আইন সজাগতা আৰু বিনামূলীয়া আইন সেৱা

প্ৰকাশ: ২৫ অক্টোবৰ, ২০১৭ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

১৯৭৬ চনত ভাৰত চৰকাৰে ন্যায়াধীশ পি এন ভাগৱতী (Prafullachandra Natwarlal Bhagwati)ক অধ্যক্ষ আৰু ন্যায়াধীশ ভি আৰ কৃষ্ণ আয়াৰ (Vaidyanathapuram Rama Ayyar Krishna Iyer)ক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰি দক্ষ আৰু শক্তিশালী আইন সেৱা অনুষ্ঠান প্ৰতিষ্ঠাৰ বাবে অনুমোদন দিয়ে। এইখন সমিতিয়েই প্ৰতিবেদন দাখিল কৰাৰ লগতে এখন খচৰা প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আইন সেৱা বিল, ১৯৭৭ (National Legal Services Bill, 1977) দাখিল কৰে, য’ত আইন সেৱা প্ৰদানৰ দক্ষতাসম্পন্ন আৰু আনুষ্ঠানিক গঠন প্ৰক্ৰিয়া সম্পৰ্কে ব্যাখ্যা কৰা হৈছে।

img
ন্যায়াধীশ পি এন ভাগৱতী | Courtesy: The Economic Times

আনহাতে, ভাৰতৰ সংবিধানৰ দফা ৩৯ (ক) [Article 39(A)]ৰ নিৰ্দেশাত্মক নীতিয়ে দেশৰ আৰ্থিকভাৱে পিছপৰা আৰু অক্ষম ব্যক্তিসকলৰ বাবে চৰকাৰক ন্যায় ব্যৱস্থাৰ সম-বিতৰণ আৰু বিনামূলীয়া আইন ব্যৱস্থা প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিছে। সেই অনুসৰি ভাৰত চৰকাৰে ১৯৮০ চনত আইন সেৱা প্ৰয়োগ সমিতি (Committee for Implementing Legal Aid Schemes) গঠন কৰি ১৯৮৭ চনত আইন সেৱা প্ৰাধিকৰণ (Legal Service Authorities Act, 1987) আইন প্ৰণয়ন কৰে যদিও ১৯৯৫ চনৰ ৯ নৱেম্বৰৰ পৰাহে এই আইনখন কাৰ্যকৰী হয়। সেইকাৰণে ৯ নৱেম্বৰৰ দিনটো আইন সেৱা দিৱস হিচাপে পালন কৰা হয়।

মানুহে স্বাস্থ্যজনিত অসুবিধাৰ সন্মুখীন হ’লে প্ৰথমেই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ গৈ চিকিত্সা গ্ৰহণ কৰে। তেনেকৈ দেশৰ জনসাধাৰণ যিকোনো আইন সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ’লে আইন সেৱা কেন্দ্ৰৰ কাষ চাপিব পাৰে। এই আইন সেৱা কেন্দ্ৰসমূহলৈ যিকোনো ব্যক্তি বিনা দ্বিধাই গৈ নিজৰ সমস্যাসমূহ অৱগত কৰাই সমাধানৰ উপায় বিচাৰিব পাৰে।

vr krishna iyer1
ন্যায়াধীশ ভি আৰ কৃষ্ণ আয়াৰ | Credit: Bharat S Raj

এতিয়া কথা হ’ল— সকলো স্তৰৰ মানুহে আইনৰ সম-সুৰক্ষা কিদৰে পাব? আইন মানেই হৈছে আদালত— য’ত উকীলসকলে আইনৰ মেৰপেচৰ পৰা এজন ভুক্তভোগী বা অপৰাধীক সুৰক্ষা দিয়ে। আইনৰ কাষ চপাৰ লগে লগেই আহি পৰে খৰচৰ প্ৰসংগ। সেয়ে ‘ধনৱন্ত লোকৰ বাবেহে আইন’ বুলি আজিৰ সময়তো দেশৰ বেছিভাগ মানুহেই বিশ্বাস কৰে আৰু সেয়ে নিজে ভুক্তভোগী বা বিনা দোষত অপৰাধী হিচাপে দণ্ডিত হ’বলগা হ’লেও আইনৰ কাষ চাপিবলৈ কুন্ঠাবোধ কৰে। এই কথা একেবাৰে মিছাও নহয় যে উকীল বা অধিবক্তাসকলে জীৱিকাৰ খাতিৰত নিৰপৰাধীক অপৰাধী সজোৱা বা অপৰাধীক নিৰপৰাধী সজোৱাৰ পূৰ্ণ প্ৰয়াস কৰে। সেয়া কেৱল পেচাগত কাৰণত। কিন্তু মানুহ হিচাপে কোনো অধিবক্তাই এনে কাৰ্য কৰিব নিবিচাৰে। অন্যহাতে, কিছু ক্ষেত্ৰত কেতিয়াবা এজন অপৰাধীকো দোষমুক্ত কৰোৱাৰ পাছত আত্ম-উপলব্ধিৰ যোগেদি সংস্কাৰ কৰোৱাৰ চেষ্টা প্ৰতিজন সচেতন অধিবক্তাই কৰে।

দেশৰ সকলো স্তৰৰ লোকেই আইনৰ সম-সুৰক্ষা পোৱাৰ স্বাৰ্থত পিছপৰা শ্ৰেণীৰ বাবে চৰকাৰী খৰচত অভিজ্ঞ অধিবক্তা নিয়োগ কৰিব লাগিব। সেয়ে ভাৰতীয় সংবিধানৰ দফা ৩৯ (ক)ৰ জৰিয়তে গঠিত আইন সেৱা প্ৰাধিকৰণ ব্যৱস্থাৰ যোগেদি মহকুমা পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আইন সেৱা প্ৰাধিকৰণ প্ৰতিস্থা কৰা হৈছে। জিলা পৰ্যায়ত এই আইন সেৱা প্ৰাধিকৰণ গঠিত হয় এজন অভিজ্ঞ ন্যায়াধীশক সচিব আৰু জিলা ছেছন ন্যায়াধীশক অধ্যক্ষ, জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক সদস্য হিচাপে লৈ।

আৰু পঢ়ক:  শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰসংগ: ভক্তিসে পৰম লাভ জানি

ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনা মতে, লোক আদালতৰ যোগেদি বিবাদ নিস্পত্তি কৰাৰ উপৰিও জিলা আইন সেৱা প্ৰাধিকৰণে নিজাববীয়াকৈ বিভিন্ন বিষয়ৰত আইন সজাগতা সভা অনুষ্ঠিত কৰি সকলো শ্ৰেণীৰ লোককে আইনৰ বিষয়ে জনাবলৈ যত্ন কৰে। জিলা আইন সেৱা প্ৰাধিকৰণে সাধাৰণ লোকৰ সৈতে যোগাযোগৰ মাধ্যম হিচাপে নিয়োগ কৰিছে অৰ্ধ আইনী স্বেচ্ছাসেৱক (Para Legal Volunteer)। এই স্বেচ্ছাসেৱকসকলৰ মূল কৰ্তব্য হৈছে সজাগতা সৃষ্টি কৰা, চৰকাৰী বিষয়াৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা, আৰক্ষী থানাত আইনী সাহায্যৰ বাবে যোৱা লোক আৰু জেলত থকা আচামীসকলৰ খবৰ লোৱা। আইনী সেৱাৰ বাবে সদাপ্ৰস্তুত এই অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলৰ যোগেদি জনসাধাৰণে লাভ কৰিব পাৰে সকলো ধৰণৰ আইনী নিৰাপত্তা। যিকোনো ধৰণৰ বিবাদৰ ক্ষেত্ৰত এই অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলে যদি সম্ভৱ হয় মিমাংসাৰ যোগেদি বা আদালতৰ যোগেদি অভিজ্ঞ অধিবক্তাৰ সহায়ত বিবাদ বা গোচৰ নিষ্পত্তি কৰিব পাৰে; তাৰ বাবে আইনী সাহায্য বিচৰা ব্যক্তিজন— ১। মহিলা ২। শিশু ৩। অনুসূচিত জাতি বা জনজাতি ৪। শাৰীৰিক বা মানসিকভাৱে অক্ষম ৫। বাৰ্ষিক উপাৰ্জন ৭৫,০০০ টকাৰ তলৰ ৬। কাৰাগাৰৰ জিম্মাত থকা ৭। কাৰখানাৰ শ্ৰমিক ৮। প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা বিদ্ধস্ত আদিৰ ভিতৰত যিকোনো এটাৰ ভিতৰৰ হ’ব লাগিব।

এই ধৰণৰ আইনী সুৰক্ষা নিশ্চিতকৰণৰ উপৰিও এজন অৰ্ধ আইনী স্বেচ্ছাসেৱকে চৰকাৰী আঁচনিৰ দ্বাৰা প্ৰকৃত উপভোক্তাইহে প্ৰাপ্য অধিকাৰ লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰে। পঞ্চায়ত, স্বাস্থ্য বিভাগ আদিৰ যোগেদি জনসাধাৰণে প্ৰাপ্য অধিকাৰ লাভ নকৰিলে অৰ্ধ আইনী স্বেচ্ছাসেৱকে তেনে লোকৰ সমস্যাসমূহ চালি-জাৰি চাই সংশ্লিষ্ট বিভাগটোৰ সৈতে আলোচনা কৰি অধিকাৰ দিয়াবৰ চেষ্টা কৰে আৰু যদিহে সেয়া সম্ভৱ হৈ নুঠে, তেতিয়া আইন সেৱা প্ৰাধিকৰণৰ সচিবৰ যোগেদি ন্যায় প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে।

দেশৰ আইন ব্যৱস্থাৰ যোগেদি সমাজত সমতা ৰক্ষাৰ ক্ষেত্ৰত আইন সেৱা প্ৰাধিকৰণে সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আহিছে; এই ক্ষেত্ৰত অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলেও যৎপৰোনাস্তি সহায়তা আগবঢ়াই আহিছে।

লেখক এগৰাকী অৰ্ধ আইনী স্বেচ্ছাসেৱক (Para Legal Volunteer)।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts