‘…অসমৰ সবাতোকৈ মহান নিৰ্মাতা’

[ উপেন্দ্ৰ বৰকটকী ]

জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল— 'আজিলৈকে অসমীয়াক অসমীয়া কৰি থৈছে কোনে? …আমাক আজি অসমীয়া বুলি আমাৰ জাতীয় সভ্যতা-সংস্কৃতিৰে বিশিষ্টভাৱে এটা প্ৰগতিশীল জাতিকৈ ৰাখি থৈ যাওঁতা, অসমীয়া সংস্কৃতি সৃষ্টি কৰি দিওঁতা, অসমীয়া সুকুমাৰ কলাক এটা নিজস্ব বৈশিষ্ট্য দি থৈ যাওঁতা, অসমীয়া সামাজিক জীৱনক এটা বিশিষ্ট গঢ দি যাওঁতা, অসমত সাংস্কৃতিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি থৈ যাওঁতা, অসমীয়া জীৱনৰ মহা কলাকাৰ শিল্পীৰো শিল্পী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ।…'

তেওঁৰ নিচিনা বৈপ্লৱিক দৃষ্টিৰে সংস্কৃতি স্ৰষ্টা সেই সময়ৰ ভাৰতৰ কথা নকওঁৱেই, পৃথিৱীৰ ভিতৰতে বিৰল হ'ব। আনহাতে অসমীয়া শিল্পৰ চৰম বিকাশ শ্ৰীমন্ত শঙ্কৰদেৱৰ যুগতে হ'ল বুলি মন্তব্য কৰা বিষ্ণুপ্ৰসাদ ৰাভাই শ্ৰীমন্ত শঙ্কৰদেৱক শ্ৰীকৃষ্ণ আৰু লিওনাৰ্দো দ্যা ভিঞ্চিৰ লগত একে মৰ্যাদা দিছিল আৰু কৈছিল— 'শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু অসমীয়াৰ প্ৰাণ। আজি শ্ৰীমন্ত শঙ্কৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ'ব। শ্ৰীমন্ত শঙ্কৰদেৱে কিনো নাজানিছিল আৰু কিনো নিদিছিল! অসমীয়াক তেওঁৱেই সকলো দি গৈছিল।'

শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টি প্ৰতিভাৰ মাহাত্ম্য আৰু প্ৰভাৱৰ বিষয়ে উল্লেখ কৰাৰ লগতে ৰাভাদেৱে কীৰ্তন-দশমক লৈ গীতৰ মাধ্যমৰে এনে আশা আৰু আস্থা পোষণ কৰিছে—
'কীৰ্তন-দশম-নামঘোষা
হওক আমাৰ বীৰ্য।
নাট গীত নাম বৰগীত
হওক ৰণৰ তুৰ্য।'

শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ আৰু সৃষ্টি কৰ্মেৰে উদ্বুদ্ধ হোৱা জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাদেৱেও বৈষম্যহীন সমাজ গঠনৰ কাৰণে অগ্ৰণী ভূমিকা লৈছিল। কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱে যিসময়ত অৰ্থাৎ পঞ্চদশ-ষোড়শ শতিকাত কেনে এক প্ৰতিকূল পৰিৱেশৰ লগত সংগ্ৰাম কৰি জাতিটোক গঢ়িব লগা হৈছিল, সেই কথা উপলব্ধিহে কৰিব পাৰি; ব্যাখ্যা কৰি শেষ কৰিব নোৱাৰি। জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত আবিৰ্ভাৱ হোৱা শ্ৰীমন্ত শঙ্কৰদেৱে ধৰ্মীয় আৰু সামাজিক অতিচাৰ-অনাচাৰ-ব্যভিচাৰ, নৈতিকতাৰ স্খলন আৰু ৰাজনৈতিক অস্থিৰতাৰ বিপক্ষে 'একমেৱ অদ্বিতীয়ম' হৈ থিয় দিব লগা হৈছিল। চৌষষ্ঠি কলা বিশাৰদ আৰু বত্ৰিছটা লক্ষণ থকা লোককহে মহাপুৰুষ বোলা হয়। শ্ৰীমন্ত শঙ্কৰদেৱৰ এই সকলো গুণ থকাৰ কাৰণেই তেৰাই সংকটাপন্ন জাতিটোক গঢ়ি তোলাৰ লগতে নেতৃত্ব দিব পাৰিছিল। জাতিটোক ঐক্যবদ্ধৰূপে গঢ়ি তুলিবৰ কাৰণে শ্ৰীমন্ত শঙ্কৰদেৱে অভিনৱ পন্থা কিছুমান লৈছিল। সেই সময়ত নৱ-বৈষ্ণৱ আন্দোলনত শ্ৰীমন্ত শঙ্কৰদেৱে উদ্ভাৱন কৰা পন্থাসমূহে বিশেষ বৰঙণি যোগাইছিল। এইখিনিতে ভাৰতৰ আন আন প্ৰান্তত জন্ম গ্ৰহণ কৰা মহাপুৰুষকেইগৰাকীৰ লগত শ্ৰীমন্ত শঙ্কৰদেৱ মহাপুৰুষৰ পাৰ্থক্য দেখা পোৱা যায়। সেইসকল মহাপুৰুষে কেৱল ধৰ্মীয় দিশটোতহে বিশেষ গুৰুত্ব দিছিল। আমাৰ ৰাজ্যৰ দৰে সেই সেই ৰাজ্যৰ নানা ধৰণৰ সমস্যাও নাছিল। শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰথমে বহুধা-বিভক্ত হৈ থকা জাতিটোক ঐক্যবদ্ধ কৰিবৰ কাৰণে চিন্তা কৰি সেই মতে আগবাঢ়িছিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকক তেওঁ প্ৰৱৰ্তন কৰা ধৰ্মত উপযুক্ত মৰ্যাদা দিছিল। তেওঁৰ প্ৰগতিশীল আৰু বৈপ্লৱিক দৃষ্টিভংগী এনে কাৰ্যত প্ৰতিভাত হৈছিল। মন কৰিবলগীয়া যে শ্ৰীমন্ত শঙ্কৰদেৱে এঠাইত ভাগৱত পুৰাণৰ অনুবাদ কৰোঁতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ নাম সন্নিৱিষ্ট কৰিছে। মূল ভাগৱতত থকা সেই শ্লোকটিত এনেদৰে আছে—
'কিৰাট হুনান্ত্ৰ পুলিণ্ড পুক্কশ অভীৰ কঙ্ক যৱন খলাদয়ঃ।
যে অৰ্থ চ পাপা যদুপাশ্ৰয়শ্ৰয়ঃ শুদ্ধ্যন্তিতস্মৈ প্ৰভাবিষ্ণুৱে নমঃ।।'
মহাপুৰুষজনাই আমাৰ জাতীয় জীৱনৰ লগত সংগতি ৰাখি এনেদৰে অনুবাদ কৰিছে—
'কিৰাট কছাৰী        খাচি গাৰো মিৰি
          যৱন কঙ্ক গোৱাল।
অসম মূলুক         ৰজক তোৰুক
         কুবাচ ম্লেছ চণ্ডাল।।
আনো পাপী নৰ         কৃষ্ণ সেৱকৰ
         সংগত পৱিত্ৰ হয়।
ভকতি লভিয়া         সংসাৰ তৰিয়া
        বৈকুণ্ঠে সুখ লভয়।।'

