আত্মজাহ

অভিজিৎ কুমাৰ হাজৰিকা

তমসাৰে ভৰা নিৰৱ ৰাতিবোৰত
সুৱাস বিলাই সৰি পৰে
শুভ্র সুকোমল পাহিবোৰ।
ঊৰ্ধ্বমুখী ৰঙা আধাৰডালৰ সঁহাৰিত
এপাহ এপাহকৈ
সেমেকা নিয়ৰত তিতি থকা
সেমেকা দুবৰিবোৰৰ ওপৰত
শেৱালিবোৰ!

যিদৰে আশাবোৰ
প্রতাৰক জীৱনৰ নিৰৱতাত
উচুপি উচুপি ভাগি সৰে
অশ্রুশিক্ত ক’লা বুকুখনত।

নীল চৰাই . কাতি . ১৮ অক্টোবৰ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু বিনামূলীয়াকৈ ই-বুক লাভ কৰক !


আমাৰ ই-মেইল তালিকাত যোগ দিয়ক আৰু প্ৰীতিৰ চিন স্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'অসমীয়া কৃষ্টিৰ চমু আভাস' ই-বুক (ই-পাব/ মবি/ পিডিএফ) ৰূপত পাওক বিনামূল্যে !

আমি আপোনাৰ ই-মেইল ঠিকনা নিশ্চিত কৰিব লাগিব। আমি এইমাত্ৰ আপোনালৈ এটা ইমেইল প্ৰেৰণ কৰিছোঁ; সেই ইমেইলত দিয়া লিংকত ক্লিক কৰি আপোনাৰ চাবস্ক্ৰিপশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

সম্পাদক

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz