অসমীয়া কৃষ্টিৰ চমু আভাস (৮)

পূৰ্বৰ খণ্ড: ইয়াত পঢ়ক

মন্ত্র সাহিত্য

কামৰূপ কামাখ্যাত গ’লে মানুহ ভেৰা হয়,— এনে অপবাদ অসমৰ বাহিৰে যথেষ্ট আছে। কাৰণ কামৰূপ-কামাখ্যা হৈছে তন্ত্র-মন্ত্রৰ দেশ। ইয়াত আদিম পন্থীৰ জনসংখ্যাৰ প্রাধান্য বেছি। আধুনিক বিজ্ঞানৰ যুগত অসমৰ মানুহে সমানে তাল দিব নোৱৰাৰ কাৰণে প্রাচীন তন্ত্র-মন্ত্রৰ ওপৰত বিশ্বাস হেৰুৱাব পৰা নাই। গতিকে ইয়াৰ মানুহে অসুখ হলে বেজ-ওজাক মাতে। বেজ-ওজাই মন্ত্র গাই, বিহলঙনীৰে কোবায়, খেৰ-কুটাৰে পানী আৰু চাউল জাৰে, বাণ কাটে, তাবিজ দিয়ে ইত্যাদি। এইয়া হল মন্ত্র বিজ্ঞানৰ কথা, তদুপৰি আসুৰী ঔষধৰ বিষয়ে অসমীয়া বেজ উন্নত হৈ হাবিৰ পৰা গছ, লতা, বন, শিপা আনি তাক বাটি বা বান্ধি বা পিহি খুৱাই লগাই, ভৰণ দি অসমীয়া ওজাই ৰোগীক আৰোগ্য কৰে। তদুপৰি এসময়ত অস্ত্র চিকিৎসা অসমত আছিল। শিঙা দিয়া অস্ত্রোপচাৰ কৰা অস্ত্রও অসমত এসময়ত আছিল। কিন্তু ইংৰাজ শাসনৰ আলমত সেইবিলাক অধুনা লুপ্ত। গতিকে চিকিৎসা বিদ্যাতে অসমীয়াই যথেষ্ট ব্যুৎপত্তি ৰাখিছিল। অসমীয়া বেজ, মন্ত্র সাহিত্য অসমীয়া সাহিত্যত এটা ডাঙৰ অৱদান।

গতিকে দেখা গল যে অসমীয়া কৃষ্টিত কেতিয়াও পিছপৰা নাছিল। পুৰাণেও কয়, প্রথমে জ্যোতিঃ ইয়াতে সৃষ্টি হৈছিল, সেইকাৰণে ইয়াক প্রাগজ্যোতিষপুৰ বুলিছিল। ইয়াতে হেনো আজুককা ব্ৰহ্মাই ধিয়াই বিশ্ব ব্রহ্মাণ্ড সৃষ্টি কৰি দক্ষ আদিক সৃজন কৰিছিল। তাৰ পিছত সন্ধ্যা নামে এজনী সৰবৰহী দিপলিপ গাভৰু তেৰাৰ মানস কমলৰ পৰা ওলাল। তাৰ পিছত কামদেৱৰ সৃষ্টি হ’ল। ব্ৰহ্মাদেৱৰ বৰ অনুযায়ী কামদেৱ পঞ্চশৰৰ আলম লৈ কৰমৰ ভাৰ পালে। তাৰ পৰীক্ষা হল স্বয়ং সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ ওপৰত সেই পাঁচোপাত শৰ টোৱাই। তাৰ শকতিৰ গুণত আজুককাই নিজেই কামবলীয়া হয় সৰবৰহী সন্ধ্যা গাভৰুক দেখি। সন্ধ্যা আইটিও তেনে ভাবত ঘামিবলৈ ধৰিলে। সেই ঘামৰ পৰা চৌষষ্টি কলাৰ উৎপন্ন হল। গতিকে এই অসমতে চৌষষ্টি কলাৰ উদ্ভৱ নহয় জানো?

পুৰাণমতে আকৌ শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি এই কামৰূপৰ পৰা নিয়া ষোল হেজাৰ গোপিনীৰ পৰাই হেনো ষোল হেজাৰ ৰাগিনীৰ জনম। গতিকে ভাৰতীয়-সঙ্গীতৰ ষোল হেজাৰ ৰাগিনী প্রাচীন অসমৰে অৱদান নহয় নে?

ভাৰতীয় নাট্যশাস্ত্ৰৰ মতে ব্ৰহ্মাৰ আদেশ অনুযায়ী ভৰত মুনিয়ে শিৱৰ ওচৰলৈ গৈ ‘ডিম্বাকাৰ’ত নাট্য-সংযোগ কৰি দেখুৱালে দেখি শিৱ সন্তুষ্ট নহ’ল, কাৰণ সেই নাট্য মৃত্য নৃত্য বিহীন। নানা মুদ্রা, কৰণ, অঙ্গহাৰ আদি সংযুক্ত নৃত্য সেই নাট্যত যুক্ত কৰিবলৈ শিৱই তণ্ডুমুণিক দেখুৱাবলৈ আদেশ দিলে। তণ্ডুৱে দেখুৱালে। নৃত্য যুক্ত নাট্য শাস্ত্র প্রণয়ন কৰি ভৰত মুনিয়ে পৃথিৱীত প্ৰৱৰ্ত্তন কৰিলে। তণ্ডুমুনিৰ পৰাই নৃত্যৰ নাম তাণ্ডৱ হ’ল। কিন্তু কালিকা পুৰাণ মতে, গোটেই প্রাচীন অসম আছিল আদি শিৱ-মহাদেৱৰ লীলাভূমি, নাটক শৈল আছিল হৰ-ভোলানাথৰ আৱাস নিকেতন আৰু এই প্রকৃতিৰ লীলা নিকেতন অসম-বক্ষতে ভস্ম হোৱাৰ পাছতে কামদেৱে ৰূপ পাইছিল, সেই কাৰণে কামৰূপ। গতিকে ভৰতৰ নাট্য শাস্ত্রৰ আদিম প্রেৰণা-স্থল এই শিৱভূমি কামৰূপেই।

দৰাচলতে অসমত অসমীয়াৰ কৃষ্টি যথেষ্ট আছিল। তাৰ চৰম বিকাশ হৈছিল শঙ্কৰী যুগত। সেই ষোড়শ শতিকাৰ শঙ্কৰী যুগে অসমীয়া জাতিক যি দান দি গল, তাৰ পিছত অসমীয়াই বিশেষ একো কৃষ্টিগত অৱদান কৰিব পৰা নাই। আহোমৰ পৰবৰ্ত্তী শাসন কালত যি অলপ অচৰপ দিয়া হৈছিল, সি যথেষ্ট নহয়। ই বৰ পৰিতাপৰ বিষয়। বৃটিছ শাসনৰ পৰা অসমীয়া কৃষ্টিও ক্রমে অৱসান হৈ আহিল। আজি সাহিত্যত অসমীয়াই নতুন একো দিব পৰা নাই। ৺লক্ষ্মীনাথ বেজবৰুৱা আদি কবি যিসকল আধুনিক সাহিত্যিকে সাহিত্যত দান কৰিছিল আৰু দান কৰি আছে; সেই সকলৰ দান কিছুমানৰ বাহিৰে বিশেষ দান নহয়। সেই পুৰণি স্বৰৰে ন ন সাজত পুনৰাবৃত্তি শুনো। সেই লুইত, সেই পখিলী, সেই বিহু আদিৰ হে পুনৰ উল্লেখ পাওঁ। গল্প-উপন্যাসত পাওঁ সেই অভিজাত সম্প্রদায়ৰ জীৱনৰ ঘাত-প্রতিঘাত, শোষক জাতিৰ আত্ম গৌৰৱ, আত্ম গৰিমা; আত্ম মৰ্য্যাদা কিন্তু যি জাতি চিৰকাল শাসিত, শোষিত, নিৰ্য্যাতিত, অত্যাচাৰিত হৈ আহিছে সিহঁতৰ একো নাম-গোন্ধকে নাপাওঁ। যদিও কোনোবাই এই নিষ্পেষিত জাতিৰ বিষয়ে কিবা লিখিছে তাত বাস্তৱতাৰ অভাৱ থকা যেন লাগে। কাৰণ সেইয়া অভিজ্ঞতা-বিহীন শোষক জাতিৰ লিখকৰ দ্বাৰা লিখিত। সেই কাৰণে আধুনিক অসমীয়া গল্প বা উপন্যাস ইমান ৰসাল হৈ নুঠে৷ যি কি নহওক, অসমীয়া সাহিত্যত যে যথেষ্ট উৎকর্ষ সাধন হৈছিল তাক কোনেও নুই কৰিব নোৱাৰে আৰু ভাৰতৰ আন আন সাহিত্যৰ শাৰীত অসমীয়াও যে পৰে তাৰ প্রমাণ শঙ্কৰী যুগৰ সাহিত্য। ভাৰতৰ নিজ নিজ ভাষাত গদ্য লিখাৰ বাট প্রদর্শক হিচাবে অসমীয়াই গৌৰৱ অনুভৱ কৰিব পাৰে, তাৰ নিদর্শন ভাৰতবৰ্ষৰ ভিতৰত প্রথম নিজ ভাষাত গদ্য ৰচনা— ‘কথা গীতা’।

অসমত ভাৱনা, ওজাপালি যি মহাপুৰুষীয়া যুগৰ কৃষ্টি আছে, তাকো আধুনিক যুগোপযোগী কৰি গঢ়ি তুলিব লাগিব। তাৰ পিছত নাটকৰ কথা। নাটকৰ কাৰণে আমাৰ মানুহে মিছাকৈয়ে বেছিকৈ খৰচ কৰে। খৰচ কৰিলেই যে নাটক ভাল হ’ব, কোনো অর্থই নহয়। অসমত মোৰ অভিজ্ঞতাৰে যি দেখিছোঁ, ৰঙ্গমঞ্চৰ দৃশ্যাৱলীতকৈ এক ধৰণৰ ৰঙ্গমঞ্চই উৎকৃষ্ট। পাশ্চাত্য দেশতো বহু ‘ষ্টেজ’ত দৃশ্যাৱলী প্রায় উঠিয়েই গৈছে। ভাৰতীয় নাট্যশাস্ত্র মতে যি ত্ৰিবিধ ত্র্যস্ত্র, চতুৰস্ত্র আদি ৰঙ্গপীঠৰ উল্লেখ আছে, সেই ৰঙ্গপীঠ অনুযায়ী নাইবা সমভাগে বিভক্ত ৰঙ্গমঞ্চ, ত্রিকোণাকৃতি ৰঙ্গমঞ্চ, নাইবা ঘোঁৰাৰ ক্ষুৰ অনুৰূপী ৰঙ্গমঞ্চ আধুনিক যুগোপযোগী। পাদ-প্রদীপ আৰু উইংচ লাইট তীব্র হব লাগিব। ‘ফোকাচ লাইট’ৰও বন্দোবস্ত থাকিব লাগিব। ৰূপসজ্জাৰ আয়োজন সম্পূর্ণ আৰু প্রকৃত হ’ব লাগিব। প্রযোজক, পৰিচালক আৰু সঙ্গীত পৰিচালক হৈছে নেতা। নাটকত তিনিটাই হৈছে প্রধান,— নাট্যকাৰ, অভিনেতা আৰু দর্শক। এই তিনিৰ ঐক্য চেষ্টাতেহে নাটক ভাল হয়। কিন্তু গাঁৱলীয়া ৰঙ্গমঞ্চত নাটক কৃতকাৰ্য্য নোহোৱাৰ কাৰণ নগৰৰ ‘ষ্টেজ’ হিচাবেহে নাট্যকাৰে নাটক লিখে। সামাজিক নাটকৰ কথা নকওঁৱেই, পৌৰাণিক নাটকতো নাগৰিক জীৱনৰ প্রকাশ ভঙ্গীৰহে ছাঁ বেছি পৰে। শতকৰা নিৰানব্বই জনৰ জীৱনৰ প্রতিচ্ছবি আধুনিক নাটকত প্রতিফলিত নহয়, প্রতিবিম্বিত হয় শতকৰা এজনৰ জীৱনৰ ঘাত-প্রতিঘাতহে। নাটক লিখা বৰ টান ‘আৰ্ট’। তাৰ লিখা পদ্ধতিৰ আলোচনা কৰিবৰ এইয়া ঠাই নহয়। মুঠতে নতুন পদ্ধতিৰে, নতুন বাস্তৱজীৱন ৰচনা, প্রেৰণা, কল্পনা, অনুভূতি আদিৰে নতুন বিষয়বস্তু উলিয়াই মানস চকুৰে ৰঙ্গমঞ্চত দৃশ্যাৱলীৰ মাজত অভিনয় দেখাকৈ লিখিব লাগে। সেই নাটকত থাকিব বাস্তৱ জীৱন, থাকিব নিৰ্য্যাতিত-নিপীড়িত-দুখীয়া কৃষক-বনুৱাৰ দুঃখময় জীৱনত ঘাত-প্রতিঘাত অসমীয়া জীৱনৰ প্রকৃত ছবি। (ক্ৰমশঃ)

(ছপাৰ ভুল বুলি অনুভৱ কৰা অশুদ্ধি শুধৰোৱাৰ বাহিৰে ৰচনাৰ বানান পদ্ধতিত হাত দিয়া হোৱা নাই)


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কনিহা ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে প্ৰদান কৰা ভাষণটি পিছত ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ নামেৰে পুস্তিকা আকাৰে ছপা হৈ ওলাইছিল। যদিও বৰ্তমানে ৰাভাদেৱৰ ৰচনা আৰু সৃষ্টিসমূহৰ স্বত্ত্ব উকলি যোৱা নাই, জাতীয় স্বাৰ্থত বৰ্তমানে প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা পুস্তিকাখনি ধাৰাবাহিক ৰূপত ‘নীলা চৰাই’ত প্ৰকাশ কৰা হৈছে। এই সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে অনুগ্ৰহ কৰি আমাক জনালে (editor@nilacharai.com) প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। —সম্পাদক, নীলা চৰাই

আপোনাৰ আৰু ভাল লাগিব পাৰে:

AKCA-BRabha-Cover150x80

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

Leave a Reply

1 Comment on "অসমীয়া কৃষ্টিৰ চমু আভাস (৮)"

avatar
Sort by:   newest | oldest | most voted
trackback

[…] পূৰ্বৰ খণ্ড: ইয়াত পঢ়ক […]

wpDiscuz