অনুৰাগ

মহম্মদ ঘোৰীৰ পালি সেনাপতি। সৰু ভাও। মাত্ৰ এটা চিনত ওলাই যুদ্ধ কৰিব লাগে। পাৰ্ট বেছি নাই। ভাওটো সৰু হ’লেও ধীৰুৰ আনন্দৰ সীমা নাই। বুৰঞ্জীমূলক মুছলিম যুগৰ নাট এখনত ডাঢ়ি-গোঁফ লগাই মুছলমানৰ ভাও এটা কৰা সৰু কালৰে পৰা হেঁপাহ। হাটবৰত ভাবি আৰু ভুৱনে সাধাৰণতে মুছলিম ভাও কৰে। ভাবি-ভুৱনক মুছলিম ভাৱত চেৰ পেলোৱা ভাৱৰীয়া কদমতলীতে নাই। ভাবিয়ে চেলিমৰ ভাও, আহম্মদ চাহ ডুৰাণীৰ ভাও কৰে। ভুৱনে সদাশিৱ ৰাও আৰু কহিনুৰ নাটকত গোলাম কাদেৰৰ ভাও লয়। গোলাম কাদেৰৰ ভাও লৈ ভুৱনে ডিঙিৰ মণিডাল ঘূৰাই ঘূৰাই কি সাংঘাটিক ‘ডাইলগ’ দিয়ে। দৰ্শকে হাত তালিৰে হল উৰাওঁ উৰাওঁ কৰে। ভুৱনৰ ‘ডাইলগ’ৰ প্ৰথমছোৱা সি এতিয়াও অকলে অকলে মাতি থাকে। ‘ছোভান আল্লা, এইছা খুবচুৰত লেৰকী হমনে দুনীয়ামে কভি নহী দেখা। ইছ লেৰকীকো হামনে জৰুল কব্জামে আনেংগে’— আধা হিন্দী, আধা উৰ্দু মিহলি ‘ডাইলগ’টো তাৰ ওঁঠত লাগি থাকে। আনে ৰিহাৰ্ছেল কৰক নকৰক, সি আৰু তাৰ সখিয়েক কমল সদায় থাকিব। কমল ভাৰতীয় বীৰ। ষ্টেজত প্ৰথমে সিহঁত দুটাৰ বাকযুদ্ধ, পাছত যুঁজ। যুদ্ধত মুছলমান হাৰি পলাব লাগিব। ধীৰুৱে হাটবৰৰ ষ্টেজত ৰিহাৰ্ছেল কৰাৰ পাছত ঘৰতো কৰে বোলে। আইনাৰ আগত থিয় হৈ তালফাল কৰে। বিয়া কৰোৱা দুমাহ হৈছে। ঘৈণীয়েকৰ একেবাৰে অৱস্থা নাই। ‘পাৰ্ট’ মাতোঁতে তাৰ ওচৰত থিয় হৈ থাকিব লাগে। বেচেৰী দেৰগাঁৱৰ ছোৱালী। হাঁহি হাঁহি সহ্য কৰি গৈছে। আমাৰ নগাঁও-গুৱাহাটীৰ এজনী হোৱা হ’লে, খুৱালেহেঁতেন ভাত!
—এই ৰ ৰ, এইবোৰ ভিতৰুৱা কথা তই ক’ত শুনিলি? মুখ টিপি হাঁহি হাঁহি মই উভতি ধৰিলোঁ।
—অ…, এয়া ধীৰুৰ সখিয়েক কমলে কোৱা কথা। মোৰ দোকানত বহি বহি সি এইবোৰ কয়। ন-ছোৱালী। তাৰ লগত লাগি থাকোঁতে কেইবাদিনো গেছৰ ওপৰত ভাত ধৰি গৈছে। দালি-ভাজি খাব নোৱৰা হৈছে, মইহে জানো। ধীৰুৰ দাঁতত ভাত এটা লাগিলেও মই গম পাওঁ। কমলৰ লগত পিছফালৰ চোতালত যুদ্ধৰ আখৰা প্ৰায়ে কৰে, হেঃ হেঃ হেঃ।

ভঁৰালী গাঁৱৰ মাখন আহিলেই বুজিব লাগিব, সি কিবা এটা ফুটাবলৈ আহিছে। ৰসিক। আনে কিবা এটা দেখি আহক, মাখনে শুনি আহক। একেবাৰে জীৱন্ত বৰ্ণনা। আগতে দুদিনে-চাৰিদিনে আহি থাকে। মোতকৈ নবৌৱেকৰ লগত তাৰ বেছি কথা। মুঠতে সি আহিলে খিটখিট, ঢেকঢেকনিৰে ঘৰ উৰি থাকে। মাখনক বেয়া পোৱা মানুহৰ কথা শুনা নাই। এসময়ত মাখন হাটবৰত হোৱা বিহুৰ ঢুলীয়া। এতিয়া মাখন দোকানী। ভঁৰালী নামঘৰলৈ অহা যাত্ৰীসকলৰ বাবে পুৱাৰ পৰা বাৰ বজালৈ তাৰ দোকান। ঘৰৰ আগত টেবুল এখনত ঘিঁউৰ চাকি, মিঠাতেলৰ চাকি, ধূপ, অৰিহণাৰ লগত দিব পৰা তামোল-পাণ। মিঠামুখৰ হৰহৰীয়া ল’ৰা। বহুতৰ চিনাকিও। গতিকে ব্যৱসায় ভাল। দিনে এশ-ডেৰশ লাভৰ ঘৰত থাকে। চলি যায় তাৰ ঘৰখন। ল’ৰাটো, ঘৈণীয়েক আৰু সি। আবেলি বজাৰৰ বস্তু কিনিবলৈ আহোঁতেই এইদৰে কথাৰ মহলা মাৰে। দিনটোত মন খুলি কাৰবাৰ লগত কথা পাতিবলৈ নাপালে ৰাতি হেনো তাৰ টোপনি নাহে। বাৰাণ্ডাখনত মোৰ কাষতে বহি লৈ এসপ্তাহৰ আগতে হাটবৰ অৰুণ নাট্যদলৰ নাটকৰ কথা কৈছে—।
— কচোন তহঁতৰ নাটকৰ কথা। মই খুঁচৰি দিলোঁ। উস্‌! ভগা মথাউৰিৰে বাঢ়ি অহা পানীয়ে হৰহৰণি লোৱাৰ দৰে তাৰো কথা ওলালেই নহয়। সি কথা আৰম্ভ কৰিলে নাটকৰ দৰ্শকৰ দৰে বহি শুনি থাকিলেই হ’ল। তাৰ এটা দোষ— বহু সময়ত বিষয়বস্তুৰ পৰা আঁতৰি আহে। তেতিয়া আকৌ লিকলৈ আনি দিব লাগে। মোৰ কথাষাৰ শেষ হ’ল কি নহ’ল, মিচিককৈ হাঁহি এটাৰে আৰম্ভ কৰিলেই।
— আজিকালি বুৰঞ্জীমূলক নাটক জনা কেইটা আছে? বুৰঞ্জী বিষয়টোৱেই নাইকিয়া হ’ল। এইবোৰ নাটক কৰিবলৈ কষ্ট কৰিব লাগিব। ধৈৰ্য লাগিব। বুৰঞ্জীৰ এটা সময় বুজাবলৈ নাটকৰ পৰিৱেশ, অভিনেতা-অভিনেত্ৰীৰ সাজ-পোছাক, নাটকত ব্যৱহাৰ কৰা বয়-বস্তুবোৰ সেই সময়ক বুজাব পৰা হ’ব লাগিব। সেইবোৰ অধ্যয়ন কোনে কৰে? এতিয়াৰ দৰ্শকো বেলেগ। সৰু সৰু সামাজিক নাটকবোৰ চাই, টিভিৰ ছিৰিয়েলবোৰ দেখি বুৰঞ্জীমূলক গহীন নাটকবোৰ চাবলৈ টান পায়। এটা চিনৰ পৰা ইটো চিনলৈ অকণমান দেৰী হ’লেই ‘টু-লেট টু-লেট’কৈ চিঞৰ-বাখৰ, হৈ-ছৈ কৰে। হে’ৰা! এটা ছেটৰ পাছত ইটো ছেট লগাওঁতে সময় লাগে। ক’ৰবাত গজাল মাৰিব লাগে, ক’ৰবাত জোৰা-ফোন্দা দিব লাগে, নুবুজে দৰ্শকে। সেয়ে পাছলৈ খং উঠি নাটকৰ পৰিচালক ভাবি দাদাই ইটো চিনৰ পাছত সিটো চিন আৰম্ভ কৰি দিলে। মুঠতে হৰেন দাদাই যদি প্ৰম্পটৰ কাৰণে নাটক হাতত নল’লেহেঁতেন, সেইদিনা হৈছিলেই। ভাবি দাদা মহম্মদ ঘোৰী, ভুৱন পৃথ্বিৰাজে নাটকখন টানি লৈ গ’ল। হেঃ হেঃ হেঃ।

মাখনে কি লেকচাৰ মাৰিছে, মই শুনাৰ ভাও ধৰিছোঁ যদিও মনটো মোৰ বহু দূৰ অতীতলৈ ঢাপলি মেলিলে। আমি তেতিয়া হাইস্কুলীয়া ল’ৰা। সেই সময়ত নাটক বুলিলে বুৰঞ্জীমূলক বা মাইথল’জিকেল নাটকহে বুলি ভাবে। আজি অৰুণ নাট্য গোষ্ঠীৰ ষ্টেজৰে সৈতে আধুনিক নাটঘৰ। আসনৰ সুবিধা আছে। বিজুলীৰ সুবিধা। মাইকৰ সুবিধা। এতিয়া একো চিন্তা নকৰাকৈ ভাৱৰীয়াই ‘ৰিহাৰ্ছেল’ কৰিব লাগে আৰু ষ্টেজত ওলাব লাগে। অথচ এতিয়াৰ ল’ৰাহঁতে নাটক কৰিবলৈ নাহে। এতিয়াৰ নাটঘৰৰ ঠাইতে তেতিয়াৰ বাৰ গঞা ডেকা ল’ৰাই হজ কৰি ওচৰৰ গাঁৱৰ পৰা অনা বুঢ়া তামোল গছেৰে ষ্টেজ আৰু হল তৈয়াৰ কৰি কদমতলীৰ নামী ভাৱৰীয়াৰ সহযোগত নাটক কৰিছিল। সেইবোৰ নাটক আজিৰ ল’ৰাহঁতে কৰিবলৈ ভয় কৰে। ‘চন্দ্ৰকান্ত সিংহ’, ‘ললিতাদিত্য’, ‘নৰকাসুৰ’, ‘চাহজাহান’, ‘হাইদৰ আলী’, ‘শিৱাজী’, ‘মহাৰথী’, ‘শ্ৰীৰামচন্দ্ৰ’। নৰকৰ অভিনয়ত সৰ্বেশ্বৰ পঞ্চানন, ভীম বাণেশ্বৰ, শকুনি বাদ্য-বিশাৰদ হৰেন শৰ্মা, ৰাৱণ গণেশ খাউণ্ড, টিপু চুলতান বিপিন বৰদলৈ। এই সকলৰ উপৰি গোলাপ বৰুৱা, শিৱ বৰুৱা, পদুম শৰ্মা কি শক্তিশালী ভাৱৰীয়া। সেইসকলক চেৰ পেলোৱা ভাৱৰীয়া আমাৰ কদমতলীত এতিয়াও সৃষ্টি হোৱা নাই। জীৱনৰ নাট সামৰি সেইসকলৰ প্ৰায়কেইজনে মহাপ্ৰস্থান কৰিলে। দুই-এজন ৰান্ধনী বেলিৰ উম লৈ আছে।

— অ’ আপুনি দেখোন কিবা তপস্যা কৰাৰ লেখীয়া কৰিছে? কথাবোৰ শুনি ভাল পোৱা নাই নেকি?
— নহয়, মই তই কোৱা কথাবোৰ চিন্তাহে কৰিছোঁ। মোৰ ভাববোৰ সামৰি হাঁহি এটাৰে আকৌ অৰুণ নাট্য সমাজত প্ৰৱেশ কৰিলো।
— তাৰমানে ল’ৰাহঁতৰ সিমান উৎসাহ নাই?