পৰৱৰ্তী কালত শ্ৰীমন্ত শঙ্কৰদেৱৰ উদ্দেশ্য আৰু আদৰ্শ মতে আগবাঢ়িব নোৱৰা কাৰণে আমাৰ সমাজ জীৱনৰ যথেষ্ট ক্ষতি হ'ল। সেয়ে হ'লেও সাহিত্য-সংস্কৃতি, নাট-ভাওনা, নামঘৰ-সত্ৰ আদিয়ে অসমৰ জাতীয় আৰু সমাজ জীৱনলৈ বিস্তৰ অৰিহণা আগবঢ়ালে। ইয়াৰ দ্বাৰা তেৰাই অসমত এখন সংস্কৃতি ৰাজ্য গঢ়ি তুলিব পাৰিছিল। 'শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ কাল: অসমত বৈষ্ণৱ ধৰ্ম আৰু আন্দোলনৰ ইতিহাস'— এই বিষয়ে গৱেষণা কৰি ১৯৫৫ চনত ডক্তৰেট লোৱা পণ্ডিত মহেশ্বৰ নেওগৰ ভাষাত— 'এই অসমতে বহুত ৰজা আৰু ৰাজশক্তিৰ পতন হ'ল, কিন্তু শঙ্কৰদেৱ আৰু তেওঁৰ সাংস্কৃতিক ৰাজ্যখন আজিও থিয় হৈ আছে আৰু চাৰিশ বছৰ অতীতৰ গৰ্ভত বিলীন হোৱা সত্বেও শঙ্কৰদেৱে অসমীয়া জীৱন জিনি আছে।' ড. নেওগে শঙ্কৰদেৱক 'অদ্ভুতকৰ্মা’— এই বিশেষণেৰে বিভূষিত কৰি আৰু কৈছে— 'শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰকৃততে অসমৰ সামাজিক জীৱনক সাংস্কৃতিক জীৱনৰ লগ লগাই দিলে। চৰ্দাৰ পানিক্কৰৰ ভাষাত— ‘introduced India to Assam’। শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ মুখ্য শিষ্য মাধৱদেৱ প্ৰমুখ্যে নৱ-বৈষ্ণৱ আন্দোলনৰ প্ৰচাৰকসকলে নাট-ভাওনা, গীত আদিৰে এহাতে সংস্কৃতিৰ মাধ্যমেৰে বিভিন্ন জনগোষ্ঠীৰ লগত সু-সম্পৰ্ক গঢ়ি তুলিছিল; আনহাতে সত্ৰ-নামঘৰ আদিৰে সমাজৰ ভেটি নিকপকপীয়া আৰু ইয়াৰ দ্বাৰা সামাজিক বান্ধোন গঢ়ি তুলিছিল। সেয়ে হ'লেও জাতীয় জীৱনলৈ গীত, ভাওনা, নাট, নামঘৰ আৰু সত্ৰৰ অৱদান কোনো পধ্যেই নুই কৰিব নোৱাৰি। এই কথা ক'ব লাগিব যে বৈষ্ণৱ ধৰ্মৰ আদৰ্শ আৰু লক্ষ্য প্ৰচাৰত ভাওনা-নাটেই সেই সময়ত আটাইতকৈ বেছি অৰিহণা যোগাইছিল। সেই সময়ৰ সমাজখনৰ বেছি সংখ্যক লোকেই আছিল নিৰক্ষৰ। গতিকে আমাৰ মহাপুৰুষজনাই নিৰক্ষৰ তথা সৰ্বসাধাৰণৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে ভাওনা-নাট প্ৰদৰ্শন কৰাত অগ্ৰাধিকাৰ দিছিল। ভাওনা শব্দৰ অৰ্থ হ'ল ভাও ধৰা কাৰ্য বা ভাও দেখুওৱা কাৰ্য। শিক্ষিত নহ'লেও মানুহৰ বিভিন্ন ক্ষেত্ৰত ব্যুৎপত্তি থাকিব পাৰে। আনৰ ভাব-চিন্তা, চাল-চলন, কথোপকথন অনুসৰণ কৰা বা অভিনয় কৰা কাৰ্য যাৰে তাৰে পক্ষে সম্ভৱ নহয়। সেই ক্ষেত্ৰত ব্যুৎপত্তি থকা সকলক শ্ৰীমন্ত শঙ্কৰদেৱে ভাওনা-নাট প্ৰৱৰ্তনৰ সুবিধা দি পোহৰলৈ আনিছিল আৰু সেই সকলক উন্নত সাংস্কৃতিক মন এটা আৰু ধ্যান-ধাৰণাৰে চহকী কৰিছিল। সমাজত এনে লোকৰ সংখ্যা কম নহয়। মন কৰিবলগীয়া, শ্ৰীমন্ত শঙ্কৰদেৱে অঙ্কীয়া নাট সৃষ্টি কৰোঁতে বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰ পৰা অসমৰ সমাজ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা লোক-নাট্যানুষ্ঠানসমূহকো অঙ্কীয়া নাটত যথাযোগ্য মৰ্যাদা দিছিল। এই প্ৰসংগত ওজাপালিৰ কথা বিশেষভাৱে উনুকিয়াব পাৰি। আনহাতে উত্তৰ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি শ্ৰীমন্ত শঙ্কৰদেৱে তেৰাৰ নাটত জগন্নাথৰ ৰথযাত্ৰা, উত্তৰ ভাৰতৰ ৰামলীলা আদিৰ পৰা আৰ্হি লোৱা বুলি উল্লেখ কৰিব পাৰি। প্ৰসংগক্ৰমে, সেই সময়ত ৰাম অথবা কৃষ্ণ কথা লৈ সমগ্ৰ ভাৰততে ভালেসংখ্যক লোক-নাট্যানুষ্ঠানে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

বৈষ্ণৱ ধৰ্মত কৃষ্ণই উপাস্য দেৱতা। এইখিনিতে আৰু ক'ব লাগিব, থলুৱা সাংস্কৃতিক অনুষ্ঠানেই হওক বা সংস্কৃত নাটকৰ পৰাই হওক, শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰমুখ্যে বৈষ্ণৱ যুগৰ নাট্যকাৰসকলে অঙ্কীয়া নাট ৰচনাৰ আৰ্হি গ্ৰহণ কৰিলেও তেওঁলোকে নিজস্ব প্ৰতিভাৰে ইয়াৰ উজ্জ্বল কৰি তুলিছিল। বিশেষকৈ, গুৰুদুজনাই অঙ্কীয়া নাটৰ প্ৰতিটো দিশতে অসাধাৰণ সৃষ্টি প্ৰতিভা দেখুৱাইছিল। সূত্ৰধাৰৰ প্ৰাধান্য, কাব্যধৰ্মী গীত-শ্লোক আৰু পয়াৰৰ প্ৰাচুৰ্য, ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ আৰু লয়যুক্ত গদ্যৰ ব্যৱহাৰ— অঙ্কীয়া নাটৰ এই চাৰিটা বৈশিষ্ট্যৰ বিষয়ে ড. সত্যেন্দ্ৰ নাথ শৰ্মাই বিস্তৃতভাৱে আলোচনা কৰিছে। নাট-ভাওনা সাধাৰণতে প্ৰদৰ্শন কৰা হয় নামঘৰত। ড. বিৰিঞ্চি কুমাৰ বৰুৱাই 'অসমৰ জাতীয় নাটশাল' আখ্যা দিয়া নামঘৰত কেৱল ভাওনা প্ৰদৰ্শন আৰু তিথি-উৎসৱেই পালন কৰা নহয়,— তেতিয়াৰ আদালতৰ দৰে বিচাৰ-ব্যৱস্থা কৰা হৈছিল। ইয়াৰ দ্বাৰা গঞা ৰাইজক ৰাজনৈতিক আৰু স্বায়ত্ব শাসনৰ শিক্ষা দিয়া হৈছিল। এতিয়াৰ পঞ্চায়তী ৰাজৰ উদ্ভাৱন শ্ৰীমন্ত শঙ্কৰদেৱে পঞ্চদশ-ষোড়শ শতিকাতে আৰম্ভ কৰিছিল। ভাওনা আৰু নামঘৰৰ যোগেদিয়েই আমাৰ সমাজত কেতবোৰ উপাধিৰো সৃষ্টি হৈছিল। গায়ন-বায়নৰ দৰে উপাধি পুৰুষানুক্ৰমে এতিয়াও চলি আছে।

অসমীয়া জাতিটোক স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈকো গুৰুজনাই বিভিন্ন প্ৰকাৰে চেষ্টা কৰিছিল। এই ক্ষেত্ৰত ভাওনা, নামঘৰ আদিৰ প্ৰভাৱ নথকা নহয়। উদাহৰণ স্বৰূপে, ভাওনাত ব্যৱহাৰ কৰা মুখা, চোঁ, কিৰিটি আদি সেই সময়ৰ মানুহেই তৈয়াৰ কৰি লৈছিল। ৰঙা বৰণৰ কাৰণে হেঙুল-হাইতালো সংগ্ৰহ কৰিছিল। অভিনেতাক ৰং-বৰণ লগোৱা খনিকৰে মূৰ্তিও সাজে। প্ৰসঙ্গক্ৰমে, গায়ন-বায়নৰ লগত খনিকৰ, হাতীমতা আদি উপাধি বৈষ্ণৱ যুগৰে পৰা ব্যৱহাৰ হোৱাৰ কথা ক'ব পাৰি। ঐতিহ্যৰ প্ৰতি অতি সচেতন শ্ৰীমন্ত শঙ্কৰদেৱে তেওঁৰ দিনতে এটা থলুৱা ঐতিহ্য গঢ়ি তুলিছিল আৰু স্থানীয় ঐতিহ্যক সণ্ঢলনিকৈ ৰাখিছিল বুলি এঠাইত ড. নৰেন কলিতাই উল্লেখ কৰিছিল। শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া মনটোৰ লগতে অসমীয়াৰ চাল-চলন, কথা-বাৰ্তা, সমাজ ব্যৱস্থা— সকলো হাড়ে-হিমজুৱে জানিছিল কাৰণেই তেওঁৰ সৃষ্টিকৰ্মত জাতীয় চৰিত্ৰ একো একোখন ফুটি উঠিছে। অসমীয়া মানুহৰ বিয়াৰ চিত্ৰখন 'ৰুক্মিণী হৰণ' নাটত হুবহু ৰূপত ফুটাই তুলিছে, 'কালীয় দমন'ত জনবিশ্বাসৰ মনোৰম চিত্ৰ অংকন কৰিছে। নাটত ব্যৱহাৰ কৰা ব্ৰজাৱলী ভাষা তেওঁ সবৰ্সাধাৰণৰ মন জয় কৰিবৰ কাৰণেই সৃষ্টি কৰিছে। সেয়ে ব্ৰজাৱলী ভাষাৰ গদ্যও শুৱলা। সংস্কৃত আৰু অসমীয়া ভাষাত পাৰদৰ্শী শঙ্কৰদেৱে 'ভক্তি ৰত্নাকৰ' ৰচনা কৰাৰ উপৰি উজনিৰ লগতে কামৰূপী শব্দৰ প্ৰয়োগ সাহিত্যত কৰিছে। মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱ প্ৰমুখ্যে বৈষ্ণৱ যুগৰ নাট্যকাৰসকলৰ নাটকীয় গদ্যই অসমীয়া ভাষাৰ প্ৰথম নিদৰ্শন বুলি ড. নেওগে কৈছে।

কবি যতীন্দ্ৰ নাথ দুৱৰাই এটা কবিতাত লিখিছে—
'গোটেই অসম জুৰি
বিস্তৃত জীৱনী যাৰ
তোমাৰ জীৱনী দেৱ
লিখে এনে সাধ্য কাৰ।
বোৱালা ভক্তিৰ সোঁত
দিলা ধৰ্ম দিলা জ্ঞান
দিলা ভাষা অসমক
কৰিলা জীৱন দান।'

'অসমক এক পৱিত্ৰতৰ আধ্যাত্মিক জীৱন দিওঁতা, অসমৰ সবাতোকৈ মহান নিৰ্মাতা'— এইদৰে অভিহিত কৰা ভাষাচাৰ্য ড. সুনীতি কুমাৰ চট্টোপাধ্যায় আৰু ড. বাণীকান্ত কাকতী প্ৰমুখ্যে পণ্ডিতসকলে শ্ৰীমন্ত শঙ্কৰদেৱৰ বহুমুখী প্ৰতিভাৰ বিষয়ে যথাৰ্থ মূল্যায়ন কৰি গৈছে। সেয়ে হ'লেও বামপন্থী ভাবাদৰ্শৰ চিন্তাশীল সাহিত্যিক ভৱানন্দ দত্তই 'আমাৰ জাতিৰ সামগ্ৰিক জীৱনত এইগৰাকী মহাপুৰুষৰ প্ৰকৃত স্থান কি তাৰ নিৰপেক্ষ ঐতিহাসিক নিণৰ্য় আজিলৈকে হোৱা নাই'— এইদৰে আক্ষেপ কৰি ইয়াৰ কাৰণে অসমীয়াৰ আৱেগপ্ৰৱণতাক জগৰীয়া কৰিছে। কথাষাৰৰ যথাৰ্থতা নুই কৰিব নোৱাৰি। শ্ৰীমন্ত শঙ্কৰদেৱৰ নামত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ, শঙ্কৰদেৱ বঁটা আৰু বিভিন্ন ঠাইত শিক্ষানুষ্ঠান আদি প্ৰতিষ্ঠা কৰা হৈছে যদিও গোষ্ঠীগত প্ৰৱণতাই অসমত এতিয়া মূৰ দাঙি উঠিছে। যি শঙ্কৰদেৱে বৃহত্তৰ অসমৰ কাৰণে জীৱন উছৰ্গা কৰিছিল, সেই অসম খণ্ড-বিখণ্ড হোৱাটো শঙ্কৰদেৱে মনে-ঘৰেও কামনা কৰা নাছিল। এতিয়া সেই কথাহে চিন্তাৰ বিষয়।«

নীলা চৰাই . আগষ্ট ২0১২

Comments
  1. Ashim Diganta Gogoi
  2. Ashim Diganta Gogoi

Leave a Reply

Your email address will not be published. Required fields are marked *