অনুৰাগ বুঢ়াগোঁহাইৰ কবিতা

জীৱন: বিষাদৰ আন এক নাম

জীৱনৰ সাধাৰণ অৰ্থবোৰ উলিয়াবলৈ গৈ
বাৰেপতি ৰৈ গৈছে ৰহস্যৰ ঘন কুঁৱলি।
নিয়ৰৰ কণা আৰু
বাঁহীৰ লালিত্যঘন সুৰ,
সকলোবোৰ তল
পৰি গৈছে
এজাকভোকাতুৰ মানুহৰ আৰ্তনাদত।

পৃথিৱীৰ সকলোবোৰ
ৰং লুকাই গৈছে,
মাথোঁ এজাক জোনাকীয়ে

পোহৰ দিবলৈ চেষ্টা কৰিছে।

অজানিতেই শেষ হৈ গৈছে
জোনাকী উপন্যাসৰ
এটা এটা অধ্যায়।
স্তৰে স্তৰে সংগ্রামৰ বীজ বুকুত লৈ

মৃত্যুৰ কোৰাছ গাই গাই
শেষ হৈছে কিছু আৰ্তনাদ
আৰু কিছু হুমুনিয়াহ।

স্বপ্নময় অন্ধকাৰ চৌদিশে,
কিন্তু, প্রাণ পাই উঠিছে

একো একোটা নিখুঁত ভাস্কৰ্য।
তেজে তেজে আৰু সিৰে সিৰে
বৈ গৈছে অনুভৱৰ ধাৰ।

প্রতিবাদৰ নৈ শুকাই খৰাং হৈ গৈছে
জীৱনৰ দেনা পাওনাৰ
সকলোবোৰ হিচাপ-নিকাচ শেষ হৈ

ক্রমাৎ বিগলিত অন্তৰক
বিগলিত কৰি তুলিছে,
সেই তাহানিৰ বিষাদৰ
গানবোৰেই ।

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz