অশ্রাব্য

[ স্মৃতিৰেখা ভূঞা ]

পোতাশালৰ পৰা মুকলি কৰি দিয়া
এজাক উন্মাদৰ কিৰিলিত ত্রস্তমান মই
বিবেকক হত্যা কৰি পলাই ফুৰিছোঁ,
সিহঁতে মুখত অঙঠা লৈ
শান্তিক মৃত্যু উপহাৰ দিব খোজে
দাহন কৰিব বিচাৰে
সম্প্রীতিৰ ঘূণেখোৱা দলং
আৰু অজ্ঞভাৱে মোৰ চকুৰ সন্মুখতে
দলঙৰ জুইত আত্মজাহ দিয়ে ।

কালিলৈ জ্বলন্ত অগ্নিপিণ্ডবোৰ ফুটছাঁই হ’ব
মৃতদেহবোৰ হ’ব শগুণৰ লোভনীয় খাদ্য
হয়, মৃত্যু উপত্যকাৰ শীতল প্রান্তৰত
এজাক শগুণৰ অপেক্ষাত
মোৰ বিনিদ্র ৰজনী উত্সৰ্গা কৰিছোঁ,
মৰাশবোৰ টনাটনি কৰি
সিহঁতে কোৰ্হাল কৰিব
অত্যুত্তম খাদ্যৰে পৰিতৃপ্ত হ’ব সিহঁতৰ উদৰ।
সময় পুনৰ সুস্থিৰ হ’ব
প্রকৃতিত সন্তুলন আহিব
শান্তি বিৰাজিব মৰিশালিৰ নির্জনতাত।

নীলা চৰাই . চেপ্তেম্বৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz