আলাপ

[ চন্দ্ৰমা কলিতা ]

সখি, ঘৰ এটা সাজিবানে?
দে’তাৰ ডাঙৰ ছাতিটোৰে চাল হ’ব
আইতাৰ আশী সূতাৰ দুখন চাদৰেৰে বেৰ
কল্পনাৰ দুৱাৰডলিৰে বগুৱাবাই আমি সোমাই যাম
কণমান পৃথিৱীখন পোহৰেৰে সজাম।

সখি, মাহঁতে ভূ নোপোৱা আবেলি এটাত
কলেজ ৰ’ডেৰে এপাক ফুৰাবলৈ নিবানে?
স্টেডিয়ামৰ কাষৰ ইউকেলিপ্টাছজোপাৰ তলত তুমি এখন্তেক ৰ’বা
আপোনভোলা হৈ নিজকে এবাৰ ক’বা—
ইমান ধুনীয়া গোন্ধাইছে চা…

পৰশ খুৰাহঁতৰ বাৰীৰ ভগা অটোৰিক্সাখনতো উঠিমগৈ দিয়া
মোৰ বাওঁহাতত এটা ছাতি
সোঁহাতত এজাপ কিতাপ
তুমি ৰুমাল জোঁকাৰি দ্রাইভাৰ হৈ
সুধিবা— দিদিজী কাহা হেই জানা?
মই পখিলা এটা হৈ ক’ম,—
ছপ্ন’কী দেছ মেই
দুংগী দছ্ ৰুপইয়া…।

লেখকৰ ই-মেইল: chandrama17@gmail.com

নীলা চৰাই . মে' ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz