দিনকেইটাত ভূঞা ডাঙৰীয়াই কংগ্ৰেছ দলৰ অনুগত হিচাপেই কাম কৰা বুলিয়েই কিতাপখনত প্ৰকাশ পাইছে। যিবা হিতেশ্বৰ শইকীয়াক অলপ বেয়া পাইছিল, দেউতাকৰ চিকিৎসাৰ বাবে শইকীয়াৰ পৰা ২৫ হাজাৰ টকা পোৱাত সেইখিনিও নাইকিয়া হ’ল। তদুপৰি ভূঞাই কাম কাম কৰা ‘আজিৰ বাতৰি’ৰ সংকট কালত হিতেশ্বৰ শইকীয়াই ৫ লাখ টকা দি সহায় কৰিছে— এইবোৰ কথাৰ প্ৰকাশে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো যে কিছুসংখ্যক গণতন্ত্ৰ হত্যাকাৰীৰ হাতোৰাতহে বন্দী, সেই কথা ভূঞাই ‘অকথ্য’ বুলিলেও পেচাগত গোপনীয়তাৰ বাবেহে অকথ্য— ৰাইজক এইবোৰ ভণ্ডামিৰ বিষয়ে কোৱাটো জৰুৰীহে। গতিকে কিতাপখন বহুলাংশে অপাঠ্য যদিও ৰাইজে বৰ আপোন বুলি ভাবি থকা বাতৰি কাকতবোৰ যে ভূঞাহঁতৰ দৰে কিছুমান স্বাৰ্থান্বেষীৰ পৰিচালনাত আৰু ৰাজনৈতিক নেতা-ব্যৱসায়ীৰ অশুভ পৃষ্ঠপোষকতাৰে চলি থাকে সেই কথাৰ উমান কিতাপখনৰ পৰা পঢ়ুৱৈয়ে পাব। অৱশ্যে প্ৰফুল্ল মহন্ত, ৰাজেন বৰাৰ কথা কাহানিবাই বাতৰি কাকতত ওলাই গৈছে— সেয়া ভূঞাৰ নিজা উদ্ঘাটন নহয়।

ভূঞাই কিছুমান অদ্ভুত কথা লিখিছে। ১৭৪ পৃষ্ঠাত আত্মসন্মানবোধ থকা বাবেই ভূঞাই ‘খবৰ’ৰ চাকৰি এৰিলে বুলিছে। চিণ্ডিকেটৰাজৰ আন্ধাৰ জগতে চলোৱা কাকতত কাম কৰি দুই নম্বৰী ধনেৰে উদৰ পুৰাই থকা ভূঞাৰো আত্মসন্মানবোধ আছে! কিতাপৰ শেষৰ ফালে ভূঞাই আক্ষেপ প্ৰকাশ কৰিছে— অখিল গগৈৰ বিৰুদ্ধে ‘নিউজ লাইভ’ৰ বাহিৰে আন কোনো মেডিয়াই প্ৰকাশ নকৰিছিল। ভূঞাই অতদিনে সাংবাদিকতা কৰি এইটোও বুজা নাছিল যে অখিলক সুৰক্ষিত ৰাখিবলৈ প্ৰিণ্ট আৰু ইলেকট্ৰনিক মেডিয়াই চেষ্টা কৰিছিল এইবাবেই যে অখিল ৰাইজৰ সমস্যা লৈ ব্যস্ত আছিল। কেৱল ‘নিউজ লাইভ’-এহে অখিলৰ চৰিত্ৰত দাগ লগাবলৈ অহৰ্নিশে চেষ্টা কৰি একাশৰীয়া হৈ পৰিছিল। ৰাজভক্তিত গদ্‌ গদ্‌ হৈ থকা বাবেই হয়তো ভূঞাৰ এই অন্ধতা।

২২৩ পৃষ্ঠাত ভূঞাই লিখিছে— তেওঁ হেনো তিনিজন মুখ্যমন্ত্ৰীৰ ৰোষৰ বলি। পিছে ভূঞাই এটা হিচাপ পাহৰিছে,— তেওঁ ৰোষৰহে বলি, তাকো সেইসকল মন্ত্ৰীৰ ৰাজনৈতিক দৰ কচাকচিত ভূঞাই তাল ৰাখিব নোৱৰা বাবেহে। ভূঞা এতিয়াও বাহাল-তবিয়ত; আপোচহীন সাংবাদিকতাৰ বাবে পৰাগ কুমাৰ দাস, অনিল মজুমহাৰহঁতেতো জীৱনেই এৰিব লগা হ’ল।

এটা দৰকাৰী অকথ্য ভূঞাই নিলিখিলে— চিলভিয়াচ কন্দপানক ৰাজ্যসভালৈ নিবলৈ যে বেচাযোৱা চাৰিজন বিধায়কক মন্ত্ৰী হিমন্তবিশ্বই গাড়ীৰে কঢ়িয়াই নিছিল, তাৰে ভিডিঅ’ ফুটেজৰ বিষয়ে একো নক’লে ভূঞাই। বোধকৰোঁ ‘নিউজ লাইভ’ত পুনৰ সোমোৱাৰ বাট মুকলি ৰাখিবলৈকে।

‘আঁক-বাক’ৰ হৈ গণেশ চন্দ্ৰ নাথৰ দ্বাৰা প্ৰকাশিত, সুদৃশ্য ছপা-বন্ধাৰে ২২৪ পৃষ্ঠাৰ ‘সাংবাদিকতাৰ অকথ্য’ৰ বিক্ৰীমূল্য এশ আশী টকা।«

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

১০ responses to “অতনু ভূঞাই নিজৰ স্বাৰ্থৰ বিৰুদ্ধে যোৱা অকথ্য লিখা নাই”

  1. দেৱব্ৰত গগৈ Avatar
    দেৱব্ৰত গগৈ

    সময় বচোৱাৰ বাবে ধন্যবাদ । দালালে কেতিয়াও কিতাপ লিখিব নোৱাৰে ।

    1. উচ্চজিৎ কলিতা Avatar
      উচ্চজিৎ কলিতা

      কিতাপখন বিয়াত উপহাৰ হিচাপে পাইছিলোঁ । পঢ়িলোঁ, পঢ়ি ভাবিছোঁ, অতনু ভূঞাই লিখাৰ সময়তো খুব বেছি সুৰাপান কৰি লিখিছে । কৌতুকৰ ভাল কিতাপ এখন উপহাৰ দিছে ।

    2. Hemanta Hazarika Avatar
      Hemanta Hazarika

      গগৈ ডাঙৰীয়াই কোৱা বা ভৱাৰ দৰে পুঠিখন ইমান নিঞৰ্থকো নহয়, পুথিখনত কিছু স্বাকাৰোক্তিমূলক কথাও আছে , যি বোৰে নেকি পুঠিখনক পিতাপৰ পৰ্য্যদা দিবলৈ সক্ষম হৈছে , পঢ়িব ছোন এবাৰ গগৈ ডাঙৰীয়া ধন্যবাদ

  2. Girin Bordoloi Avatar
    Girin Bordoloi

    dhanyabaad Bhupen Sharma Dangaria . Enekua 1ta xukhpathya parhiboloi diar babe…..

  3. হাছিনুৰ আলম Avatar
    হাছিনুৰ আলম

    অতনু ভূঞাৰ “সাংবাদিকতাৰ অকথ্য” কিতাপখন মই পঢ়া নাই যদিও পঢ়াৰ ইচ্ছা আছিল, কিন্তু ইমানখিনি জনাৰ পিছত কিতাপখন পঢ়াৰ নূন্যতম আগ্রহ খিনিও নোহোৱা হল৷৷

  4. PABITRA KR RAY Avatar
    PABITRA KR RAY

    DHANNYABAD SARMADEB.

  5. Diptarka Gohain Tezpur university Avatar
    Diptarka Gohain Tezpur university

    the writing ability and tendency of Mr. Bhuyan is utterly not an un-expected one…assamese media is mostly governed by “little learned” bunch of cheap ans unsocial comodities

  6. নৱদ্বীপ ভূঞা Avatar
    নৱদ্বীপ ভূঞা

    eikhni kitap khon’r prothom bhag.. iyat likha ase je opriyo holeu kisuman ktha likha hoise. so moi bhabu 25 bosoria xangbadik kal’t opriyo ktha khini’he iyat likha hoi. ene hoi soi kori labh nai

    অকথ্য৷ অকথ্য মানে যি কথা কোৱা উচিত নহয়৷ শুদ্ধ তথা সঠিক কথা হ’লেও বহুতে অকথ্য ক’বলৈ বেয়া পায়৷ মই অকথ্য প্ৰায়ে কওঁ৷‘নিউজ লাইভ’ত‘অকথ্য’অনুষ্ঠান পৰিৱেশন কৰি বহুবাৰ বিপদত পৰিছোঁ৷ মোৰসাংবাদিক জীৱনে25বছৰত ভৰি দিলে৷ এই25বছৰত বিভিন্ন ঘটনাৰ মুখামুখি হৈছোঁ মই৷ ইয়াৰে কিছুমানঅপ্ৰিয়৷ এনে কিছুমান‘অকথ্য’ক লৈয়ে মোৰ এই কিতাপ লিখাৰ প্ৰয়াস৷ কথাবোৰ সম্পূর্ণ সঁচা৷ ইয়াৰ জৰিয়তে কাকো মই হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা নাই৷ যি দেখিছিলোঁ বা যাৰ সৈতে যেনেকৈ মুখামুখি হৈছিলোঁ তাৰে কিছু অংশ লিখিছোঁ এইখন কিতাপত৷ এইখন আত্মজীৱনী বুলি ক’লে ভুল কোৱা হ’ব৷ আত্মজীৱনী লিখিবলৈ মই যোগ্য ব্যক্তিও নহওঁ৷ আশাকৰোঁ এই কিতাপখনে পাঠকক সমসাময়িক পৰিৱেশৰ কাষলৈ লৈ যাব পাৰিব৷অতনু ভূঞা

  7. Hemanta Hazarika Avatar
    Hemanta Hazarika

    জীৱনৰ কিছুমান মূহুৰ্তই মানুহক বৰ সাংঘাটিক ভাৱে সত্যৰ ওচৰলৈ লৈ যায় , আৰু সেয়াই হ’ল আত্ম উপলব্ধি, মই ভাৱো ” সাংবাদিকতাৰ অকথ্য” ত আমাৰ মৰমৰ লেখক অতনু ভূঞা দেৱেও তাকেই বুজাব বিচাৰিছে , এইখন কোনো আত্মপুঠি বুলি ভাৱিলে নিশ্চয়কৈ ভূল হ’ব , এখন সাংবাদিক পুঠি হিচাপেই বিবেচনা কৰি শ্ৰদ্ধাৰ পাঠক সমাজে আদৰি লওঁক , নিশ্চয় ভাল পাব

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts