অস্তিত্ব

দেৱালৰ ঘড়ীটোৱে সন্ধিয়াৰ ছয় বজাৰ ইংগিত দিয়াত ভিন ভাবত বিভোৰ হৈ থকা বৰুৱানীয়ে গোসাঁইঘৰত কৰযোৰে গাই উঠিল—
“নাজানোহো আৱাহন, নাজানোহো বিসৰ্জন
পূজা-মন্ত্র নাজানো কিঞ্চিত…।”

কোনোমতে গোসাঁইঘৰৰ কামভাগ সামৰি মানুহগৰাকীয়ে ভিতৰলৈ লৰ দিলে। আজি তেওঁলোকৰ একমাত্র পুত্র সমীৰণ কলেজৰ পৰা ক’ৰবালৈ যোৱাৰ কথা; গতিকে খোৱা–বোৱাৰ যোগাৰ ধৰিব নোৱাৰিলে সি সময় মতে ওলাই যাব নোৱাৰিব।

সমীৰণে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ চহৰৰ এখন আগশাৰীৰ বেচৰকাৰী কলেজত নাম ভৰ্তি কৰিছে কেৱল ময়ূৰ বৰুৱাৰ প্র্রতিপত্তি আৰু যশস্যাৰ বলত। সোণৰ চামুচ মুখত লৈ ওপজা সমীৰণৰ বাবে এয়া সাধাৰণ কথা। সৰুৰে পৰা যি বস্তুতে চকু দিছে, পিতৃ ময়ূৰে সেয়া তাৰ হাতৰ মুঠিত তুলি দিছে।

“কি ভাবি আছা মা? চাহ একাপ দিওঁতেই ইমান দেৰি নে?” পুত্রৰ কাণতাল মৰা চিঞৰটোৱে বৰুৱানীক বাস্তৱ জগতলৈ উভতাই আনিলে। এন্দ্ৰয়দ ম’বাইল টিপি টিপি চাহলৈ হাত মেলি ৰৈ থকা সমীৰণে চাহৰ কাপটো হাতত তুলি লৈ মাক যোৱাৰ ফালে বেঁকাকৈ চাই ৰ’ল।

প্রতিপত্তিশালী অভিযন্তা ময়ূৰ বৰুৱাই পুত্রক বিশাল সপোনপুৰীৰ মিঠা সপোনৰ মাজত ডাঙৰ কৰাত বৰুৱানী মুঠেই সন্তুষ্ট নহয়। তেখেতৰ বোধেৰে পুত্রক বাস্তৱৰ লগত সন্মুখীন কৰোৱাটোহে প্রত্যেক পিতৃ-মাতৃৰে একান্ত কৰ্তব্য। কিন্তু ময়ূৰ বৰুৱা পত্নীৰ এনেবোৰ কথালৈ গুৰুত্ব দিয়া মানুহ মুঠেই নহয়। তেখেতৰ ভাষ্যত, বিৰাট সা-সম্পত্তিৰ উত্তৰাধিকাৰী তেওঁৰ পুত্রই বিনা কাৰণত মধ্যবিত্তৰ সন্তানৰ লগত প্রতিযোগিতাত নমাৰ কোনো যুক্তি নাই। পিতাকৰ আদৰ্শেৰে অনুপ্রাণিত সমীৰণতো নিজকে ৰাজকুমাৰ বুলিয়েই ভাবে। কলেজত দামী গাড়ীখনৰ পৰা নামোতে যেন সকলোৱে তাকেই ৰ লাগি চাই থাকে। তেনেকুৱা ক্ষণবোৰত তাৰ নিজক লৈ বাৰুকৈয়ে গৰ্ব হয়। বহুতৰে সপোনবোৰ তাৰ কাৰণে যেন দিঠকৰ এটি সামান্য অংশ। কথাবোৰ ভাবিয়ে বৰুৱাৰ তনয় সমীৰণ গংগাটোপটোৰ দৰেই হৈ পৰে। কিয় জানো, কেতিয়াবা তাৰ নিজৰ মাকজনীকো শত্ৰুৰ দৰেহে লাগে। শত্ৰু নহ’লেনো বাৰু দেউতাকে তাৰ জন্মদিনত নতুন বাইকখন উপহাৰ দিওঁতে মাকে ইমান কাজিয়া কৰিব লাগেনে!

চাহৰ কাপটোত শেষ শোহাটো মাৰি সমীৰণে যাবতীয় সামগ্রীসমূহ দিল্লীৰ পৰা অনা তাৰ নতুন বেগটোত ভৰাই ল’লে। কলেজৰ পৰা সিহঁত আজি কলিকতালৈ যোৱাৰ কথা। কথাটো ভাবিয়েই তাৰ কিবা ভাল লাগি গৈছে। যদিও কলিকতালৈ যোৱাটো তাৰ বাবে একো বিশেষ কথা নহয়, তথাপি মাকৰ হকা-বধাৰ পৰা অলপ দিন বিৰতি পোৱাৰ আশাত সমীৰণৰ মন আপ্লুত হৈ পৰিল। মাক-দেউতাকৰ অনেক বাক-যুদ্ধৰ অন্ততহে যে সি এই সুখৰ ভাগী হৈছে, সেয়াও পিছে মিছা নহয়। দেউতাকক লৈ সমীৰণৰ কেতিয়াও কোনো সমস্যা হোৱা নাই। তাৰ ভাষাত ময়ূৰ বৰুৱা এজন ‘কুল মেন’। সমস্যা হয় তাৰ এই আওপুৰণি স্বভাৱৰ মাকজনীক লৈহে। তেওঁ যে কোনোপধ্যেই এই টেকনলজীৰ লগত খোজ মিলাই চলা এই ময়ূৰ বৰুৱাৰ যোগ্য নহয় সেয়া সি পদে পদে অনুভৱ কৰে। দুই-এদিন সি এই কথা মাকৰ আগত খোলাকৈ ব্যক্তও কৰিছে। তথাপিও এই মানুহজনীয়ে তাৰ কাম-কাজত হকা-বধা কৰিবলৈ নেৰে।

কথাবোৰ ভাবি-গুণি থাকোঁতেই সমীৰণহঁতৰ গাড়ীখন গৈ ৰে’ল ষ্টেচন পালে। ইতিমধ্যে ল’ৰা-ছোৱালীবোৰৰ মাজত বিভিন্ন বিষয়ক লৈ হৈ-হাল্লা আৰম্ভ হৈছিলেই। এনেতে সৰু ল’ৰা এজনে এফালৰ পৰা ঠাই সাৰি সাৰি সিহঁতৰ কাষ চাপিলহি । তাকে দেখি সমীৰণৰ বন্ধু উৎপল চিঞৰি উঠিল— “ঐ পোৱালী, কি লাগে তোক?” কুটকুৰা চুলিৰ মুগা বৰণীয়া চকুহালৰ সৈতে দেখাত প্রায় ৭-৮ বছৰীয়া যেন লগা সৰু ল’ৰাটোৱে কওঁ-নকওঁকৈ কৈ উঠিল— “দাদা, ৫ টকা এটা দিয়ক।” বহি থকা, থিয় হৈ থকা সকলোৱে হাঁহি-খিকিন্দালি কৰি ইটোৱে-সিটোক আকাৰে-ইংগিতে কিবা-কিবি বুজাবলৈ ধৰিলে। তাৰ মাজতে সমীৰণে কৈ উঠিল— “৫ টকা কি, ১০ টকা পাবি। কিন্তু আমাক গান এটাত নাচি দেখুৱাব লাগিব।” কথা শুনি সকলোৱে চিঞৰি উঠিল— “ঠিক কৈছ সমীৰণ। ই আমাক নাচি দেখুৱাব লাগিব।” সিহঁতৰ চিঞৰ-বাখৰে তাৰ কণমানি কলিজাখন কঁপাই তুলিলে। তথাপিও ভয়ত বিতত নহৈ কৈ উঠিল— “দাদা, মই নাচিব নাজানো। কিন্তু কবিতা হ’লে গাব জানো।” তাৰ কথা শুনি সমীৰণেও কৈ উঠিল— “ঠিক আছে, কবিতাকে গা। চাওঁচোন কিনো গাৱ।” কণমাণিটোৱে ঝাৰুটো হাতৰ মুঠিৰ পৰা এৰি গাব ধৰিলে—
“জনী জনী, ইয়েছ পাপা
ইটিং চুগাৰ, ন’ পাপা
অপেন ইয়ৰ মাউথ
হা হা হা।”

কবিতা শেষ হোৱালৈ অবাক দৃষ্টিৰে সকলোৱে সৰু ল’ৰাটোলৈ চাই ৰ’ল। ৰ’ব নোৱাৰি এজনে তাৰ মাজতে সুধিয়েই পেলালে— “তইনো ইংৰাজী কবিতা ক’ত শিকিলি?” সন্তুষ্টি বিৰিঙি উঠা চকুহালেৰে ইফালে-সিফালে চাই সি কৈ উঠিল— “মই যেতিয়া স্কুললৈ গৈছিলো, তেতিয়াই শিকা। জানে, মোক ঘৰত খুব মৰম কৰিছিল। মই আছিলো সকলোৰে আলাসৰ লাড়ু। মোক জন্মদিনত কিমান যে ডাঙৰ ডাঙৰ উপহাৰ দিছিলে! মা-দেউতাহঁত ভগৱানৰ ওচৰলৈ যোৱাৰ পাছত কিয় জানো গোটেইবোৰ সলনি হৈ গ’ল। এদিন খুৰাহঁতে মোক তেওঁলোকৰ লগত থাকিবলৈ লৈ আনিছিল, কিন্তু…।” কণমানিটো ফেঁকুৰি উঠিল। “তাৰ পাছত কি হ’ল?” সমীৰণে সুধিলে। চকুদুটা মোহাৰি মোহাৰি কণমানিটোৱে কৈ উঠিল— “খুৰাই ৰে’লত মোৰ চিট বিচাৰিবলৈ গৈ জানো ক’ত হেৰাই থাকিল! গোটেই ৰাতিটো মই খুড়াৰ কাৰণে ৰৈ থাকিলো, কিন্তু তেওঁ উভতি নাহিল।”

কথাবোৰ শুণি সমীৰণৰ মূৰটো যেন আচন্দ্ৰাই কৰি উঠিল। তাৰ মনলৈ বাৰে বাৰে মাকৰ ছবিখন ভাহি আহিল। মাকে প্রায়ে তাক বুজায়— “বাবা, টকা-পইচায়ে সকলো নহয়, মৰম-চেনেহ সকলোতকৈ ওপৰত। সা-সম্পত্তিৰ জিলিকনি দুদিনীয়া। কিন্তু প্রকৃত বন্ধুত্ব, মৰম-চেনেহ কেতিয়াও ম্লান নপৰে।” সমীৰণে ভাবিলে, দেউতাকৰ অবিহনে তাৰ জানো কিবা অস্তিত্ব আছে? তাক জানো কোনোবাই কেৱল ‘সি’ বুলি ভাল পায়? আনহে নালাগে, বন্ধু-বান্ধৱ সকলোৱে তাক সমীহ কৰি চলাৰ মূল কাৰণ হৈছে সি বিখ্যাত অভিযন্তা ময়ূৰ বৰুৱাৰ একমাত্র সন্তান। বৰুৱাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ বাদে সিচোন আজিলৈকে নিজৰ বুলি একো আৰ্জিবই পৰা নাই। দেউতাকৰ অবিহনে সি জানো এতিয়াৰ দৰে প্রাধান্য পাব? সিয়োতো আজিলৈকে টকা-পইচাক বাদ দি আন একোকে প্রাধান্য দিয়া নাই। তেনে স্থলত সিনো কিমান প্রকৃত বন্ধু আৰ্জিছে, সেয়াও সন্দেহৰ বিষয়। কথাবোৰ ভাবি সমীৰণৰ মনটোৱে হাহাকাৰ কৰি উঠিল। অস্ত যোৱা সূৰুযে যেন চৌদিশৰ লগতে তাৰ মনটোলৈয়ো অন্ধকাৰ নমাই আনিলে। নিজৰ অস্তিত্বৰ সন্ধান নাপাই জোৰেৰে মুদি দিয়া দুচকু লোতকেৰে সেমেকি উঠিল।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

কংকণা গোস্বামী

উত্তৰ-পূব বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আৰ আৰ এল), যোৰহাট

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz