আধালিখা গল্পটো

[ মনোৰঞ্জন মজুমদাৰ ]

আজি বন্ধৰ দিন। অলপ আজৰি পাইছোঁ। গল্প এটা লিখা আৰম্ভ কৰিলো। পাপনে মোৰ কাষতে খেলি আছে৷ কলমটো মাজে মাজে মুখত লৈ গল্পটোৰ বিষয়ে চিন্তা কৰিছোঁ, মাজে মাজে লিখিছোঁ। পাকঘৰত গাখীৰ বহাই থৈ আহিছিলো নেকি? গাখীৰ উতলি পৰাৰ দৰে গোন্ধ পালো। লৰালৰিকৈ পাকঘৰলৈ দৌৰি গ’লো। হয়, মই ভবাটোৱেই হয়। গোটেই গেছ ষ্টোভটো গাখীৰেৰে বগা হৈ গৈছে। ছেঃ পাপনৰ কাৰণে গৰম কৰিছিলো গাখীৰখিনি; নষ্ট হৈ গ’ল চব। বাৰ্ণাৰটো বন্ধ কৰি ষ্টোভটো চাফা কৰিবলৈ ধৰিলো। আধা ঘণ্টামান লাগিল। ঘূৰি আহি আধা লিখা গল্পটো লিখিবলৈ বহিলো। এয়া কি? নোটপেডটোতচোন কাগজখিলা নাই! ওচৰত পাপনো নাই। লগে লগে দৌৰি ঘৰৰ পিছফাললৈ আহিলো। দেখিলো, পাপনে গল্পটো লিখা কাগজখিলাৰে এখন ৰকেট সাজিবলৈ আৰম্ভ কৰিছে। কিয় জানো, সেই মুহূৰ্তত মোৰ খংটো নুঠিল। পাপনৰ মুখত ফুটি উঠা প্ৰশান্তিলৈ লক্ষ্য কৰিলো। সি একান্তমনে ৰকেটখন সজাত ব্যস্ত। এপাকত সি ৰকেটখন সম্পূৰ্ণ কৰি হাতেৰে দুবাৰমান পিন্ধি থকা চোলাটোত ঘঁহাই উৰুৱাই দিলে। ৰকেটখন উৰি গ’ল। আমি দুয়ো উৰি যোৱা ৰকেটখনলৈ তধা লাগি চাই ৰ’লো। সেইখন গৈ কাষৰ বৰুৱাহঁতৰ বাৰীত পৰিল। মই পাপনক কোচত লৈ ৰূমলৈ উভতি আহিলো।

লাহে লাহে আবেলি হৈ আহিল। পাপন তেতিয়া ঘোৰ টোপনিত। দুপৰীয়া ভাত খাই উঠি অলপ সময় শোৱাটো তাৰ নিয়ম। মাক নোহোৱা ল’ৰা, তাক মই কোনো কথাতে দুখ পাবলৈ নিদিওঁ। তাৰ কাষত বহি থাকোঁতে চিলমিলকৈ মোৰো টোপনি আহিছিল নেকি! আগফালৰ দুৱাৰখনত টোকৰৰ শব্দ শুনিলো। উঠি গৈ দুৱাৰখন খুলি দিলো। দুৱাৰমুখত কাষৰ ঘৰৰ স্মিতা। তাইৰ হাতত সেই তেতিয়াৰ ৰকেটখন।
—অ’ আহাঁ ভিতৰলৈ।
—এইখন বোধহয় আপোনাৰ। আপোনাৰ হাতৰ আখৰ আছে ইয়াত।
—গল্প এটা লিখি আছিলো। পাপনে এইখনেৰে ৰকেট সাজি উৰুৱাই দিলে আৰু তোমালোকৰ বাৰীতে গৈ এইখন পৰিল।
মোৰ কথাক কোনো গুৰুত্ব নিদি স্মিতাই ব্যস্তভাৱে কৈ উঠিল— কিন্তু নায়কজনৰ কি হ’ল কওকচোন।

মই অলপ অপ্ৰস্তুত হ’লো। কাৰণ তেতিয়ালৈকে গল্পটোৰ সামৰণিটো মই চিন্তা কৰা নাছিলো। মোৰ পৰা কোনো উত্তৰ নাপাই স্মিতাই কৈ উঠিল— নায়কজনে প্ৰেমিকাৰ আবেদন স্বীকাৰ কৰিলেনে?
—কিন্তু তেওঁৰ যে পত্নী ঢুকাইছে। পত্নীক তেওঁ পাহৰিব পৰা নাই।
—প্ৰেমিকাগৰাকীয়ে হয়তো নায়কৰ অতীতক স্বীকাৰ কৰি ল’ব।
—নায়ক আৰু তেওঁৰ পূৰ্বৰ পত্নীৰ প্ৰেমৰ চিনস্বৰূপে যে এটা সৰু ল’ৰাও আছে, সেয়া জানো ছোৱালীজনীয়ে স্বীকাৰ কৰি ল’ব পাৰিব? তাক আঁকোৱালি ল’ব পাৰিব?
—কিয় নোৱাৰিব? নায়কে মাথোঁ এবাৰ সুধি চাওক।
স্মিতাৰ হাতৰ পৰা কাগজৰ ৰকেটখন খহি পৰিল। অকস্মাৎ মোৰ বুকুত মুখখন গুজি তাই মোক ক’লে— আপোনাৰ আধালিখা গল্পটো মোক সম্পূৰ্ণ কৰিবলৈ দিবনে?
«

লেখকৰ ই-মেইল: mnjan87@gmail.com

অংকন: সুজিত দাস

নীলা চৰাই . মে’ ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz