আপোচ

[ ধ্ৰুৱজ্যোতি শৰ্মা ]

—তোমাৰ জীৱনলৈ কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰিব, যিবোৰৰ লগত তুমি মিট্-মাট কৰিবই লাগিব।
—যদি নকৰোঁ?
—তোমাৰ জীৱনটো একপক্ষীয় হৈ যাব। তুমি নিজে সুখী হ’বা, কিন্তু আনক সুখী কৰিব নোৱাৰিবা।
—আনৰ সুখ-দুখৰ কথা চিন্তা কৰিবলৈ গ’লে মোৰ ধ্যান-ধাৰণা, আদৰ্শ দেখোন সকলোবোৰ ত্যাগ কৰিব লাগিব।
—সেইটোৱেই আচল কথা। জীৱনটো বাঙ্ময় কৰি তুলিবলৈ কিছুমান ক্ষেত্ৰত তুমি এৰা-ধৰা কৰিবই লাগিব। অৰ্থাৎ কিবা এটা পাবলৈ তুমি কিবা অলপ এৰিবই লাগিব। একেলগে দুটা ফল তুমি কেতিয়াও ধৰিব নোৱাৰা।

…পৰাণ বৰুৱাই বিমান ফুকনৰ লগত কৰা বাৰ্তালাপৰ এয়া কিয়দংশ। পিছে এই বাৰ্তালাপ এতিয়াৰ নহয়। বহুদিনৰ পূৰ্বৰ, তেওঁলোক দুয়ো কটন কলেজত পঢ়ি থকা সময়ৰ। পৰাণ বৰুৱাই তেওঁৰ প্ৰিয়তম বন্ধু বিমান ফুকনৰ লগত আবেলি বা সন্ধ্যা এনেদৰেই আড্ডা মাৰি সময়বোৰ পাৰ কৰিছিল। তেওঁলোকৰ আড্ডাস্থলী আছিল পাণবজাৰৰ এখন নিৰ্দিষ্ট ৰেষ্টুৰেণ্ট। সমুখত ধূমায়িত চাহৰ পিয়লা লৈ বিভিন্ন বিষয়ৰ ওপৰত পাণ্ডিত্য জাহিৰ কৰি কৰি তেওঁলোকে এনেকৈয়ে পাৰ কৰি দিছিল অকালতে বৈধৱ্যক আঁকোৱালি লোৱা নাৰীৰ দৰে বিষণ্ণ গধূলিবোৰ। ৰবি ঠাকুৰ, জীবনানন্দ, কেম্যু, কুণ্ডেৰা, জয়চ্ আদিৰ লগত চিনাকি হ’বলৈ মাজে মাজে জিলা পুথিভঁৰাললৈ গৈছিল। বন্ধৰ দিনত কেতিয়াবা চিনেমা চাইছিল। আবেলি আৰু সন্ধ্যাৰ আজৰি সময়কণ পাৰ কৰিবলৈ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়েই এনেবোৰ পন্থাকে অৱলম্বন কৰিছিল। কাৰণ এতিয়াৰ দৰে মহানগৰীৰ আবহাওৱা আৰু কটন কলেজৰ পৰিৱেশ সেই সময়ত ইমান মুক্ত নাছিল যে ছাত্ৰ-ছাত্ৰীবোৰে প্ৰেমিক-প্ৰেমিকাৰ লগত দীঘলী পুখুৰীৰ পানীত নৌকা-বিহাৰ কৰি কিম্বা কোনো উদ্যানত গাত গা লগাই নিঃসংকোচে সময়বোৰ পাৰ কৰি দিব। কাৰোবাৰ মাজত হৃদয় বিনিময় হৈছিল যদিও সংশ্লিষ্ট প্ৰেমিক-প্ৰেমিকাহালৰ বাহিৰে সেই কথা বাকীবোৰে খুব কমেইহে গম পাইছিল।

শৈশৱৰে পৰা পৰাণ বৰুৱা আছিল আঁকোৰগোজ স্বভাৱৰ। নিজৰ মতত তেওঁ সদায় দৃঢ় আছিল। আদৰ্শৰ ক্ষেত্ৰত বৰুৱাই কেতিয়াও কাৰো লগত আপোচ কৰা নাছিল। তেওঁ সমগ্ৰ জীৱনটো নিজৰ আদৰ্শত অটল হৈয়ে থাকিব পাৰিব বুলি ভাবিছিল। বহু ক্ষেত্ৰত সফলো হৈছিল তেওঁ। কিন্তু কিছুমান ঘৰুৱা, স্পৰ্শকাতৰ বিষয়ত নিজৰ আদৰ্শ জলাঞ্জলি দিবলৈ তেওঁ বাধ্য হৈ পৰিছিল। বিষয়বোৰৰ লগত মিত্ৰতা স্থাপন কৰাটোৱেই উত্তম হ’ব বুলি গণ্য কৰিছিল। সেই কলেজীয়া বন্ধু বিমল ফুকনে কোৱাৰ দৰেই।

***

—তই ক’লেই হ’বনে? কাপোৰ-কানি, গহনা-গাঁঠৰি নিদিয়াকৈ আমি কেতিয়াও ছোৱালী ঘৰ সুমুৱাবহি নোৱাৰোঁ।
—আস্! তোমালোকে কথবোৰ বুজিবলৈ চেষ্টা কৰাচোন।
—কিটো বুজিবলৈ আছে অ’? বিয়াৰ আগতে ছোৱালীক কাপোৰ-কানি, গহনা-গাঁঠৰি আদি দি জোৰোণ পিন্ধোৱাটো এটা ডাঙৰ নিয়ম। এই নিয়ম পালন নকৰাকৈ আমি কেনেকৈ ছোৱালী ঘৰ সুমুৱাওঁ, কচোন?
—তোমালোকক মই নিয়মটো পালন নকৰিবলৈ কোৱা নাই নহয়। মাথোঁ কৈছোঁ, এযোৰ কাপোৰ আৰু এটা আঙঠি দিলেই হ’ব। কেৱল মানুহক দেখুৱাবলৈকে টকা-পইছা খৰচ কৰি ইমানবোৰ কাপোৰ-কানি, গহনা-গাঁঠৰি দিয়াৰ কোনো অৰ্থ নাই।
—অৰ্থ-অনৰ্থৰ কথাটো বাদ দে। প্ৰথমে মান-সন্মানৰ কথাটো চিন্তা কৰ। এযোৰ কাপোৰ আৰু এটা আঙঠি লৈ জোৰোণ পিন্ধাবলৈ গ’লে কইনাৰ ফালৰ মিতিৰে আমাক টোকোনা বুলি নাহাঁহিবনে? আমাৰ নাকটো তেতিয়া ক’ত থাকিবগৈ?…

মাক, পেহীয়েক, মামীয়েক, বায়েক— কাকোৱেই পৰাণ বৰুৱাই সৈমান কৰাব নোৱাৰিলে। নিজৰ মতত সকলো নাছোৰবান্দা। বহুতো তৰ্কাতৰ্কিৰ মূৰত তেওঁলোকে শেষ ঘোষণা কৰি দিলে— কাপোৰ-কানি, আ-অলংকাৰ সৰহকৈ দি পৰাণে যদি ছোৱালী বিয়া নকৰায়, তেনেহ’লে তেওঁলোক কোনোৱেই তাৰ বিয়াত সহযোগ নকৰে। সি অকলেই বিয়া পাতি আনি অকলেই সুখেৰে থাকক।

পৰাণ বৰুৱাই চকুৰে ধোঁৱা-কোৱা দেখিলে। এফালে তেওঁৰ আদৰ্শ, আনফালে পৰিয়াল-স্বজন। তেওঁ এতিয়া কাক ধৰিব, কাক এৰিব !

পৰাণ বৰুৱাই কলেজত পঢ়ি থাকোঁতেই প্ৰতিজ্ঞা কৰি থৈছিল— নিজৰ বিয়াত তেওঁ কইনাঘৰৰ পৰা কেতিয়াও যৌতুক নলয় আৰু নিজেও কইনাক বিশেষ একো নিদিয়ে। তেওঁ বাহ্যিক জাক-জমকতা কেতিয়াও পছন্দ কৰা নাছিল। তেওঁৰ মতে, এইবিলাকে মানুহক পৰোক্ষভাৱে দুৰ্নীতিপৰায়ণ কৰি তোলে। তেওঁৰ কইনাৰ জোৰোণৰ কাৰণে কাপোৰ-কানি, আ-অলংকাৰ ককায়েকহঁতেই যোগাৰ কৰিব যদিও তেওঁ ভালদৰেই জানে,— ককায়েকহঁতে সেইবোৰ যোগাৰ কৰোঁতে কেতিয়াও নিজৰ দৰমহাৰ টকা খৰচ নকৰে। কাৰোবাৰ পৰা লোৱা ঘোচৰ টকাৰেই যোগাৰ কৰিব। নিজৰ দৰমহাৰ টকাৰে যোগাৰ কৰিবলৈ তেওঁলোকৰ সামৰ্থ্যও নাই। তেওঁৰ কইনাৰ ঘৰৰ অৱস্থাও ভাল নহয়। কেৱল ‘ষ্টেণ্ডাৰ্ড মেইনটেইন’ৰ কাৰণেই তেওঁলোকে যৌতুকত যিবোৰ বস্তু দিব বুলি কৈছে, তেওঁৰ কেৰাণী চাকৰি কৰা ভাবী শহুৰেকে যে কেৱল সৎ উপায়েৰে ঘটা টকাৰে সেইবোৰ দিব নোৱাৰে, তেওঁ ভালদৰেই বুজি পায়। কিন্তু এইবোৰ কথা পৰিয়ালৰ মানুহবোৰে বুজি নাপায়। বুজিব নোখোজেও। পৰিয়ালৰ মানুহখিনিৰ মতে, ওচৰ-চুবুৰীয়া মানুহবোৰে ন-কইনাৰ লগতে যৌতুকত অনা বস্তুবোৰো চাবলৈ আহে। গতিকে তেওঁলোকক যৌতুকো লাগিব। কিন্তু যৌতুক দিব নোৱৰাৰ কাৰণেই দুখীয়া ঘৰৰ কিমান শিক্ষিতা ছোৱালীও অবিবাহিতা হৈয়ে জীৱন কটাব লগা হৈছে, বিবাহৰ পিছতো কিমান ছোৱালীয়ে যৌতুক দিব নোৱৰা কাৰণে পতিগৃহৰ অবৰ্ণনীয় শাস্তি খাব লগা হৈছে, সেই কথা উপলব্ধি কৰিবলৈ তেওঁলোকে যত্ন কৰা নাই। তেওঁলোকে কেৱল ভুৱা আভিজাত্য আৰু বাহ্যিক জাক-জমকতা লৈহে চিন্তিত।

পৰাণ বৰুৱাৰ মাজু বৌৱেকজনী শিক্ষিতা। বহু কথা বুজে। আনকো বুজাব পাৰে। নিশা ভাত-পানী খোৱাৰ পিছত পৰাণক তেওঁ নিজৰ কোঠালৈকে একাষৰীয়াকৈ মাতি নি ক’লে— চোৱা পৰাণ, তোমাৰ কথাখিনি মই নুবুজা নহয়। বিভিন্ন কাৰণত পুৰণি নীতি-নিয়ম কিছুমান আমি এতিয়া এৰিবৰ হ’ল। কিন্তু এইবোৰ এৰিবলৈ গৈ তুমি জানো মা-দেউতাক এৰিব পাৰিবা? তেওঁলোক সংস্কাৰাচ্ছন্ন মানুহ। তেওঁলোকৰ মনত দুখ নিদিবলৈ তুমি তেওঁলোকৰ মতেই চলিব লাগিব আৰু তেওঁলোকৰ আশীৰ্বাদ অবিহনে তুমি জানো বিয়া পাতি শান্তি পাবা?

বৌৱেকৰ বুজনিয়েহে পৰাণৰ মনত কিছু পৰিমাণে ৰেখাপাত কৰিলে। সেইনিশা তেওঁ চকুৰ টিপ এটা নমৰাকৈ কথাবোৰ চিন্তা কৰিলে। বহুতো যোগ-বিয়োগ কৰি অৱশেষত তেওঁ পৰিয়ালটোৱে বিচৰা মতেই যাবলৈ সিদ্ধান্ত লৈ পেলালে।

***

—তুমি কি সিদ্ধান্ত ল’লা?
—সিদ্ধান্ত ল’বলৈ আৰু কিটো আছে? বাবলুক ঘৰৰ ওচৰৰ প্ৰাথমিক স্কুলখনতে নাম লগাই দিম।
—মই কিন্তু তোমাৰ সিদ্ধান্ত মানি ল’ব নোৱাৰোঁ। বাবলুক মই ইংলিছ মিডিয়ামতহে পঢ়াম। অসমীয়া মাধ্যমৰ স্কুলত পঢ়িলে ল’ৰা-ছোৱালীবোৰ বহু ক্ষেত্ৰত পিছ পৰি যায়।
—কোনে কৈছে? এইবোৰ ভ্ৰান্ত ধাৰণা। তুমি-মইতো ইংলিছ মিডিয়ামত নপঢ়াকৈয়ে আজি এইটো অৱস্থাত উপনীত হৈছোঁহি। শিক্ষা ব্যৱস্থাটো সঠিক হ’লে মাধ্যমটোৱে একো অন্তৰায়ৰ সৃষ্টি কৰিব নোৱাৰে।
—আনৰ দিন আৰু এতিয়াৰ দিনৰ মাজত বহুত পাৰ্থক্য। বৰ্তমান প্ৰতিযোগিতাৰ যুগ। তুমি যিমানেই যুক্তি নিদিয়া, মই বাবলুক ইংলিছ মিডিয়ামতহে পঢ়ুৱাম।

পৰাণ বৰুৱা এইবাৰো বিমোৰত পৰিল। তেওঁ নিজে অসমীয়াৰ অধ্যাপক। কলেজৰ ক্লাছবোৰত মাতৃভাষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁ ছাত্ৰ-ছাত্ৰীবোৰক নানা ভাষণ দিয়ে। বৰ্তমান গাঁও-চহৰ সকলোতে অলিয়ে-গলিয়ে গজি উঠা ইংৰাজী মাধ্যমৰ স্কুলবোৰৰ বিৰুদ্ধে তেওঁ সদায় সৰব। ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমৰ স্কুলত পঢ়াবলৈ তথা ইংৰাজী মাধ্যমৰ স্কুলবোৰৰ বিৰুদ্ধে বাতৰি কাকতত দুই-এটা নিবন্ধও লিখিছে তেওঁ। মাতৃভাষাটোৰ পোষকতা কৰি মেলে-মিটিঙে তেওঁ সাৰুৱা ভাষণ দিয়ে। তেনেস্থলত তেওঁ যদি নিজৰ সন্তানকে ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ুৱায়, তেওঁৰ সন্মানটো ক’ত থাকিবগৈ? কথা আৰু কামৰ মাজত পৰস্পৰ মিল নথকা ভণ্ড বুলি সমাজে তেওঁক নাহাঁহিবনে? সুবিধাবাদী বুলি নকব’নে?

কিন্তু বৰুৱাৰ পত্নীও একা-চেকা। এবাৰ অঁকৰা মৈত উঠিব পাৰিলে নামিব নোখোজে। তেওঁৰ মতে অসমীয়া মাধ্যমৰ স্কুলবিলাকৰ শিক্ষা পদ্ধতি ভাল নহয়। শিক্ষকসকলো ফাং-ফুং। তিনি-চাৰিবাৰৰ মূৰত মেট্ৰিক পাছ কৰা প্ৰাৰ্থীয়েও ঘোচ খুৱাই চাকৰি লৈ বহি আছে। এনেবোৰ শিক্ষকে ল’ৰা-ছোৱালীক কি শিক্ষা দিব? বহু শিক্ষক নিজৰ এলআইচিৰ এজেণ্টৰ লেখিয়া উপৰুৱা ব্যৱসায়বোৰৰ প্ৰতিও বেছি আকৰ্ষিত। তদুপৰি অসমীয়া মাধ্যমত পঢ়া ল’ৰা-ছোৱালীবোৰৰ ‘স্মাৰ্টনেছো’ গঠন নহয়— যাৰ কাৰণে ল’ৰা-ছোৱালীবোৰ প্ৰশাসনিক সেৱাৰ নিচিনা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত খুব কমেইহে কৃতকাৰ্য হয়। প্ৰতিমাৰ খুবেই ইচ্ছা— বাবলুক আগলৈ তেওঁ এজন প্ৰশাসনিক বিষয়া কৰিব। গতিকে তাই এতিয়াৰ পৰাই বাবলুৰ যতন ল’ব খোজে। নিজৰ ইচ্ছা পূৰণৰ কাৰণে তাই পুতেকক এতিয়াৰ পৰাই গঢ়ি তুলিব।

এই কথাটো লৈয়ে পত্নীৰ লগত পৰাণ বৰুৱাৰ মতান্তৰ ঘটি থাকিল। নিজৰ খুঁটিটো কোনেও এৰি নিদিয়ে। অৱশেষত নিজৰ দাবী পূৰণৰ কাৰণে প্ৰতিমাই যিদিনা বাপুজীৰ নীতি গ্ৰহণৰ কথা ঘোষণা কৰিলে, সেইদিনাহে  বৰুৱাৰ গা চেবালে। প্ৰতিমাৰ ঘৰুৱা কাম-কাজত সম্পূৰ্ণ তিনি দিন অসহযোগ আৰু অনশনৰ পিছত বৰুৱা নিজৰ খুঁটি লৰাবলৈ বাধ্য হ’ল।

চহৰখনৰ সবাতোকৈ আঢ্যৱন্ত ইংৰাজী মাধ্যমৰ স্কুল ‘লিটল ফ্লাৱাৰ’ৰ পৰা বাবলুৰ নামভৰ্তিৰ ‘ফৰ্ম’ এখন আনি দিয়াৰ দিনা প্ৰতিমা ইমানেই আনন্দিত হ’ল যে মনৰ আনন্দতে তাই গিৰিয়েকে ভাল পোৱা কেইবাবিধো ব্যঞ্জন ৰান্ধি খুৱালে। পৰাণ বৰুৱাই পিছে সেইদিনা কোনোবিধ ব্যঞ্জনতেই সোৱাদ নাপালে। কাৰণ, পৰাজয়ৰ গ্লানিয়ে ইতিমধ্যে তেওঁৰ শৰীৰৰ সৰ্বত্ৰ বিৰাজ কৰি পেলাইছিল।

***

কথা বুলিলেই বতাহ। ঘুনুক-ঘানাককৈ কথাটো পৰাণ বৰুৱাৰ কাণতো পৰিল। কথাটো শুনি তেওঁ কিছু পৰিমাণে চিন্তান্বিত হ’ল যদিও আচৰিত নহ’ল। আজিকালি ল’ৰা-ছোৱালীৰ গতি-গোত্ৰ একো ধৰিব নোৱাৰি। বৰ্তমান তেওঁৰ জীয়েক নীতু উপনীত হোৱা বয়সটো ল’ৰা-ছোৱালীৰ কাৰণে খুবেই বিপজ্জনক। জীৱন ভঙা-গঢ়াৰ বয়স। তেওঁ শুনাৰ দৰে সঁচাকৈয়ে যদি নীতুৰ ক্ষেত্ৰত এনেকুৱা কিবা এটা ঘটিছেও, বুজালে তাই নিশ্চয় নুবুজাকৈ নাথাকিব। যিকোনো উপায়েৰে তাইক শুদ্ধ পথলৈ আনিবই লাগিব।
কথাটো অহুকাণে-পহুকাণে প্ৰতিমাৰো কৰ্ণগোচৰ হ’ল। দুয়ো আলোচনা কৰি কথাটো জীয়েকক পোনপটীয়াকৈ সোধাই উত্তম হ’ব বুলি ভাবিলে।
—আমি শুনা কথাবোৰ সঁচানে নীতু? এদিন ভাত খোৱা টেবুলত পৰাণ বৰুৱাই নিজেই সুধিলে জীয়েকক।
—সঁচা দেউতা। নীতুৱেও নিৰ্ভীকভাৱে উত্তৰ দিলে।
—তুমি এইবোৰ কি কৰিবলৈ ওলাইছা? তুমি দেখিছোঁ এতিয়া আমাৰ মান-সন্মান সকলো ধূলিস্যাৎ কৰি দিবা।
—তোমালোকৰ মান-সন্মান হানি হ’ব পৰাকৈ মই একো বেয়া কাম কৰা নাই দেউতা। কাৰোবাক ভাল পোৱাটো একো বেয়া কাম হ’ব নোৱাৰে।
—বেয়া কাম নহয় ঠিকেই। কিন্তু তুমি যাৰ লগত আবেগিক সম্পৰ্ক গঢ়ি তুলিছা, তেওঁ যে আমাৰ লগত নিমিলে।
—কিয় নিমিলিব দেউতা? তেওঁৰ শিক্ষা-দীক্ষা, ৰূপ-সৌন্দৰ্য সকলো আছে। মাথোঁ তেওঁৰ কাষ্টটো ল’। সেই কাৰণেই?
—কথাটো বুজিছাই যদি তুমি এনেকুৱা এটা অবিবেচক কাম কৰিবলৈ কিয় আগবাঢ়ি গৈছা?
—যি কৰিবলৈ ওলাইছোঁ, মই জানি-বুজিয়েই কৰিছোঁ দেউতা। তোমালোকে পুৰণিকলীয়া হিপ’ক্ৰেটিক মনোভাবটো এৰিব নোৱাৰা কাৰণেহে এনেকৈ ভাবিব পাৰিছা।…

জীয়েকৰ লগত তৰ্ক কৰি পৰাণ বৰুৱা জিকিব নোৱাৰিলে। নীতুৱে একেবাৰে যুক্তিৰ কথাই কৈছে। কিন্তু সেই বুলিয়েই তাই নীচ কুলৰ ল’ৰা এটাক জীৱনসংগী কৰিব বিচৰা কথাটো তেওঁ কেতিয়াও সহজভাৱে ল'ব নোৱাৰে। জীয়েকক সেই কাম কৰিবলৈ তেওঁ কেতিয়াও দিব নোৱাৰে। বৰুৱাই বহু ঠাই ফুৰিছে, বহু কথা শিকিছে, আৰু আনকো বহু কথা শিকাইছে; তথাপি তেওঁ মনৰ পৰা কিছুমান সংস্কাৰ খেদিব পৰা নাই। যিটো কাৰণে তেওঁ নিজেও যথেষ্টখিনি ত্যাগ কৰিব লগা হৈছিল। চাকৰিত সোমোৱাৰ এবছৰৰ পিছতে বৰুৱাৰ হৃদয়ত এজনী ছোৱালীয়ে প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰেম একপক্ষীয় নাছিল। ছোৱালীজনীয়েও তেওঁক হিয়া উজাৰি ভাল পাইছিল। কিন্তু কেৱল নীচ কুলৰ হোৱা কাৰণেই ছোৱালীজনীক তেওঁ আপোন কৰি ল’ব পৰা নাছিল। বন্ধ কোঠাৰ বতাহৰ দৰেই তেওঁৰ হৃদয়ৰ আবেগ-অনুভূতিবোৰ ৰুদ্ধ হৈ ৰৈছিল। তেওঁ নিজেও বুজি পোৱা নাছিল— সমাজৰ বিভিন্ন দিশত সংস্কাৰমুক্ত তেওঁৰ মনটো এই ক্ষেত্ৰত কিয় ইমান কঠোৰ হৈ পৰিছিল। মিলন অসম্ভৱ বুলি নিশ্চিত হৈ থকা সত্ত্বেও ছোৱালীজনীৰ বেলেগ এজনৰ লগত বিয়া ঠিক হোৱাৰ খবৰটো শুনাৰ পিছত কিয় জানো বৰুৱাৰ এনে লাগিছিল— যেন তেওঁৰ জীৱনৰ সৰ্বস্ব হেৰাই গ’ল! অপ্ৰাপ্তিৰ বেদনাত জৰ্জৰিত হৃদয়খন শাঁত পেলাবলৈকে সেইদিনা তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে সুৰাৰ আশ্ৰয় লৈছিল। পিছলৈ সুৰাপানৰ অভ্যাসটো তেওঁৰ নিয়মিত হৈ পৰিছিল। বিয়াৰ পিছত প্ৰতিমাইহে এই বদ অভ্যাসটো এৰুৱাব পাৰিছিল।

জীয়েকক বুজোৱাটো বৰুৱাই ভবাতকৈ বহুত কঠিন আছিল। তাই নিজৰ মততে দৃঢ় হৈ থাকিল। তাই সেই ল’ৰাটোকে বিয়া কৰাব। বুজনিয়ে কাম নিদিয়াত বৰুৱাই জীয়েকক এইবাৰ শেষ কথা শুনাই দিলে— এই ক্ষেত্ৰত তেওঁ কেতিয়াও মিট্-মাট কৰিব নোৱাৰে। নীতুৱে যদি সেই ল’ৰাটোকে বিয়া কৰায়, তেওঁ আৰু কোনোদিনেই তাইৰ মুখ নাচায়। নীতুৱেও দেউতাকক শেষ কথা শুনাই দিলে— দেউতাকে যদি তাইক সেই ল’ৰাটোলৈ বিয়া নিদিয়ে, তাই দেউতাকৰ আগতে গাত জুই লগাই আত্মহত্যা কৰিব।
পৰাণ বৰুৱাই এইবাৰো উজুটি খালে। তেওঁ জানে— নীতু তেওঁৰ দৰেই জেদী প্ৰকৃতিৰ। জেদত পৰি তাই অনেক কামেই কৰি দিব পাৰে। আগতে এনেকুৱা বহুতো উদাহৰণ দেখুৱাই থৈছে তাই। তাই যদি সঁচাকৈয়ে কিবা এটা অঘটন ঘটাই দিয়ে, সকলোৱে তেওঁকেই নুদুষিবনে? জীয়েক তেওঁৰ দেহৰ এফাল। আদৰ্শৰ তাগিদাত মুখ নাচাওঁ বুলি কৈছে যদিও জীয়েকৰ কিবা এটা হ’ব লাগিলে তেৱোঁ জানো সহ্য কৰিব পাৰিব? জীয়েকৰ শোকে তেওঁক খুলি খুলি নাখাবনে? তেওঁ মৰি মৰি জীয়াই থাকিব লাগিব। জীয়াই থকাৰ একো অৰ্থই নাথাকিব।… এনেবোৰ কথা চিন্তা কৰিয়েই বৰুৱাই নিজৰ মত সলনি কৰি পেলালে। সন্তানৰ প্ৰতি থকা মোহ আৰু মৰমৰ ওচৰত তেওঁৰ সংস্কাৰে হাৰ মানিবলৈ বাধ্য হ’ল।

পৰিয়ালৰ বাকী মানুহবোৰে সহযোগ নকৰাত বৰুৱাই জীয়েকৰ বিয়াখন মন্দিৰতে পাতি দিলে। বিয়াৰ দিনা বিভিন্ন কামত ব্যস্ত থকাৰ মাজতো কিয় জানো তেওঁৰ মনলৈ সেই কলেজীয়া বন্ধু বিমল ফুকনে কোৱা কথাকেইষাৰ আহিবলৈ ধৰিলে। বহুদিনৰ আগতে বিমল ফুকনে কোৱা সেই কথাকেইষাৰ শৃংখলাবদ্ধভাৱে স্মৰণ নহ’ল যদিও বৰুৱাই আজি সঁচাকৈয়ে অনুভৱ কৰিলে— জীৱনৰ কিছুমান সৰু-সুৰা কথাৰ লগত মানুহে আপোচ কৰি চলিবই লাগিব।«


ছবি: দ্বিজেন মহন্ত


নীলা চৰাই . এপ্ৰিল ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "আপোচ"

avatar
Sort by:   newest | oldest | most voted
লিখন নীল
Guest
লিখন নীল

প্ৰাত্যহিক জীৱনৰ সুন্দৰ উপস্থাপন- আদৰ্শ আৰু বাস্তৱৰ মাজত তাল মিলাই চলিয়েই আমি কালাতিপাত কৰো-

wpDiscuz