— ভাল কথা কৈছে, আজিকালি ল’ৰাহঁতৰ কোনটো ভাল কামত উৎসাহ দেখিছে? বিহু পতাৰ বাহিৰে আমাৰ ল’ৰাই অন্য কাম কৰিব নোৱাৰে। বিহু পাতিলে লাভ দুপইচা হাতত থাকে। পাৰোঁতে জানো আমাৰ মুখৰ ভাত আনে কাঢ়ি খাইছে? নতুনকৈ পাৰ্ট লোৱা ল’ৰাখিনি যেন তেন, আধা সিজা কেইটামান আছে, সিহঁতৰ কি ভেম! আখৰালৈ নাহে। ‘প্ৰক্সী’ দিব লাগে। এইবোৰৰ কাৰণেই আমাৰ নাটকবোৰ বেয়া হয়। এদিনো ভালকৈ ৰিহাৰ্ছেল নকৰাকৈ নাটক কৰি কিমান বিপদত পৰিছে। সেইটো তগৰ— দুঃশাসন। দ্ৰৌপদী এজনী নতুন ছোৱালী। ডাঙৰ শিল্পী। চবজান্তা। দ্ৰৌপদীৰ লগত এদিনো ৰিহাৰ্ছেল নহ’ল। নাটকৰ দিনা আচল দ্ৰৌপদীয়ে গ্ৰীনৰূমৰ চুক এটাত নিজৰ বচন চাই আছে। এতিয়া দ্ৰৌপদীক ৰাজসভালৈ আনিবলৈ হুকুম হোৱাৰ লগে লগে অট্টহাস্য কৰি দুঃশাসনে উইঞ্চৰ কাষত নাটক চাই থকা অন্য এজনী ছোৱালীক টান মাৰি ষ্টেজলৈ লৈ আহিল,— ‘মই নহয়, মই নহয়’ বুলি ছোৱালীয়ে হুকহুকাই কান্দি দিলে। হলত হাত চাপৰি— কিৰিলি। ভাগ্যে মাণিকে স্ক্ৰীনখন পেলাই কোনোমতে ৰক্ষা কৰিলে।
হাঁহিৰ কোবত মই ৰ’ব পৰা নাই— হেৰৌ, সঁচানে? সঁচানে? বুলি কথাষাৰ সুধিবলৈ অতি কষ্টৰে মুখখন জোঙা কৰিলোঁ।
—সঁচা। সঁচা। আকৌ আমাৰ হীৰেনৰ কথা জানেনে নেজানে? সি হাঁহি হাঁহি সুধিলে।
—সেইটো কেনেকুৱা? মই অবাক হোৱা যেন দেখুৱালো।
—সেইটো আৰু সাংঘাতিক।
আখৰা নকৰা বেমাৰ হীৰেনৰো। ভাওনাত ঋষি-মুনিৰ ভাও কৰে। হীৰেন আমাৰ কদমতলীৰ চাব মৰা বিশ্বামিত্ৰ। ৰামবিজয় নাটকত হীৰেন সদায় বিশ্বামিত্ৰ। এইবোৰ ভাও লওঁতে লওঁতে মানুহটোৰ খোজ কাটল, কথা-বতৰা ঋষিটোৰ দৰে হৈছে।
—কি হৈছিল চমুৱাই ক। কথা এটা আৰম্ভ কৰি শেষ কৰিবলৈ তাৰ সময় বহুত লাগে। সেয়ে তাক মাজে মাজে সোঁৱৰাই থাকিব লাগে।
—পূৱথৰীয়াত ভাওনা। হীৰেন নিমন্ত্ৰিত শিল্পী। ৰাম আৰু লক্মণ একে সমান দুটা ল’ৰা। দেখিবলৈ প্ৰায় একে। সাজ-সজ্জা আৰু ৰূপসজ্জা শিল্পীয়ে দুয়োকে একে মেকআপ কৰি দিলে। সাধাৰণতে ৰাম শ্যাম বৰণৰ, মূৰৰ মুকুট লক্ষ্মণতকৈ বেলেগ। ইয়াত একে। বাকীবোৰ ঠিকেই গ’ল। সীতাৰ সয়ম্বৰত জনকক ৰাম-লক্ষ্মণৰ চিনাকি দিবলৈ বচন মাতিছে— ‘আহে মহাৰাজ! তোহাৰি বান্ধৱ দশৰথৰ পুত্ৰ ওহি…’ বুলি হাত মেলি ৰৈ গ’ল। কোন ৰাম, কোন লক্ষ্মণ চিন নাই। ‘আ-হা, আ-হা’ বুলি ‘একশ্বন’ৰ ওপৰত সূত্ৰধাৰীক সুধিছে— ৰাম কোনটো? সূত্ৰধাৰী হলিৰামে চকুৰে ভালকৈ ধৰিব নোৱাৰে; কৈ দিলে সোণাৰামৰ পুতেক। এতিয়া পূৱথৰীয়াৰ কোন সোণাৰাম, কোন ৰূপৰাম হীৰেনে চিনি নাপায়। হাহাকাৰ। একশ্বন দি সময়ত বায়নৰ ওচৰত যেনিবা গম পালে— থাপনাৰ ফালৰজন ৰাম। তেহে ৰক্ষা।
—হেৰ’! এইবোৰ বাতৰি তই ক’ত সংগ্ৰহ কৰিলি? তোক মানুহে ‘গেজেট’ নামটো এনেয়ে দিয়া নাই। এতিয়া তহঁতৰ নাটক কি হ’ল ক। আমাৰ ধীৰুৱে কেনেকুৱা কৰিলে?
—সৰুভগীয়া গাঁৱৰ ধীৰু নাট-ভাওনাত বৰ উৎসাহী ল’ৰা। তেজপুৰত চাকৰি কৰে। চাকৰিটোও সাংস্কৃতিক বিভাগৰে। বিহুকে আদি কৰি বিভিন্ন শিল্পীদলক অসমৰ বাহিৰে-ভিতৰে লৈ প্ৰদৰ্শন কৰায়। সময় পালেই মোৰ ওচৰলৈ আহে। দুদিনমানৰ আগতে শাহুৱেক আৰু তাৰ খুলশালীয়েকক আমাৰ ঘৰলৈ ফুৰাবলৈ আনিছিল। বৰ ভাল লাগিল মানুহগৰাকীক। খুলশালীয়েকে কলেজত পঢ়ি আছে। জোঁৱায়েকে ‘পাৰ্ট’ লোৱা নাটক চাবলৈকে বোলে আহিছে। মাখনে আৰম্ভণিতে ধীৰুৰ কথা কৈ জোৰটো বেছি দিয়াত মই অলপ সন্দেহ কৰি আছিলো। নাটকত ধীৰুৰ খেলিমেলি এটা হ’ল বুলি ইটো-সিটোৰ মুখত শুনিছোঁ। তথাপি মাখনৰ মুখত কথাবোৰ শুনিবলৈ ভাল লাগে কাৰণে ধীৰুৱে কেনেকুৱা কৰিলে বুলি— বিষয়টো অৱতাৰণা কৰিলো।
—হেঃ হেঃ আমাৰ নাটকত ধীৰুৰ ঘটনাটোহে আপোনাক ক’বলৈ আহিছিলো। শুনিছে চাগৈ?
—কোনটো ঘটনা? মই আৰু অবাক হৈ দেখুৱালো।
—এহ্‌ গোটেইখন তল-ওপৰ হ’ল। কথাটো ভাবি বেয়াও লাগিছে। আখৰালৈ আন কোনোবা আহক নাহক, ধীৰু সদায় আগতে আহে। দুফাঁকি কথা— তাকে সদায় মাতিব। কেতিয়াবা তেজপুৰৰ অফিচৰ পৰা বাহিৰে বাহিৰে আখৰা। কেইদিন ৰাতি ন বজালৈকে নতুন ঘৈণীয়েক অকলে অকলে ঘৰখনত কঁপি-জপি থাকে। নাটকৰ দুহেজাৰমান টকাৰ টিকেট সি অকলে বিক্ৰী কৰিলে। তাৰ ভাও চাবলৈ শাহুৱেক, খুলশালীয়েক আহিল। সন্ধিয়াৰ লগে লগে ঘৈণীয়েকৰ সৈতে গাড়ী এখনত লৈ আহি তিনিটা ভি আই পি চিট লৈ আগত বহুৱাই দিলে।
—তাৰ কি হ’ল ক। এইবোৰ বিৱৰণ নালাগে। মই কৃত্ৰিম খং দেখুৱালো।
—ৰ’ব। কথাবোৰ তেহে পৰিষ্কাৰ হ’ব। হাঁহি এটা মাৰি সি মাত দিলে।
—সি নাটকত ওলাবলৈ নাপালে নহয়, হেঃ হেঃ হেঃ। সন্ধিয়াৰে পৰা সখিয়েকৰ লগত একেলগে ‘মেকআপ’ কৰি বহি আছিল। দুয়োটাই কেনেকৈ কথা ক’ব, কেনেকৈ যুদ্ধ কৰিব সেইবোৰ আলোচনা। মাজে মাজে খুলশালীয়েকহঁতৰ বাবে ষ্টেজৰ কাষতে বহা পিতৌৰ দোকানৰ মিঠাপাণ, দালবুট, চকলেট চাপ্লাই দি আছে।
—সি নাটকত ওলাবলৈ নাপালে নেকি? নাটক আগতেই শেষ হ’ল নেকি?
—নহয়। সিহঁতৰ চিনটো আৰম্ভ হোৱাৰ আগতে দুয়োটা, মানে সখিয়েক কমলৰ লগত গ্ৰীনৰূমতে বহি আছিল। ইতিমধ্যে পিলিঙা ল’ৰা কিছুমান সৈন্য হ’ল। এজাক ভাৰতীয় সেনা, এজাক মহম্মদ ঘোৰীৰ মুছলমান সেনা। যুদ্ধ কৰিব লাগে। ইহঁতৰ আখৰা নালাগে। মেকআপ কৰাৰ আগতে দুই দলকে গোটাই পৰিচালক ভাবি দাদাই তন্ন তন্নকৈ কি কৰিব লাগিব বুজাই দিছে। মহম্মদ ঘোৰীৰ পালি সেনাপতি ধীৰু আৰু ভাৰতীয় বীৰ অজয় সিংহ মানে কমলে যুদ্ধ আৰম্ভ কৰিব। ভাৰতীয় সৈন্যৰ পৰাক্ৰমত মুছলমান সৈন্য পলাই যাব। আৰু শেষত পৃথ্বিৰাজৰ লগত মহম্মদ ঘোৰী পৰাজিত হৈ ভাৰত এৰিব।
— পাছত, পাছত কি হ’ল? মই উৎকণ্ঠা দেখুৱালো।
— মোক এই মহম্মদ ঘোৰীৰ সেনাবোৰে পাগল কৰি দিলে নহয়। ভাৰতীয় সেনাখিনি শান্ত হৈ বহি আছে। ইহঁত একেবাৰে নেগুৰ কটা বাঘ। স্পিৰিট গমেৰেই ডাঢ়ি-গোঁফ লগাই দিয়াত সেইবোৰে টানি ধৰিছে। ৰূপশিল্পী প্ৰসন্নই প্ৰত্যেকৰে মূৰত ক’লা কাপোৰ এখন লগাই আৰবৰ সৈন্যৰ দৰে কৰি দিলে। সিহঁতে হাতে হাতে তৰোৱাল লৈ দুটামান বাহিৰত থকা দোকানলৈ, দুটামান ষ্টেজৰ কোনোবা চুকত ঘূৰি ফুৰিছে। যেন বাংলাদেশীকেইটাহে ধনিয়া চাপৰি, ভোজখোৱা চাপৰিত ঘূৰিছে। সদায় লগত ফুৰি থকা ল’ৰাকেইটাৰ চিন ধৰিব নোৱাৰি। ‘তই কোন, তই কোন’কৈ চিনাকি বিচাৰে। পিতৌৰ পুতেকে লগৰ এটা লৈ বাপেকৰ হাতৰ পৰা দুখন মিঠা পাণ খালে। বাপেকে চিনি নাপালে। একে মানুহ, একে ডাঢ়ি-গোঁফ। এতিয়া কাক কোনে চিনি পায়!
—হায় ঐ! পাৰোঁতে আমেৰিকাই লাডেন ওমৰক বিচাৰি ঢোকে ঢোকে পানী খাইছিল। অসমতো লেখি-পিজলিৰ দৰে নেবাছিলে ক’ত বিদেশী পাব? বিচাৰিব কোনে? বাংলাদেশী বুলি গম পালেই আমাৰ আৰক্ষীৰ কাপোৰে-কানিয়ে সৰুপানী বাহিৰ হয়। হেঃ হেঃ। হাৰাশাস্তি হাৰাশাস্তি বুলি এদলে তালফাল লগাব।
—নহয় ধীৰুৰ কথা ক। মই হাঁহি মাত দিলোঁ। এইবোৰ নহয়।
—গৈ আছোঁ, শুনিব। মই ষ্টেজ মেনেজাৰ। প্ৰতিটো চিনত মই ভাৱৰীয়া সাজু কৰাব লাগে। অতি কষ্টেৰে বাংলাদেশী অনাদি ধৰি আনি সৈন্যবোৰক পৰিচালকক গটাই দিলো। তেতিয়াহে দেখিলো, ইহঁত দুটা, মানে ধীৰু আৰু কমল নাই। হাহাকাৰ। ইপিনে দৰ্শকৰ চিঞৰ— ‘টু-লেট টু-লেট’। পৰিচালক ভাবিয়ে একো ভাবিব নোৱৰা অৱস্থা হৈ মূৰে-কপালে হাত দি বহি গ’ল। হৰেন দাদাক মানুহে ‘মেড ইজী’ বুলি নাম দিছে। যিকোনো সমস্যা সমাধান কৰিব পৰা মানুহ। ঠিক আছে। মই এটা ভাৰতীয় সৈন্যক ‘ডাইলগ’ দি মঞ্চত উঠাম,— তুমিও এটা মুছলমান সৈন্য ঠিক কৰা বুলি ভাবিক কৈ চিঞৰ মাৰিলেই— ‘জয় ভাৰত মাতা কি জয়’। লগে লগে সিটো পক্ষৰ— ‘আল্লাহো আকবৰ’। বচ্‌, দুটামান ফটকা ফুটাৰ পাছত স্ক্ৰিন দাং খালে। খোলা তৰোৱালেৰে এজন ভাৰতীয় সৈন্যই চিঞৰি দিলে— পৰদেশ লুণ্ঠনকাৰী সাম্ৰাজ্যবাদী বিদেশী চয়তান। আহ্‌ তহঁতৰ তেজেৰে জননী-জন্মভূমিক পূজা দিম।
—হাঃ হাঃ…, কাফেৰ হিন্দু। আল্লাই আমাক তহঁতক কাটল কৰিবলৈ পঠাই দিছে। অস্ত্ৰ ধৰ—। মুছলমান সৈনিকৰ হুংকাৰ। দুয়োপক্ষৰ সৈন্যৰ মাজত তামাম যুদ্ধ। মুছলমান সেনা এটা এটাকৈ হাৰি মঞ্চ এৰি দিয়াৰ লগে লগে মহম্মদ ঘোৰী আৰু পৃথ্বীৰাজৰ যুদ্ধ। দৰ্শকৰ হাততালি। যেন জোকাৰি দিয়া আমৰ ডালৰ পৰাহে আম সৰিছে। মহম্মদ ঘোৰীও যুদ্ধত হাৰি গ্ৰীনৰূমত গৈ ঢোকা ঢোকে পানী খালেগৈ। নাটকখনত অতি কষ্ট কৰিছে। এবাৰ মিউজিক বক্সলৈ, এবাৰ সাজ-সজ্জাত লাগিছে। তাৰ মাজতে মঞ্চৰ সিটো দিশত থকা মুৰুলীৰ পৰা নাটক লৈ প্ৰম্প্‌ট কৰিব লগা হৈছে। এনেতে ধীৰু আৰু কমল ভাবি দাদাৰ ওচৰত উপস্থিত।
—অ, সিহঁত ক’ত আছিল? মই আকৌ হাঁহি হাঁহি সুধিলো।
—গৰমত ‘মেক্‌ আপ’ বেয়া হ’ব বুলি মঞ্চৰ পিছফালৰ দুৱাৰ খুলি দুয়োটা বাহিৰত ৰৈ আছিল। হেঃ হেঃ হেঃ!
ধীৰুৰ সেই সময়ৰ অৱস্থাটোৰ কথা কল্পনা কৰি উকটি উকটি হাঁহিলো।
—তেনেহ’লে ধীৰু নাটকত ওলাবলৈ নাপালে?
—ঘৈণীয়েকে নাটকত ওলাইছে বুলিয়েই ভাবিলে নহয়। দেৰগঞা ছোৱালী, উভতি যাওঁতে দিলে কৈ— ঘৰত আইনা চাই কৈ থকা শব্দ এটাও নুশুনিলো। ‘মেক আপ’ কিন্তু বৰ ভাল হৈছিল পাই। একেবাৰে চিনিব নোৱাৰি।
— হিঃ হিঃ, উজনি অসমৰ ছোৱালী, কথাই প্ৰতি পাই-পাই। হেঃ হেঃ হেঃ।


ছবি: গৌতম খাউণ্ড

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

1 Comment on "অনুৰাগ"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
গুণীন হাজৰিকা
Member

Kusumdadai likhar majat kaliaboror manuhar chabi pichar kalaloi thoi gase.

wpDiscuz