আমি সংস্কৃতিবান নে? কেনেকৈ?

কবি হীৰেন ভট্টাচাৰ্যৰ এটি কবিতা—
মই মৰি গৈছোঁ
ভিতৰে ভিতৰে।
এই যে কথা পাতোঁ, গান শুনো
(আনকি তোমাৰ গানো)
সেয়া অভ্যাস।

     পানীৰ তলত
থাকে জানো মৰা মাছ! 

     আচলতে
মই মৰি গৈছোঁ তিলে তিলে
বৰ কষ্টকৰ এই উশাহ। (ব্যৰ্থ-শৰ)

সাম্প্ৰতিক অসমত চলি থকা সাংস্কৃতিক আচৰণসমূহ সন্দৰ্ভত উপলব্ধিৰ ব’ঠাপাত অলপ দ’কৈ বহুৱালেই হীৰুদাৰ এই কবিতাফাকি মনলৈ আহে। সমাজে প্ৰতিনিয়ত সমুখীন হৈ থকা দুৰ্ভাৱনাসমূহৰ বিপৰীতে আমি পালন কৰি থকা উৎসৱ-সবাহ-সভা-সমিতি-সন্মিলন আদিৰ মাজত সংগতি বিচাৰিব খুজিলেই দেখোন ধাৰণা হয়— আমি যেন অৱক্ষয়বাদৰ বন্ধ্যা বালিত হেৰাই যোৱাৰ উপক্ৰম হৈছোঁ, আমাৰ আত্মা যেন সঁচাকৈয়ে মৰি গৈছে, সংস্কৃতি পালনৰ নামত যেন অভ্যাসৰ কচৰৎ কৰিছোঁ, তিলে-তিলে আমি যেন হেৰুৱাই আছোঁ আমাৰ সংস্কৃতি-সভ্যতাৰ গভীৰ শিপা। সংস্কৃতি নামৰ বিষয়টো যেন এক বিমূৰ্ত ধাৰণাৰ মাজলৈ গতি কৰিছে— আমাৰ আত্মাৰ সৈতে সম্পৰ্কৰহিত, অনুশীলনধৰ্মী এক বিকৃতিৰ মাজলৈ।

১৯৩৭ চনৰ ২৬ এপ্ৰিলৰ দিনা জাৰ্মান বিমান বাহিনীয়ে স্পেইন (Spain)ৰ গুৱেৰ্ণিকাৰ ওপৰত বোমা পেলাই চহৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। তাৰ ঠিক ছদিনৰ পিছতে পিকাছোৱে তেওঁৰ বিশ্ববিখ্যাত প্ৰাচীৰ চিত্ৰ (Mural)ৰ কাম আৰম্ভ কৰিছিল। বোমা বিধ্বস্ত গুৱেৰ্ণিকাই ভোগ কৰা বিভৎসতা আৰু কাৰুণ্যক তুলি ধৰা এই চিত্ৰখনিৰ নাম ৰখা হৈছিল ‘গুৱেৰ্ণিকা’। পিকাছোৰ এই চিত্ৰই প্ৰমাণ কৰে যে মানুহৰ সপক্ষে আৰু অন্ধকাৰৰ অপশক্তিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰাটো শিল্পী আৰু সাংস্কৃতিক কৰ্মীৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য। অসমত তাকেই কৰি গৈছে জ্যোতিপ্ৰসাদে, বিষ্ণুৰাভাই, লক্ষ্মীনাথে।

আমাৰ যিসকলে নাচ, গান, নাটক আদি পৰিবেশ্য কলাৰ মাজতহে কেৱল সংস্কৃতি দেখে, সেইসকলৰ বহুতেই মন্তব্য কৰা শুনো— ‘‘নাই ভাই, ৰাষ্ট্ৰ ক্ষমতালৈ কোন আহিল, কোন গ’ল তাত আমাৰ কি? আমিতো গাম লিখিম, নাটক কৰিম,— সাংস্কৃতিক দায়িত্ব আন্তৰিকতাৰে যদি পালন কৰোঁ, ৰাজনীতিৰ মেৰ-পেচ লৈ মূৰ ঘমাম কিয়? অথবা ৰাষ্ট্ৰক্ষমতাসীন সকলৰ সান্নিধ্যত থাকিলে আমাৰ সাংস্কৃতিক কাজ-কৰ্মৰ ক্ষেত্ৰত যদি সুবিধা হয় তাত ক্ষতি কি? আমি কৌশল হিচাপেহে আপোচক মান্যতা দিছোঁ।’’ এনে মন্তব্য কৰাসকলে সমাজত হোৱা সাময়িক ধুমুহাত উটপক্ষীৰ দৰে বালিত মূৰ সুমুৱাই আত্মৰক্ষা কৰে। এওঁলোকেই শাসকৰ চৰিত্ৰ ব্যতিৰেকে চৰকাৰী বঁটা-বাহন, ৰাজনৈতিক অনুগ্ৰহ লভিবলৈ নিগনিদৌৰত অংশ লয়।

এনে কিছুমান উদাহৰণ আছে— যিবোৰৰ মাজেৰে আমাৰ সংস্কৃতি চেতনাৰ স্বৰূপ স্পষ্ট হ’ব। সদ্যহতে মনলৈ অহা কেইটামান উদাহৰণ দিব খুজিছোঁ।

• ঐতিহ্য সচেতনাৰ চৰকাৰী স্বৰূপ
চৰাইদেউত থকা আহোম যুগৰ মৈদামত চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে খননকাৰ্য চলাইছিল কোনো অনুসন্ধানৰ বাবে। অনুসন্ধান সম্পূৰ্ণ হ’ল যদিও মৈদাম খন্দা-কুৰা অৱস্থাতেই পৰি থাকিল। দেখিলে এনে ভাব হয় যেন কোনো দুষ্কৃতিকাৰীয়েহে কিহবাৰ আশাত মৈদাম খান্দি তেনেকৈয়ে এৰি থৈ গ’ল।

অসম চৰকাৰৰ অধীনস্থ ‘ৰাজ্যিক সংগ্ৰহালয়’ত বহু প্ৰত্নতাত্ত্বিক সমল আলাই-আথানি হৈ য’তে-ত’তে পৰি আছে। সিদিনা কাকতত পঢ়িছোঁ— সংগ্ৰহালয়ত সংৰক্ষিত আপুৰুগীয়া পোছাক হেনো ডিটাৰজেন্টেৰে ধুই নষ্ট কৰা হৈছে। অনুষ্ঠানটোৰ সঞ্চালকজনৰ সংৰক্ষণ সম্বন্ধীয় জ্ঞান নাই বাবেই তেনে হৈছে বুলি সমালোচনা হৈছে।
মানুহৰ আবেগ জড়িত হৈ আছে বাবে শঙ্কৰী আৰ্হিৰে মন্ত্ৰীয়ে তোৰণ সজোৱাইছে আৰু আবেগ বৰকৈ জড়িত নাই বাবে নগাঁৱৰ আমনিত থকা আহোম যুগৰ ‘বুঢ়া-বুঢ়ী’ গড় বেদখলত নিৰ্লিপ্ত হৈ আছে।

• বিজ্ঞান অৱজ্ঞা কৰাৰ সংস্কৃতি
আজিকালি অপবিজ্ঞানেও বিজ্ঞানৰ আখ্যা পোৱা দেখিছোঁ। যেনে— জ্যোতিষ বিজ্ঞান নহয়, কিন্তু কম্পিউটাৰত জ্যোতিষ চৰ্চা কৰি জ্যোতিষক বিজ্ঞান সজোৱা হৈছে। ইয়াৰ বিপৰীতে অভিজ্ঞতালব্ধ প্ৰামাণিক বৈজ্ঞানিক যুক্তিক আওকাণ কৰি থকা হৈছে। যেনে বৃহৎ নদীবান্ধ প্ৰকৃতিবিৰোধী বুলি আমাৰ থলুৱা বিশ্ববিদ্যালয় আৰু আই আই টি-ৰ বিশেষজ্ঞই কওঁতে আমাৰ চৰকাৰে নামানিলে। চৰকাৰে ৰূড়কীৰ বিজ্ঞানীৰ আশ্ৰয় ল’লে। এতিয়া আকৌ ইউনোস্কোৱেও বৃহৎ নদীবান্ধ জৈৱ বৈচিত্ৰ্যৰ বাবে ক্ষতিকাৰক বুলিছে। ইউনেস্কোৰ ওপৰত ক’বলৈ চৰকাৰে ক’ৰ বিজ্ঞানী ব্যৱহাৰ কৰে নাজানো। কিন্তু এটা কথা স্পষ্ট হৈছে যে চৰকাৰেও ন্যস্তস্বাৰ্থ পূৰণ কৰিবলৈ বিজ্ঞান বাদ দি জ্যোতিষৰ আশ্ৰয় লোৱাটোও অসম্ভৱ নহয়।

• সামাজিক দায়বব্ধতাৰ ঠিকা
বাতৰি কাকতত এখন চিঠি পঢ়িছিলো। ছয়গাঁৱৰ কুকুৰমাৰাৰ পৰা লিখা। কুকুৰমাৰাত চলি থকা নীলা কেৰাচিনৰ চোৰাং বেহা বন্ধ কৰাৰ দায়িত্ব ল’বলৈ দেৱেন দত্ত চাৰক আহ্বান জনাইছিল চিঠিখনত। চিঠিখনৰ উত্তৰত দত্ত চাৰে বাতৰি কাকতত আধা পৃষ্ঠা জোৰা বক্তব্য আগবঢ়াইছিল। চাৰে খঙেৰে লিখিছিল যে কলেজত অধ্যাপনা কৰাৰ মাজতে গ্ৰাহক সুৰক্ষাৰ বাবে তেখেতে কিছু স্বেচ্ছাসেৱামূলক কাম কৰে। তাক ৰাইজে তেওঁৰ এদনীয়া দায়িত্ব বুলি ভাবিব নালাগে। তদুপৰি নীলা কেৰাচিনৰ অবৈধ বেপাৰ বন্ধ কৰিবলৈ দত্ত চাৰ যে গুৱাহাটীৰ পৰা কুকুৰমাৰালৈ যাব লাগে— কুকুৰমাৰাবাসীয়ে কি ঘোঁৰাৰ ঘাঁহ কাটি আছে? সামাজিক দায়বদ্ধতাক কাৰোবাক ঠিকাত দিয়া মানসিকতাক দত্ত চাৰে অতি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।স

মাজত চলি থকা এনেধৰণৰ অথন্তৰৰ মুখামুখি নহৈ কোনোবাই আহি অথন্তৰ গুচাবহি বুলি হাত সাৱতি থকা মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছে।

• প্ৰকৃতি ধ্বংসৰ সংস্কৃতি
তেজপুৰত বন বিভাগৰ এখন ফলকত লিখা আছে— ‘Save Sonai-Rupai to save tigers’। আচলতে ব্যঘ্ৰ প্ৰকল্পৰ ধাৰণাৰ পৰা ফলকখনত লিখিব লাগিছিল— Save tigers to save Sonai-Rupai। কাৰণ সোণাইি-ৰূপাইত কেৱল বাঘেই নাথাকে আৰু বাঘ বচোৱাৰ অভিযানৰ মাজেৰেহে অৰণ্যৰ সুৰক্ষা হয়। বন বিভাগেই এনে ওলোটা বিজ্ঞাপন প্ৰচাৰ কৰাটো আশ্বৰ্যজনক।
ইফালে ফৰেষ্ট চাৰ্ভে অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে যোৱা ১০ বছৰত অসমৰ ২,৯৮২ বৰ্গ কিলোমিটাৰ বন লয় পালে। সেউজী ধৰা আঁচনি, সামাজিক বনানীকৰণ, যৌথ বন পৰিচালনা, বন মহোৎসৱ আদি অনেক আঁচনি চলি থাকোঁতেই বন নাইকিয়া হ’ল। ১০ বছৰত ভাৰতৰ সমূহ ৰাজ্যৰ ভিতৰতে বন লুটপাতত সকলোতকৈ আগত থকা অসমৰ বনমন্ত্ৰীয়ে বিফলতাৰ পুৰস্কাৰ স্বৰূপে গ্ৰামোন্নয়নৰ মন্ত্ৰীত্বও লাভ কৰিলে। ছপা মাধ্যম, বৈদ্যুতিন মাধ্যমত হৰদম ওলাই থাকিল বন ধৰ্ষণৰ খবৰ। বনৰ হাতী-বাঘ আহি ঘৰৰ চোতাল পালেহি। মানুহে বাঘ বখলিয়াই খালে, বাঘৰ মৃতদেহৰ ওচৰত পেখম ধৰি ফটো ওঠাৰ প্ৰতিযোগিতাত নামিল; জহামাল গছকি-লঠিয়াই কিৰিলি পাৰি পাৰি মাৰিলে— বন্য জীৱ-জন্তুক নিপীড়ন কৰি মানুহৰ কি বন্য উল্লাস! পাহাৰৰ বন কাটি খাস্তাং কৰি পাহাৰ খহোৱাত লাগি গ’ল চৰকাৰী আমোলা-বিষয়া। বনৰ কণ-কঠীয়া মৰাৰ যেন এক মহা আয়োজন। বন বচোৱাৰ ভাও দিয়া এন জি অ’ (NGO) বনবিষয়াৰে মিতিৰালি পাতি লুটপাতত ব্যস্ত।

অসমৰ বিদ্বৎ সমাজ, সাহিত্য সভা, বিশ্ববিদ্যালয়, আছু, আলফা, বিয়াগোম সত্ৰ-সংঘ, অসম মন্ত্ৰীসভাৰ বিৰোধী সকলোৱে কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ নিৰ্বিবাদে চাই থকাৰ দৰে চাই থাকিল অসম মাতৃৰ প্ৰকৃতিৰ ধৰ্ষণ দুষ্কাৰ্য।
কমলাকান্তই এনেয়ে কোৱা নাছিল—
ধিক অসমীয়া মানুহ নহয়
অসম শ্মশান নোহে কোনে কয়।

• আৱৰ্জনাৰ সংস্কৃতি
অলপতে হৈ যোৱা বৰদোৱাৰ ফল্গূৎসৱলৈ গৈছিলো। প্ৰথমবাৰৰ বাবে। গৈ দেখিলো ই ফল্গূৎসৱ নহৈ আৱৰ্জনাৰ উৎসৱত পৰিণত হৈছে। অৱৰ্জনাৰ ব্যৱস্থাপনাৰ নামত অ’ত ত’ত থকা দুই-এটা ডাষ্টবিন অৱৰ্জনাৰে উপচি পৰি পাৰ বাগৰি পৰিছিল। ওচৰতে আকাশীগঙ্গা!

কাশীগঙ্গাৰ মাজৰ জলৰাশিত বনহংসৰ কাকলি। কিন্তু আকাশীগঙ্গাৰ পানীত ওপঙি আছিল হেজাৰ হেজাৰ চুৱাপাত— তীৰ্থযাত্ৰীৰ ভোজনৰ উচ্ছিষ্ট। কীৰ্তনঘৰৰ পৰা অতিথিশালালৈ সমগ্ৰ চৌহদটো আৱৰ্জনাৰে ঘৃণনীয় হৈ পৰিছিল।

শঙ্কৰদেৱৰ জন্মস্থান সম্পৰ্কে হোৱা বিতৰ্কত বৰদোৱাবাসীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। বৰদোৱাবাসীক গুৰুজনাৰ জন্মস্থানৰ খিয়াতিৰ খিতাপ লাগে, কিন্তু বৰদোৱা থানক নিকা কৰাৰ দায়িত্ব যেন কাৰো নাই।

একেদৰে, আমি দেখা পাইছিলো, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ফেব্ৰুৱাৰীত হৈ যোৱা বাৰ্ষিক অধিৱেশনৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা চলিছিল অৱৰ্জনাৰ মাজতে। অথচ অধিৱেশনৰ প্ৰতিদিনৰ কাৰ্যসূচীত প্ৰথম কাৰ্যসূচীয়েই আছিল পৰিৱেশ নিকাকৰণৰ!

• অসম সাহিত্য সভাৰ দুতলীয়া সংস্কৃতি
বাতৰি ওলাল— অসম সাহিত্য সভাৰ লিডু অধিৱেশনত সভাই এন এইচ পি চি (NHPC)-ৰ পৰা ২৮ লাখ টকাৰ বৰঙণি পালে। তাৰে সুবাদত সাহিত্য সভাই এন এইচ পি চি-ক ৰঙা দলিচা পাৰি সভাথলীতে বৃহৎ নদীবান্ধৰ সপক্ষত প্ৰচাৰ চলোৱাৰ সুবিধা কৰি দিলে। এন এইচ পি চি-এও প্ৰচাৰ চলোৱাই নহয়, ৰাইজৰ মাজত মিঠাইও বিলালে। ৰাইজেও খালে। কোনে খুৱালে, কিয় খুৱালে ক’ব নোৱাৰে— মুঠতে পালে আৰু খালে।

অসমীয়া জাতিটোৰ কাৰণে ভাবিবলৈ এৰি সাহিত্য সভাই কৰ্পোৰেট লবীৰ ধনেৰে সাহিত্যসেৱা (?) কৰি এতিয়া ঢোল কোবাইছে বোলে বান্ধবিৰোধী আৰু এন এইচ পি চি-ৰ মাজত সাহিত্য সভাই মধ্যস্থতা কৰিব। নপতা ফুকন। বৃহৎ নদীবান্ধক লৈ সমগ্ৰ অসমত চলি থকা উত্তেজনা সম্পৰ্কে সাহিত্য সভাই যেন একোৱেই নাজানো। বেচেৰা সাহিত্য সভা! জাতীয় দুৰ্যোগ উপলব্ধি কৰিব নোৱৰা সাহিত্য সভা।

• আধাখুন্দা বিপ্লৱ-বিদ্ৰোহৰ সংস্কৃতি
এদিন যদি শুনিছোঁ— ডি এইচ ডি (DHD)-এ আত্মসমৰ্পন কৰিছে, আন এদিন শুনিছোঁ— এন ডি এই বি (NDFB)- এ আত্মসমৰ্পন কৰিছে।হঠাতে পুলিচৰ হাতত ধৰা পৰাৰ নাটকেৰে আলফাও ৰঙাঘৰত সোমাল। তাৰপিছত শান্তি আলোচনাৰ নাটক, চুক্তিৰ ভাওনা। যিখন চৰকাৰে তিনি ইঞ্চি গাঁঠনিৰ একোঠালীৰ ঘৰ সাজি দিয়াৰ নামতো দুখীয়াৰ ধন খাইছে— দুৰ্নীতিৰ পিতনিত ডিঙিলৈকে পোত গৈছে,— সেইখন চৰকাৰৰ পৰা বিদ্ৰোহীয়ে বিচাৰিছে ‘সোণৰ সোলেং— ৰূপৰ সপোন’।

এতিয়া শুনিছোঁ, ‘পৰেশ’ৰ আলফাই বোলে অৰবিন্দৰ ফাৰ্ম হাউচত গুলী ফুটাইছে। বনৰ পৰা আহিয়েই অৰবিন্দই ফাৰ্ম হাউচ আৰম্ভ কৰিলেই। আত্মপ্ৰতিষ্ঠাৰ ইমান ততাতৈয়া ব্যৱস্থা দেখি ভাবিছোঁ— এচাম আধাখুন্দা বিপ্লৱীয়ে অসমবাসীক ভাল বুৰ্বক বনাই থ’লে।

পাঠকে কি ভাবে নাজানো— মই কিন্তু অসমখনত সম্প্ৰতি সংস্কৃতি বোলা একোকে দেখা পোৱা নাই। অৱশ্যে ক’লা বেপাৰীৰ ধনেৰে উলহ মালহকৈ পতা নৃত্য-গীতৰ অনুষ্ঠানক সংস্কৃতিৰ আচৰ বুলিলে উপায় নাই।«

 

আপোনাৰ আৰু ভাল লাগিব পাৰে:

ভূপেন শৰ্মা

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (শিলঘাট)ৰ অধ্যক্ষ।

Leave a Reply

2 Comments on "আমি সংস্কৃতিবান নে? কেনেকৈ?"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Ashim Bora
Guest

Aaji pratham Chalu Bhall Lagise

সম্পাদক
Admin

ধন্যবাদ শ্ৰীবৰা।

wpDiscuz