অসমৰ অৰ্কিড অর্থনীতি

অসমৰ অৰ্কিড অর্থনীতি
  • 10 Jul, 2018

কো নো এটা অঞ্চলৰ ভৌগোলিক তথা প্রাকৃতিক সম্পদসমূহৰ সৈতে তাৰ আবাসীসকলৰ মানসিক সম্পর্ক বিশ্বজনীন আৰু মানুহৰ সাংস্কৃতিক জীৱনবোধো তাৰ পৰাই উদ্ভূত হয়। বর্তমান প্রযুক্তিনির্ভৰ পৃথিৱীখন ইমানেই প্রকৃতিবিমুখ হৈছে যে প্রাকৃতিক সম্পদসমূহ মানুহে মিউজিয়ামৰ বস্তুৰ দৰে চাবলৈ বাধ্য হৈছে। অৰ্কিডৰ দৰে বনজ সম্পদসমূহো অসমৰ গাঁৱে-ভূঞে পোৱা যায় আৰু এইবোৰৰ সৈতে অসমীয়া মানুহৰ সাংস্কৃতিক সম্পর্ক আছিল। বিহুগীতত কপৌফুলৰ উল্লেখকে আদি কৰি আমাৰ উপৰিপুৰুষসকলে বিভিন্ন ধৰণৰ অৰ্কিডৰ নামকৰণ কৰি জাতীয় জীৱন চহকী কৰি যোৱাৰ উপৰিও ইয়াৰ ঔষধি গুণসমূহো চিনাক্ত কৰি থৈ গ’ল। তাৰ বিপৰীতে, যেতিয়াৰে পৰা আধুনিকতাবাদী জীৱন যাত্ৰা এটা আহি পৰিল, এই সমূহ বিদ্যায়তনিক দিশলৈ গুচি গ’ল। বর্তমান বজাৰ অর্থনীতিৰ যুগত আমি এই সমূহ প্রাকৃতিক সম্পদ সংৰক্ষণ কৰি নিজস্বতা বজাই ৰাখি চিনাকি দিয়াৰ উপৰিও অর্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পাৰোঁ। এই প্রেক্ষাপটত ‘কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যান’খনিয়ে এক বিশেষ অর্থ বহন কৰিছে। উদ্যানখনক এখন ‘ক্ষুদ্র অসম’ বুলি ক’লেও বঢ়াই কোৱা নহ’ব, যিহেতু অসমত পোৱা প্রায় সকলো নিজস্বতাকে ইয়াত প্রদর্শন কৰা হৈছে। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, এই উদ্যানখনি ৰাজহুৱা খণ্ডৰ, কিন্তু চৰকাৰী পৃষ্ঠপোষকতাত স্থাপিত হোৱাৰ বিপৰীতে এটা কৃষক সংগঠনৰ কৰ্মীসকলৰহে এক প্রয়াস। বর্তমান ব্যক্তিগতকৰণকে অর্থনৈতিক সংস্কাৰৰ প্রধান কার্যসূচী বুলি মত পোষণ কৰা শাসকযন্ত্রই সাধাৰণ মানুহৰ মনৰ পৰা ‘সমবায়’ৰ ধাৰণাটো প্রায় আঁতৰাই পেলাইছে, কিন্তু এনে সময়তে অৰ্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যানৰ দৰে আকর্ষণীয় কাম এটাৰে ৰাজহুৱা খণ্ডৰ সমবায়ৰ ধাৰণাটোকে জনপ্রিয় কৰি তোলাৰ মানসিকতা প্রশংসনীয়। তদুপৰি এটা অসমীয়া কৃষক সংগঠনৰ দ্বাৰা অর্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পৰা এক বহুমূলীয়া পদক্ষেপ লোৱাটো সাধাৰণ ৰাইজৰ বাবে নতুন কথা, কিয়নো অসমৰ জাতীয় সংগঠনসমূহক সাধাৰণ ৰাইজে কেৱল চান্দা তোলা সংগঠন হিচাপেহে দেখি আহিছে। অৰ্কিড পার্কখনে সংগঠনটোৰ ৰাজ্যিক অর্থনীতিক লৈ কৰা ভৱিষ্যত পৰিকল্পনাৰো উমান দিয়ে। কাজিৰঙাৰ কহঁৰাৰ দাঁতিকাষৰীয়া দুর্গাপুৰ গাঁওখনৰ সৈতে গদাধৰ সিংহই স্থাপন কৰা কাকথানৰ এক ৰজাদিনীয়া সম্পর্ক আছে। এই দুর্গাপুৰ গাঁৱতে অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্যৰ সমাহাৰেৰে এই প্ৰকল্পটো অৱস্থিত। গাঁওখনৰ প্ৰায়সংখ্যক আবাসীয়েই মৰিয়াহোলাৰ পৰা উঠি অহা। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই ইয়াত বসবাস কৰি থকাৰ উপৰিও পাহাৰৰ সমীপৱৰ্তী কার্বি গাঁওসমূহেও বৈচিত্ৰ্যৰ মাজত ঐক্য আনিছে। গাঁওখনৰ প্রায় ৮৫ জন লোক অৰ্কিড পার্কখনৰ পৰিচালনা সমিতিকে ধৰি বিভিন্ন প্ৰকাৰে পার্কখনৰ লগত জড়িত হৈ আছে। সাংস্কৃতিক কর্মী, টুৰিষ্ট গাইড আৰু ৰেষ্টুৰেণ্টখনৰ কর্মীকে ধৰি প্রায়সংখ্যক কর্মীয়েই দুর্গাপুৰ গাঁৱৰ। উদ্যানৰ সমীপৱৰ্তী হোটেল, থলুৱা সামগ্ৰীৰ দোকানসমূহে দেশী-বিদেশী পর্যটকক যথেষ্ট আকর্ষণ কৰি আহিছে, যাৰ ফলত গাঁৱৰ লোকসকলে অর্থনৈতিক নিৰাপত্তা লাভ কৰিছে।

অৰ্কিড

অৰ্কিড | ছবি: মধুমিতা ফুকন

অৰ্কিড পার্কলৈ সোমাই গৈয়ে সোঁফালে থকা গ্রীণ হাউচত উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন ধৰণৰ অৰ্কিড সংৰক্ষণ কৰা আছে। গ্রীণ হাউচটোত এই অৰ্কিডসমূহৰ সংৰক্ষণ পদ্ধতিও চকুতলগা। ইয়াৰ লগত কেইবাজনো উৎসাহী ব্যক্তি জড়িত হৈ থকাৰ উপৰিও যোৰহাটৰ ৰাজু সন্দিকৈয়ে বিভিন্ন ঠাইৰ পৰা দুষ্প্ৰাপ্য অৰ্কিড সংগ্ৰহ কৰি দিনে-নিশাই চোৱা-চিতা কৰি আহিছে। পৰিচৰ্যাকাৰীসকলে জনোৱা মতে, অৰ্কিডসমূহ সংৰক্ষণ কৰাৰ প্রধান অসুবিধাটো হৈছে বাৰিষা কালত হোৱা এবিধ শামুকজাতীয় পোক, যি অৰ্কিডৰ শিপাসমূহ খাই গছজোপা মাৰি পেলায়। নিমখৰ বাদে কোনো ধৰণৰ ঔষধ ইয়াত ব্যৱহাৰ কৰিবলৈ উপলব্ধ হোৱা নাই। কিন্তু নিমখজাতীয় দ্রব্য অৰ্কিডৰ বাবেও অপকাৰী।

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলত এতিয়ালৈকে ৮৫০টা প্রজাতিৰ অৰ্কিডহে চিনাক্ত কৰা হৈছে। ইয়াৰ ৪০২টা প্রজাতি অসমৰ হাবিয়ে-বননিয়ে পোৱা যায়। উদ্যানখনৰ গ্রীণ হাউচটোতে যে অৰ্কিডসমূহ সংৰক্ষণ কৰা হৈছে, এনে নহয়, উদ্যানখনৰ মাটিকালি ১৮ বিঘা আৰু প্ৰতিজোপা গছতে নানা প্রজাতিৰ অৰ্কিড শৃংখলাবদ্ধভাৱে ৰোপণ কৰা হৈছে। অৰ্কিডসমূহ যেতিয়া ব’হাগ মাহত ফুলি উঠে, এক নান্দনিক পৰিৱেশ বিৰাজ কৰে। এই প্ৰক্ৰিয়াৰ পৰা সমগ্ৰ অঞ্চলটোৰ গছসমূহত অৰ্কিড গজা আৰু ফুলি উঠাৰ সম্ভাৱনা আছে। কিয়নো অৰ্কিডৰ বীজসমূহ বতাহত গৈ চাৰিওফালে বিয়পি পৰিব।

ফটো গেলাৰী

ফটো গেলাৰী | ছবি: মালিনী গোস্বামী

উদ্যানখনৰ সোঁফালে থকা অৰণ্যখনত অসমৰ হাবিয়ে-বনে পোৱা দুষ্প্রাপ্য গছ ৰোপণ কৰা হৈছে। অৰণ্য অংশটোত চৰাইৰ মাতত মুখৰিত হৈ থকা নিৰিবিলি সুন্দৰ প্রাকৃতিক পৰিৱেশ এটা পোৱা যায়, য’ত পর্যটকসকলে পাহাৰীয়া অনুভূতি এটাৰে ঘণ্টা ঘণ্টা জুৰি বহি থাকিব পাৰে। ইয়াৰ বাবে কিছুমান সুন্দৰ সুন্দৰ ঠাইত আসন (বেঞ্চ)ৰ ব্যৱস্থা কৰা হৈছে। এই অৰণ্য অংশখিনি গ্রীষ্মকালত পর্যটকৰ বাবে মুখ্য আকর্ষণ হৈ পৰাৰ উপৰিও সৃষ্টিশীলতাৰ বাবেও সুন্দৰ ঠাই হৈ পৰিছে। কবিতাৰ অনুষ্ঠান অথবা সাংস্কৃতিক আড্ডাৰ বাবে এই গছ-লতাৰে আৱৰা ঠাইসমূহ বাছি ল’ব পাৰি। তদুপৰি কাৰ্বি টঙীঘৰকেইটাইয়ো আকর্ষণ বঢ়াইছে। এই অৰণ্যৰ অংশটোতে মৌ-পালনৰ ব্যৱস্থা কৰা হৈছে। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, ২০টা মৌবাহ অৰণ্য অংশটোত ৰখা হৈছে। উদ্যানখনত থকা ফুলনিবোৰত সেয়ে মৌমাখিয়ে মৌ বিছাৰি ফুৰাটো এক সহজলভ্য দৃশ্য।

অৰণ্যৰ গাতে গা লাগি থকা দুটা জলাশয়ত থলুৱা প্ৰজাতিৰ মাছ সংৰক্ষণ কৰা হৈছে। মাছ সংৰক্ষণ কৰাটো এই জৈৱ-বৈচিত্র্য উদ্যানখনিৰ এক উল্লেখযোগ্য প্রচেষ্টা। অসমত সাধাৰণতে দুবিধ মাছ পোৱা যায়— পুখুৰী আৰু নদীৰ। অৰ্কিড পার্কৰ উদ্যানখনৰ এটা জলাশয়ত পুখুৰীৰ মাছ ৰখাৰ বিপৰীতে আকাৰত কিছু ডাঙৰ জলাশয়টোত নদীৰ মাছ সংৰক্ষণ কৰা হৈছে। মাছৰ উপৰি জলাশয়টোত কাছও পোৱা যায় আৰু ইয়াতে পর্যটকৰ বাবে নৌকা-যাত্ৰাৰ ব্যৱস্থা কৰিছে। জলাশয়টোৰ মাজৰ পৰা সমগ্র উদ্যানখনৰ প্রাকৃতিক পৰিৱেশ সুন্দৰকৈ উপভোগ কৰিব পাৰি। কাষতে এখন শৈল-উদ্যান (Rock Garden) আছে, যিখনে সমগ্র উপাদানযুক্ত এখনি উদ্যানলৈ অৰ্কিড পার্কখনক উন্নীত কৰি তুলিছে। শৈল-উদ্যানৰ শিলৰ ফাঁকত থকা গুহাসমূহ পৰ্যটকৰ বাবে অনন্য প্রাকৃতিক আৰু ৰোমাঞ্চকৰ আকর্ষণ। অৰ্কিড উদ্যানখনৰ এটা যোগাত্মক দিশ এয়াই যে এইখন সম্পূর্ণ প্রাকৃতিক পৰিৱেশত গঢ় লোৱা; ইয়াৰ জলাশয়, সৰু-বৰ শিল আৰু অৰণ্যসমূহ প্রাকৃতিকভাৱেই অৱস্থিত আৰু সেই বাবেই ইয়াত কৃত্রিমভাৱে মনোৰঞ্জনৰ ক্ষেত্রসমূহ তৈয়াৰ কৰিব লগা হোৱা নাই।

জলাশয়

জলাশয় | ছবি: মধুমিতা ফুকন

অৰ্কিড পার্কখনৰ মূল ক্ষেত্ৰত থকা মিউজিয়ামটোৰ গেলেৰীত কেইবাশ দেশী-বিদেশী অৰ্কিডৰ ফটো সুন্দৰকৈ সজাই থোৱা হৈছে। প্রায় সংখ্যক অৰ্কিডৰ সংগ্রাহক ক্ষণজ্যোতি গগৈ। মিউজিয়ামটোৰ কাষতে থকা সাংস্কৃতিক মঞ্চৰ ঘৰটোত প্ৰতিদিনে অসমৰ বিভিন্ন জনগােষ্ঠীৰ গীত-নৃত্য প্রদর্শন কৰি থকা হয়। মৰিয়নীৰ এজন সঞ্চালকৰ তত্ত্বাৱধানত থকা সাংস্কৃতিক কৰ্মীসকলে পর্যটকক বিভিন্ন লোকনৃত্য প্রদর্শন কৰি মনোৰঞ্জন দি আহিছে। দেশী-বিদেশী পর্যটকসকলেও অসমীয়া লোক সংগীত- লোকনৃত্যৰ তালে তালে নাচ-বাগ কৰাটোও এক আকর্ষণীয় দৃশ্য। সাংস্কৃতিক মঞ্চখনত অসমীয়া লোকগীত, বৰগীত, আধুনিক গীত সুন্দৰকৈ পৰিৱেশন কৰা হয়, ইয়াৰ বাবে কেইবাজনো সাংস্কৃতিক কর্মী নিয়োগ কৰা হৈছে। নিজস্ব সাংস্কৃতিক প্রতিভাৰে থলুৱা লোকসকল সংস্থাপিত হোৱাটোও এই উদ্যানৰ অন্যতম ইতিবাচক আৰু এক উৎসাহী দিশ। ইয়াৰ কাষতে থকা ‘কুন্তী বাইদেউ’ৰ ‘এশ এটা শাকৰ বাগিচা’খনে অসমীয়া জাতীয় জীৱনৰ সতে বাপতি-সাহোনভাৱে সংপৃক্ত এটা পৰম্পৰাক সুপৰিকল্পিতভাৱে উপস্থাপন কৰিছে। অসমীয়া হুঁচৰি গীতৰ এফাঁকি জনপ্রিয় পদ আছে—

দেউতা ঐ, এশ এবিধ শাকেৰে ৰান্ধো
মাহ-হালধিৰে গৰু গা ধুৱাই লৈ তৰালী পঘাৰে বান্ধো।

ব’হাগৰ বিহুত এশ এবিধ শাকৰ ব্যঞ্জন খোৱাটো অসমীয়াৰ এক পৰম্পৰাই নহয়, ইয়াৰ বিজ্ঞানসন্মত দিশো আছে। অসমীয়া জন-জীৱনে যেতিয়াৰ পৰা গ্রাম্য গোন্ধ হেৰুৱালে, তেতিয়াৰে পৰা শাকসমূহৰ নাম পর্যন্ত পাহৰণিৰ গর্ভলৈ গ’ল। অৰ্কিড পার্কখনে এই শাকসমূহ প্রতিপালনেৰে সংৰক্ষণ কৰি এই ক্ষেত্ৰত সুন্দৰ ভূমিকা পালন কৰিছে। আনহাতে কুন্তী বাইদেউৰ এশ এবিধ শাকৰ বাগিচাৰ নামটোৱেও এটা গ্রাম্য গোন্ধ আনি দিয়ে। এই ক্ষেত্ৰত ক’ব পাৰি যে শাকৰ বাগিচাখন ‘এশ এটা শাক’ বুলি উল্লেখ কৰাতকৈ ‘এশ এবিধ শাক’ বুলি উল্লেখ কৰা হ’লে বেছি শুৱলা হ’লহেঁতেন।

ভেষজৰত্ন গুণাৰাম খনিকৰৰ হাতৰ পৰশ থকা অৰ্কিড পার্কৰ বনৌষধিৰ বাগিচাখনৰ জৰিয়তে অসমৰ হাবিয়ে-বননিয়ে পোৱা ঔষধি গছসমূহ ৰোপণ কৰি এইবোৰক পুনৰ মানুহৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ বাবে বনৌষধৰ বিক্ৰী কেন্দ্র এটাও স্থাপন কৰা হৈছে। ইয়াত থকা ঔষধি গছসমূহৰ প্রায়ভাগেই গাঁৱে-ভূঞে সিঁচৰতি হৈ আছে, কিন্তু নৱ প্ৰজন্মৰ বাবে অচিনাকি। ঔষধি বাগিচাখনৰ কাষতে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা লিলি ফুলৰ বাগিচাখনো আছে। তদুপৰি ভাৰতত পোৱা বিভিন্ন ধৰণৰ কেকটাছৰ প্রদর্শনো অৰ্কিড পার্কত কৰা হৈছে।

কপৌফুল

কপৌফুল | ছবি: মধুমিতা ফুকন

পর্যটকৰ সুবিধার্থে পার্কখনত এখনি ৰেষ্টুৰেণ্ট খোলা হৈছে,— যত অসমৰ থলুৱা খাদ্য সম্ভাৰ আৰু ফলৰ ৰসেৰে সুন্দৰভাৱে অতিথি আপ্যায়ন কৰা হয়। উদ্যানখনৰ অর্থনীতিৰ মূল চাবিকাঠী এই ৰেষ্টুৰেণ্টখন বিদেশী পর্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰাৰ সম্ভাৱনা আছে। প্রৱেশ পথৰ বাঁওফালে থকা মিউজিয়ামটোত উত্তৰ-পূবৰ প্রত্নতাত্বিক সমলসমূহৰ ফটো প্রদর্শন কৰাৰ ব্যৱস্থা কৰা হৈছে, য’ত অসম তথা উত্তৰ-পূবৰ স্থাপত্য শিল্পৰ এক উমান পোৱা যায়। তদুপৰি অসমীয়া গ্রাম্য সমাজত অতীজৰে পৰা প্ৰচলিত দৈনন্দিন যতন, যেনে— মাছ ধৰা যতন, গাখীৰ খিৰোৱা যতন কঁৰিয়া, ৰন্ধা-বঢ়া কৰা যতন, জনজাতীয় বাদ্যযন্ত্র, তাঁতশাল, দোলা, ঘোঁৰাগাড়ীৰ চকা আদি সমূহ প্রদর্শন কৰা হৈছে, যিসমূহ অসমৰ চুকে-কোণে থকা বর্ণাঢ্য গাঁওসমূহৰ পৰা সংগ্রহ কৰা হৈছে।

অসমীয়া জাতিটোৰ মূল শিপাডাল আছে ধানত। অসমীয়া মানুহ ভোজন আৰু আৰামপ্রিয় প্রকৃতিৰ। অসমীয়া মানুহে দিনটোত দুবাৰ-তিনিবাৰকৈ গ্ৰহণ কৰা ভাত এবিধ গধুৰ খাদ্য, তদুপৰি ভাতৰ লগত অনান্য ব্যঞ্জন আছেই। কিন্তু অসমীয়া জাতিটোৰ বাবে পৰিতাপৰ কথা যে আমাৰ পূৰ্বপুৰুষে খেতি কৰা ধানৰ বীজৰ ফচল আমি খাবলৈ নাই পোৱা। সেই সমূহ বিলুপ্ত হৈ পৰাৰ ফলত এতিয়া আমি তেনে বীজ সংগ্রহালয়ত চাব লগা হৈছে।

অৰ্কিড পার্কৰ অন্যতম দিশ হৈছে অসমীয়া পৰম্পৰাগত এটা ভঁৰাল, য’ত অসমীয়াই অতীজতে ব্যৱস্থা কৰা ধানৰ বীজসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হৈছে। লগতে ধানৰ গুছিবিলাকৰ এক প্রদর্শনী দৃশ্যও ৰখা হৈছে, য’ত বিভিন্ন ধৰণৰ দুষ্প্রাপ্য ধান প্রদর্শন কৰিছে। এই প্রচেষ্টাৰ মূলতে আছিল যোৰহাটৰ মহান চন্দ্র বৰাৰ জাতিটোৰ বাবে থকা এক মহান প্রচেষ্টা। ২০০ বিধতকৈয়ো অধিক থলুৱা প্ৰজাতিৰ ধান সংগ্রহ-সংৰক্ষণ কৰি মহান চন্দ্র বৰাই এজন সচেতন কৃষকৰ দায়িত্বও পালন কৰি আহিছে। তেওঁৰ প্রতি আমি কৃতজ্ঞ হোৱা উচিত।

বিভিন্ন প্ৰজাতিৰ ধান

বিভিন্ন প্ৰজাতিৰ ধান | ছবি: মধুমিতা ফুকন

ধানৰ প্ৰজাতিবোৰে যে অসমীয়া কৃষকৰহে এক পৰিচয় দাঙি ধৰে, এনে নহয়, অসমৰ জন-জীৱনকো প্রতিনিধিত্ব কৰে। তদুপৰি অসমৰ ভৌগোলিক-প্রাকৃতিক পৰিৱেশকো ধানৰ নামসমূহে প্রতিনিধিত্ব কৰে, যিবোৰ অতি দষ্প্ৰাপ্য। অসমীয়া জন-জীৱনৰ সৈতে পৰিচয় হ’বলৈ হ’লে এই থলুৱা ধানসমূহৰ সৈতে চিনাকি হোৱাটো একান্তই জৰুৰী।

সংৰক্ষণ কৰা ধানসমূহৰ প্ৰায়ভাগ প্রজাতিতে ঔষধি গুণ পোৱা যায়, কিন্তু পৰিতাপৰ কথা যে বর্তমান কৃষি অর্থনীতি চলি আছে বিভিন্ন চৰকাৰী হাইব্রিড ধানৰ বীজেৰে— যি স্বাস্থ্যৰ বাবে অপকাৰী হোৱাৰ উপৰিও ৰাসায়নিক সাৰ প্রয়োগ কৰিব লগা হোৱাত এইবোৰে মাটিৰ গুণাগুণ হ্রাস কৰি পেলায়। ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ দুৰৱস্থা, কৃষকৰ আত্মহত্যাৰ মূলতে হ’ল মাটিয়ে নিজৰ সাৰুৱা গুণ হেৰুৱাই পেলোৱা আৰু তাৎপর্যপূর্ণভাৱে চৰকাৰী পৃষ্ঠপোষকতাতে মাটিৰ গুণাগুণ এনে ধৰণে হ্রাস কৰি খেতিয়কক জ্বলা-কলা দেখুৱাই থকা হৈছে। অসমৰ কৃষিখণ্ডও সেই একে দিশলৈ গৈ আছে। ইতিমধ্যে বহিৰাগত ব্যৱসায়ীসকলক ৰোপিত মাটি বিক্রী কৰি ধন উপার্জন কৰাটো অসমীয়া থলুৱা লোকসকলৰ আয়ৰ এক অন্যতম উৎসই হৈ পৰিছে।

লোকনৃত্য প্ৰদৰ্শন

লোকনৃত্য প্ৰদৰ্শন | ছবি: মধুমিতা ফুকন

২০১৫ চনৰ অক্টোবৰত উদ্যানখনি মুকলি কৰাৰে পৰা অঞ্চলটোৰ জীৱন-যাত্ৰাত এই জৈৱ-বৈচিত্র্য উদ্যানখনে এক যোগাত্মক প্রভাৱ পেলাবলৈ সক্ষম হৈছে। অঞ্চলটোৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰতো উদ্যানখনে ভূমিকা পালন কৰা দেখা গৈছে। ইয়াত নিয়ােজিত মহিলাসকলে পুৱা সাত বজাতে কর্মস্থলীত উপস্থিত হৈ চাফাই অভিযান কৰাৰ পাছৰে পৰা দিনটোৰ কাৰ্যসূচী তথা পর্যটকক আলপৈচান ধৰিবলৈ সাজু হয়। মহিলাৰ উপৰিও কাষৰীয়া বহু সংখ্যক নিবনুৱাক এই উদ্যানখনে নিয়োজনত সহায় কৰি আহিছে। পুৱা বৰগীতৰ সুৰত উদ্যানখনৰ চৰাইবোৰে বাহৰ পৰা মুকলি হৈ উদ্যানখন শুৱনি কৰি তোলে। অৰ্কিড পার্কখন ভৱিষ্যতে কেৱল মনোৰঞ্জকেই নহয়, বটানিকেল গার্ডেন হোৱাৰো পূর্ণ সম্ভাৱনা আছে। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ পৰা অৰ্কিড পার্কখনলৈ অহা শিক্ষামূলক ভ্রমণেও ইয়াৰ একাডেমিক দিশত গুৰুত্ব সূচায়।

❧ | আৰু পঢ়ক: পূৰ্ববংগীয় মূলৰ মুছলমান বনাম অখিল গগৈ

অসমৰ খাটিখোৱা শ্ৰেণীৰ ঘাম আৰু উদাৰতাৰে নির্মিত পার্কখনৰ পৰিচালনা সমিতি তথা কর্মীসকলে ইয়াক এক জাতীয় দায়িত্ব হিচাপে গ্রহণ কৰি নতুন অর্থনৈতিক বিপ্লৱটোক আগবঢ়াই নিব লাগিব, কিয়নো ৰাজনৈতিক বিপ্লৱৰ সমান্তৰালভাৱে অর্থনৈতিক স্বাৱলম্বিতা গঢ়ি তোলাটোও সমাজৰ উত্তৰণৰ স্বাৰ্থত এক যোগাত্মক পদক্ষেপ।

ফিচাৰড্ ইমেজ: মধুমিতা ফুকন  (ছবিসমূহৰ স্বত্ত্ব সংশ্লিষ্ট ব্যক্তিসকলৰ)

অসমৰ অৰ্কিড অৰ্থনীতি| প্ৰদ্যুম্ন কুমাৰ গগৈ