অনুভৱ

১/
আত্মীয়তাৰ কি ৰং ?
সেউজীয়া, নীলা, হালধীয়া
নে ধূসৰ ছাইবৰণীয়া?
বুকুত কীটৰ দংশন লৈ এতিয়াও উদযাপন কৰোঁ
তোমাৰ আত্মীয়তা,
উজাগৰী নিশাৰ অস্ফুট হালধীয়া।

২/
সুখৰ সংজ্ঞা কি?
কেনেকৈ নিগৰে সুখ?
হৃদয়ত বিষণ্ণতাৰ এমুঠি কলাজ,
সপোনৰ আঙুলিত মৰিচিকাৰ লাহ-বিলাহ।
সুখ এতিয়া দিঠকতকৈও লঠঙা,
নিঃসংগতা, এতিয়া মৃত্যুতকৈও চেঁচা।

৩/
কি ৰং সানিলে বিষাদৰ বুকুত গজি উঠে পাৰিজাত পৃথিৱী?
কি ৰং সানিলে অহৰহ বৈ যায় সুখৰ মিচিছিপি?
চকুপানী নে দুখৰ ভাষা?
তোমাৰ আঙুলিত ধৰি আৰু উপভোগ নকৰোঁ
ভগ্ন হৃদয়ৰ ছন্দোময় নৃত্য-নাটিকা।

৪/
ডেউকা ভগা পক্ষীৰ অহংকাৰ ক’ত!
ৰঙা কৃষ্ণচূড়াৰ ৰক্তাভ বুকুত নে
শাণ দিয়া হুমুনিয়াহৰ তপত উশাহত?
দুঃখৰ ধূলি উৰুৱাই শেষ হৈ যায়
বিধ্বস্ত সন্ধিয়াৰ অন্তিম সপোন।
হেঁপাহ, সপোনৰ কঠিয়া নে
যৌৱন, জোনাকৰ ঠিকনা!
দোমোজাত ৰৈ থাকে অস্থিৰতাত উতলা মোৰ সময়।

আপোনাৰ আৰু ভাল লাগিব পাৰে:

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz