আৰিফ আৰা আহমেদৰ কবিতা

সপোন এনেকুৱাই

সপোনে যেতিয়া ফাকু খেলে
সময় সজীৱ হৈ উঠে
দুচকুত পোহৰ উপচি পৰে,
সপোনে যেতিয়া চকু মুদে
বেদনাই কিৰিলি পাৰে
অনুভৱবোৰ অশ্রু হৈ নিগৰে

বুকুৱেদি বগাই নামি আহে
এক তপত হুমুনিয়াহ।

«

হেৰোৱা ফুলৰ সুৰভি

গাভৰু চন্দ্রমাৰ
ৰূপোৱালী পোহৰৰ দৰে
স্নিগ্ধ ভালপোৱাবোৰ
চিৰচিৰকৈ বৈ আহে

একাবেকা পর্বতৰ মাজেৰে
নিগৰি আহা
প্রেমৰ নিজৰাই
নিজান, নিতাল হৃদয়ত
পাৰ ভাঙি লৈ আনে
আশাৰ ঢল।

আচম্বিতে থমকি ৰওঁ
ইকুল-সিকুল নমনি

চকা মকা ৰেঙনিয়ে
মৃদু লহৰ তোলে
মই তন্ময় হৈ চাওঁ
মোৰ দুচকুত
সুহুৰিয়াই গুচি যায়
এক চিনাকি সুৰভি…

নীলা চৰাই . জুলাই ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz